জ্ঞানঃ অদৃশ্য ঐশ্বৰ্য

সহজ কথাত জ্ঞান হ’ল বোধ বা বুজিবৰ ক্ষমতা; নিজৰ হৃদয়ত উদ্ৰেক হোৱা অনুভৱ। সেয়ে জ্ঞান এক চিত্তত স্থায়িত্ব লাভ কৰা স্বোপাৰ্জিত সম্পদ; প্ৰকাশ হয় কিন্তু দৃশ্যমান নহয়। জ্ঞানৰ সম্পৰ্কীয় বিদ্যা আৰু বুদ্ধি পঢ়ি-শুনি বা দেখি-শুনি বাহি্যক উৎসৰপৰা আহৰণ কৰিব পাৰি। কিন্তু জ্ঞান তেনে সম্পদ নহয়। গ্ৰীক দাৰ্শনিক প্লেটোৰ বিচাৰত লোকৰপৰা শুনি-দেখি বা শিকিলেও প্ৰকৃত জ্ঞানৰ সৃষ্টি হ’ব নোৱাৰে; জ্ঞানৰ সৃষ্টি কেৱল নিজৰ দীঘলীয়া আৰু কঠোৰ অন্বেষণৰ পৰাহে। এই অন্বেষণৰ কাৰণেই আৱশ্যক হয় অনুসন্ধানী মানসিকতা।

          বিশ্ববৰেণ্য দাৰ্শনিক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতৰ ত্মঙ্গন্তুপ্সvঙ্গব্জম্ভ প্সন্দ্ৰ ণ্ঠaiব্ধh নামৰ গ্ৰন্থত মানৱ জীৱনৰ বা যিকোনো সভ্যতাৰ ক্ৰমবিকাশৰ কাৰণে নিৰ্ণয় কৰা চাৰিটা স্তৰ হ’ল যথাক্ৰমে– বিদ্যা, বুদ্ধি, জ্ঞান আৰু সততা। পাৰ্থিৱ ধন-সম্পত্তি উপাৰ্জনৰ কাৰণে বিদ্যা আৰু বুদ্ধিয়েই যথেষ্ট, জ্ঞান বা সততাৰ প্ৰয়োজন নহয়। কিন্তু জ্ঞান আৰু সততাৰ অভাৱত সমাজত দুৰ্নীতি- ভ্ৰষ্টাচাৰে দেখা দিয়ে– সভ্যতা মৃত্যুমুখী হয়। আনহাতে জ্ঞানী তথা সৎলোক পাৰ্থিৱ সা-সম্পত্তিৰ প্ৰতি লালায়িত নহয়।   [ব্যক্তিগত টোকা বহীৰপৰা]

— উপেন বৰুৱা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

Leave a Reply

Your email address will not be published. Required fields are marked *