সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

জন্মাষ্টমী

ভগৱান শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীশ্ৰীকৃষ্ণৰ জন্মৰ দিনটোকেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই উৎসৱটি পালন কৰে।

শ্ৰীকৃষ্ণৰ এই জন্ম দিনটো প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত পৰে বাবেই ইয়াৰ নাম পৰম্পৰাগত ভাৱে জন্মাষ্টমী বুলি কোৱা হয়।

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীক অনেক নামেৰে জনা যায় – কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, অষ্টমী, গকুলাষ্টমী, শ্ৰীকৃষ্ণ জয়ন্তী, কৃষ্ণ জন্মোৎসৱ, গোপাষ্টমী, জন্মা অষ্টমী তিথি ইত্যাদি।

বৰ্ষ পঞ্জিকা অনুসৰি এই তিথিটো ভাদ মাহৰ কৃষ্ণ পক্ষত অষ্টমী তিথিত পৰে।

ইংৰাজী বৰ্ষ মতে ই আগষ্ট চেপ্তেম্বৰ মাহত অনুষ্ঠিত হয়।

অসমত জন্মাষ্টমী উদযাপন

অসমীয়া সমাজত বৰ ধুমধামেৰে এই তিথি ভাগ উদযাপন কৰা হয়।

সকলো অসমীয়াই ব্যক্তিগত বা ৰাজহুৱাকৈ এই তিথি পালন কৰে।

এই তিথিৰ দিনা নামঘৰত নাম প্ৰসংগ কৰা হয়।

সাধাৰণতে এই উ ৎসৱ অসমীয়া সমাজে ৰাতি পালন কৰা দেখা যায়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত নাম গীত আদি গাই এই আনন্দোসৱত অসমীয়া লোক সকল মতলীয়া হৈ পৰে।

এই দৰে নাম কীৰ্তন কৰা ব্যৱস্থাটো বৈষ্ণৱ যুগৰ পৰা চলি অহা বুলি বিশ্বাস কৰা হয়।

অসমীয়া লোকবিশ্বাস অনুসৰি ৰাতি বাৰ বজাৰ লগে লগেই শ্ৰীকৃষ্ণৰ জন্ম হয়।

সেই সময়ত কেচুৱাৰ কান্দোনৰ শব্দও কিছু কিছু স্থানত সৃষ্টি কৰা দেখা যায়।

ওৰেটো ৰাতি এই নাম কীৰ্তন চলি থাকে।

এই উৎসৱৰ শেষত মাহ-প্ৰসাদ বিতৰণ কৰা হয়।

এই মাহ প্ৰসাদৰ লগত গুৰ আৰু পিঠাগুৰি মিহলাই তৈয়াৰ কৰা পকা মিঠৈও দিয়া হয়।

জন্মোৎসৱৰ পিছ দিনা নন্দোসৱ অনুষ্ঠানৰো আয়োজন কৰা হয়।

নন্দোসৱৰ দিনা সমাজৰ পুৰুষ সকলে বোকা ভাওনা পতাও দেখা যায়।

কিছু কিছু স্থানত এই দিনা ভাওনাৰো আয়োজন কৰে।

বিশ্বাস

পূৰ্বতে কোৱা হৈছে যে, প্ৰায় সকলো লোকেই শ্ৰীকৃষ্ণৰ জন্ম ৰাতি বাৰ বজাত হৈছিল বুলি বিশ্বাস কৰে।

বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত শিল বৰষুণ, ধুমুহা, মূষলধাৰ বৰষুণ আদি প্ৰাকৃতিক প্ৰলয়ৰ সৃষ্টি হৈছিল।

এই ধৰণৰ বিশ্বাসৰ কিছু কাৰণো নথকা নহয়।

কিংবদন্তি অনুসৰি, কংসই বসুদেৱ দৈৱকীৰ সাতোটিকৈ সন্তান শিলত আচাৰি মাৰি পেলাইছিল।

সেই বাবে অষ্টমটি সন্তান জীয়াই ৰাখিবলৈ, ভগৱান বিষ্ণুৱে চলনা কৰিছিল।

কংস তথা তেওঁৰ সৈন্য-সামন্তই কৃষ্ণ জন্ম হোৱাটো গম নাপাবলৈ বিষ্ণুৱে এই প্ৰাকৃতিক প্ৰলয়ৰ সৃষ্টি কৰিছিল।

গোপিনী কীৰ্তনত এই বিষয়ে পোৱা যায়-

আজি ৰাতি শিলা বৰশিলে এ

নুশুনি প্ৰজাৰ মাত।

পালি পহৰীয়া সৱে নিদ্ৰা গৈলে

উপজিলে জগন্নাথ।। (গোপিনী কীৰ্তন)

গোপিনী কীৰ্তনৰ এই পদ সুৰ লগাই ৰাতি বাৰ বজাৰ লগে লগে আয়তী সকলে উৰুলি ধ্বনি দি গায়।


FAQs on জন্মাষ্টমী

জন্মাষ্টমী কি ?

ভগৱান শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীশ্ৰীকৃষ্ণৰ জন্মৰ দিনটোকেই হিন্দু ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমী হিচাপে পালন কৰে।

অসমত জন্মাষ্টমী কেতিয়া উদযাপন কৰা হয় ?

বৰ্ষ পঞ্জিকা অনুসৰি এই তিথিটো ভাদ মাহৰ কৃষ্ণ পক্ষত অষ্টমী তিথিত পৰে। ইংৰাজী বৰ্ষ মতে ই আগষ্ট চেপ্তেম্বৰ মাহত অনুষ্ঠিত হয়।


ইয়াৰ লগতে পঢ়ক


Leave a Comment

error: Content is protected !!