সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

কেলিগোপাল নাটৰ মৌলিকতা

শংকৰদেৱৰ কেলিগোপাল নাটৰ প্ৰথম অংশ পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেলিগোপাল নাটৰ মৌলিকতা

শংকৰদেৱে ‘কেলিগোপাল’ নাটৰ বিষয়বস্তু শ্ৰীমদ্ভাগৱত পুৰাণৰপৰা গ্ৰহণ কৰিলেও নাটৰ কাহিনীভাগ সজাই তোলোতে যথেষ্ট মৌলিকতাৰ পৰিচয় দিছে।

‘কেলিগোপাল’ নাটত মুখ্য বিষয় কাহিনী, চৰিত্ৰ অথবা ঘটনাৰ বৰ্ণনা নহয়, নৃত্য-গীতহে।

সেইবাবে  ই শংকৰদেৱেৰ আনকেইখন নাটৰ দৰে কাহিনী বা চৰিত্ৰ প্ৰধান নহৈ সংগীত প্ৰধানহে হৈ পৰিছে।

‘কেলিগোপাল’ নাটৰ সংগীত-বহুলতাৰ বাবে ইয়াক গীতিনাট বা সংগীতালেখ্যৰ পৰ্যায়ত অন্তৰ্ভুক্ত কৰিব পাৰি বুলি বিভিন্নজনে মত আগবঢ়াইছে।

যিহেতু গীতিধৰ্মীতা অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্য সেইবাবে ‘কেলিগোপাল’ নাটক গীতি-নাট বা সংগীতালেখ্য বুলি অভিহিত কৰাতো অস্বাভাৱিক হ’ব নোৱাৰে।

নাটত সৰ্বমুঠ ৩১ টা গীত [সত্যেন্দ্ৰনাথ শৰ্মাৰ সম্পাদিত অঙ্কমালাত প্ৰাপ্ত] সন্নিৱিষ্ট হৈছে।

গীতসমূহত বিভিন্ন ধৰণৰ ৰাগ আৰু তাল সংযোজিত হৈ গীতসমূহক বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে।

গীতসমূহত ব্যৱহৃত বিভিন্ন ৰাগ সমূহ হৈছে– সুহাই, শ্ৰীপয়াৰ, কেদাৰ, শ্ৰীগান্ধাৰ, বেলোৱাৰ, কানাৰা, শ্যাম, কল্যাণ, গৌৰী, আশোৱাৰী, ধনশ্ৰী, মাহুৰ, অহিৰ ,নাট।

তেনেদৰে, তালসমূহ হৈছে– একতালি, পৰিতাল, জৌতি, ৰূপকতাল, জৌতিমান, ছুটা আদি। 

নাটখন সম্পূৰ্ণৰূপে সংগীতৰ মাধ্যমেদি পৰিৱেশিত হৈছে। 

মূল ভাগৱতত ঘটনা, পৰিস্থিতি অথবা চৰিত্ৰৰ মনোভংগী বুজাবৰ বাবে যি দীঘলীয়া বৰ্ণনাৰ সহায় লোৱা হৈছিল, তাৰপৰিৱৰ্তে নাটত গীতৰ মাধ্যমেদিয়েই উক্ত কাৰ্য সমাপন কৰা হৈছে।

উদাহৰণস্বৰূপে, মূল ভাগৱতৰ  ৩ ১ পৰা ৯ নং শ্লোকলৈকে গোপীসকলে কৃষ্ণক পাবৰ বাবে কেনেদৰে ব্যাকুল হৈ পৰিছিল তাৰ বৰ্ণনা আছে।

কৃষ্ণৰ বংশীৰ সুৰ  শুনি গোপীসকলে নিজ নিজ গৃহত কৰ্মৰত হৈ থকাৰ অৱস্থাতো সকলো কাম আধৰুৱাকৈ এৰি থৈ কেনেদৰে আকুলভাৱে দৌৰি আহিছিল, তাৰ বৰ্ণনা আছে।

কিন্তু নাটত শংকৰদেৱে একেখিনি কথাকে মূলৰ দৰে বৰ্ণনা কৰাৰ পৰিৱৰ্তে গীতৰ মাধ্যমেদি চৰিত্ৰৰ মনোভংগী আৰু পৰিৱেশৰ চিত্ৰখন অংকন কৰিছে।

নাটকীয় ৰস বৃদ্ধি আৰু দৰ্শক শ্ৰোতাৰ উত্তেজনা বৃদ্ধি কৰিবৰ বাবে শংকৰদেৱে নিজা মৌলিকতাৰে বিষয়বস্তুক অভিনৱত্ব ৰূপ প্ৰদান কৰিছে।

কাব্যগন্ধী গদ্যৰ প্ৰয়োগ–নাট্যকাৰৰ প্ৰধান মৌলিকতা। সত্যেন্দ্ৰনাথ শৰ্মাই ‘কেলিগোপাল’ নাটত নাট্যধৰ্মতকৈ কাব্যধৰ্মৰ প্ৰাধান্য লক্ষ্য কৰা যায় বুলি মত আগবঢ়াইছে।

নাটখনত পৰিদৃষ্ট হোৱা দুটা প্ৰধান দিশ হ’ল– ‘ৰাধা’ নামৰ এগৰাকী নাৰী চৰিত্ৰৰ উপস্থাপন আৰু আনটো দিশ হ’ল- ‘শংখচূড়  বধ’ কাহিনীৰ সংযোজন।

ভাগৱতত কৃষ্ণই এগৰাকী নাৰীক লৈ বিভিন্ন কেলি কৰাৰ কথা গোপীসকলে বনৰ মাজত পোৱা চিহ্ন দেখি সন্দেহ কৰিছে।

সেই গোপীগৰাকীৰ নাম মূলত পোৱা নাযায়।

নাটত শংকৰদেৱে নিজহে প্ৰয়োগ কৰিছে।

আনহাতে, নাটত কৃষ্ণই গোপীসকলৰ মাজৰপৰাই ৰাধাক লৈ অন্তৰ্দ্ধান হৈছে।

‘কেলিগোপাল’ নাটখনিত থকা ‘ৰাধা’ নামটোকলৈ পণ্ডিতসকলৰ মাজত যথেষ্ট মতবিৰোধ আছে।

কালিৰাম মেধিয়ে ‘অংকাৱলী’ৰ পাতনিত ‘কেলিগোপাল’ নাটৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে প্ৰথমতেই ‘ৰাধা’ নামটোৰ বিশ্লেষণ কৰিছে আৰু ৰাধা নামটো প্ৰক্ষিপ্ত বুলি মত প্ৰকাশ কৰিছে।

কিয়নো অসমৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ উপাসনা অথবা শ্ৰৱণ-কীৰ্ত্তন কৰা দেখা নাযায়।

কিন্তু কথাটো অন্যধৰণেও চাব পৰা যায়।

উত্তৰ-ভাৰতত ৰাধা-কৃষ্ণৰ যুগল মুৰ্ত্তিৰ উপাসনা কৰাৰ প্ৰথা দেখা যায়।

বাৰ বছৰৰো অধিক কাল তীৰ্থ ভ্ৰমণ কৰা শংকৰদেৱে ৰাধা-কৃষ্ণৰ উপাসনা কৰাৰ প্ৰথা সম্পৰ্কে একেবাৰে অজ্ঞ আছিল–তাক ভাবিব নোৱাৰি।

‘ৰাসলীলা’ৰ দৰে এটি অনুষ্ঠানত ‘ৰাধা’ চৰিত্ৰটোক আওকাণ কৰিলে কাহিনীভাৱে সক্ৰিয়তা দাবী নকৰিব বুলি ভাবিয়েই হয়তো শংকৰদেৱে ‘কেলিগোপাল’ নাটত ‘ৰাধা’ নামটোৰ উল্লেখ কৰিছিল।

মনকৰিবলগীয়া কথা যে, নাটত ৰাধা এক অনন্য ব্যক্তিত্বৰে পৰিচালিত নাৰী নহয়, এগৰাকী সাধাৰণ গোপ নাৰীহে যি কৃষ্ণৰ প্ৰেমত আসক্ত, আত্মঅহংকাৰী লৌকিক নাৰী।

নাটত ৰাধাৰ আচৰণ মূলৰ দৰেই ৰখা হৈছে।

অৱশ্যে কিছু কিছু অংশত নাটকীয় ৰস বৃদ্ধিৰ বাবে কিছুমান দিশ নতুনকৈ সংযোজন কৰা হৈছে।

উদাহৰণস্বৰূপে, মূলত গোপীগৰাকীয়ে কৃষ্ণক  কতৃত্বশীল মন্তব্য কৰি কৈছে যে, তেওঁৰ চলিবলৈ সামৰ্থ নাই, সেইবাবে কৃষ্ণই তেওঁক কান্ধত তুলি নিব লাগে।

কিন্তু নাটত শংকৰদেৱে এই অংশটোক অধিক ৰসাল কৰি বৰ্ণনা কৰিছে।

ৰাধাই প্ৰথমতে কৃষ্ণৰ ওচৰত ভৰিত কাঁইটে বিন্ধাৰ ভাও ধৰিছে।

কৃষ্ণই প্ৰথমাৱস্থাত ৰাধাক বুকুত বান্ধি লৈ গৈছে আৰু অলপ পাছত ৰাধাই পুনৰ ভাগৰ লগাৰ অভিনয় কৰিছে।

তেতিয়া কৃষ্ণই তেওঁক কান্ধত উঠিবলৈ প্ৰস্তাৱ দিয়াত ৰাধাই কান্ধত উঠিবলৈ লওঁতেই কৃষ্ণ অন্তৰ্দ্ধান হৈছে, আৰু তেতিয়াই ৰাধাই নিজৰ ভুল উপলব্ধি কৰিব পাৰি অনুশোচনাত দগ্দ্ধ হৈছে।

ইয়াৰ পাছত ৰাধাৰ সহিতে আটাইকেইগৰাকী গোপ নাৰীয়ে কৃষ্ণৰ বন্দনা কৰি আত্মশুদ্ধিৰ সাধনাত ব্ৰতী হৈছে।

‘কেলিগোপাল’ নাটত শংকৰদেৱে সংযোজন কৰা আন এটা দিশ হ’ল ‘শংখচূড় বধ’ৰ কাহিনী।

মূলত ‘শংখচূড় বধ’ এটা সুকীয়া অধ্যায়।

আনহাতে মূলত ‘শংখচূড়’ বধৰ সময়ত বলোৰাম উপস্থিত আছিল।

কৃষ্ণ-বলোৰামে গোপীসকলৰ লগত বৃন্দাবনত ঘূৰি ফুৰোতেহে শংখচূড় যক্ষৰ প্ৰৱেশ ঘটিছে, ৰাসক্ৰীয়া কৰি থকাৰ সময়ত নহয়।

আনহাতে কৃষ্ণই শংখচূড়ক বধ কৰি তাৰ শিৰৰ ৰত্ন আনি বলোৰামকহে অপৰ্ণ কৰিছে।

কিন্তু নাটত কৃষ্ণই শংখচূড়ৰৰ  ৰত্ন গোপীসকলকহে দান দিছে।

ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হয় যে যিহেতু নাটখন কৃষ্ণ আৰু গোপীসকলৰ আধাৰত নিৰ্মিত হৈছে, সেই সূত্ৰে শংখচূড়ৰ ৰত্ন গোপীসকলক দান দিয়া কথাটো স্বাভাৱিক হৈছে।

আনহাতে, শংকৰদেৱে ‘শংখচূড় বধ’ আখ্যানভাগক নাটত সংযোজন কৰাৰ আন এটা কাৰণ হ’ব পাৰে–আধ্যাত্মিক শক্তিৰ ওচৰত আসুৰিক শক্তিৰ উত্থান।

ই এটা প্ৰতীকধৰ্মী চৰিত্ৰ।

যেতিয়া কৃষ্ণই গোপীসকলৰ মাজত আধ্যাত্মিক ভাৱেৰে মিলনৰ ক্ৰীয়া কৰি আছিল সেইসময়তে আসুৰিক প্ৰবৃত্তিৰূপী শংখচূড়ৰ প্ৰৱেশ ঘটিছে।

কৃষ্ণই মানুহৰ মনৰ আধ্যাত্মিক চিন্তাক প্ৰতিবন্ধক হিচাপে থিয় দিয়া আসুৰিক প্ৰবৃত্তিক কেনেদৰে নিঃশেষ কৰিছে তাক নাটখনত ইংগিতময়তাৰে বুজাই দিয়া হৈছে।

লগতে আৰু এটা কথা স্মতৰ্ব্য যে, প্ৰাকশংকৰী, শংকৰী আৰু শংকৰোত্তৰ যুগত ‘বীৰৰস’ নাটকৰ এটা প্ৰধান বৈশিষ্ট্য হৈ পৰিছিল।

কেৱল শৃংগাৰ ৰসৰ মাধ্যমেদি ভক্তিভাৱ জাগ্ৰত নহ’ব বুলি ভাৱিয়েই হয়তো শংকৰদেৱে নাটত ‘ শংখচূড় বধ’ৰ আখ্যানভাগক প্ৰাসংগিক বিষয় হিচাপে সংগত কৰি ভক্তিভাৱক অধিক জাগ্ৰত কৰিবলৈ বিচাৰিছিল বুলি ভাবিবৰ অৱকাশ আছে।

বিনীতা চেতিয়া

সংগ্ৰহ – যোগেন তামুলী


শংকৰদেৱৰ কেলিগোপাল নাট নাটৰ চৰিত্ৰ পঢ়িবলৈ ইয়াত ক্লিক কৰক


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!