সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া জলপান

অসমীয়া খাদ্য বুলি ক‘লে সাধাৰণতে ভাতকেই প্ৰধান আহাৰ বুলি বুজা যায়। ভাত বলবৰ্দ্ধক আহাৰ

বেছিকৈ ভাত খোৱা মানুহ ভোটা বুদ্ধিৰ হয় বুলিও অসমীয়া লোকৰ মাজত প্ৰবচনৰ প্ৰচলন আছে।

আকৌ, ভাতৰ ওপৰতে বেছিকৈ নিৰ্ভৰ হোৱা কাৰণে অসমীয়া মানুহ ভতুৱা বুলিও এটা অপবাদ আছে।

অসম বিবিধ ধান-চাউলৰ অমূল্য ভাণ্ডাৰ। ইয়াত আহু শালি আৰু বাও ধান এই তিনি ধৰণৰ খেতি কৰা হয়।

ইয়াত বিভিন্ন ধৰণৰ সোৱাদযুক্ত ধান যেনে বৰা, চকোৱা, জহা, মানিকী মাধুৰী, সুৱাগমনি, প্ৰসাদভোগ, আদি বিধে বিধে উৎপাদন কৰা হয়।

প্ৰত্যেক বিধ ধানৰ ব্যৱহাৰ, ৰন্ধন প্ৰণালী, খোৱাৰ জুতি আদি বেলেগ বেলেগ হয়।

অসমীয়া জলবায়ু ধান খেতিৰ বাবে অতি উপযোগী। এই ধানৰ পৰা নানা ধৰণৰ ভাতৰ বাবে চাউল উলিওৱাৰ লগতে বিভিন্ন সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয়।

অসমীয়া মানুহে সাধাৰণতে দুসাজ ভাত খায়। ৰাতিপুৱা আৰু আবেলি সময়ত কিছু পাতলীয়া ধৰণৰ আহাৰ গ্ৰহণ কৰে।

এই পাতলীয়া ধৰণৰ আহাৰ বিধেই হ‘ল জলপান

জলপানে অসমীয়া লোক সমাজত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। অসমীয়া তিৰোতাই বিবিধ চাউলৰ যি সুস্বাদু জলপান তৈয়াৰ কৰে, তাক এবাৰ খালে পাহৰিব নোৱাৰে

জলপানৰ ব্যৱহাৰ

প্ৰায়সকল অসমীয়া মানুহে ৰাতিপুৱা ভাতৰ সলনি জলপান খোৱাটো পছন্দ কৰে।

ঠিক একেদৰে, আবেলি সময়তো চাহৰ লগত জলপান খোৱাৰ এটা নিয়ম আছে।

আলহি অতিথি আহিলে জলপানেৰে শুশ্ৰূষা কৰাতো অসমীয়া সমাজত প্ৰচলন আছে।

সকাম-নিকামত ভকত বৈষ্ণৱক জলপানেৰে শুশ্ৰূষা কৰিলেহে সন্তুষ্ট হয় বুলি ভবা হয়।

ধৰ্মীয় যিকোনো কাম-কাজতে জলপানৰ ব্যৱহাৰ হয়।

উৎসৱ পাৰ্বনত, যেনে- বিহু, জলপানৰ ব্যৱহাৰ সৰ্বাধিক হয়।

বিয়া-সবাহত জলপানৰ জৰিয়তে খাবলৈ অহা সমাজক শুশ্ৰূষা কৰা হয়।

ইয়াকো ক‘ব পাৰি যে, অসমীয়া সমাজৰ যিকোনো আনন্দমুখৰ পৰিবেশ বা অনুষ্ঠানত জলপান পয্যাপ্ত পৰিমাণে ব্যৱহাৰ হয়।

জলপানৰ বাবে প্ৰয়োজনীয় ধান

জলপান বিভিন্ন প্ৰকাৰে তৈয়াৰ কৰা হয়। তলত ইয়াৰ বিস্তৃত বিৱৰণ দিয়া হৈছে।

কিন্তু এই জলপান তৈয়াৰ কৰিবলৈ যিবোৰ উপকৰণ মানে প্ৰয়োজনীয় ধানৰ চাউল ব্যৱহাৰ হয়, সেইবোৰৰ কিছুমান সুস্বাদু জাতৰ ধানৰ নাম তলত উল্লেখ কৰা হ‘ল-

মাণিকীমধুৰি, বৰা, বকুল বৰা, নল বৰা, পাখৰি বৰা, ক‘লা বৰ, মিৰি বৰা, লঠৌ বৰা, চকোৱা বৰা, গমিৰি বৰা, জহা, সুৱাগমণি, সৰুসুৱাগমণি, বৰসুৱাগমনি, প্ৰসাদভোগ, ভোগজহা, কৃষ্ণজহা, শালি জহা, বগা জহা, ৰঙা জহা, ক‘লা জহা, টুনি জহা, খৰিকা জহা, মালভোগ জহা, নবাবী জহা, কুণকুণি জহা, কণজহা, মাগুৰি জহা, কেতেকী জহা, আঘোণী, ভোগালী, ৰাঙলী, মৌগুটিয়া, নানিয়া, বুদুমণি গুৱামালী, আমপাখি ইত্যাদি।

উল্লেখিত এই সকলো ধানৰে সোৱাদ আৰু গুণাগুণ বেলেগ বেলেগ হয়। ইয়াৰ ব্যৱহাৰো বেলেগ বেলেগ হয়।

এই সকলো ধানৰ চাউল ভাত খাবৰ বাবেই ব্যৱহাৰ কৰা হয়, যদিও জলপান খাবৰ বাবেই ইয়াক পৰ্যাপ্ত পৰিমাণে অসমীয়া লোকে ব্যৱহাৰ কৰে।

অসমীয়া লোকে সাধাৰণভাৱ কি কি ধৰণৰ জলপান তৈয়াৰ কৰে তাৰ এখন তালিকা উদাহৰণ স্বৰূপে দিয়া হ‘ল –

অসমীয়া জলপানৰ প্ৰকাৰ

১) সিজাই খোৱা জলপান

২) ভাজি খোৱা জলপান

৩) তিয়াই খোৱা জলপান

৪) ভাপত দিয়া জলপান

৫) পিঠা, লাড়ু জাতীয় জলপান

সিজাই খোৱা জলপান

অসমীয়া সমাজৰ আহাৰ বিভিন্ন জুতিৰে ভৰা। অসমীয়া লোকসকলে জলপানো বিভিন্ন জুতি লগাই খাই ভাল পায়।

তাৰে ভিতৰত কিছুমান জলপান সিজাই খোৱা হয়। এই সিজাই খোৱা জলপানৰো প্ৰকাৰৰ ভিন্নতা দেখা পোৱা যায়। তলত এই বিলাকৰ কেইটামান উল্লেখ কৰা হ‘ল –

পায়স

পায়স হ‘ল অসমীয়া জলপানৰ ভিতৰত আটাইতকৈ সুস্বাদু এবিধ জলপান। ইয়াৰ সোৱাদ ইমানেই গাঢ় যে, যিমান খাই থাকিলেও হেপাহ নপলায়

পায়স তৈয়াৰ কৰিবলৈ সাধাৰণতে জহা, চকোৱা, কণি জহা, নানিয়া বা আৰৈ আদি চাউলৰ ব্যৱহাৰ কৰা হয়।

এই চাউল সমূহৰ যিকোনো এবিধ উতলা গাখীৰত সিজোৱা হয়। এই সিদ্ধখিনিত চেনী বা গুৰ, কপূৰ, জাইফল, নাৰিকল, কিচমিচ, তেজপাত আদি সুগন্ধি দ্ৰব্য মিহলোৱা হয়।

পায়স সাধাৰণতে অসমীয়া পৰম্পৰাগত সকাম-নিকাম, সা-সবাহ আদিত বেছিকৈ ব্যৱহৃত হয়।

অসমীয়া সমাজৰ কিছু মাংগলিক অনুষ্ঠানক ভোগ দিয়া বুলিও কোৱা হয়। পায়সক পৰমান্ন বুলিও কোৱা হয়।

বৰা চাউল

অসমত অনেক বৰা ধানৰ সঁচ পোৱা যায়। তাৰে ভিতৰত বকুল বৰা, নল বৰা, পাখৰি বৰা, ক‘লা বৰা, মিৰি বৰা, লঠৌ বৰা, চকোৱা বৰা, গমিৰি বৰা আদি উৎকৃষ্ট জাতৰ বৰা ধান।

এই ধানৰ চাউল আঠা যুক্ত হয়। এই চাউল পানীত তিয়াই থৈ কোমলাৰ পিছত সিজাই খোৱা হয়। ইয়াক গাপ দিয়া জলপান বুলিও কোৱা হয়।

চুঙা চাউল

চুঙা চাউল তৈয়াৰ কৰিবলৈয়ো বৰা ধানৰ চাউলেই ব্যৱহাৰ কৰা হয়। কুমলীয়া বাঁহৰ চুঙাত এই বিধ জলপান প্ৰস্তুত কৰা হয়।

প্ৰথমে বৰা চাউলখিনি পানীত তিয়াই থৈ কুমলিবলৈ দিয়া হয়। ভালদৰে কোমলাৰ পিছত ইয়াৰ পানীভাগ আঁতৰাই বাঁহৰ চুঙাত ভৰোৱা হয়।

তাত কিছু পৰিমাণে পানীও দিয়া হয়। তাৰ পাছত কলপাতেৰে চুঙাটোৰ মুখ খন আঁটি আঁটি সোফা মৰা হয়।

সেই চুঙাটো জুইত পুৰি সিজোৱা হয়। পাছত চুঙাটো ফালি তাৰপৰা জলপান খিনি উলিয়াই গাখীৰ, দৈ, গুৰ আদিৰ লগত খোৱা হয়।

চুঙা পিঠা

চুঙা পিঠা তৈয়াৰ কৰাৰ পদ্ধতিও চুঙা চাউলৰ দৰে প্ৰায় একেই। ইয়াত প্ৰথমে বৰা চাউল খিনি খুন্দি পিঠাগুৰি তৈয়াৰ কৰা হয়।

সেইখিনিত তিল, গুৰ, চেনী, বা অন্য সুগন্ধি দ্ৰব্যৰ মিশ্ৰণ ঘটাই চুঙা চাউল পোৰাৰ দৰেই জুইত পুৰি সিজাই খোৱা হয়।

লুথুৰী পিঠা

লুথুৰী পিঠা তৈয়াৰ কৰিবলৈ আৰৈ চাউল ব্যৱহাৰ কৰা হয়। এই চাউল প্ৰথমতে খুন্দি পিঠাগুৰি তৈয়াৰ কৰা হয়।

এই পিঠাগুৰি পানী বা এঁৱা গাখীৰত মিহলাই থপথপীয়াকৈ সিজোৱা হয়। এই লুথুৰী গুৰ বা চেনীৰ সৈতে মিঠাকৈ বা নিমখ দি নিমখীয়া সোৱাদ কৰিও খোৱা হয়।

অসমীয়া সমাজত, লুথুৰী পিঠা খালে বুদ্ধি তথা স্মৰণ শক্তি বাঢ়ে বুলিও প্ৰবাদ প্ৰচলিত আছে।

ভাত পিঠা

ভাত পিঠা তৈয়াৰ কৰিবলৈ লাহী চাউল, আমপাতী চাউল, আৰৈ চাউল বা উখুৱা চাউল ব্যৱহাৰ কৰা হয়।

এই চাউলৰ পৰা প্ৰথমে পিঠাগুৰি খুন্দি লোৱা হয়। এই পিঠাগুৰি খিনি কুহুমীয়া গৰম পানীৰে ভালদৰে তিয়াই কোমলকৈ সানি লোৱা হয়।

এখন কেৰাহীত পানী বক বককৈ উতলাই থকা হয়। সেই কেৰাহীখনৰ ওপৰত এখন বাঁহৰ সেৰেঙা চালনি ধৰি থকা হয়।

পিঠাগুৰি লাডু খিনি চালনিখনৰ ওপৰত দি লাহে লাহে হেঁচি দিয়া হয়। তেতিয়া চালনিখনেদি সৰু সৰু টুকুৰা হৈ সেইখিনি উতলি থকা পানীত পৰেগৈ।

কিছু সময় সিজিবলৈ দি সেইখিনি টুকি অনা হয়। উতলা পানীৰ পৰা তুলি আনিবলৈ বাঁহৰ সৰু জাকৈ ব্যৱহাৰ কৰা হয়।

সিজা পিঠাগুৰিৰ টুকুৰা বিলাক কলপাতত মেলি থোৱাৰ প্ৰয়োজন হয়। কিছু ঠাণ্ডা হোৱাৰ পাছত ই খোৱাৰ উপযোগী হৈ পৰে।

ইয়াৰ লগত গাখীৰ, দৈ, গুৰ, মৌ আদিৰ সৈতে খাবলৈ দিয়া হয়।

ভাত পিঠা খুওৱাৰ পৰম্পৰা

  • গৰ্ভৱতী নাৰী সাত বা ন মাহ হ‘লে ভাত পিঠা দিয়া হয়।
  • পথাৰত খেতিৰ কাৰ্য শেষ হ‘লেও ভাত পিঠা খুওৱা হয়।
  • বিয়াৰ আঠমঙলা অনুষ্ঠানতো ভাত পিঠা দিয়াৰ দস্তুৰ অসমীয়া সমাজত আছে।

নাঙল পিঠা

কৃষিজীৱী অসমীয়া ৰাইজে যেতিয়া কৃষি কৰ্ম সামৰে, সেই সময়তে এটি উৎসৱ ঘৰে ঘৰে পালন কৰে।

ইয়াৰ নাম নাঙল ধোৱা উৎসৱ

এই উৎসৱত খোৱা পিঠা বিধৰ নামেই হ‘ল নাঙল পিঠা বা মুঠিয়া পিঠা। ইও অসমীয়া জলপানৰ অন্তৰ্গত।

উজনি অসমত এই উৎসৱ ব্যাপক ভাৱে পালন কৰা হয়। দেখা যায় যে, বহাগ- জেঠৰ পৰা ভাদ মাহ পৰ্যন্ত অসমীয়া কৃষিজীৱি লোকসকলে অনেক দুখ কষ্টেৰে কৃষিকৰ্ম কৰে।

খেতি সামৰাৰ পিছত সেই দুখ-কষ্ট নাইকীয়া কৰিবৰ বাবে এই উৎসৱ পালন কৰা হয় আৰু লগতে নাঙল পিঠা খোৱা হয়।

বৰা চাউলৰ পিঠাগুৰি খুন্দি সেয়া তৰা পাতত চাৰিচুকীয়া বা দীঘলীয়াকৈ বান্ধি উতলা পানীত সিজোৱা হয়।

পাছত তুলি আনি সোৱাদ অনুযায়ী গাখীৰ গুৰ চেনী বা নিমখ আদি মিহলাই খোৱা হয়।

বাৰিষা কৃষিকৰ্মত হোৱা অতিপাত কষ্ট দূৰ কৰিবলৈ এই দৰে নাঙল ধোৱা উৎসৱ পাতি নাঙল ধোৱা পিঠা খোৱাটো অসমীয়া সংস্কৃতিৰ এটা অংগ স্বৰূপ।

ইয়াৰ বাদেও আৰু অনেক সিজাই খোৱা জলপান অসমীয়া সমাজত প্ৰচলিত আছে। পৰৱৰ্তী সময়ত ইয়াক আলোচনা কৰা হ‘ব।

ভাজি খোৱা জলপান

কিছুমান জলপান ভাজি লৈ খোৱা হয়। এই ভাজি খোৱা জলপানক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি –

১) ভাজি খোৱা জলপান
২) ভজাৰ পিছত খুন্দি খোৱা জলপান
৩) খুন্দাৰ পাছত ভাজি খোৱা জলপান

ভাজি খোৱা জলপান

আখৈ

বৰা ধানৰ পৰা প্ৰস্তুত কৰা আখৈ অসমীয়া সমাজৰ এক অনন্য জলপান

আখৈ তৈয়াৰ কৰিবৰ বাবে এই ধান প্ৰথমতে ৰ‘দত শুকাবলৈ দিয়া হয়। ভালদৰে শুকুৱাৰ পাছত ইয়াক ঠাণ্ডা হ‘বলৈ দিয়া হয়।

আখৈ ভাজিবলৈ অন্য এবিধ প্ৰয়োজনীয় বস্তু হ‘ল বালি। এই বালিখিনি ধুই পৰিস্কাৰ কৰি শুকুৱাই লোৱা হয়।

প্ৰথমে এখন কেৰাহীত বালিখিনি ভাজি লোৱা হয়। বালি খিনি গৰম হোৱাৰ পিছত ধান খিনি তাৰ ওপৰত দিয়া হয়।

বাঁহৰ কাঠি বা নাৰিকল গছৰ পাতৰ ঠাৰিৰে সজা এটা সোঁতাৰে এই ধানখিনি বালিৰে সৈতে লৰাই থকা হয়। কিছু সময়ৰ পাছত সেইবোৰ ফট ফট শব্দ কৰি ফুটে।

তেতিয়া কেৰাহীৰ পৰা বাহিৰত পৰি নাযাবলৈ কেৰাহীখনৰ ওপৰত খৰাহী বা অন্য পাত্ৰৰে ঢাকি দিয়া হয়। ফুটা শেষ হ‘লে সেইখিনি কেৰাহীৰ পৰা এখন ডলা বা কুলাৰ ওপৰত কাঢ়ি ৰখা হয়।

ইয়াৰ পাছত আখৈৰ গাত লাগি থকা ধানৰ বাকলি আৰু বালিখিনি জাৰি জোকাৰি আঁতৰাই পৰিস্কাৰ কৰা হয়।

এই আখৈ গাখীৰ দৈ গুৰ চেনী আদিৰ সৈতে খাবলৈ দিয়া হয়। আখৈয়ে অসমীয়া সমাজত বাৰুকৈয়ে নিজৰ স্থান দখল কৰি ৰাখিছে। পৰৱৰ্তী সময়ত সেয়া আলোচনা কৰা হ‘ব।

মুড়ি

মুড়ি তৈয়াৰ কৰিবৰ বাবে চকোৱা, নানিয়া বা নলচুতি ধান ব্যৱহাৰ কৰিলে খাবলৈ অতি সোৱাদযুক্ত হয়।

প্ৰথমে ধান খিনি ফুট দি লোৱা হয়। ফুট দিয়া মানে কেৰাহীত উতলা পানীত সিজোৱা হয়।

অলপ অলপ ধানখিনি ফাটিলেই ইয়াক কাঢ়ি থোৱা হয়। তাৰ পিছত সেইখিনি ৰ‘দত শুকুৱাই চাউল উলিয়াই লোৱা হয়।

সেই চাউলখিনি চৌদাখাৰ বা নিমখ পানী সানি ভজা হয় আৰু এখন কাপোৰেৰে টোপোলা কৰি বান্ধি থোৱা হয়।

তাৰ পিছত আখৈ ভজাৰ দৰেই এখন কেৰাহীত পৰিস্কাৰ বালি গৰম কৰা হয়। তাত বান্ধি থোৱা চাউলখিনি মুঠি মুঠিকৈ দি ভজা হয়।

শেষত চালনীৰে চালি বালিখিনি আঁতৰাই মুড়ি খিনি পৰিস্কাৰ কৰিলেই ই খোৱাৰ উপযোগী হৈ পৰে।

হুৰুম

হুৰুম হ‘ল আহোম সকলৰ পৰম্পৰাগত জলপান। ই মুখৰোচক জলপান বুলি অসমীয়া সমাজত প্ৰচলিত।

ইয়াক তৈয়াৰ কৰিবলৈ বৰা ধানৰ প্ৰয়োজন হয়। এই বৰা ধানখিনি প্ৰথমে ৩-৪ দিন তিয়াই থোৱা হয়।

তাৰ পাছত সেইখিনি টুকিলৈ উতলা পানীত কণ ফুটাকৈ সিজোৱা হয়। সেইখিনি পানীৰ পৰা টুকি এটা খৰাহীত পানী টোক খাবলৈ থৈ দিয়া হয়।

তাৰ পাছত অলপ অলপকৈ লিকটিয়া ভাৱ এটা থকাকৈ ভাজিব লাগে। ভজাৰ পাছত ঠাণ্ডা হ‘লে ঢেকীত খুন্দা হয়।

চিৰাৰ দৰেই এই দ্ৰব্যখিনিৰ পৰা ধানৰ বাকলি আদি আঁতৰাই কেৰাহী এখনত আখৈ-মুড়ি বালিত ভজাদি গৰম বালিত ভজা হয়।

মুড়িতকৈ আকাৰত কিছু ডাঙৰ হয়। এই জলপান সাধাৰণতে গাখীৰ ঘিউ আদি দি খোৱা হয়।

ভজাৰ পিছত খুন্দি খোৱা জলপান

চিৰা

সকলো অসমীয়া জলপানৰ ভিতৰত চিৰাৰ স্থান কিছু পৃথক। অসমীয়া সাহিত্য সংস্কৃতি, লোক বিশ্বাস, লোককথা আদিত চিৰাই সুকীয়া আসন দখল কৰি থকা দেখিবলৈ পোৱা যায়।

চিৰা খুন্দিবলৈ সাধাৰণতে বৰা, জহা, বকুল বৰা, মৌ বৰা, মালভোগ, মাণিকী মাধুৰী আদি সোৱাদযুক্ত ধান ব্যৱহাৰ কৰা হয়।

এই ধান এৰাতি পানীত তিয়াই থৈ পিছদিনা চিৰা খুন্দিবলৈ ব্যৱহাৰ কৰা হয়। তিয়াই ৰখা ধানখিনি কেৰাহীত কিছু ফুট অহাকৈ সিজোৱা হয়।

তাৰ পাছত পানীভাগ টুকি লৈ কিছু সময় ভজা হয়। এই ভজা ধান খিনি গৰমে গৰমে ঢেকীত খুন্দা হয়।

খুন্দাৰ পিছত চাউলখিনি চেপেটা হৈ যায় আৰু ধানৰ বাকলি খিনি পৃথক হৈ পৰে আৰু চিৰাৰ ৰূপ লয়। চিৰাক উত্তম জলপান বুলি কোৱা হয়।

চিৰা খোৱাৰ আগতে কিছু সময় পানীত তিয়াই থোৱাও দেখা যায়। তাৰ পিছত, এঁৱা বা দৈ গাখীৰৰ লগত গুৰ চেনী আদি মিহলাই চিৰা খোৱা হয়।

সান্দহ গুৰি

বৰা বা শালি ধানৰ পৰা উলিওৱা চাউল ভাজি সান্দহ গুৰি প্ৰস্তুত কৰা হয়। সান্দহ এবিধ পুষ্টিকৰ খাদ্য বুলি অসমীয়া সমাজত প্ৰচলিত।

সান্দহ গুৰি তৈয়াৰ কৰিবৰ বাবে ধান খিনি দুবাৰ উধানত সিজোৱা হয়। সেইদৰে সিজোৱা ধানৰ চাউল উলিয়ালে তাক উখুহা চাউল বুলি কোৱা হয়।

এই উখুহা চাউলখিনি পানীত কেইঘন্টামান তিয়াই থোৱাৰ পিছত, পানী টুকি কেৰাহীত ভজা হয়। এইদৰে ভাজি থাকোতে যেতিয়া দুই এটা চাউল ফুটিবলৈ ধৰে তেতিয়া তাক কেৰাহীৰ পৰা নমাই ঢেকীত খুন্দা হয়।

ঢেকীত খুৱ ভালদৰে গুৰি হোৱাকৈ খুন্দি উলিওৱা এই দ্ৰব্যখিনিকেই সান্দহ গুৰি বুলি কোৱা হয়।

সান্দহ গুৰি খুবেই সুস্বাদু যুক্ত জলপান। ইয়াক গুৰ, চেনী, কল আদিৰ সৈতে গাখীৰ বা পানীৰে সানি খোৱা হয়।

কৰাই গুৰি

বোকা ধানৰ পৰা কৰাই গুৰি প্ৰস্তুত কৰা হয়। কৰাই গুৰি প্ৰস্তুত কৰিবলৈ লোৱা ধান খিনি পৰিস্কাৰ কৰি পানীত ভালদৰে ডুবাইলৈ কেৰাহীত সিজোৱা হয়।

কিছুসময় সিজোৱাৰ পিছত তাক তেনেদৰেই ৰাখি থৈ পিছদিনা পিছদিনা পুনৰ সেইখিনি উধানত সিজোৱা হয়।

ভালদৰে ধানৰ ফুট উঠিলে কেৰাহীৰ পৰা কাঢ়ি দুদিন ধৰি ৰ‘দত দিয়া হয়। ধানত খিনি ভালদৰে শুকাইছেনে নাই, সেয়া চাবলৈ অসমীয়া লোকসকলে মাজে মাজে দুই এটা ধান চোবাই চায়

যেতিয়া ধানখিনি ভালদৰে শুকাই তেতিয়া ঢেকীত খুন্দি চাউলখিনি উলিয়াই লোৱা হয়। কিছু কিছু লোকে নিমখ পানী সানি লৈ পুনৰ এদিন ৰ‘দত দিয়ে।

তাৰ পাছত, সেই চাউলখিনি কেৰাহীত ভজা হয়। ভাজিলে ই মুৰিৰ দৰে হৈ পৰে। সেই মুড়ি খিনি পুনৰ ঢেকীত খুন্দি গুৰি কৰিলেই তৈয়াৰ হয় কৰাই গুৰিৰ

কৰাই গুৰিৰ এক সুন্দৰ গোন্ধ আছে। গাখীৰ আৰু গুৰৰ সৈতে কৰাই গুৰি সানি খোৱা হয়। ইয়াৰ সোৱাদ অপূৰ্ব

খুন্দাৰ পিছত ভাজি খোৱা জলপান

পিঠাগুৰি

চাউল তিয়াই থৈ পানী টোকাৰ পিছত ঢেকীত খুন্দি গুৰি কৰিলেই তৈয়াৰ হয় পিঠাগুৰি। ইয়াক কেচা পিঠাগুৰি বুলি কোৱা হয়।

পিঠাগুৰিৰ আচল সোৱাদ পোৱা যায়, যেতিয়া কেচা পিঠাগুৰিক কিছু ৰঙা হোৱাকৈ ভাজি লোৱা হয়।

গাখীৰ, ভীমকল আৰু পিঠাগুৰি খাই অসমীয়া মানুহৰ হাতীৰ সমান বল হয় বুলি কোৱা হয়।

তিয়াই খোৱা জলপান

কোমল চাউল

চকোৱা, আমপাখি কোমল বোকা ধানৰ পৰা কোমল চাউল তৈয়াৰ কৰা হয়। কোমল চাউলৰ বাবে ধান খিনি এৰাতি পানীত তিয়াই থোৱা হয়।

পিছদিনা সেইখিনি এখন কেৰাহীত ফাট নেমেলালৈকে সিজোৱা হয়। তাৰ পিছত সেইখিনি কেৰাহীৰ পৰা কাঢ়ি লৈ ৰ‘দত মেলি শুকুৱা হয়।

একে ৰ‘দে শুকুৱা ধানৰ কোমল চাউল খাবলৈ সোৱাদ যুক্ত আৰু কোমল হয়। সেয়ে ভালদৰে শুকাবৰ বাবে ৰ‘দত দিয়া ধান খিনি বাৰে বাৰে লৰাই থকা হয়।

শুকুৱাৰ পাছত সেই ধান খিনি ঢেকীত খুন্দি চাউল উলিওৱা হয়। তাৰ পিছত সেইখিনি ভালদৰে চালনিৰে চালি, কুলাৰে জাৰি চাউলখিনি পৰিস্কাৰ কৰা হয়।

এই চাউলখিনিৰ ৰং ঈষৎ ৰঙচুৱা হয়। এইখিনিয়েই হ‘ল কোমল চাউল

তৈয়াৰ হোৱাৰ কিছুদিনৰ ভিতৰতেই এইখিনি খাই শেষ কৰিব লাগে। নহলে কোমল চাউলখিনি বেয়া হৈ যায়। এই বেয়া হোৱা কোমল চাউলক মলঙি যোৱা বুলি কোৱা হয়।

কোমল চাউল কিছু সময় পানীত তিয়াই থৈ গুৰ, গাখীৰৰ লগত নাইবা নিমখ, তেল, জলকীয়া, আদা আদিৰ লগত সানি খাবলৈ অতি সোৱাদ হয়।

কোমল চাউলে অসমীয়া জলপানৰ ভিতৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। আলহী-অতিথি শুশ্ৰূষাৰ পৰা সকাম-নিকাম আদি মাংগলিক কৰ্ম বা উৎসৱ পাৰ্বন সকলোতে কোমল চাউলৰ ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা হয়।

ভজা চাউল

ভজা চাউল তৈয়াৰ কৰিবৰ বাবে বৰা ধানৰ প্ৰয়োজন হয়। ধান খিনি উধানত ফুট উঠাকৈ সিজাই ৰ‘দত দি ভালদৰে শুকাই লোৱা হয়।

তাৰ পিছত সেইখিনি এখন কেৰাহীত ভজা হয়। এই ভজা ধানখিনি ঢেকীত খুন্দি উলিওৱা চাউলেই হ‘ল ভজা চাউল। পিছত এই ভজা চাউলখিনি পানীত তিয়াই লৈ জলপান কৰি খোৱা হয় ।


FAQs on অসমীয়া জলপান

অসমীয়া জলপান মানে কি ?

অসমীয়া মানুহে সাধাৰণতে ৰাতিপুৱা আৰু আবেলি সময়ত কিছু পাতলীয়া ধৰণৰ আহাৰ গ্ৰহণ কৰে। এই পাতলীয়া ধৰণৰ আহাৰ বিধেই হ‘ল জলপান

অসমীয়া মানুহে জলপানৰ ব্যৱহাৰ কেনেকৈ কৰে ?

অসমীয়া মানুহে ৰাতিপুৱা ভাতৰ সলনি জলপান খোৱাটো পছন্দ কৰে। ঠিক একেদৰে, আবেলি সময়তো চাহৰ লগত জলপান খোৱাৰ এটা নিয়ম আছে।

অসমীয়া জলপানৰ কেই প্ৰকাৰৰ ?

সিজাই খোৱা জলপান, ভাজি খোৱা জলপান, তিয়াই খোৱা জলপান, ভাপত দিয়া জলপান, পিঠা, লাড়ু জাতীয় জলপান


ইয়াৰ লগতে পঢ়কঃ


ইয়াৰ লগত জানিব পাৰিব তলত উল্লেখ কৰা বিষয় সমূহৰ বিষয়ে

অসমীয়া সংস্কৃতিৰ খাদ্য | অসমীয়া পিঠা নাম | পিঠাৰ মেল কবিতা | অসমৰ থলুৱা খাদ্য | তিল পিঠা | ফেনী পিঠা | মাঘ বিহুৰ পিঠা | বিহুৰ খাদ্য | আহোমৰ খাদ্য | অসমৰ থলুৱা খাদ্য | অসমীয়া জলপানৰ জুতি | বৰাচাউলৰ জলপান | বিহুৰ জা-জলপান আৰু পিঠা-পনা | ভোগালী জলপান | অসমীয়া পিঠা-পনা | ৰাতিপুৱাৰ জলপান | অসমীয়া জলপান আখৈ | অসমীয়া খাদ্যাভ্যাস | অসমীয়া থলুৱা জুতিলগা জলপান | অসমৰ জনগোষ্ঠীয় খাদ্য | অসমৰ জনজাতীয় খাদ্য | পুষ্টিকৰ খাদ্য তালিকা | থলুৱা খাদ্যসম্ভাৰ

Leave a Comment

error: Content is protected !!