সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া কৃষি ভিত্তিক উৎসৱ ভেকুলী বিয়া

অসমত ধান খেতি কৰিবৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়।

চ’ত বহাগ মাহত যদি বৰষুণ নাহে, তেতিয়া কৃষি জীৱী অসমীয়া সকলে আয়োজন কৰে ‘ভেকুলী বিয়া’ৰ।

অসমীয়া লোকাচাৰ অনুসৰি, ভেকুলীৰ বিয়া পাতিলে বৰষুণ অহাটো খাতাং বুলি অসমীয়া কৃষকে মনে প্ৰাণে বিশ্বাস কৰে।

সহজ সৰল অসমীয়া লোকৰ বিশ্বাসৰ ভেটিত গঢ় লৈ উঠা অন্য বহুতো লোক-বিশ্বাস লোক উৎসৱৰ দৰেই ভেকুলী বিয়া এক উল্লেখযোগ্য উৎসৱ।

কৃষিজীৱী লোকৰ সাধাৰণ অভিজ্ঞতাৰ পৰা জনা যায় যে, ভেকুলীয়ে টোৰ টোৰালে বৰষুণ হয়।

সাধাৰণতে বৰষুণ দিলে ভেকুলীয়ে টোৰ টোৰায়। আকৌ বৰষুণ দিয়াৰ আগতেই ভেকুলীৰ টোৰ টোৰণি শুনিবলৈ পোৱা যায়।

সেই অনুসৰিয়েই হয়তো, ভেকুলীৰ টোৰ টোৰণিৰ লগত বৰষুণৰ কিবা সম্পৰ্ক আছে বুলি জন মানসত বিশ্বাস জন্মিল।

লগে লগে আৰু এটা বিশ্বাসৰ সৃষ্টি হ‘ল যে, ভেকুলী ইন্দ্ৰ দেৱতাৰ মিত্ৰ। ভেকুলীৰ বিয়া পাতিলে সেই বিয়ালৈ টোৰ টোৰাই ইন্দ্ৰ দেৱতাক মাতে।

ইন্দ্ৰ দেৱতায়ো ভেকুলীৰ নিমন্ত্ৰণ গ্ৰহণ কৰি বিয়ালৈ আহে। তেওঁৰ লগত অন্য দেৱ -দেৱতাও আহে আৰু একেৰাহে সাদিন ধৰি বৰষুণ দিয়ে।

এই লোক বিশ্বাসৰ আধাৰতেই সৃষ্টি হয় সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত বিয়াৰ দৰেই ভেকুলী বিয়া

ভেকুলী বিয়াৰ শেষত নিৰ্মল আকাশৰ বুকুলৈ চপৰা চপৰে কলীয়া ডাৱৰ উৰি আহি আকাশ ছানি ধৰে আৰু ধাৰাসাৰে বৰষুণ দিয়ে।

বৰষুণৰ অভাৱ হ’লেই অসমীয়া ৰাইজে দুটা ভেকুলী ধৰি আনি বিবাহৰ সকলো পৰম্পৰাগত নীতি নিয়মেৰে বিয়া পাতে।

দুয়োটা ভেকুলী দুঘৰত ৰখা হয়। তাৰে এটা দৰা আনটোক কইনা পতা হয়।

এই বিয়াখনৰ বাবে জ্যোতিষীৰ দ্বাৰা দিন বাৰ চোৱাই লোৱাৰো প্ৰথা আছে।

অসমীয়া বিয়া এখনৰ প্ৰায় সকলোবোৰ নীতি নিয়মকেই এইখন বিয়াত পালন কৰা হয়।

সময় মতে পানী তোলা, নোওৱা-ধুওৱা, হোম পোৰা আদি সকলো বিয়াৰ কাৰ্য সম্পন্ন কৰা হয়।

ড০ প্ৰফুল্ল দত্ত গোস্বামীৰ ভাষাত ক‘ব পাৰি যে, ‘ভেকুলী বিয়া সাধাৰণ বিয়াৰ সংক্ষিপ্ত সংস্কৰণ‘।

তিৰোতাসকলে জাউৰীয়ে জাউৰীয়ে ধেমেলীয়া বিয়া নামসমূহ পৰিবেশন কৰে।

কিছু কিছু ঠাইত বিয়া শেষ হোৱাৰ পিছত ভেকুলী দৰা কইনাক লগত লৈ গোটেই গাওঁত ঢোল তাল পেঁপা বজাই আনন্দ কৰি ঘুৰোৱা হয়।

ভেকুলী বিয়াৰ কেইটামান সাধাৰণ বিশ্বাস

১) ভেকুলীয়ে টোৰ টোৰালে বৰষুণ দিয়ে, ই লোক সমাজৰ সাধাৰণ বিশ্বাস

২) ভেকুলীৰ লগত ইন্দ্ৰ দেৱতাৰ মিত্ৰতা আছে, সেয়ে ভেকুলীৰ বিয়া খাবলৈ আহি ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে বুলি বিশ্বাস

৩) ভেকুলী্ৰ বিয়াৰ ফলত বংশ বৃদ্ধি হৈ থাকিবৰ বাবে প্ৰয়োজন হোৱা পানীৰ অভাৱ পূৰাবলৈ বৰষুণ হয় বুলি বিশ্বাস

৪) চ‘ত বহাগ জেঠ বা আহাৰ মাহত ভেকুলীৰ বিয়া পাতিলেই বৰষুণ হয় বুলি বিশ্বাস

৫) ভেকুলী বিয়া পাতি ভেকুলীৰ বিয়াৰ নাম গালেই বৰষুণ হয় বুলি বিশ্বাস

ভেকুলী বিয়াৰ বিয়া নাম

ওপৰত উল্লেখ কৰা হৈছে যে, ভেকুলী বিয়াৰ বিয়ানাম বোৰ কিছু খুহুতীয়া ধৰণৰ হয়।

কিন্তু ইয়াৰ লগত সৰ্বশক্তিমান অদৃশ্য জনৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কিছু সুৰো পোৱা যায়। যেনে –

মেঘে কৰে এগা গুমা
ভেকুলীৰে বিয়া।
আজি প্ৰভু ৰক্ষা কৰা
সূৰুজমুখে বাকা।।

আকৌ ভেকুলীৰ পৰম মিত্ৰ ইন্দ্ৰ দেৱতাক লৈ গোৱা কিছু ধেমেলীয়া নাম পোৱা যায়।

ভেকুলী মূৰৰে জলঙা পাগুৰি
ভেকুলী হাতৰে খাৰু;
ভেকুলীক বিচাৰি ইন্দ্ৰ আহিলে
দেখুৱাই নিদিবা কেৱে।।

ড০ লীলা গগৈৰ ‘অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা‘ত উল্লেখ থকা অনুসৰি ‘ভেকুলীৰ লগত দৈৱিক সম্পৰ্ক স্বীকাৰ কৰিলেও বাস্তৱ ৰূপটোও পাহৰি যোৱা নাই‘।

খহুলী ভেকুলী চুকৰে সুন্দৰী
তোকে জানো কিহবাই পালে।
খহুলী ফাপৰী চুকৰে ভেকুলী
হাতৰ কাণৰ খুলি পিন্ধে।।

ইয়াৰ লগতে, ইন্দ্ৰ দেৱতাৰ লগত চন্দ্ৰ, সূৰ্য্য, বায়ু দেৱতাও বিয়ালৈ আহে বুলি বিয়া নামত পোৱা যায়;

চন্দ্ৰ আহিছে সূৰ্য্য আহিছে
আহিছে সৰগৰ তৰা।
বায়ু দেৱতাক মেঘে নমুৱালে
সাদিন বৰষুণ দি।।

সাধাৰণ বিয়া নামৰ দৰেই ভেকুলী বিয়াৰ নামো সহজ সৰল অসমীয়া নাৰীৰ কণ্ঠৰ পৰা স্বতঃস্ফুট ভাৱেই নিগৰি অহা দেখা পোৱা যায়।

বিয়াত গাই থকা নামবোৰৰ প্ৰভাৱ পৰি ভেকুলীৰ বিয়াৰ নামেও সেই একেই লক্ষণ পোৱা বুলি অনুমান কৰিব পাৰি।

সাধাৰণ বিয়া নামৰ অনেক অংশ ভেকুলী বিয়া নামত সোমাই পৰা দেখা পোৱা যায়।

খহুলী ভেকুলীৰ বিয়া হে,
ৰাইজে পানী তুলি দিয়া হে,
চুকৰে ভেকুলী মাটি কলী ফাপৰী
নেমাতি কেনেকৈ থাকে হে।

আকৌ

বেলীৰে সাৰথি চান্দে সূৰুজে
জোনৰে সাৰথি তৰা এ।
আমাৰে আইতি সীতা সয়ম্বৰ ৰাতি
ওলাই আঁহা ভিতৰৰ পৰা এ।।

ভেকুলী বিয়াৰ নাম শুনিলে, আকাশ মেঘে ঢাকি বৰষুণ অহা যেনেই লাগে, সেয়াও বিয়া নামৰ মাজতে ফুটি উঠা দেখা যায়-

বড়গছ কাটিলে ঘিটিঙাই পৰিলে
লতা গছ কাটিলে বেৰে।
ভেকুলী কটকীক বঙালে কাটিলে
সাদিন বৰষিলে দেৱে।।

ওপৰোক্ত গ্ৰন্থত উল্লেখ আছে যে, ‘ভেকুলী বিয়াৰ নামবোৰ ধেমেলীয়া কিন্তু সুৰত মেঘমল্লাৰ ৰাগৰ কিঞ্চিত প্ৰভাৱ থকা যেন লাগে‘।

সাধাৰণ এখন বিয়াৰ উদুলি মুদুলি পৰিবেশ এটা যেনেকৈ থাকে, ভেকুলীৰ বিয়াৰ পৰিবেশো তেনেকুৱাই হয় বুলি বিয়ানামৰ মাজেৰে গম পোৱা যায়

গোপ গোপী নাৰী
আহে ৰঙ্গ কৰি
ভেকুলীৰ বিয়ালৈ বুলি
মনত ৰঙ্গ কৰি
আহিলো বিয়ালৈ
বহিবলৈ নাপালো ঠাই।

ভেকুলীৰ বিয়াৰ নামবোৰ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ হিচাপে গণ্য কৰিব পাৰি।

দেখা যায় যে, ভেকুলী বিয়াৰ নামৰ সংখ্যা খুৱ বেছি নহয়। সাধাৰণ বিয়া এখনত গোৱা বিয়া নামৰ ভালে সংখ্যকে এই বিয়াৰ নামত স্থান পায়।

ভেকুলী বিয়া হৈছে কৃষি ভিত্তিক লোকাচাৰৰ এটি অংগ। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ অভাৱ পূৰণৰ বাবেই সৃষ্টি হৈছে এইটি উৎসৱ।

এই উৎসৱ পালনৰ কোনো নিৰ্দিষ্ট দিন বাৰ নাথাকে। মাত্ৰ নিৰ্দিষ্ট ঋতু অনুসৰিহে ইয়াক পালন কৰা হয়।

অতীজৰে পৰা আহৰণ কৰা অভিজ্ঞতা আৰু বিশ্বাসৰ আধাৰত সৃষ্টি হোৱা ভেকুলী বিয়াই সহজ সৰল চহা অসমীয়া কৃষি জীৱী সমাজত এক নিৰ্মল আনন্দৰ সোৱাদ দিয়া পৰিলক্ষিত হয়।

ড০ লীলা গগৈৰ ভাষাৰেই শেষত ক‘ব পাৰি যে, ‘ভেকুলী বিয়াৰ নামৰ পৰিমাণ তাকৰীয়া হ‘লেও লোক বিশ্বাসৰ ঐতিহ্য জড়িত কৃষি জীৱী সমাজৰ গীত হিচাপে লোক সাহিত্যত ইয়াৰ মূল্য বৈশিষ্টপূৰ্ণ‘।


FAQ on অসমীয়া কৃষি ভিত্তিক উৎসৱ ভেকুলী বিয়া

ভেকুলী বিয়া কেতিয়া পতা হয় ?

চ’ত বহাগ মাহত যদি বৰষুণ নাহে, তেতিয়া কৃষি জীৱী অসমীয়া সকলে আয়োজন কৰে ‘ভেকুলী বিয়া’

ভেকুলী বিয়া কিয় পতা হয় ?

অসমীয়া চহা কৃষকে মনে প্ৰাণে বিশ্বাস কৰে যে ভেকুলীৰ বিয়া পাতিলে বৰষুণ অহাটো খাতাং

ভেকুলী বিয়া কি কি নিয়্মেৰে পতা হয় ?

অসমীয়া বিবাহৰ সকলো পৰম্পৰাগত নীতি নিয়মেৰে এই বিয়া পতা হয়।


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!