সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

স্বপ্ন-ছায়া

এহালি জুৰ পৰা চকু নিয়ৰ মুকুতাৰ কথাকোৱা

শব্দহীন মনৰ গোন্ধ কপূৰ হৈ উৰে।

কৃষ্ণচূড়া ফুলাৰ দিনত আকাশৰ বেলিটো উতলি

ধেঁাৱা হোৱাৰ পৰত স্বপ্নৰ আঁচল উৰুৱাই

বাখৰ মুকুতা গলি নৈ হৈ বৈছিল।

নৈখনে ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দিছিল।

তেওঁ উভতি অহাৰ কবিতা পঢ়ি মেঘ হৈ নাচিছিল

সেমেকা বতাহত কঁপিছিল মোৰ ওঁঠ, হাত, কণ্ঠ

চকুমেলি চাই দেখিলো সন্মুখত বিষন্নতাৰ স্বৰলিপি।

মই জানিছিলো তুমি আকৌ উলটি আহিবা।

— দৰ্শনা কেওট

শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানত অভিনয় কলাৰ অনুশীলন ছাঁ-পোহৰেদি এভুমুকী

প্ৰথম অংশ

১৯৭৪ চনৰ অক্টোবৰৰ কোনোবা এটা দিনত দেউতাৰ সৈতে থানলৈ আহিছিলোঁ। যোগেন আতৈৰ পৰিচালনাত ৰাসৰ আখৰা পূৰ্ণগতিত চলি আছে। সেই বছৰ ৰাসত মই ‘সুদাম’ৰ ভাও দিলোঁ।

তাৰ পিছৰে পৰা এতিয়ালৈকে সেই ধাৰা অব্যাহত আছে। পৰৱৰ্তী সময়ত থানত অনুষ্ঠিত হোৱা বিভিন্ন উৎসৱৰ পৰিপ্ৰেক্ষিতত পৰিৱেশিত ভাওনাসমূহত অভিনয় কৰিছিলোঁ।

খুহুতীয়া অভিনয়

সেই সময়ৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱগোস্বামী প্ৰভূৰ লগতে প্ৰয়াত মোহন ভূঞা, মুহিৰাম হাজৰিকা, ভৱ হাজৰিকা, মোহন হাজৰিকা, লীলাকান্ত পাঠক, ৰাজেন বৰুৱা, সদা শইকীয়া, প্ৰয়াত লক্ষী নেওগ, ধৰ্মকান্ত নেওগ, ভোলা দত্ত [বিলতীয়া], কৃষ্ণ হাজৰিকা, মধুপ্ৰসাদ দত্ত, হেমকান্ত বৰা, ভোলা ভূঞা, প্ৰয়াত তপেশ্বৰ ভূঞা, হেম নেওগ, বংশীবদন গোস্বামী, বিদূৰ বৰা, খগেন হাজৰিকা, প্ৰয়াত ডিম্ব শইকীয়া আতৈ, মাণিক শইকীয়া, তনুৰাম বৰা [সকলোৰে নাম মনত পৰা নাই] আদি লোকসকল এই অনুষ্ঠানবোৰৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল।

থানত প্ৰদৰ্শিত ‘শকুনিৰ প্ৰতিশোধ’, ‘কৰ্ণ পৰ্ব’, ‘গদা পৰ্ব’ আদি ভাওনাত এই লোকসকলেও অভিনয় কৰিছিল। ইয়াৰ আটাইতকৈ আকৰ্ষণীয় বিষয় আছিল খুহুতীয়া অভিনয়। এই বিষয়টোৰ গুৰি ধৰিছিল প্ৰয়াত মণি বৰা, তনুৰাম বৰা, মোহোৰাম নেওগ [মেহাই], পিপৰা শইকীয়া, শ্ৰী কেশৱ বৰাই।

ইয়াৰ পিছত এনে অভিনয় কান্ধ পাতি ধৰিছিল প্ৰয়াত টংক শইকীয়া, শ্ৰী হৰি শইকীয়া, দিচেন ৰাজখোৱা, কমল দত্তই। প্ৰয়াত চেনিৰাম বৰুৱা, তোলেশ্বৰ বৰা, নিলেশ্বৰ কটকী, বিপুল শইকীয়া আদিয়ে পৰৱৰ্তী সময়ত এই ধাৰা অব্যাহত ৰাখিছিল।

ৰাসলীলা

ইয়াৰ পিছতে ক’ব লাগিব শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টিসংঘৰ কথা। অঞ্চলটোৰ শিশু-কিশোৰ-যুৱক- যুৱতীৰ সুপ্ত অভিনয় প্ৰতিভাক জাগ্ৰত ৰূপ দিয়া এই অনুষ্ঠানৰ যোগেদি প্ৰতি বছৰতে প্ৰদৰ্শিত শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আৰু সামাজিক নাটকসমূহত অভিনয় কৰা সংঘৰ সদস্যসকলৰ ত্যাগ আৰু কষ্টৰ কথা ক’বই লাগিব।

বেথাৰাম বৰা, পৰেশ নেওগ, কুমুদ নেওগ, লোহিত নেওগ, দিগন্ত নেওগ, অনন্ত হাজৰিকা, লীলা বৰা, তপন দত্ত, চিত্ত বৰা, সুচেন নেওগ, ৰতন নেওগ, দিগন্ত নেওগ, সত্য নেওগ, সুৰেশ নেওগ [স্থানাভাৱৰ বাবে সকলোৰে নাম উল্লেখ কৰিব পৰা নাই] আদিৰ প্ৰচেষ্টা আৰু অভিনয়ৰ ফলত কৃষ্টিসংঘই নাট্যচৰ্চাৰ ক্ষেত্ৰত এক সুকীয়া মাত্ৰা লাভ কৰিলে।

সংঘত মঞ্চস্থ হোৱা সামাজিক নাটকসমূহৰ ভিতৰত ‘মিৰি জীয়ৰী’, ‘দখল’, ‘বলিয়া গোসাঁই’, ‘খোজ’ আাদি অন্যতম। ইয়াৰ উপৰি সংঘই শিল্পী দিৱস, বিষ্ণু ৰাভা দিৱস, সুধাকণ্ঠ দিৱস আদি প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে।

মহাপুৰুষ গুৰুজনাৰ জন্মস্থান উদ্ধাৰ হোৱাৰ পিছতে দুজনা গুৰুৰ সৃষ্ট মহান কলা- সংস্কৃতিসমূহ চৰ্চাৰ এটি সুস্থ বাতাৱৰণ এই জন্মস্থানকেই কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল।

সেই সময়ৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ কমলাকান্ত দেৱগোস্বামী প্ৰভূৰ পৃষ্ঠপোষকতাত অংকীয়া ভাওনাৰ চৰ্চাই গা কৰি উঠিছিল।

এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা ব্যক্তিসকল হ’ল প্ৰয়াত মাধৱ আতৈ, কিনাৰাম আতৈ, মিঠাৰাম বৰুৱা বায়ন, শ্ৰী যোগেন বৰা আতৈ আৰু শ্ৰী ফণীধৰ হাজৰিকাদেৱ।

অৱশ্যে এইসকলৰ উপৰি স্থানীয় ব্যক্তি প্ৰয়াত মুহিৰাম ভলণ্টিয়াৰ, ৰোষেশ্বৰ বৰুৱা আৰু তোষেশ্বৰ নেওগদেৱৰ নাম উল্লেখযোগ্য।

মাধৱদেৱৰ অংকীয়া ভাওনা

১৯৬০ চনত এই জন্মস্থানত প্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা আৰম্ভ হয়। ইয়াৰ সমান্তৰালভাৱে জন্মস্থানক কেন্দ্ৰ কৰি গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনাৰ চৰ্চা আৰম্ভ হয়।

প্ৰথম প্ৰদৰ্শিত ভাওনা আছিল শ্ৰীশ্ৰীমাধৱদেৱ ৰচিত ‘দধি মণ্ঠন’। অৱশ্যে ইয়াৰ পূৰ্বে স্থানীয় গাঁওসমূহত অংকীয়া ভাওনাৰ প্ৰচলন আছিল।

পৰৱত¹ সময়ত গুৰু দুজনাৰ ৰচিত ‘পত্নী প্ৰসাদ’, ‘অজুন ভঞ্জন’, ‘কালিয় দমন’, ‘কেলি গোপাল’, ‘ৰুক্মিণী হৰণ’, ‘পাৰিজাত হৰণ’, ‘ৰাম বিজয়’ আদি নাট উত্তৰ কমলাবাৰী সত্ৰৰ ভকত শ্ৰী যোগেন বৰা আতৈ, ফণীধৰ বৰা গায়ন, প্ৰয়াত মিঠাৰাম বৰুৱা বায়ন, কিনাৰাম বুঢ়াভকত তথা মাধৱ আতৈৰ প্ৰচেষ্টা তথা স্থানীয় শিল্পী প্ৰয়াত তোষেশ্বৰ নেওগ, হেমকান্ত বৰা, তপেশ্বৰ ভূঞা, অম্বি বৰুৱা, কণপাই হাজৰিকা, খগেন কাকতি, হৰি শইকীয়া, প্ৰয়াত টংক বৰা, উপেন বৰা আদি শিল্পীসকলৰ সহযোগত প্ৰদৰ্শিত হৈছিল।

আনহাতে, ১৯৯৩ চনত প্ৰতিষ্ঠিত লেটেকুপুখুৰী শঙ্কৰী সঙ্গীত বিদ্যালয়ত গুৰু হিচাপে নিযুক্তি লাভ কৰা অসম চৰকাৰৰ শিল্পী পেন্সনাৰ প্ৰয়াত ভোগৰাম মুদৈ বৰবায়ন, চেনিৰাম বৰা বায়ন, দেৱেন বৰা গায়ন আৰু প্ৰয়াত মিঠাৰাম বৰুৱা বায়নৰ প্ৰচেষ্টাত গুৱাহাটী সঙ্গীত সত্ৰৰ পাঠ্যক্ৰমৰ আধাৰত শিক্ষা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলে অসমৰ বিভিন্ন স্থানত অংকীয়া ভাওনা, বৰগীত, চালি নাচ, ঝুমুৰা নাচ আদি পৰিৱেশন কৰি সুখ্যাতি কঢ়িয়াবলৈ সক্ষম হৈছে।

এই বিদ্যালয়তে শিক্ষা লাভ কৰি শ্ৰী সঞ্জীৱ চলিহা, ডাঃ প্ৰশান্ত নেওগ আৰু পলাশ বৰাই CCRT-ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ সাফল্য অৰ্জন কৰিছিল।

মহাপুৰুষ গুৰুজনাৰ জন্মস্থান আৱিস্কৃত হোৱাৰ পিছৰ পৰাই লেটেকু পুখুৰীকেন্দ্ৰিক এক সাংস্কৃতিক বাতাৱৰণো সমান্তৰালভাৱে গঢ় লৈ উঠিছিল।

বিশেষকৈ নব্বৈৰ দশকৰ পৰা এই সাংস্কৃতিক পৰিৱেশে এক অনন্য মাত্ৰা লাভ কৰে। তিনিটি বিশাল সুঁতিত লেটেকুপুখুৰীৰ সাংস্কৃতিক কাৰ্যক্ৰম প্ৰৱাহিত হৈ আছে।

‘মাধৱদেৱ জন্মস্থান’, ‘মাধৱদেৱ কৃষ্টি সংঘ’ আৰু ‘শঙ্কৰী সঙ্গীত বিদ্যালয়, লেটেকুপুখুৰী’য়ে অদ্যৱধি সংস্কৃতিৰ ধ্বজাখনি উৰুৱাই আহিছে।

মাধৱদেৱ জন্মস্থানত পুৱা-গধূলি নিত্য নাম-প্ৰসংগভাগ আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ডিম্ব শইকীয়া আাতৈয়ে নব্বৈ দশকৰ পৰা মৃতু্যপৰ্যন্ত পৰিচালনা কৰিছিল।

বৰ্তমান উক্ত কাৰ্যভাগ শ্ৰী যোগেন আতৈৰ লগতে মাজে-সময়ে কমলাবাৰী, বদলা আৰু বেলগুৰি সত্ৰৰ আতৈসকলে পৰিচালনা কৰি আছে।

জন্মস্থানত প্ৰতি ভাদমাহত মাহজোৰা নাম-প্ৰসংগ, শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰোভাৱ তিথি, শ্ৰীশ্ৰী বদলা পদ্ম আতাৰ তিৰোভাৱ তিথি আড়ম্বৰপূৰ্ণভাৱে প্ৰতিবছৰে পালন কৰি অহা হৈছে।

লগতে তেৰাসকলৰ জন্মোৎসৱভাগিও মহা আড়ম্বৰেৰে পালন কৰি অহা হৈছে। জন্মস্থানৰ ভাগৱতীসকলৰ দ্বাৰা সাপ্তাহিক ভাগৱত পাঠ আৰু আইসকলৰ দ্বাৰা সাপ্তাহিক নাম-কীৰ্তন নিয়মিত ৰূপত চলি আছে।

১৯৮৭ চনৰ পৰা প্ৰতি পঁঁাচ বছৰৰ মূৰে মূৰে অখণ্ড ভাগৱত পাঠভাগি ৰাজি্যক ভিত্তিত পালন কৰি অহাৰ অন্তত এই বছৰৰ [২০১৭ চন] ৪ এপ্ৰিলৰ পৰা ভাগৱত পাঠৰ ৰূপালী জয়ন্তী উৎসৱভাগ মহাসমাৰোহেৰে উদযাপন কৰিবলৈ লোৱা হৈছে।

এই উৎসৱভাগ পালনৰ অৰ্থে শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামীৰ সভাপতিত্বত এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।

২০১৫ চনত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূ শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামী আৰু ‘শ্ৰীশ্ৰীবদলা পদ্মআতা সেৱা সমিতি’ৰ যুটীয়া উদ্যোগত তথা জন্মস্থান পৰিচালনা সমিতি আৰু আঞ্চলিক ৰাইজৰ সহযোগত ‘সদৌ অসম অংকীয়া ভাওনা সমাৰোহ‘ভাগি মহাপয়োভৰেৰে পালন কৰি গুৰু দুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত অনবদ্য অৰিহণা আগবঢ়ালে।

জন্মস্থানৰ লগতে লাগি থকা শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি সংঘই প্ৰতিষ্ঠা কালৰে পৰা ‘শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা’ভাগ প্ৰতি বছৰে যথাবিহিতভাৱে পালন কৰাৰ উপৰি ‘শিল্পী দিৱস’, ‘বিষ্ণু ৰাভা দিৱস’, ‘সুধাকণ্ঠ দিৱস’ প্ৰতিবছৰে পালন কৰি আহিছে।

ইয়াৰ উপৰি সময়ে সময়ে বিভিন্ন সামাজিক নাটকো মঞ্চস্থ কৰি আহিছে। লেটেকুপুখুৰী যে নাট্য চৰ্চাত পিছ পৰি থকা নাই তাৰ অন্যতম নিদৰ্শন বোলছবি আৰু ভ্ৰাম্যমানৰ সৰ্বপৰিচিত অভিনেতা মৃদুল ভূঞা।

নব্বৈ দশকৰ পৰা প্ৰয়াত লক্ষী নেওগদেৱে কৃষ্টি সংঘৰ সভাপতিৰ আসন মৃতু্যপৰ্যন্ত অলংকৃত কৰিলে।

বৰ্তমান সকলোৰে পৰিচিত সংঘৰ সাংস্কৃতিক কৰ্মী তথা শিল্পী শ্ৰীযুত বেথাৰাম বৰাদেৱে উক্ত আসনখন অলংকৃত কৰি আছে। সম্পাদক হিচাপে শ্ৰী প্ৰেমধৰ বৰা, কুমুদ নেওগ, লোহিত নেওগ আৰু বৰ্তমান শ্ৰী চন্দ্ৰপ্ৰসাদ শইকীয়াই কাৰ্যনিৰ্বাহ কৰি আছে।

নব্বৈৰ দশকত লেটেকুপুখুৰী অঞ্চলত ‘ঈগল সাংস্কৃতিক গোষ্ঠী’ নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হৈ বিশেষকৈ শিশু নাট কৰ্মশালা আৰু নাট্যাভিনয়ৰ যোগেদি সমগ্ৰ অঞ্চলটোতে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

জন্মস্থানৰ অন্য এটা সুঁতি ‘লেটেকুপুখুৰী শঙ্কৰী সঙ্গীত বিদ্যালয়’ ১৯৯৩ চনত প্ৰতিষ্ঠা হোৱাৰে পৰা লেটেকুপুখুৰী অঞ্চলত সংগীতৰ এটা নতুন আন্দোলনৰ সূচনা হ’ল।

বেথাৰাম বৰাদেৱৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত আজিও অনুষ্ঠানটোৱে সমগ্ৰ জিলাতে সুনাম অৰ্জন কৰি আছে।

এই আন্দোলনত জঁপিয়াই পৰা পুৰোধা ব্যক্তিসকল হ’ল ক্ৰমান্বয়ে শিল্পী পেন্সনাৰ প্ৰয়াত ভোগৰাম মুদৈ বৰবায়ন, শ্ৰী চেনীৰাম শইকীয়া বৰবায়ন, শ্ৰী দেৱেন বৰা বৰগায়ন, প্ৰয়াত মিঠাৰাম বৰুৱা বায়ন আদি।

গুৱাহাটীৰ সংগীত সত্ৰৰ পাঠ্যক্ৰমৰ আধাৰত সত্ৰীয়া সংগীত আৰু নৃত্যৰ শিক্ষা গ্ৰহণ কৰি বিশাৰদ উপাধি লাভ কৰা শিক্ষাথ¹সকল হ’ল ধীৰেন চেকনিধৰা, শোভন বৰুৱা, নিভা বৰুৱা, ৰেখামণি ভূঞা, ৰাণু কাকতি, জুলি বৰুৱা, মহেশ বৰুৱা, মহেন হাজৰিকা, যোগেশ কাকতি, তৰিৎ বৰুৱা, নিৰঞ্জন বৰুৱা, ৰঞ্জন বৰা [চিন্তু], দিব্যজ্যোতি বৰা [মুন্না], অৰ্চনা বৰুৱা, মূৰ্ছনা নেওগ, নিলাক্ষী হাজৰিকা, পিংকী বৰা, ৰতন নেওগ, ক্ষীৰোদ বৰা, চিন্ময় বৈষ্ণৱ, বেদান্ত বৈৰাগী, ভাস্কৰ বৰা, প্ৰবাল নেওগ, শ্যামচন্দন বৰা, প্ৰাঞ্জল বৰুৱা, ভানু বৰা, অৰ্পণা বৰুৱা, যাদৱ শইকীয়া, ক্ষীৰেণ ভাগৱতী আৰু বহুতো।

১৯৮১ চনত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান লেটেকুপুখুৰীৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত কমলাকান্ত দেৱগোস্বামীৰ পৌৰোহিত্যত জন্মস্থানতেই লেটেকুপুখুৰী শঙ্কৰী সঙ্গীত বিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰে।

উক্ত সময়তে সত্ৰীয়া নৃত্য বিভাগৰ গুৰু হিচাপে আত্মনিয়োগ কৰা শ্ৰীযুত যোগেন বৰা, প্ৰয়াত মিঠাৰাম বৰুৱাদেৱৰ শিক্ষাৰে শিক্ষিত হৈ অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাথ¹য়ে সত্ৰীয়া নৃত্যৰ শিক্ষা অৰ্জনত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰি অঞ্চলটোৰ বিভিন্ন স্থানত চালি, ঝুমুৰা, নাদুভংগী, সূত্ৰনাচ আদি প্ৰদৰ্শন কৰি সুখ্যাতি অৰ্জন কৰিছিল আৰু দিল্লীৰ CCRT-ৰ তৰফৰ পৰা বৃত্তি লাভ কৰিবলৈকো সক্ষম হৈছিল।

১৯৯৩ চনৰ পৰা উক্ত বিদ্যালয়ৰ সৌজন্যত গুৱাহাটী সঙ্গীত সত্ৰৰ পাঠ্যক্ৰমৰ আধাৰত গায়ন, বায়ন, নৰ্তন আদি বিভাগৰ আৰু এলাহাবাদ প্ৰয়াগ সঙ্গীত সমিতিৰ পাঠ্যক্ৰমৰ আধাৰত হিন্দুস্থানী শাস্ত্ৰীয় সংগীত, তবলা, বেহেলা আদি বিষয়ৰ ধাৰাবাহিক পাঠদান কাৰ্যসূচী আৰম্ভ হয়।

এই অনুষ্ঠানত অসম চৰকাৰৰ শিল্পী পেন্সনাৰ প্ৰয়াত ভোগৰাম মুদৈ বৰবায়ন, শ্ৰীযুত চেনিৰাম শইকীয়া বৰবায়ন আৰু প্ৰয়াত মিঠাৰাম বৰুৱা বায়নে সত্ৰীয়া নৃত্যৰ শিক্ষা প্ৰদানত, কেন্দ্ৰীয় চৰকাৰৰ শিল্পী পেন্সনাৰ শ্ৰীযুত দেৱেন বৰা বৰগায়নে গায়ন বিভাগৰ শিক্ষা প্ৰদানত, উত্তৰ লখিমপুৰৰ শাস্ত্ৰীয় সংগীত বিশাৰদ শ্ৰীযুত ৰাধাকৃষ্ণ তিৱাৰীয়ে হিন্দুস্থানী শাস্ত্ৰীয় সংগীত বিভাগৰ শিক্ষা প্ৰদানত, তবলা বিশাৰদ শ্ৰীযুত দিলীপ পূজাৰী আৰু শ্ৰীযুত হৰেণ কাকতিদেৱে তবলা বিভাগৰ শিক্ষা প্ৰদানত আত্মনিয়োগ কৰি বিদ্যালয়খনক আগুৱাই নিছিল।

এই অনুষ্ঠানত শিক্ষা অৰ্জন কৰা শিক্ষাথ¹সকলে অঞ্চলটোৰ উপৰি সমগ্ৰ জিলা তথা অসমৰ বিভিন্ন প্ৰান্তত অতি উন্নত মানৰ শংকৰী গীত-নৃত্য, অংকীয়া ভাওনা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি জন্মস্থানত প্ৰতিবছৰে উদযাপন হোৱা শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি, শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আদিত অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য-গীত, অসম সংগীত নাটক একাডেমীৰ আমন্ত্ৰণক্ৰমে গুৱাহাটীত ‘ৰুক্মিণী হৰণ’ অংকীয়া ভাওনা, মাজুলীৰ শ্ৰীশ্ৰীনতুন কমলাবাৰী সত্ৰৰ উদ্যোগত আয়োজন কৰা অংকীয়া ভাওনা সমাৰোহত ‘পাৰিজাত হৰণ’ ভাওনা প্ৰদৰ্শন, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ অধিৱেশনত সত্ৰীয়া নৃত্য প্ৰদৰ্শন, অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিৱেশনত সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য আদি প্ৰদৰ্শন কৰি অসমৰ সাংস্কৃতিক জগতত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি আমি জনামতে দুবছৰৰ পূৰ্বে এই জন্মস্থানৰ পৰাই শিল্পীসকলে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগেদি কৰা ‘ৰুক্মিণী হৰণ’ নাটকখন পৰেশ নেওগ, সুচেন নেওগ, তপন দত্ত, মহেশ বৰুৱা, জুলি বৰা, দিগন্ত নেওগ, প্ৰদীপ হাজৰিকা, মুনীন্দ্ৰ বৰা, শান্তনু শইকীয়া, দীপ নেওগ, মহেন হাজৰিকা, নৰেন হাজৰিকা আদি সহযোগিতাত সম্প্ৰচাৰ হৈছিল।

ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!