Home কবিতা উপলব্ধি

উপলব্ধি

by admin
0 comment

হেঁপাহেৰে ৰৈ ৰৈ

কেতিয়া আৰম্ভ কৰিম জীৱন

বৰষুণত তিতি বুৰি

উমলি থাকিম তোমাৰ প্ৰতিশ্ৰুতিত

তুমি উপলব্ধি নকৰা আশাবোৰ

বিশ্বাসেৰে ভৰা প্ৰতিশ্ৰুতিবোৰ

সকলো আজি হেৰাই যাব ধৰিছে

কোনোবা দূৰ দিগন্তত।

হতাশাই সৃষ্টি কৰা অৱসাদবোৰ

কিয় তুমি উপলব্ধি নকৰা

এতিয়া বহু দেৰি হ’ল।

— খামছেং ফুকন

 

শ্ৰীৰামবিজয়

আগৰ অংশ

সূত্ৰ॥ ভক্তা সীতাক ঐচন পৰম সন্তপ পেখিএ শ্ৰীৰামচন্দ্ৰ হাতে প্ৰিয়াক মুখ মোচল। সপ্ৰেম বাণী বুলি আশ্বাস কয়ল॥
ৰাম বোল॥ হে প্ৰিয়ে! ওহি বনবাসী ঋষিক দৰ্প দেখিয়ে তোহাৰি তৰাস মিলল। ওহি হামাকু আগ কোন পতঙ্গ। দেখু, এহি ক্ষণে দুষ্ট দ্বিজক দৰ্প চূৰ্ণ কৰব। হে প্ৰাণ প্ৰিয়ে! আজু কৌতুকে দেখহ ঋষিক মুণ্ড মুণ্ডহো।
সূত্ৰ॥ তদনন্তৰ পুনৰ্বাৰ দশৰথ দৰ্শনে তৃণ ধৰিয়ে, পৰশুৰামক আগে পৰল॥
দশৰথ বোল॥ হে ঋষিৰাজ, হামাক পুত্-দান দেহ। তোহাৰি পাৱৰে লাগু॥
সূত্ৰ॥ তথাপি পৰশুৰাম দশন চৰ্পিয়ে ৰাজাক তৰ্জয়। আপুন কুঠাৰক ধিক্কাৰ কয় বোলল॥
পৰশুৰাম বোল॥ অয়ে কুঠাৰ! ৰেণুকা মাৱক কন্ধ ছেদিতে তুহু পাৰল। আজু দশৰথ কুমাৰক প্ৰতি তুহু অতি শান্ত ভেলি। আঃআজু তব তোহাৰ ধিক্কাৰ, হামাৰ ধিক্কাৰ থিক।
সূত্ৰ॥ ওহি বুলি কুঠাৰ তুলি শ্ৰীৰামক নেৰেখি, বাহুত কামোৰ দেলহ। মাথা ঝঙ্কাৰি কুঠাৰ উৰ্দ্ধক খেপিয়ে পুনু লুম্ফি ধৰি ধৰি কহু কুঠাৰক নিৰেখি বাহুত কামোৰ দেলহ, শৰীৰ কাম্পে।
শ্লোক॥
বিশ্বামিত্ৰস্তদাগত্য ভাৰ্গৱং প্ৰাহ কোপতঃ।
অৰে দ্বিজ কুলাঙ্গাৰ মত্শিষ্যং হন্তুমিচ্ছসি॥
বিশ্বামিত্ৰ বোল॥ অয়ে-দুষ্ট দ্বিজাধম! হামাৰ পৰম শিষ্য ৰামচন্দ্ৰ। আহেক বধোদ্যম তুহু ভেলিঃ অয়ে যত শকতি থিক, আজু হামাক যুদ্ধ দেহু। তোহাৰ দৰ্প চুৰ কৰব।
সূত্ৰ॥ পৰশুৰাম মহা কোপে দণ্ড ধৰল বিশ্বামিত্ৰো দণ্ড ধাৱলঃ দুহুঁ দণ্ড প্ৰাহৰক চোটে চূৰ ভেল। তদনন্তৰ চয়ড়ি ধৰিয়ে যুদ্ধ কয়ল। প্ৰাহৰ চোটে দুহুঁ চয়ড়ি চিৰি পৰলঃ তদনন্তৰ বাহু যুদ্ধ কয়ল। দুহুঁ দোহাক ধৰিয়ে পৰি বাগৰয়। দুহুঁ ঋষিক পৰিধান চৰ্ম খসি পৰিল। বিষ্ণুক অংশ অজয় বীৰ্য পৰশুৰাম, তাহেৰ পৰাক্ৰম সহিতে নাপাৰি, বিশ্বামিত্ৰ ভঙ্গ মানি, প্ৰাণৰক্ষা কৰি পলাৱলঃ পৰশুৰাম পুনৰ্বাৰ কুঠাৰ তুলি শ্ৰীৰামক গৰ্জয়॥
শ্লোক॥
লক্ষ্মণঃ প্ৰেক্ষ্য তদূৰ্পং ৰামমাহ সকোপতঃ।
আজ্ঞাপয় বধে চাস্য দুৰ্জ্জনস্যাততায়িনঃ॥
সূত্ৰ॥ ঋষিক পৰম দৰ্প দেখিয়ে, লক্ষ্মণ কোপে বস্ত্ৰ কাচি কহু, ৰামক প্ৰণাম কয় বোলল॥
লক্ষ্মণ বোল॥ হে ৰঘুনাথ ওহি আততায়ী দুষ্ট দ্বিজক বধে কোন দোষ থিক। হামাক আজ্ঞা কৰহ। আহেক প্ৰাণ চোৰাঞো।
সূত্ৰ॥ ওহি বুলি ধনুক টঙ্কাৰি ঋষিক সন্মুখ হোই লক্ষ্মণ দশৰথক বোলল॥
লক্ষ্ণণ বোল॥ হে পিতা, ওহি ক্ষত্ৰিয় ঘাতকী, পৰম পাতকীক কত কাতৰ কৰৈচ,, সত্বৰ অন্তৰ হৱ, আহেৰ মুণ্ড মাৰো॥
সূত্ৰ॥ তাহে পেখি ৰাম হাসি হাসি লক্ষ্মণক পাচু কয় বোলল॥
ৰাম বোল॥ অহে ভেয়াই, তুহু বালক! ৰহ ৰহ। ওহি দুষ্ট দ্বিজক হামু দণ়্ কৰবোঃ তুহু সুখে যুদ্ধ দেখহ॥
শ্লোক॥
ধনুঃটঙ্কাৰমকৰোদ্ভাৰ্গৱং ভীষয়ম্প্ৰভুঃ।
তিষ্ঠ তিষ্ঠেতি তম্প্ৰাহ নয়াম্যদ্য যমালয়ম্॥
সূত্ৰ॥ শাৰঙ্গ টঙ্কাৰ কয়কহু শ্ৰীৰামচন্দ্ৰ পৰশুৰামক সন্মুখ হুয়া বোলল॥
ৰামচন্দ্ৰ বোল॥ অয়ে দুষ্ট দ্বিজাধম! ক্ষত্ৰিয় সৱ মাৰি তুহু গৰৱ কৰৈচ। তোহাৰ মাতা ৰেণুকাক কাটি পাপ আচৰল। সোহি কথা কহিয়া কি হামাক ভিতি দেখাৱঃৰহ, ৰহ, আজু তুহু যমপুৰ দেখবঃ যত শকতি থিক হামাক সমুখ হুয়া ৰহ॥
সূত্ৰ॥ আহে সামাজিক! শ্ৰীৰামক ধনুক টঙ্কাৰে পৰশুৰাম হৃদয় বিদাৰল। পৰম তৰাসে সৱ শৰীৰ কাম্পে। হাতক পৰশু খসি পড়ল। প্ৰাণক কাতৰে যৈচে পলাৱল, আহে লোক তা দেখহ শুনহ নিৰন্তৰে হৰি বো॥
গীত॥ ৰাগঃকানাড়া॥ তালঃজ্যোতিমান॥
ধাৱে ধৰি শাৰঙ্গ ৰঘুনাথা। তাৰসে ঋষিক কম্পয় পাৱ হাত॥
পৰশুখসল দূৰ ভেল ৰাগ। পৰল দণ্ডৱতে ৰামক আগ॥
ৰাখহু তোহাৰি অংশ হামু ৰাম। দশন ধৰু খেৰকৰোৰ পৰিণাম॥
সূত্ৰ॥ পৰশুৰাম শ্ৰীৰামক আগে পৰিয়ে বহুত কাতৰ কয় বোলল॥
পৰশুৰাম বোল॥ হে প্ৰভু শ্ৰীৰাম। তুহু পৰম ঈশ্বৰ। হামু তোহাৰি অংশ। ইহা নাজানি দৰ্প কয়লো। হামাৰ দোষ মৰষ গোঁসাঞী॥
সূত্ৰ॥ ভাৰ্গৱক কাতৰ পেখি লক্ষ্মণ-সীতা দুহুঁ বহুত হাস্য কয়ল। শ্ৰীৰাম বিহসি বোল॥
শ্ৰীৰাম বোল॥ হে ভৃগুপতি ৰাম। হামাৰ পৰম অমোঘ বাণ তোহাৰি বধ নিমিত্ উদ্যত ভেল। ইহাক সম্বৰণ কৰিতে নপাৰি।
সূত্ৰ॥ ওহি বুলি বাণ আকৰ্ণ পূৰল। পৰশুৰাম দশনে খেৰ লৈয়া তৰাসে পৰি কাম্পে।
পৰশুৰাম বোল॥ হে স্বামী! তোহাৰ ধৰ্মক পুত্ৰ ভেলো। হামাক প্ৰাণ দান দেহুঁ।
শ্ৰীৰাম বিহসি বোল॥ এয়ে ভাৰগৱ! তুহু নিৰ্ভয়ে ৰহু। তোহাৰি জীৱ ৰাখল। কিন্তু হামাৰ বাণ ব্যৰ্থ নোহে। তোহাৰি স্বৰ্গপদ চেদ কৰহোঁ।
সূত্ৰ॥ ওহি বুলি শ্ৰীৰাম গগণক লাগি বাণ ক্ষেপল॥ পৰশুৰাম শ্ৰীৰাম আলিঙ্গি বোলল॥
পৰশুৰাম বোল॥ হে বাপ, তোহাৰি প্ৰাসাদে আজু প্ৰাণ ৰহল। আঃ পুনৰ্বাৰ উপজল॥
সূত্ৰ॥ ওহি বুলি পৰশুৰামপোবনে প্ৰৱেশল॥
শ্লোক॥
নিৰ্জিত্য ভাৰ্গৱং ৰামং প্ৰিয়ায়া সহ ৰাঘৱঃ।
পুৰীং অযোধ্যামাৱিশ্বত্ মাতৃভিঃ সম্প্ৰৱেশিতঃ॥
সূত্ৰ॥ হে সামাজিক! ভাৰ্গৱক জিনিয়ে শ্ৰীৰামচন্দ্ৰ প্ৰিয়ায়ে সহিতে অযোধ্যাপুৰ প্ৰৱেশল। ৰামক মাতা কৌশল্যা শ্ৰীৰামক বিজয় বাত শুনিয়ে, অনেক স্ত্ৰীসৱ সহিত, পৰম মঙ্গল গীত আনন্দে বাজনা বজাই, বৰ কন্যাক হাত এক ঠাম ধৰি কহু, মহোত্সৱে, গৃহ প্ৰৱেশ কৰাৱল। আসনে বৈঠাই ৰামক সীতাক মাথে দুৰ্বাক্ষত সিঞ্চাৰি আশীৰ্বাদ কয় কহো পৰম উত্সুকে কৌশল্যা আনন্দে নৃত্য কয়লঃ ৰামক ঐচন বিৱাহ মহোত্সৱ সম্পূৰ্ণ ভেল॥
শ্লোক॥
ভৃশ্ং হৃষ্টমনা ৰামঃ সম্প্ৰাপ্য পৰমাংপ্ৰিয়াম্।
তয়া কুৰ্ব্বন কামকেলিং ৰেমে মণিময়ে গৃহে॥
সূত্ৰ॥ ত্ৰিভুৱন মোহিনী পদুমিনী জানকী সীতাক লভি কহু, শ্ৰীৰামচন্দ্ৰ আনন্দে মগন হয়া মণিময় মন্দিৰে প্ৰৱেশিয়ে, সীতায়ে সহিত, যৈচন পৰম কামকেলি কয় ৰহল, তা দেখহ, শুনহ, নিৰন্তৰে হৰি বোল হৰি॥
গীত॥ ৰাগঃকল্যাণ॥ তালঃখৰমান॥
ধ্ৰুং॥ এ কৰু ৰময়া কৰু ৰময়া ৰস কেলি।
কাঞ্চুৰ চোৰ ফোৰ কুচ চুসূক
ৰতি কৌতুক কৰাৱলি॥
পদ॥ নৱ বধু ধৰিয়ে অধৰ মধু ধঞ্চল
লোচন মুদি ৰহু মাই।
কৰত সুৰত মত্ত মাতঙ্গ গামিনী
কামিনী যামিনী যাই॥
চঞ্চৰ চিকুৰ নিকৰ কৰ কঙ্কণ
ঝণকিত ৰতনকু মালা।
শ্ৰমজল বিন্দু ইন্দু মুহ শোহে
মোহে পৰল বৰ মালা॥
পৰম ৰসিক গুৰু শ্ৰী শুক্লধ্বজ
ৰাজা নৃপতি প্ৰধানা।
জয়তু জয়তু নিত্য ঈশ্বৰ কৃষ্ণক
কেলি লীলা ৰস জানা॥
সূত্ৰ॥ ঐচন পৰম কামৰস কেলি কয় সীতাক মনোৰথ পূৰি ৰামচন্দ্ৰ অনুদিনে আনন্দ মন্দিৰে ৰহল॥
শ্লোক॥
শ্ৰীৰাম বিজান্নাম নাটকং পূৰ্ণতাঙ্গতম্।
শ্ৰীকৃষ্ণ পাদপদ্মস্য প্ৰসাদেন সুনিষিশ্চতম্॥
সূত্ৰ॥ শ্ৰীকৃষ্ণ পাদপদ্ম প্ৰাসদত ৰামবিজয় নাম নাটক সম্পূৰ্ণ ভেল॥
মুক্তি মঙ্গল বক্তব্যং॥ (মুক্তিমঙ্গল)॥ ভটিমা
জয় জয় ঈশ্বৰ ৰাঘৱ ৰাম।
পূৰল যো জানকী মনকাম॥
জগ জন জীৱন সোহি মুৰাৰি।
মুকুতি মঙ্গল কৰতু তোহাৰি॥
যোহি পালি পিতাকেৰি আশ।
সীতা সহিতে খপল বনবাস॥
সাধল যজ্ঞ যো ৰাকচ মাৰি।
সোহি কৰতু নিত্য মুকুতি তোহাৰি॥
বালী ঘালি যো সুগ্ৰীৱক পাট।
দেলহ,- যো লৈয়া বানৰক ঠাট॥
বান্ধল সেতু পয়োধিক বাৰি।
সোহি কৰতু নিত্য মুকুতি তোহাৰি॥
ঠাটে চৌদিশ বেঢ়ল লঙ্কা।
ৰাকচ লোক মিলাৱলি শঙ্কা॥
ছেদল যো ৰাকচ কেৰি মাথ।
মুকুতি কৰতু সোহি ৰঘুনাথ॥
আৱল সঙ্গে বানৰক ঠাট।
ৰাজা ভেলি অযোধ্যাক পাট॥
যো জানেকী মন পূৰল মুৰাৰি।
মুকুতি মঙ্গল কৰতু তোহাৰি॥
ৰামক পৰম ভকতি ৰস জানা।
শ্ৰীশুক্লধ্বব্জ নৃপতি প্ৰধানা॥
ৰামবিজয় যো কৰাৱত নাট।
মিলহু তাহেক বৈকুণ্ঠক বাট॥
ৰামক চৰণ শৰণ লেহু জানি।
সব অপৰাধক মৰষ তুহু স্বামী॥
কৃষ্ণক কিঙ্কৰ শঙ্কৰ বোল।
কৰ নৰ অব সব হৰি হৰি ৰোল॥
শ্লোক॥
শ্ৰীগোপালপদচ্ছত্ৰচ্ছায়ালালসমানমঃ।
বিন্দুৰন্ধ্ৰে ৱেদচন্দ্ৰশাকে শঙ্কৰ সংজ্ঞকে॥
শ্ৰীৰামবিজয়ং নাম নাটকং বিদধেহধুনা।
ৰাম বিজয় নাম নাটোহয়ং সম্পূৰ্ণম শ্ৰীকৃষ্ণ পাদ-প্ৰসাদতঃ॥
॥ ইতি শ্ৰীৰামবিজয় নাম নাটোহয়ং সম্পূৰ্ণম্॥

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept