১
উশাহত তেজ জ্বলে
নিশাহত বতাহ জ্বলে
কি দিন কি হ’ল
প্ৰজ্ঞাৰ ভৰত দিনতে আন্ধাৰ হ’ল
২
বঙহে মঙহলৈ চাই থাকে
সপোনে নিৰৱে বিচাৰে বাট
তই থাক মই থাক
অহংকাৰত ডুবি মই মৰো
৩
এইটো কাৰ দ’ল
আমাৰ দ’ল
আমাৰ দ’ল, আমাৰ দ’ল
ক’লী কুকুৰ বগী কুকুৰ নামাতোতেই
আমাৰ দ’ল ঘেকেচ দ’ল
৪
একালৰ বৃন্দাবন নাই তাত আমাৰ মন
চলে বেৰে ক’লা ৰং সান
তোৰ ভাগে তোৰ ভাগ
মোৰ ভাগে মোৰ ভাগ
হৃদয়ত জ্বলাই ল ৰাৱণৰ চিতাজুই
৫
আমাৰ কপোৰ কানি ক’লা হ’ল
সাধুহে কোৱা নহ’ল
মুখেৰে সাত হাল
হৰি বোলা ৰাম ৰাম
এনে এখন সমাজক কি দিব নাম
নীতিৰ কথা কৈ গুৰু-গোসাই নমনা
হৰে কৃষ্ণ হৰে ৰাম।
— যোগেন তামুলী
শ্ৰীৰামবিজয়
সূত্ৰ॥ ৰাজসৱক পৰম আন্দোল ৰোল শুনিয়ে, ৰাজনন্দিনী ভয়ে পৰম আকুল ভেলি। জানকী যৈচে স্বামীক লাগি বিলাপ কয় বোল তা দেখহ, শুনহ, নিৰন্তৰে হৰি বোল হৰি॥
সীতা বোল॥ হাঁ হাঁ বিধি হামাৰ কি কপাল মিলল, হৰি হৰি, ৰাম স্বামী পৰম সুকুমাৰ। নৱীন বয়স। সঙ্গে সোদৰ মাত্ৰ সহায়ঃ ওহি পৰম নিকৰুণ দাৰুণ ৰাজাসৱক কৈছে যুদ্ধে জিনব। হা হা দৈব, বিধি কোন অপৰাধে হামাক বঞ্চল।
সূত্ৰ॥ ওহি বুলি জানকী যৈচে স্বামীক লাগি বিলাপ কয়ল, আহে সামাজিক লোক, তা দেখহ, শুনহ, নিৰন্তৰে হৰি বোল হৰি বোল॥
গীত॥ ৰাগঃগৌৰী॥ তালঃবিষম তাল॥
ধ্ৰুং॥ নাই নাই চেতন তনু নয়ন ঝুৰে বাৰি।
বিলপতি মাই পিউক লাই তাপে পৰি কুমাৰী॥
পদ॥ বূৰব জনম পুণ্য পৰম পাৱল পহু ওহি।
বঙ্কিম বিধি হাতক নিধি হৰে অভাগীক মোহি॥
দুৰ্লভ বল্লভ লাগি আকুল কৰতু এ বৰ নাৰী।
হৰি হৰি স্মৰে নিশ্বাস ফোকাৰে পহুক মুখ নেহাৰি॥
শ্লোক॥
ভীতা সীতাং ততো ৰামো নিৰীক্ষ্য কৃপায়া প্ৰভুঃ।
প্ৰাহ প্ৰিয়াং সমাশ্বস্য মাভৈঃ সীতে স্থিতে ময়ি॥
সূত্ৰ॥ প্ৰিয়াক পৰম সন্তাপ নিৰেখি ৰামচন্দ্ৰ বাহু মেলি প্ৰিয়াক ধৰি কহু আশ্বাস কয় বোলল॥
ৰামচন্দ্ৰ বোল॥ হে প্ৰাণপ্ৰিয়ে, তুহু কাহেক ভয় কৰহ। ওহি ৰাজাসৱ হামাক আগু কোন হয়, যৈচে সিংহক আগুবালেক হৰিণ। হামাক বাণ প্ৰহাৰে এইক্ষণে পলাৱব। তুহু আজু কৌতুকে দেখহ।
সূত্ৰ॥ ওহি আশ্বাস কৰিয়ে ৰামচন্দ্ৰ ধনুক টঙ্কাৰ কৰিয়ে ৰাজাসৱক বোলল॥
ৰাম বোল॥ অয়ে পাপী ৰাজাসৱ। হামু ধনুভঙ্গ কয় জানকী পাৱল। কি নিমিত্ত ইহাত বিপক্ষ আচৰহ। যত শকতি থিক হামাৰ শকতি বুজহ।
সূত্ৰ॥ ৰামক বাণী শুনি, নৃপসৱ পৰম আটোপে টঙ্কাৰ কয় বাণ বৰিষল। ৰামচন্দ্ৰ সোহি শৰ সৱ ছেদিয়ে ৰাজসৱক গাৱে গায়ে বাণ প্ৰহাৰি হৃদয় ভেদল। কাহু কাহু ৰাজাক উৰু কৰ কাটি পেহ্লাৱল। কাহুক বাহু কৰ্ণ ছেদল। অপৰ নৃপসৱ পৰম ভয়ে সমৰ ছোড়ি পলাৱল।
শ্লোক॥
নিৰীক্ষ্য সাক্ষাদ্ৰামস্য ৱিজয়ং জনকো মুদা।
বিৱাহবিধিনা ধীৰো ৰাঘৱায় সূতামদাত্॥
সূত্ৰ॥ তদনন্তৰ, ৰামচন্দ্ৰক পৰম বিক্ৰম দেখিয়ে, জনক ৰাজাক মনে পৰম আনন্দ ভেলহ। দূত পঠাই ৰাজা দশৰথক অতি সত্বৰে অনাৱল। ৰাজা দশৰথ পুত্ৰক বিক্ৰম সীতাক প্ৰাপ্তি শুনিয়ে, আসি কহু জনকক পৰম কৌতুকে আলিঙ্গি ধৰল। সৈচে নাচয়ে লাগল। ৰাজা জনক বিৱাহক সম্ভাৰ মিলাৱল। বিশ্বামিত্ৰ কুশণ্ডি কৰিয়ে হোম আৰম্ভল॥
শ্লোক॥
ঋষিঃ নিৰীক্ষ্য সীতায়াঃ ৰূপলাৱণ্যমদ্ভুতম্।
পুলকাঙ্গঃ পপাতোৰ্ব্ব্যাং কামাৰ্ত্তো মূৰ্চ্ছিতো যথা॥
সূত্ৰ॥ মুখচন্দ্ৰিকা কৰিতে সীতাক ভুৱন মোহন ৰূপ নিৰেখি, ঋষি কামে আতুৰ ভেলহ। হাতক শ্ৰুৱ স্ৰুচ খসি পৰল। শৰীৰ কম্পি মূৰুছি পৰল। তাহে পেখি শিষ্য গালবে প্ৰবোধ বোলল॥
গালৱ বোল॥ হে গুৰু, তোহাৰ কোন ব্যৱহাৰ, স্বস্থ হৱ, স্বস্থ হৱ।
শ্লোক॥
ততশ্চেতনমালভ্য মুনিৰ্মন্দ্ৰমুদৈৰয়েত্
তদোদ্বাহবিধৌ তস্মিন্ উত্সৱঃ সুমহানভূত্॥
সূত্ৰ॥ তদনন্তৰ মুনি চেতন লভিয়ে, বিষ্ণু বিষ্ণু স্মৰি, হাতে শ্ৰুৱ ধিয়ে, বিৱাহক হোম কৰাইতে লাগল। সোহি সময়ে বৰ কন্যাক কেশ এক ঠাম কৰিয়ে পানী ঢালিতে ব্ৰহ্মা-ৰুদ্ৰ-ইন্দ্ৰাদি দেৱতাসৱ, যৈচন আনন্দ মিলাৱল, তা দেখহ, শুনহ, নিৰন্তৰে হৰি বোল হৰি।
গীত॥ ৰাগঃসুহাই॥ তালঃজৌতিমান॥
ধ্ৰুং॥ ৰঘুনাথ কৌতুকে কৰতু বিৱাহ।
সুৰপুৰ মিলল উত্সাহ॥
পদ॥ শম্ভু স্বয়ম্ভু গুণ গাৱে।
ইন্দ্ৰ মৃদঙ্গ ৰঙ্গে বাৱে॥
বৰিষে কুসুম সুৰ ৰামা।
পূৰল সব মনকামা॥
সূত্ৰ॥ ঐচন পৰম মঙ্গল আনন্দে সীতাক বিৱাহ দিয়ে, ৰাজা জনক যত সৰ্বস্ব পাৱল, সৱ ৰামক যৌতুক দেলহ। দশৰথ ৰাজাক বহুত সন্মান কয় অযোধ্যাক লাগি বৰ কন্যা পঠাৱল॥
শ্লোক॥
ততোহতিকৌতুকো ৰামঃপ্ৰিয়য়া সহ সীতয়া।
সসোদৰো মুদাভ্ৰাজদযোধ্যাম্প্ৰযযৌ পুৰিম্॥
সূত্ৰ॥ তদনন্তৰ প্ৰিয়া সীতা সসোদৰ সহিত শ্ৰীৰামচন্দ্ৰ যৈচে অযোধ্যা চলল, হে লোক তা দেখহ, শুনহ, নিৰন্তৰে হৰি বোল হৰি॥
গীত॥ ৰাগঃতুৰ ভটিৱালী॥ তালঃজৌতিমান॥
ধ্ৰুং॥ কৰতু কৌতুক চলতু ৰময়া ৰমণী সঙ্গহি যাই।
নীল ঘন যচ বিজুৰি উৰ্জৰ কুঞ্জৰ গমনী মাই॥
পদ॥ কণক কঙ্কণ ঝণকে ঠমকে কয় লয় লাসা।
পিউক পেখি মুখ আখি মুদি ৰহু লজ্জিত ইষত্ হাসা॥
মত্ত মাতঙ্গ সঙ্গে যৈচন তুৰণী কৰিণী আৱে।
জয় জয় ৰৱ চৌদিশে উতসৱ কৃষ্ণ কিঙ্কৰে গাৱে॥
শ্লোক॥
ততঃ আগত্য তৰসা ভাৰ্গবো ভ্ৰুকুটিমুখঃ।
স্কন্ধে নিধায় কঠিনং কুঠাৰং ৰামমব্ৰবীত্॥
সূত্ৰ॥ ঐচন মহোত্সৱে ৰামচন্দ্ৰ সীতায়ে সহিত চলৈচে তদনন্তৰ মহেশ গুৰুক ধনুভঙ্গ শব্দ শুনিয়ে পৰম ক্ৰোধে পৰশুৰাম প্ৰচণ্ড মূৰ্তি হুয়া কন্ধে কুঠাৰ ধৰি কহো ৰহ ৰহ বুলি ৰামচন্দ্ৰক আগবেঢ়ল॥
পৰশুৰাম বোল॥ অয়ে বেণ্ডসিক পুত্ৰ। মেৰা গুৰুক ধনুভঙ্গ কয় তোহো কাহে যাৱ। পৰশুৰামক কথা তোহো জানয়ে নাহি। হামু একবিংশতিবাৰ ভূমি ভ্ৰমিয়ে সব ক্ষত্ৰিয়ক মুণ্ড মাৰল। সে শোণিতে কুঠাৰ মলিন ভেল। আঃআজু তোহাৰ কন্ধ ৰুধিৰে পুনু নিকা কৰব॥
সূত্ৰ॥ ওহি বুলি বাহু কামুৰি পৰম চটি চৰ্প্পটি কৰিয়ে থিক।
শ্লোক॥
তন্নিশম্যাভৱদ্বীতো বয়াদ্দশৰথো নৃপঃ।
স্বস্কন্ধে বসনং বধ্বা ভৰ্গৱস্য পদেহপত্॥
সূত্ৰ॥ পৰশুৰামক ঐচন ক্ৰোধ ভাৱনা পেখি ৰাজা দশৰথ প্ৰাণ অন্তৰীক্ষ ভেল। হা হা সৰ্বনাশ ভেলো বোলি, গলে কাপোৰ বান্ধি, ভাৰ্গৱক পাৱে পৰিচয় অনেক কাতৰ কয়ল॥
দশৰথ বোল॥ হে পৰশুৰাম প্ৰভু! হামাৰ পুত্ৰ ৰামচন্দ্ৰ বালক মতি। ইহাৰ দোষ মৰ গোঁসাঞি। তোহাৰি চৰণক দাস ভেলো। মাথে খেৰ ধৰো, হামাক পুত্ৰ দান দেহুঁ। যব নাহি ক্ষমা কৰব তব পুত্ৰক ছোড়ি হামাৰ মাথা লেহু॥
সূত্ৰ॥ ঐচন অনেক কাতৰ কয়ল। তবহু ভাৰগৱে ক্ৰোধে বহুত বোলয়। তাহে পেখি দশৰথ ৰাজা, হৃদয়ে মুঠি হানি বাহুৰি ৰামচন্দ্ৰক গলে বান্ধি ধৰি কহু বোলল॥
দশৰথ বোল॥ হা পুত্ৰ! অন্তকক হাতে পৰল। তোহাৰি দৰশন আজু পৰিচ্ছেদ ভেল॥
সূত্ৰ॥ ওহি বুলি দশৰথ বহুত বিলাপ কয়ল॥
শ্লোক॥
বিলোক্য ভাৰ্গৱং ভীতা সীতা বেপিত মানসা।
ৰুৰোদ পতিমালিঙ্গ্য হাহতোস্মীতিবাদিনী॥
সূত্ৰ॥ তদনন্তৰ, কালান্তক প্ৰায় পৰশুৰামক নিৰেখি সীতাক শৰীৰ কাম্পে॥
সীতা বোল॥ হা হা , সকল গুণভাজন স্বামী হামাৰ, আজু কাহেক দেলহু। বিধি বিৰম্বন কি ভেল!
সূত্ৰ॥ ওহি বুলি স্বামীক আলিঙ্গি ধৰি কহু, যৈচে বিলাপ কয়ল, তাহে দেখহ, শুনহ॥
গীত॥ ৰাগঃগৌৰী॥ তালঃজ্যোতিমান॥
ধ্ৰুং॥ হৰি হৰি ৰমণী কৰিয়ে পাৰ মাই
পেখি পৰম পিউ জীৱ যৈচে যায়॥
পদ॥ পাৱল কত পুণ্যে পহু হামি।
হাতে হৰয় বিধি নৰ নিধি স্বামী॥
নীৰ ঝুৰয়ে ফুকাৰয় ঘন শ্বাসা।
বঙ্ক বিধাতা কয়ল সব নাশা॥
শ্লোক॥
সন্তাপং প্ৰেক্ষ্য সীতায়াঃ ভক্তয়া ভক্তবত্সলঃ।
প্ৰিয়াং প্ৰোবাচ পৰমাং পাণিনা মাৰ্জ্জয়ন্মুখম্॥