সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

কেলিগোপাল নাটত ৰস

শংকৰদেৱৰ অংকীয়া নাট সৃষ্টিৰ প্ৰধান উদ্দেশ্য আছিল জনসাধাৰণৰ অন্তৰত ভক্তিভাৱ জাগ্ৰত কৰা।

স্বাভাৱিকতেই ভক্তিৰস শংকৰদেৱৰ নাটৰ প্ৰধান উপজীৱ্য।

উপৰুৱাকৈ চালে ‘কেলিগোপাল’  শৃংগাৰ ৰসাত্মক নাট

কিন্তু গভীৰভাৱে চালে বুজিব পাৰি যে, শংকৰদেৱে শৃংগাৰ ৰসক ভক্তিৰসৰ উপসুঁতি হিচাপেহে নাটকত প্ৰয়োগ কৰিছে। 

নাটখনত পৰিলক্ষিত হোৱা বিভিন্ন ৰসসমূহ হ’ল–

শৃংগাৰ ৰস,

সম্ভোগ ৰস,

বিপ্ৰলম্ভ ৰস,

বীৰ ৰস,

অদ্ভুত ৰস,

শান্ত ৰস,

ভক্তি ৰস আদি।

‘কেলিগোপাল’ নাটৰ প্ৰধান আকৰ্ষণ হৈছে–ব্ৰজগোপীসকলৰ কৃষ্ণপ্ৰেম, কৃষ্ণসৰ্বস্বতা,  অনুৰাগ, আসক্তি, মিলনৰ উন্মাদনা, প্ৰেম-গৰ্ব, অহংকাৰ, বিৰহৰ যাতনা, কাতৰতা প্ৰভৃতি দিশ।

কৃষ্ণই গোপীসকলৰ লগত কৰা কথোপকথন আৰু গোপীসকলৰ মনোকাংক্ষা পূৰণ কৰি কাম-কেলি  কৰা কাৰ্যত শৃংগাৰ ৰসৰ সৃষ্টি হৈছে।

উদাহৰণ

কাহাকু হৰি হাসি কৰু মান।

কাহাকু চুম্বন চৰ্বন দান।।

কাঞ্চুৰি ছোড় কুচ পৰকাশ।

হাতে ঘেৰি গোৰী কৰতু হাস।।

কাহাকু লেল হৰি অম্বৰি ছোড়ি।

ৰহল লাজে গোপী অংগ মোৰি।।

সৱহু বেকত গুপুত অংগ।

বচন চৰপটি বঢ়ায়া ঢংগ।।

যাকেৰি সেৱা কয় সুৰাসুৰে।

সো হৰি গোপী মনোৰথ পুৰে।।

এই শৃংগাৰ ৰস আকৌ দুই ধৰণেৰে নাটকত স্থান পাইছে – সম্ভোগ শৃংগাৰ ৰস আৰু বিপ্ৰলম্ভ শৃংগাৰ ৰস

কৃষ্ণৰ সৈতে গোপীসকল আৰু ৰাধা নামৰ গোপীগৰাকীৰ লগত কৃষ্ণৰ মিলনৰ দৃশ্য বৰ্ণনা কৰোতে সম্ভোগ ৰসৰ নিষ্পতি হৈছে।

অৱশ্যে এই সম্ভোগ ৰস সাধাৰণ মানৱীয় কাৰ্যৰ দৰে নহয়, কাৰণ এই সম্ভোগ ৰসে স্থ²ল দৈহিক স্তৰৰপৰা ঊৰ্দ্ধত অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

ভগৱান কৃষ্ণৰ এয়া এক লীলাহে মাথোন।

তেনেদৰে, কৃষ্ণৰ আৱৰ্তমানত গোপীসকলে কৃষ্ণক পাবৰ বাবে যি বিলাপ জুৰিছে তাত বিপ্ৰলম্ভ শৃংগাৰ ৰস নিষ্পত্তি হৈছে।

ইয়াতো গোপীসকলে দৈহিক বাসনাৰ বিপৰীতে আত্মিক মিলনৰ বাবেহে কৃষ্ণৰ চৰণত বিলাপ কৰিছে।

নিশি একেশ্বৰী নাৰী অনাথিনী

কৰু কৰুণা মুৰাৰি।

তুহু বিনে জীৱন ৰহই নপাৰি

দহে হৃদয় হামাৰি।।

কৰল গৰৱ নাথ তোই

হামু পাপিনী আন্ধা।

কহ শঙ্কৰ হৰি বোল নৰ

ছোড় বিষয়ক ধান্ধা।।

কৃষ্ণই শংখচূড়ক কৰা দমন আৰু বধৰ সময়ত বীৰ ৰস নিষ্পত্তি হৈছে।

আনহাতে, কৃষ্ণই শংখচূড়ক শাল বৃক্ষ উভালি লৈ খেদি যোৱা কাৰ্য আৰু হাতৰ মুঠিৰে মৰিয়াই কান্ধ ছেদ কৰি বধ কৰা কাৰ্যত বীৰ ৰসৰ সমানে সমানে অদ্ভুত ৰসৰো সৃষ্টি হৈছে।

অত্যাচাৰী শংখচূড়ক বধ কৰি কৃষ্ণই গোপীসকলৰ ভয়ভাৱ নাশ কৰি শান্ত ৰস প্ৰতিষ্ঠা কৰিছে।

কেলিগোপাল নাটত ৰস শৃংগাৰ ৰস

‘কেলিগোপাল’ নাটৰ মুখ্য আধাৰ যদিও এই শৃংগাৰ ৰসৰ উত্তৰণ ঘটিছে ভক্তিৰসলৈ।

নৃত্য-গীত, সুৰ-সংলাপ– আদিয়ে নাটখনক অনন্য ৰসাস্বাদধৰ্মী কৰি তুলিলেও শংকৰদেৱৰ সকলো সৃষ্টিৰ দৰেই ‘কেলিগোপাল’ নাটতো ভক্তিৰসে সকলোৰে উৰ্দ্ধত অৱস্থান কৰিছে।

সেইবাবে, বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত এই নাটক ‘কামজয়’ আখ্যা দিয়া হয়।

আলোচনাৰপৰা দেখিবলৈ পোৱা গ’ল , শংকৰদেৱৰ ‘কেলিগোপাল’নাট–এক ব্যতিক্ৰমধৰ্মী বিষয়বস্তুক আধাৰ কৰি ৰচিত হৈছে।

মানৱৰ সহজাত প্ৰবৃত্তি ‘কামভাৱ’ক আধ্যাত্মিক সাধন মাৰ্গলৈ কেনেদৰে উত্তৰণ ঘটাব পাৰি তাক উপস্থাপন কৰা হৈছে। 

নিঃসন্দেহে  শংকৰদেৱৰ আনকেইখন নাটৰ দৰে এইখন নাটতো ভক্তিধৰ্মীতা প্ৰধান বৈশিষ্ট্য।

শৃংগাৰ ৰসক ভক্তিৰসলৈ পৰ্যবসতিত কৰি জনসাধাৰণক পৰমতত্ত্বৰ জ্ঞান প্ৰদান কৰা হৈছে।

কৃষ্ণত্বৰ আদৰ্শ প্ৰচাৰ আৰু ভক্তবৎসলতা নাটখনৰ মনকৰিবলগীয়া দিশ। 

সংগীতধৰ্মীতা আৰু  কাবি্যক গদ্যৰ প্ৰয়োগ নাটখনৰ আন এটা প্ৰধান বিশেষত্ব।

শংকৰদেৱে গীত, পদ, পয়াৰ, ভটিমা তথা বিভিন্ন ভক্তিতত্ত্বমূলক আখ্যান ৰচনা কৰি জনসাধাৰণৰ মাজত ভক্তিধৰ্ম প্ৰচাৰ কৰিছিল।

কিন্তু মনকৰিবলগীয়া কথাটো হৈছে, সৃষ্টিশীল সাহিত্যৰ মাজেদি কৃষ্ণতত্ত্ব জ্ঞান প্ৰচাৰ কৰাটো সহজসাধ্য নহয়।

কিন্তু শংকৰদেৱে সৃষ্টিশীল সাহিত্যৰ সকলোখিনি ৰস-বৈচিত্ৰ্য অক্ষুন্ন ৰাখিও ভক্তিমাৰ্গৰ দিশটোক স্পষ্ট ৰূপত জনসাধাৰণৰ আগত প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ ফলত জনসাধাৰণে এফালেদি সাহিতি্যক ৰস আৰু আনফালেদি আধ্যাত্মিক ৰসাস্বাদন লাভ কৰিছিল।

আনহাতে, নাটকীয় গুণৰাজী অকণো হেৰফেৰ নোহোৱাকৈ  সংগীতৰ মাজেদি চৰিত্ৰৰ মনোভংগী আৰু পৰিৱেশৰ চিত্ৰখন উপযুক্তৰূপত অংকন কৰাতো তেওঁৰ অনন্য প্ৰতিভা ফুটি উঠিছে।

সাহিতি্যক বৈশিষ্ট্য অক্ষুন্ন ৰাখিও ‘ৰাসক্ৰীড়া’ দৰে এটি অনুষ্ঠানৰ মাজেদি জনসাধাৰণক পৰমতত্ত্বৰ জ্ঞান প্ৰদান কৰিব পৰাতেই নাট্যকাৰৰ সাৰ্থকতা নিহিত হৈ আছে।

সহায়ক গ্ৰন্থপঞ্জী

গগৈ, যুগল প্ৰসাদ – শংকৰদেৱৰ সাহিত্য অধ্যয়ন, শ্ৰীপ্ৰহ্লাদ শইকীয়া, সম্পাদক, শিৱসাগৰ জিলা শাখা, ২০১৩

বৰঠাকুৰ, সত্যকাম – শংকৰদেৱৰ নাট বিশ্লেষণাত্মক অধ্যয়ন, পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী, ২০১৪

বৰ্মন, শিৱনাথ [সম্পা.]- অসমীয়া সাহিত্যৰ বুৰঞ্জী [দ্বিতীয় খণ্ড]

মেধি, কালিৰাম [সম্পা.]- অঙ্কাৱলী, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী

শৰ্মা, সত্যেন্দ্ৰনাথ- অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সৌমাৰ প্ৰকাশ, গুৱাহাটী, ২০০৬ [নৱম সংস্কৰণ]

বিনীতা চেতিয়া

সংগ্ৰহ – যোগেন তামুলী

শংকৰদেৱৰ কেলিগোপাল নাটৰ প্ৰথম অংশ পঢ়িবলৈ ইয়াত ক্লিক কৰক

শংকৰদেৱৰ কেলিগোপাল নাট নাটৰ চৰিত্ৰ পঢ়িবলৈ ইয়াত ক্লিক কৰক


ইয়াৰ লগতে পঢ়কঃ


Leave a Comment

error: Content is protected !!