সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

মাধৱদেৱৰ জন্মস্থান (3rd Part)

মাধৱদেৱৰ জন্মস্থান

Read 1st Part and 2nd Part

শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত

এই সকলো কাম সম্পূৰ্ণ কৰি তুলিবলৈ যথেষ্ট সময় আৰু কেইবা লক্ষ অৰ্থ আৱশ্যক হ’ব। চৰকাৰী আৰ্থিক অনুদান নাপালেও শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰ্মপ্ৰাণ আৰু গুৰুজনাৰ প্ৰতি শ্ৰদ্ধাবান লোকে অৱস্থানুসৰি দান আগবঢ়াইছে।

১৯৮২ চনত লক্ষীমপুৰৰ উপায়ুক্ত শ্ৰীকমল মজুমদাৰদেৱে অনুসন্ধানৰ অন্তত ৩৩০০০ টকা [ত্ৰেত্ৰিশ হাজাৰ] অনুদান দিয়ে। আধৰুৱা কাম সম্পূৰ্ণ হ’ল যদিও টুপৰ টিংপাত মাৰিবলৈ বাকী থাকিল।

১৯৮৫ চনৰ বছৰত সমিতিয়ে পুনৰ দান সংগ্ৰহৰ অভিযান চলোৱাত কিছু সংগ্ৰহ হোৱাত এখোজ আগবঢ়া হয়।

গুৰুজনাৰ জন্মস্থানত সেৱা

অসম গণ পৰিষদ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত জন্মস্থানৰ পৰা আৱশ্যকীয় তথ্যপাতি দাঙি ধৰি সাহায্যৰ বাবে আবেদন কৰা হ’ল। মুখ্যমন্ত্ৰী ২০/৪/৮৭ তাৰিখে বিহপুৰীয়ালৈ আহোতে অকনমান সময় মাত্ৰ হাতত লৈ গুৰুজনাৰ জন্মস্থানত সেৱা জনাই যায়।

কীৰ্তন ঘৰৰ টুপৰ টিং লগাবলৈ বাকী থকা আধৰুৱা কামৰ বাবে দহ হাজাৰ টকা আৰ্থিক সহায়তা দিয়াত নামঘৰৰ ওপৰৰ কাম প্ৰায় সম্পূৰ্ণ হয়।

হাবি-জংঘল মুকলি কৰি জন্মস্থানখনি বৰ্তমানৰ পোহৰলৈ অনা বয়োবৃদ্ধসকলৰ নাম নল’লে আমি নিশ্চয় অকৃতজ্ঞতাৰ দোষত পৰিব লাগিব। সেইসকলৰ বহুজনেই ইহ সংসাৰ ত্যাগ কৰিছে।

তাৰ ভিতৰত ক্ৰমে স্বগীয় ভেমভদ্ৰ ৰাজখোৱা, শ্ৰী ভৱ হাজৰিকা [শ্ৰীভূঞা], স্বগীয় বগীৰাম ফুকন [শ্ৰীভূঞা], স্বগীয় কণ্ঠিৰাম দত্ত [চৌদ্ধপুনীয়া], স্বগীয় ৰামনাথ বৰা [কুঁহিয়াৰবাৰী], স্বগীয় সোণাই দত্ত [পোৰাবিল], স্বগীয় ঘনশ্যাম বৰুৱা [ভকতগাঁও], স্বগীয় বিহুৰাম বৰা [শ্ৰীভূঞা], ভূৰাম নেওগ, স্বগীয় ভোগীৰাম নেওগ, স্বগীয় সৰুমণ নেওগ [ৰঙাজান], স্বগীয় বগীৰাম শৰ্মা [ৰঙাজান], স্বগীয় মথন তামূলী [জৰাবাৰী], স্বগীয় পিয় শইকীয়া [জৰাবাৰী], স্বগীয় নীলকণ্ঠ বৰঠাকুৰ [সাৰজান], স্বগীয় মুহিৰাম বৰা [পোৰাবিল], শ্ৰী ধনীৰাম বৰুৱা [ৰঙাজান], শ্ৰী দীনাৰাম বৰুৱা [ৰঙাজান], শ্ৰী তনুৰাম নেওগ [চমুৱা], শ্ৰী ভূৱনচন্দ্ৰ নেওগ, স্বগীয় ঘনশ্যাম বৰা, গাঁওবুঢ়া [ৰঙাজান], স্বগীয় ডিম্বেশ্বৰ ৰাজখোৱা [শ্ৰীভূঞা], শ্ৰী গোপীৰাম হাজৰিকা, শ্ৰী গোলাপ হাজৰিকা।

জন্মস্থানখনৰ আৰম্ভণিতে সহায়-সহযোগিতা আগবঢ়োৱাসকলৰ ভিতৰত স্বগীয় দীনাৰাম বৰুৱা, স্বগীয় কিনাৰাম হাজৰিকা [মাকোৱাৰী], স্বগীয় টুনীৰাম হাজৰিকা [চৰাইদলনী], স্বগীয় দুতি ভূঞা [নাৰায়ণপুৰ], স্বগীয় খেতলু গোঁহাই [গোঁসাইবাৰী], শ্ৰী পদ্ম বৰা [তাঁতিবাহৰ], স্বগীয় মুহিৰাম বৰা [বিলতীয়া], স্বগীয় মুহিৰাম হাজৰিকা, স্বগীয় ৰোষেশ্বৰ বৰুৱা নাম উল্লেখযোগ্য।

চাৰিগাঁৱৰ স্বগীয় বোপা দত্তদেৱৰ নামো উল্লেখযোগ্য। সবাৰোপৰি স্বগীয় ককা নীলমণি ফুকনদেৱৰ নাম জন্মস্থানৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অবিস্মৰণীয় হৈ থাকিব। তেখেতৰ দিহা-পৰামৰ্শতহে এই মহৎ কাৰ্য সাধন হ’ব পাৰিলে। স্বগীয় ককাৰ আত্মাই শান্তি পাওক এয়ে আমাৰ কামনা। তেখেতে ৮৫ বছৰ বয়সতো গুৰুৰ জন্মস্থানলৈ আহি আছিল।

নাম-প্ৰসংগ   

আমি ওপৰতে উল্লেখ কৰি আহিছো যে, মহাপুৰুষ ‘শ্ৰীমাধৱদেৱৰ জন্মস্থান’ নামেৰে চৰকাৰী পঞ্জীয়ন কৰা হৈছে ১৯৭৫ চনত। সেই মতে জন্মস্থান সমিতি নামে কাৰ্যকৰী সভা গঠন কৰা হয়। তাৰ সভাপতি শ্ৰীশ্ৰী কমলাকান্ত গোস্বামী, উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ, স্বগীয় মুহিধৰ বৰা সহকাৰী সভাপতি, শ্ৰী মোহন চন্দ্ৰ ভূঞা সম্পাদক ৷

তিনি প্ৰসংগ

জন্মস্থানত সত্ৰীয়া নীতিৰে তিনি প্ৰসংগ চলাই অহা হৈছে। গুৰুজনাৰ জন্মস্থান বুলি মাংগলিক অনুষ্ঠান অহৰ্নিশে হোৱাটো নিতান্ত বাঞ্ছনীয়। এই নাম-প্ৰসংগ চলাবৰ বাবে জন্মস্থানৰ দুজন আতৈক ৰখা হয়। সৰ্বপ্ৰথমে শ্ৰী কিনাৰাম হাজৰিকা আৰু শ্ৰী মিঠাৰাম বৰুৱা আতৈয়ে নাম-প্ৰসংগ প্ৰায় এযুগ কাল চলালে। বৰ্তমান শ্ৰী ডিম্ব শইকীয়া আৰু শ্ৰী যোগেন বৰা আলধৰাই সেই কাম চলাই আহিছে।

তিথি উৎসৱ

জন্মস্থানত গুৰুদুজনাৰ তিৰোভাৱ তিথি, জন্মোৎসৱ, তিনিবিহুত নাম-কীৰ্তনো পালন কৰা হয়। তদুপৰি বৰ্তমান গুৰুজনাৰ পঞ্চ জন্ম শতবাৰ্ষিকী উৎসৱৰ ১৯৮৭ ৰ পৰা লোৱা বছৰজোৰা কাৰ্যসূচী অনুসৰি প্ৰায় সপ্তাহ দিনতে ক্ৰমে ভাগৱত পাঠ, ঘোষা পাঠ, আঞ্চলিক ভাগৱত প্ৰতি পূৰ্ণিমা তিথিত আৰু আইসকলৰ নাম বৃহস্পতিবাৰে হয়।

এই কাৰ্যসূচীসমূহ অবিছিন্নভাৱে চলাই অহা হৈছে। আজিৰ পৰা ২০/২৫ বছৰৰ আগৰ গহীন প্ৰকৃতিৰ ভয়লগা পৰিৱেশ, হিংস্ৰ জন্তুৰ প্ৰভাৱ এতিয়া ইয়াত দিনে-ৰাতিয়ে জনসমাগম আৰু প্ৰকৃতিৰ মৌনতা ভংগ কৰি খোল-তাল, নাম-কীৰ্তনৰ ধ্বনিয়ে সমস্ত অঞ্চল মুখৰিত কৰি তুলিছে।

আমি আশা ৰাখিছো সংসাৰৰ জ্বালা-যান্ত্ৰণাত মৰণোমুখী মানুহে এদিন এই ঠাইলৈ আহি শান্তি পাব পাৰিব।

জন্মস্থান সমিতিৰ সভাপতি শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ নিজা সত্ৰ এখন থকাত বছৰৰ অধিকাংশ সময় মাজুলীতে থাকে। সেয়েহে সমিতিৰ সম্পাদক আৰু সদস্যসকলেই সাংগঠনিক আৰু নিৰ্মাণৰ কাম কৰি আহিছে।

তথাপি এই কথা অনস্বীকাৰ্য যে গোস্বামীদেৱে জন্মস্থানখনি আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰায় তিনিদশক কাল অহোপুৰুষাৰ্থ কৰি নিৰ্মাণ আৰু অন্যান্য কাৰ্যত সহায় কৰি আহিছে। আচলতে তেখেতৰ সদৃশ ত্যাগী আৰু ধৈৰ্যশীল ব্যক্তি এজন নোহোৱা হ’লে জন্মস্থান নিৰ্মাণ বা পৰিচালনা সমিতিয়ে বৰ্তমান আজিৰ অৱস্থা পোৱাটো সম্ভৱপৰ নহ’লহেঁতেন বুলিয়েই আমাৰ বিশ্বাস।

আৰ্থিক দিশৰ পৰা জন্মস্থান সমিতিৰ জমা টকা নাই যদিও ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াত দুটা হিচাপ ৰখা হৈছে। সমিতিয়ে টকা সংগ্ৰহ কৰি আনি পূঁজি নকৰি নিৰ্মাণৰ কামতে খৰছ কৰি আহিছে।

উৎসৱ, সমাৰোহৰ বাবে ১৯৮৭ চনতে এখন শাখা সমিতি পতা হয়। তাৰ সভাপতি শ্ৰী ধৰ্মকান্ত নেওগ আৰু সম্পাদক শ্ৰী কণপাই দত্তই বৰ্তমানলৈকে কাম কৰি আহিছে।

নিৰ্মাণৰ ক্ষেত্ৰত নামঘৰ মণিকূটহে সম্পূৰ্ণ কৰিব নোৱাৰিলেও প্ৰায় সম্পূৰ্ণ কৰা হ’ল বুলিব পাৰি। সেই হিচাপে চৰকাৰী আৰ্থিক সাহায্য স্বগীয় জয়ৰাম দাস দৌলতৰামৰ সৌজন্যত পোৱা ৬০০০.০০ [১৯৫৪] ১৯৮৭ চনত বৰ্তমান মুখ্যমন্ত্ৰীয়ে আগবেঢ়োৱা ১০,০০০.০০ টকাৰ সৈতে ৫২,০০০.০০ উল্লেখ কৰিব পাৰি।

আনহাতে ৰাজহুৱা দান-বৰঙণিও একলাখৰ ওচৰা-ওচৰি হ’ব বুলি বিশ্বাস হয় যদিও সম্পূৰ্ণ অৰ্থৰ হিচাপ ইয়াত দিব পৰা নগ’ল। তথাপি আজিৰ মূল্যত নামঘৰৰ মণিকুট নিৰ্মাণত ৯/১০ লাখ টকাৰ মূল্য হ’ব বুলি ধৰিব পাৰি।

জন্মস্থান পৰিদৰ্শন

বিগত সুদীৰ্ঘ তিনিটা দশকত এই জন্মস্থান পৰিদৰ্শন কৰিবলৈ অসমৰ শিল্পী, সাহিত্যিক, বুৰঞ্জীবিদ, শিক্ষাবিদ আৰু সন্ত-মহন্ত, সত্ৰাধিকাৰসকল আহি পৰিদৰ্শন কৰি আমাক জন্মস্থানখনি উন্নয়নৰ ক্ষেত্ৰত অনেক দিহা-পৰামৰ্শ দি নিজৰ মনোভাৱ ব্যক্ত কৰি পৰিদৰ্শনৰ বহীত লিখি থৈ গৈছে।

অসমৰ বাহিৰৰো উত্তৰ প্ৰদেশ, পশ্চিমবংগ, মধ্যপ্ৰদেশ, পঞ্জাৱৰ ধৰ্মপ্ৰাণ আৰু অনুসন্ধিৎসু ব্যক্তিসকলো আহিছে। সুদূৰ আমেৰিকাৰ পৰাও এই অনুষ্ঠানলৈ দান আগবIÿাইছে।

শৰাই-সঁফুৰা

অনেক ক্ষেত্ৰত জন্মস্থানৰ মহত্বও প্ৰকাশ পাইছে। সেয়েহে আধ্যাত্মিকভাৱে চিন্তা-চৰ্চা কৰাসকলে ইয়াৰ মহত্ব অনুভৱ কৰি উপকৃত হৈছে। ভক্তিভাৱে আগবঢ়োৱা শৰাই-সঁফুৰাৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে। জনস্ৰোত অবিৰতভাৱে ব’ব লাগিছে। দিনে দিনে ই উজ্জ্বলতকৈ উজ্জ্বলতৰ হৈ পৰিছে।

আগত মহাপুৰুষজনাৰ পঞ্চ শতবাৰ্ষিকী জন্মোৎসৱ ৰাজ্যিকভিত্তিত পাতিবলৈ ১৯৮৭ চনৰ ডিচেম্বৰ ৭ তাৰিখে বহা সভাই স্থিৰ কৰে। সেইমতে পঞ্চ শতবাৰ্ষিকী উদযাপন সমিতি গঠন কৰা হয়। এই সমিতিয়ে নিৰ্মাণকে আদি কৰি সম্পূৰ্ণ দায়িত্ব পঞ্চশতবাৰ্ষিকী পালন কৰিছে।

গুৰুজনাৰ জন্মস্থান নিৰ্মাণৰ ক্ষেত্ৰত আঞ্চলিক গাঁওসমূহৰ পুৰুষ, মহিলা সকলোৱেই কম-বেছি পৰিমাণে ত্যাগ স্বীকাৰ কৰি আহিছে। সেইসকলৰ নাম ইয়াত সন্নিবেশ কৰিব নোৱাৰি আমি দুখিত, অৱশ্যে সি সম্ভৱপৰো নহয়। তথাপি আমাৰ কমী আৰু বয়োবৃদ্ধ মৃত লোকৰ নাম পাহৰণিত বা ভুলক্ৰমে থাকি গৈছে। তেখেতসকলৰ ওচৰত আমি ক্ষমাপ্ৰাথী হৈ ৰ’লো।

[প্ৰবন্ধটিত নাম অন্তভূক্ত কেবাজনো মহান ব্যক্তি স্বৰ্গগামী হৈছে। পূৰ্ব প্ৰকাশিত প্ৰবন্ধ হেতু ইয়াত ‘শ্ৰী’ সলনি কৰা হোৱা নাই]

Leave a Comment

error: Content is protected !!