মই নিবিচাৰিলেও
জোনাকৰ স’তে সলনি হয় আন্ধাৰ
সপোনৰ স’তে সংঘাত আৰু হতাশা
সত্যৰ স’তে ইতিহাস
মই নিবিচাৰিলেও সলনি হয়
প্ৰেমৰ স’তে জীৱনৰ
মাজত মই হৈ থাকো হলহলীয়া অভিমনু্য
শব্দৰ সৈতে সলনি কৰো নিজক
আশাৰে ৰৈ থাকো
এদিন সকলো নতুন হ’ব
থাকিব মাথো
মৰম-ভালপোৱা আৰু
উদাৰ এখন আকাশ।
— ডিম্পী ৰাণী গগৈ
কালিয় দমন
লেখক:
সূত্ৰ-ওহি বোলি কৃষ্ণক শোকে প্ৰাণ ধৰিএ নাহি পাৰি, গোপ-গোপী সহিত নন্দ-যশোদা হা কৃষ্ণ, বোলি হ্ৰদত ঝাম্প দিতে যাই। তাহে পেখি বলভদ্ৰ ৰহ ৰহ বোলি আগভেণ্টি নিবাৰি বোলল।
বলভদ্ৰ-আহে পিতৃ-মাতৃ, গোপ-গোপীসব, কি কৰিতে চাৱ? ৰহ ৰহ, কিছো চিন্তা নাহি। তোহো সব কিছো জানএ নাহি। ওহি দুষ্ট সৰ্পক দণ্ড কৰিএ এথা হন্তে খেদাআ শ্ৰীকৃষ্ণ এই ক্ষণে আৱব। তোহাসব কৌতুক দেখহ,বৈঠি ৰহ॥
সূত্ৰ-তদনন্তৰে, বলোক বাক্যে ব্ৰজবাসীসব কিছো শান্ত হুয়া, পৰিঅৰ্ত্তি বাক্যে নিঝম পৰিত্ৰ, কৃষ্ণক মুখ নিৰেখিএ ৰহল। .
শ্লোক
দৃষ্ণটা বিষাদং গোৱিন্দো ভক্তানাং ভক্তৱত্সলঃ।
আস্ফোট্য সহসোত্তস্থৌ ৱিমুক্তঃ সৰ্প বন্ধনাত্॥
সূত্ৰ-মনুষ্য চেষ্টা দৰশিএ, শ্ৰীগোপাল দুই দণ্ড সৰ্পক বন্ধনে পৰি ৰহল। তদনন্তৰে গোপ-গোপীসবক, পৰম বিষাদ দুখ দেখিএ শ্ৰীকৃষ্ণ আস্ফোট কয় উৰুফাল দেলহ। কালি সৰ্প পৰম ছোট পাআ, কৃষ্ণক চাড়ি উপড়ি পড়ল। হাজাৰেক ফণা তুলি কৃষ্ণক চাই ফোফাই কোপে চক্ষু আৰকত জিহ্বাএ কৱাৰি চেলেকয়। নাকে-মুখে বিষবহ্নি বৰষএ পেখি শ্ৰীকৃষ্ণ পৰম আটোপে কালিক হাস্ফোলল, তাহাক বেড়ি চক্ৰাকাৰে চমত্কাৰে পাক ঘূৰিতে লাগল। সে অনন্ত বীৰ্য্য কালি মহা ফোটকাৰ কৰিএ, কৃষ্ণক সমূলে ভৰময়। তাহে পেখি জগতক নাথে লীলাএ কালিক মাথে আড়ম্বৰে চড়ল।
শ্লোক
ততঃ শিৰাংসি সৰ্পস্য পদ্ভ্যামাৰ্মদ্য মাধৱঃ।
ননৰ্ত্ত লীলয়া সৰ্বকালাদিগুৰুৰীশ্বৰঃ।
সূত্ৰ-তদনন্তৰে কালিক মাথে চড়ি শ্ৰীকৃষ্ণ দুই পাৱে ফণাক মৰ্দ্দিএ নৃত্য আৰম্ভল। সে সময়ে গন্ধৰ্ব বিদ্যাধৰ সব আসি কহু, তাল কৰতাল ঠুকি মৃদঙ্গ বজাৱঅ। তাহাক চেঅ লৈআ শ্ৰীকৃষ্ণ যৈছে কৌতুক নৃত্য কয়ল তা দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি॥
গীত॥ ৰাগ–গৌৰী॥ দোমনি–পৰিতাল॥ জতিমান॥
ধ্ৰং-কালা কানু নাচে চৰণ চলাই।
কৰতু কৌতুক নৃত্য কেশৱ
অৰুণ চৰণ চলাঅ ৰে।
দেৱ-মুনি শিৰে শিৰীষ বৰিসে
হৰিযে হৰি-গুণ গায়ৰে॥
পদ- কাল কালিক মাথে চড়ি ভড়ি
পীড়ি ক্ৰীড়ি কানু নাচে ৰে।
মৃদঙ্গ দিমি দিমি নাদ দুন্দুভি
সিদ্ধসৱ বাঅ কাছেৰে॥
পাক ফিৰি ফিৰি ভিৰি ভিৰি পাৱে
শিৰে শিৰে পাড়ে ডেঅ ৰে।
অঙ্গ ভঙ্গিম ৰঙ্গ কৌতুকে
নাচতুএ আদি দেৱ ৰে॥
সূত্ৰ-ঐছন জগতক পৰম গুৰু নাৰায়ণ শ্ৰীগোপালক ভৰ সহিতে নাপাৰি কালি অচেতন ভেল। পৰম পীড়াত ঘাড় ওলমল, নাকে-মুখে ৰুধিৰ চান্দে মহাদুখে অন্ধকাৰ দেখে। যত মদ-গৰ্ব-দম্ভ-দপ সৰ্পক সব চুৰ ভেল। বাক্য মুখে হৰল। ঐছন পৰম গুৰুক আপদ-ঔষধ পাই, কালিক মন নিৰ্মল ভেল। নয়নৰ নীৰ ঝুৰঅ। কৃষ্ণক পৰম ঈশ্বৰ পুৰুষ জানি মনে শৰঅ লেলহ।
শ্লোক
নাগ পত্ন্যাঃ পতিং বীক্ষ্য মুমূৰ্ষুঙ্গতচেতনম্।
তুষ্টুবুঃ কৃষ্ণমভ্যেত্য ভৰ্ত্তুবিৰহকাতৰাঃ॥
সূত্ৰ-কালিক ভাৰ্য্যা যত নাগনাৰীসব স্বামী মৰঅ দেখি পৰম সন্তাপ আকুলমতি হুআ, হৃদএ মুষ্টি হানে, নয়নক নীৰ ঝুৰএ। হা হা স্বামী বোলি, শিশুসৱ আগ কৰিএ যৈছে বিলাপ কৰিতে আৱে, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি বোল।
গীত॥ ৰাগ–বেলোৱাৰ॥ ৰূপক তাল।
ধ্ৰুং-নাগ-নাৰী আৱয়ী অৱনত কায়ী।
তাপিত তনুমনু নয়ন ঝুৰায়ী॥
পদ-পিউক সন্তাপ তাপে প্ৰাণ ফুটি যাই।
ফোকাৰয়ী ঘন ঘন চেতনা নাই॥
পৰিএ হৰিক আগু কৰু পৰণাম।
কহতু শঙ্কৰ গতি গোবিন্দ নাম॥
সূত্ৰ-ঐছন পৰম সন্তাপে কৃষ্ণক আগু পঢ়ি পৰণামি নাগ-পতনীসব কৰ যোড়ি স্বামীক দুখ মোক্ষণ মনে তুতি আৰম্ভল॥
পয়াৰ
ধ্ৰুং-ঘোৰ অপৰাধ আচৰল ওহি চণ্ড।
বিহিলা ইহাক হৰি সমুচিত দণ্ড॥
পুৰাণ পুৰুষ তোহোঁ সনাতন হৰি।
আছা দেৱ দুষ্টক দণ্ডিতে অৱতৰি। .
ইটো দণ্ডে স্বামী ওহি এড়াইলা পাতক।
বৰতো অধিক দেখো তোহাৰি ক্ৰোধক॥
ইটো পদ-পঙ্কজৰ পাইলা ধূলাচয়।
কিহেতু ইহাৰ হেন ভৈল ভাগ্যোদয়॥
লক্ষ্মী-ব্ৰহ্মা-মহেশ প্ৰভৃতি দেৱগণে।
ইটো পদ-ৰজ খুজি নপাৱে যতনে॥
তামসিক ক্ৰুৰ ক্ৰোধী কালি সৰ্প জাতি।
কিমতে পাইলেক ইটো পদ-ধূলা আতি॥
নমো নমো অনন্ত শকতি নাৰায়ণ।
কাৰণৰো কাৰণ তুমিসে অকাৰণ॥
নাহি আদি অন্ত মধ্য পৰিছিন্ন যাৰ।
পূৰ্ণানন্দ দেৱ হেৰা কৰো নমস্কাৰ॥
নমো নমো অতৰ্ক মহিমা দেৱ হৰি।
জগতকে বিয়াপি আপুনি আছা ধৰি॥
তুহু সৰ্ব সাক্ষী ৰাখি আছা প্ৰাণীচয়।
তোহাতেসে হন্তে হোৱে সৃষ্টি-স্থিতি লয়॥
যাহাৰ চাৰিও মুক্ষ্য মূৰ্ত্তি অনুপাম।
ৰাম কাম অনিৰুদ্ধ বাসুদেৱ নাম॥
হেন ভগৱন্ত কৃষ্ণ দেৱতাৰ দেৱ।
তোহাৰি চৰণে কৰো লক্ষ কৌটি সেৱ॥
সূত্ৰ-ঐছন তুতি কৰি কহু,নাগনাৰীসব সকৰুণ ভাএ কৃষ্ণক কাৰ্পণ্য কৰিতে লাগল।
নাগ-নাৰীসব-হে পৰম ঈশ্বৰ, তোহাৰি পাদ প্ৰহাৰে স্বামী মৰি যাই। ওহি দুৰ্জনে তোহাক নজানি দংশল। ইহাক দোষ বাৰেক মৰস গোসাঞি। তোহাৰি আগু ক্ষুদ্ৰ পতঙ্গ। আহেক মাৰি কোন যশ সাধৱ। দেখো, স্বামীক ধাতু প্ৰাণ ৰহে নাহি। যত লাগে মানে শাস্তি পাৱল। হে পৰম ঈশ্বৰ শ্ৰীকৃষ্ণ অৱ কৃপা কৰু, হামাক অনাথ কৰবি নাহি। তোহাৰি আগু আঞ্চোল পাতি, পতি দান মাগো॥
সূত্ৰ-ওহি বুলিতে নয়নক নীৰ ঝুৰে। পতিক সন্তাপে নাগিনীসব যৈছে বিলাপ কয়ল, তাহে দেখহ শুনহ। নিৰন্তৰে হৰি বোল হৰি।
গীত॥ ৰাগ–সুহাই॥ জতিমান॥
ধ্ৰুং-অৱহু কৰণা কৰু কৃপাল গোপাল।
তেজৱি জীৱন স্বামীক মিলে কাল॥
পদ-তোহো নাহি জানিএ দংশল ওহি চণ্ড।
সমুচিত অহিক কয়লি দেৱ দণ্ড॥
তুৱা পাৱে বিদিত সতীক পতি প্ৰাণ।
আঞ্চোল পাতিয়া মাগো আমি স্বামী দান॥
তেজঅ জীঅ পিউ প্ৰাণ ফুটি যাই।
পাপীক দোষসব মৰষ গোসাঞি॥
কৰি কাতৰ বিলপতি পৰি নাৰী।
কহ শঙ্কৰ অব উদ্ধাৰ মুৰাৰি॥