সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

জ্ঞানৰ মণিকূটঃ গ্ৰন্থ অধ্যয়ন

এই গুৰুত্বপূৰ্ণ বিষয়টো প্ৰতিজন ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীয়ে অনুধাৱন কৰা উচিত। বৰ্তমান বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগ

মানুহৰ জীৱন শৈলীৰ অঘোষিত প্ৰতিযোগিতাত বিলাসী গাড়ী, বিলাসী জীৱন যাপনৰ প্ৰতিহে গুৰুত্ব অধিক।

ধন ব্যয় কৰি গ্ৰন্থ ক্ৰয় কৰাৰ প্ৰতি বেছিভাগ ক্ষেত্ৰতে অনীহা। ভাৱে- গ্ৰন্থই কি কৰিব, গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহহীনতাৰ ফলত সমাজৰ মানসিকতাত কেৰোণ সোমাইছে।

গ্ৰন্থ হৈছে সমাজ, সভ্যতা, সংস্কৃতিৰ বাৰ্তাবাহক আৰু পৰিচয়দাতা।

গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব

গ্ৰন্থই বিভিন্ন জাতিৰ লোকৰ মানসিকতা আৰু কলা-সংস্কৃতি বহন কৰে। সেয়েহে গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব অপৰিসীম।

ই জগতখনক চিৰ নতুন কৰে, সভ্যতাৰ সংস্কৃতিৰ পৰিবৰ্তন ঘটাই সংস্কাৰ কৰে; জ্ঞানহীনজনকো আলোকেৰে উদ্ভাষিত কৰে।

চীন দেশৰ যুক্তিবাদী লেখক লিং উটাঙৰ মতে– “পঢ়া-শুনা নকৰা এজন মানুহ অতি তুচ্চ। তেওঁৰ সীমিত জ্ঞান, সীমিত জীৱন যাপন।

জ্ঞানৰ ভঁৰাল প্ৰতিষ্ঠা কৰে গ্ৰন্থ অধ্যয়নে। জীৱন ধন্য হয়, জীৱনে গভীৰৰ পৰা গভীৰতালৈ চিৰ সেউজ হৈ গতি কৰে।

সুখ আৰু আনন্দ

চাৰ জন হাৰ্শ্বেলে কৈছিল– “পৰিৱৰ্তনশীল জীৱনত অন্তহীনভাৱে ঘটি থকা ঘাট-প্ৰতিঘাটৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে ওৰেটো জীৱন সুখ আৰু আনন্দৰ উৎস হ’ব পৰাকৈ আৰু জগতৰ ভ্ৰূকুটি, অৱজ্ঞালৈ আওকাণ কৰি নিজক বজাই ৰাখিবলৈ মই যদি কিবা এক ৰুচি ল’ব লগা হয়, সেয়া গ্ৰন্থ অধ্যয়ন।

গ্ৰন্থৰ সৈতে বন্ধুত্ব সুদৃঢ় কৰিব পাৰিলে ই তুচ্চৰ পৰা উচ্চলৈ, বেয়াৰ পৰা ভাললৈ, দুচিন্তাৰ পৰা সুচিন্তালৈ, নিম্নাকাংখ্যাৰ পৰা উচ্চাকাংখ্যালৈ ধাৱিত কৰাত সহায় কৰে।

সৰুৰে পৰাই পঢ়াৰ অভ্যাস থাকিব লাগে। তেতিয়াহে ডাঙৰ হ’লে শক্তিশালী পঢ়ুৱৈ হ’ব পাৰি। পঢ়ুৱৈ হ’বলৈ লাগে মাথো একাগ্ৰতা আৰু শক্তিশালী মনোভাৱ।

গ্ৰন্থই জীৱনলৈ পৰম তৃপ্তি আৰু সুখ আনে।

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিয়ে কৈছিল– “মানুহৰ জীৱনটো পোকে খোৱা আমটোৰ দৰে। জীৱনটোৰ অধিক অংশ আৰু অভিজ্ঞতাই যন্ত্ৰণাময়। পকা আমটোৰ সামান্য ভাল অংশটো সমস্ত মনোযোগ দি গুটিটো পৰ্যন্ত চেলেকি পৰম তৃপ্তি পোৱাৰ দৰে মানুহৰ ভাল দিনবোৰ সদায় সদব্যৱহাৰ কৰিব লাগে।

ছাত্ৰ-ছাত্ৰীসকলে কিতাপ পঢ়াটো অতি গুৰুত্বপূৰ্ণ। কিতাপ পঢ়ি জীৱন যুদ্ধত জয়ী হোৱা। তেতিয়াহে জীৱনটো সাৰ্থক হ’ব।

জীৱনৰ সুখ-দুখ, বিস্ময়কৰ সফলতা কঢ়িয়াই আনে একমাত্ৰ গ্ৰন্থ অধ্যয়নে।

জনপ্ৰিয় কিছু গ্ৰন্থৰ এখন তালিকা উল্লেখ কৰা হ’ল

১) সেউজী পাতৰ কাহিনী – ৰাস্না বৰুৱা

২) উপলা নদীৰ দৰে – মহেন্দ্র বৰা

৩) জীৱনে মোক কি দিলে – ড৹ প্রহ্লাদ কুমাৰ বৰুৱা

৪) জীৱন কলা – ড৹ প্রহ্লাদ কুমাৰ বৰুৱা

৫) সাউদৰ পুতেকে নাওঁ মেলি যায় – হোমেন বৰগোহাঞি

৬) বিশ্ববিখ্যাত চলচ্চিত্ৰৰ গল্প – গৌৰী বৰ্মন

৭) মাকাম – ৰীতা চৌধুৰী

৮) মিৰি জীয়ৰী – ৰজনীকান্ত বৰদলৈ

৯) অঘৰী আত্মাৰ কাহিনী – চৈয়দ আব্দুল মালিক

১০) বিপন্ন সময় – মেদিনী চৌধৰী

১১) দেও লাংখুই – ৰীতা চৌধুৰী

১২) অসীমত যাৰ হেৰাল সীমা – কাঞ্চন বৰুৱা

১৩) জীৱন জীৱন বৰ অনুপম – ড০ নিৰ্মলপ্ৰভা বৰদলৈ

১৪) মা – লেখক মেক্সিম গৰ্কী

১৫) মহাৰথী – চন্দ্ৰ প্ৰসাদ শইকীয়া

১৬) দেৱী – নিৰ্মল প্ৰভা বৰদলৈ

১৭) মোৰ সাংবাদিক জীৱন লেখক- হোমেন বৰগোহাঞি

১৮) হোমেন বৰগোহাঞি মুৰ্দাবাদ লেখক- ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

১৯) শতাব্দীৰ সূৰ্য : অলবাৰ্ট আইনষ্টাইন – দেৱব্ৰত দাসগুপ্ত

২০) পঞ্চতন্ত্ৰ অনুবাদ – প্ৰভাতচন্দ্ৰ শৰ্মা

২১) কুৰি শতিকাৰ নবেল বঁটাপ্ৰাপ্ত সাহিত্যিক : জীৱন আৰু সাহিত্য – ইছমাইল হোছেইন

২২) মৌন ওঁঠ মুখৰ হৃদয় – য়েছে দৰজে ঠংচি

২৩) উচ্চাকাংক্ষা – হোমেন বৰগোহাঞি

২৪) মানুহ হোৱাৰ গৌৰৱ – হোমেন বৰগোহাঞি

২৫) অঘৰী আত্মাৰ কাহিনী – চৈয়দ আব্দুল মালিক

২৬) সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ – জুল ভাৰ্ন

২৭) বাৰ্ট্ৰাণ্ড ৰাচেলৰ আত্মজীৱনী – ড° যোগেন্দ্ৰ নাথ

২৮) মেৰেং – অনুৰাধা শৰ্মা পূজাৰী

২৯) বুঢ়ী আইৰ সাধু – লক্ষ্মীনাথ বেজবৰুৱা

৩০) জীৱনৰ বাটত – বীণা বৰুৱা

৩১) আধালেখা দস্তাবেজ – মামনি ৰয়ছম গোস্বামী

৩২) মামৰে ধৰা তৰোৱাল – মামনি ৰয়ছম গোস্বামী

৩৩) চাহেবপুৰাৰ বৰষুণ – অনুৰাধা শর্মা পূজাৰী

৩৪) কিতাপ পঢ়াৰ আনন্দ – হোমেন বৰগোহাঞি

৩৫) অনুৰাধাৰ দেশ – ফণীন্দ্ৰকুমাৰ দেবচৌধুৰী

৩৬) সীমান্ত – হিৰণ্য কাশ্যপ

৩৭) অন্তৰীপ – ভবেন্দ্ৰ নাথ শইকীয়া

৩৮) নহন্যতে – মৈত্ৰেয়ী দেৱী

৩৯) ছাংলট ফেনলা – পৰাগ কুমাৰ দাস

৪০) পাতাল ভৈৰৱী – লক্ষ্মীনন্দন বৰা

৪১) মোৰ সত্য অন্বেষণৰ কাহিনী – মহাত্মা গান্ধী

৪২) দ্যা অল্ড মেন এণ্ড দ্যা ছী – আৰ্নেষ্ট হেমিংৱে

৪৩) দ্যা ইম্মৰটেলছ অৱ মেলুহা – আমিষ ত্ৰিপাঠী

৪৪) আলেক্স হেলী ৰুটছ্‌ – মীনাক্ষি বুঢ়াগোহাঁই

৪৫) বিজ্ঞানৰ অনুপম জগত – ড° দীনেশ চন্দ্ৰ গোস্বামী

৪৬) বিপন্ন সময় – মেদিনী চৌধুৰী

৪৭) ককা দেউতাৰ হাড় – নৱকান্ত বৰুৱা

৪৮) মধুপুৰ বহুদূৰ – শীলভদ্ৰ

৪৯) পাটকাইৰ ইপাৰে মোৰ দেশ – চন্দনা গোস্বামী

৫০) শৃংখল – ভবেন্দ্ৰ নাথ শইকীয়া

৫১) ঈয়াৰুইঙ্গম – বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য

৫২) মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ – লক্ষ্মীনাথ ফুকন

৫৩) আনে কি ভাবে তোমাক কিয় লাগে – বিনয় মোহন শইকীয়া

৫৪) টাইম মেচিন – সমীক ভৰদ্বাজ

৫৫) চিন্তা-প্ৰবাহ – নাহেন্দ্ৰ পাদুন

— দীপ্তি ভূঞা

ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!