হাজাৰী ভাওনা
ভাওনাৰ ৰূপ বৈচিত্ৰ্যঃ এটি অধ্যয়ন পঢ়িবলৈ ইয়াত ক্লিক কৰক (প্ৰথম অংশ)
অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ নগাঁৱৰ হেজাৰী ভাওনা।
হেজাৰী ভাওনাই প্ৰকৃততে এহেজাৰ ভাওনাক বুজোৱা নাই।
হেজাৰ শব্দই অনেক, বহুত এনে অৰ্থ প্ৰকাশ কৰে।
বাস্তবিকতে ই এহেজাৰতকৈ কমো হ’ব পাৰে – বেছিও হ’ব পাৰে।
ড০ ভূপেন হাজৰিকাৰকন্ঠৰ ‘মোৰ গীতৰ হেজাৰশ্ৰোতাই’ যেনেকৈ এহেজাৰ শ্ৰোতাৰ প্ৰতিনিধিত্ব নকৰি অগনন শ্ৰোতাক বুজাইছে; তদ্ৰুপ হাজাৰী ভাওনাইয়ো বহু বা অনেক ভাওনাক বুজাইছে।
নগাঁও জিলাত হাজাৰী ভাওনাৰ উৎপত্তি কেতিয়া হ’ল তাক সঠিক ভাৱে জনা নাযায়।
তুংখুঙীয়া বুৰঞ্জীমতে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত কলিয়াবৰত আঠোটা হেজাৰ সংগঠন হৈছিল।
ডিমৰুগুৰিয়া হাজাৰ, বজোৱা, ধাদুমৰহাজাৰ, ভিতৰুৱাল চেকেৰাতলীয়া হাজাৰ, চামধৰা হাজাৰ- এই আঠোটা প্ৰখ্যাত হাজাৰ গোটে নগাঁও জিলাৰ ৰাইজক সামাজিকভাৱে বিভক্ত কৰি সংগঠিত কৰিছিল।
এই আঠোটা হাজাৰৰ ভিতৰত চামধৰা হাজাৰৰ অনুপ্ৰেৰণাৰে শাকমুঠিৰ শয়েক ভূঞাসকলে শাকমুঠি হাজাৰ সংগঠন কৰি দৌলগুৰি পথাৰত বৰ্তমানৰ ভৰালী নামঘৰত দুই-তিনি কিলোমিটাৰ দক্ষিণত শলাল আৰু চিকনী পাহাৰৰ নামনিত দৌল উৎসৱ উদযাপন কৰিছিল।
খুৱ সম্ভৱ ইয়াতেই হাজাৰী ভাওনাৰ বীজ অঙ্কুৰিত হৈছিল।
পৰৱত¹ সময়ত শাকমুঠি হাজাৰ হাটবৰ হাজাৰলৈ নামান্তৰ হ’ল ফাকুৱাৰ দৌলো হাটবৰলৈ স্থানান্তৰিত হয়।
সেই সময়ত কলিয়াবৰৰ শাসন কৰ্তা আছিল সলাল গোঁহাই।
হীৰু প্ৰসাদ মহন্তৰ মতে – ‘‘কলিয়াবৰত হাজাৰী ভাওনাৰ জন্ম দিওতা প্ৰথম সমাজখন আছিল – শয়েক ভূঞা সকলকলৈ গঠিত হোৱা সেই অঞ্চলৰ ১২-১৪ খন গাঁৱৰ বহল সমাজখন।
মানৰ আক্ৰমনত সমাজখন ঠান-বান হৈছিল যদিও মান যোৱাৰ পাছত এই বহল সমাজখনে নতুন ৰূপেৰে কলিয়াবৰৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতি কলঙৰ পাৰত এক বৃহৎ সংগঠনৰ ৰূপ দিলে আৰু ইয়াৰ ফলতেই এখন হাজাৰ সংস্কৃতিলৈ ৰূপান্তৰহ’ল।
এই হাজাৰে দৌল উৎসৱত পাতনি মেলিলে।
‘হাটবৰ হাজাৰ’ সংগঠন কৰি চাৰিখনীয়া ৰভাৰে ভাওনা উৎসৱ উদযাপন কৰিলে।”
এয়াই হাজাৰী ভাওনাৰ আৰম্ভনি। ইয়াৰ পিছত কলিয়াবৰৰ গোমোঠা পথাৰত একৈছখনীয়া ৰভাৰে ভাওনা অনুষ্ঠিত কৰা হৈছিল।
পৰৱৰ্তীকালত ‘কলিয়াবৰ হাজাৰ’ নামে ৰমাকান্ত বৰুৱা আৰু মুক্তাৰাম বৰুৱাৰ প্ৰচেষ্টাত এক বৃহৎ সংগঠনৰ জন্ম হৈছিল আৰু সোতৰ, ওঠৰখন ৰভা সাজি ভাওনা পতা হৈছিল।
পৰৱৰ্তী সময়ত চতিয়াল, পূবথৰীয়া, সোনাৰী কামাখ্যা, বৰভগীয়া, কুৱৰীতোল আৰু পশ্চিম কলিয়াবৰ হাজাৰত হাজাৰী ভাওনাই ন-ৰূপত আত্মপ্ৰকাশ কৰে।
গভীৰ আধ্যাত্মিক ভাৱ প্ৰকাশ কৰিব পৰাকৈ এই সমূহীয়া ভাওনাৰ মণ্ডপ নিৰ্মাণ কৰা হয়।
এপাহ ফুলৰ আৰ্হিত সজোৱা মণ্ডপটিত পাহিৰ আৰ্হিৰে ৰভা বিলাক নিমাণ কৰা হয়।
প্ৰথমখন ৰভাত গানিকা বা জোৰা গোৱাৰ সময়ত ডবা, কাঁহ, কালী বাদ্য বজোৱা হয়।
তাৰ পৰা যোৰাই গাণিকা আৰম্ভ কৰি আটাইকেইখন ৰভা প্ৰদক্ষিণ কৰে।
মুঠতে এক নান্দনিক আৰু গভীৰ ভক্তিৰস পৰিৱেশ হাজাৰী ভাওনাত সৃষ্টি হয়।
হাজাৰী ভাওনাত মাথো অঙ্কীয়া আৰ্হিৰ ভাওনাহে পৰিৱেশন কৰা হয়।
মাতৃভাষা বা অন্যান্য নাটৰ ভাওনা ইয়াত নহয়।
এটা সময়ত এই হেজাৰী ভাওনাই বৃহত্তৰ অঞ্চলৰ ঐক্য সম্প্ৰীতিৰ সেঁতু আৰু জন সেৱাত ব্ৰতী হোৱাৰ লগতে আধ্যাত্মিক চৰ্চ্চাৰো অন্যতম কেন্দ্ৰ হিচাপে চিহিত হৈছিল।
বৰ্ত্তমান পূৰ্বৰ দৰে হাজাৰী ভাওনাৰ পয়োভৰ দেখা নাযায়।
হাজাৰৰ অন্তৰ্গত গাঁওবোৰ খেল কেন্দ্ৰিক হৈ সৰু সৰু গোটত বিভক্ত হোৱাত বৃহত্তৰ সংগঠন ‘হাজাৰ’ৰ উদ্যোগত ৰাইজ সংগঠিত হোৱাৰ প্ৰয়োজনো নোহোৱাৰ দৰে হ’ল।
এসময়ত কলিয়াবৰৰ হাজাৰ সংগঠনৰ প্ৰভাৱ ইমান ব্যাপক আছিল যে ইয়াৰ সাংগঠনিক স্থিতিয়ে শোণিতপুৰকো চুই গৈছিল।
কলিয়াবৰীয়া হাজাৰী ভাওনাৰ ঐতিহ্যৰ আৰ্হিকে জামুগুৰি অঞ্চলৰ বাবে চহৰীয়া ভাওনাই বহন কৰা পৰিলক্ষিত হয়।
কামপুৰ কৰৈয়নী, পাথৰী, ননৈ আদি অঞ্চলৰ হোৱা বাৰেগঞা ভাওনাও হাজাৰী ভাওনাৰে প্ৰভাৱ বুলি ক’ব পৰা যায়।
কমিটি ভাওনা
মৰিগাঁও জিলাৰ এটি ঐতিহ্যমণ্ডিত ভাওনাৰ স্থানীয় ৰূপ কমিটি ভাওনা।
উক্ত জিলাৰ চৰাইবাহী অঞ্চলত প্ৰতি তিনিবছৰৰ মূৰে মূৰে এনে ভাওনা অনুষ্ঠিত হৈ আহিছে।
১৮৫৮ চনৰ ডিচেম্বৰ মাহত চৰাইবাহী অঞ্চলত প্ৰথম এনে ভাওনা অনুষ্ঠিত হয়।
অঞ্চলটোৰ লোক সকল একত্ৰ হৈ অঙ্কীয়া নাট সমূহৰ প্ৰদৰ্শণ কৰিছিল।
ইয়াৰ আয়োজক আছিল একোখন কমিটি।
কমিটিয়ে আহবান কৰাৰ বাবে এই ভাওনাই কমিটি ভাওনা নাম পায়।
প্ৰথম অৱস্থাত এই ভাওনা বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল
যদিও ১৮৮৫ চনৰ পৰা তিনিবছৰৰ মূৰত এই ভাওনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা যায়।
তেতিয়াৰ পৰা শৰৎকালৰ ৰাস পূৰ্ণিমাত বৰআলি ৰাসমন্দিৰ, বটতল [শঙ্কৰমন্দিৰ] আৰু নাথ মন্দিৰ প্ৰাঙ্গনৰ তিনিটা মঞ্চত কমিটি ভাওনা অনুষ্ঠিত হৈ আহিছে।
বিভিন্ন জনগোষ্ঠীৰ আৱাসস্থল মৰিগাঁৱত কমিটি ভাওনাই ঐক্য-সম্প্ৰীতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।
আনকি স্বাধীনতা আন্দোলনত ভাওনাৰ বাবে সংগঠিত মঞ্চখনে জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
কমিটি ভাওনা শৰৎকালৰ ৰাস পূৰ্ণিমা তিথি প্ৰায় আধা কিলোমিটাৰৰ দূৰে দূৰে তিনিখন মঞ্চত অনুষ্ঠিত হয়।
তাৰে বৰআলি ৰাস মন্দিৰত ৰাস উৎসৱো পালন কৰা হয়।
কমিটিৰ দ্বাৰা আয়োজিত ভাওনাত চুতীয়া সম্প্ৰদায়ৰ লোকে ইয়াত এখনি অঙ্কীয়া ভাওনা প্ৰদৰ্শণ কৰে।
বট বা বৰতলত ১৯১৫ চনত নিমাণ কৰা মন্দিৰটিকে সাৰ্বজনীন শঙ্কৰ মন্দিৰ বুলি জনা যায়।
নিজ চৰাইবাহী [তিৱা আৰু হীৰা সম্প্ৰদায়], কাহিবাৰী [তিৱা সম্প্ৰদায়], কাছধৰা [কৈৱৰ্ত্ত সম্প্ৰদায়] ভোমোৰাগুৰি আৰু লোঙগামুখ [তিৱা সম্প্ৰদায়], মেধি গাঁও [চুতীয়া সম্প্ৰদায়], আহোম গাঁও [আহোম সম্প্ৰদায়] আৰু বামুন গাঁও [ব্ৰাহ্মন সম্প্ৰদায়] লোকসকলে এই কমিটি ভাওনাত অংশগ্ৰহণ কৰে।
ইয়াত উক্ত গাঁৱৰ লোক সকলে আঠৰ পৰা বাৰখন ভাওনা প্ৰদৰ্শন কৰে।
কমিটি ভাওনাৰ আন এখন ঠাই হ’ল- নাথ মন্দিৰ।
২০০৪ চন অনুষ্ঠিত হোৱা কমিটি ভাওনাত আঞ্চলিক চৈধ্যটা খেলে বাৰখন ভাওনা অনুষ্ঠিত কৰে।
কমিটি ভাওনাৰ আটাইতকৈ সৰহ সংখ্যক নাট ইয়াতে অভিনীত হয়।
কমিটি ভাওনাত অঙ্কীয়া আৰ্হিৰ নাটহে অভিনয় কৰা হয়।
কমিটি ভাওনা যিহেতু তিনি ঠাইত অনুষ্ঠিত হয়, সেয়ে পৰিচালনাৰ বাবে মূল কমিটিৰ উপৰি তিনি ঠাইৰ বাবে তিনিখন কমিটি পাতি দিয়া হয়।
প্ৰায় দুই তিনিমাহৰ আগতে ভাওনাত অংশগ্ৰহণকাৰী খেলসমূহে নিজ নিজ নাটৰ আখৰা আৰম্ভ কৰে। যথা বিধিৰে অনুষ্ঠিত নাট মেলা অনুষ্ঠানতে ভাওসমূহ বিতৰণ কৰা হয়।
ইফালে ৰাস পূৰ্ণিমা ওচৰ চাপি অহাৰ লগে লগে স্থানীয় ভাৱে উপলব্ধ সামগ্ৰীৰেই মঞ্চ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।
ভাওনা পতা আৰু নপতা সকলো খেলৰ বাবে ৰভা নিৰ্মাণ কৰা হয়।
ভাওনা নপতা খেলেও নিজাকৈ ৰভাৰ প্ৰয়োজন বোধ কৰে।
গতিকে খেল অনুযায়ী অস্থায়ী ৰভাঘৰ মণিকূটৰ পৰা সমানে সমানে ভাগ কৰি নিৰ্মাণ কৰা হয়।
প্ৰত্যেক খেলেই নিজৰ ৰভাৰ সন্মুখত তোৰণ দিয়ে।
এই তোৰণতে ভকতক সেৱা জনাই ভাওনালৈ নিমন্ত্ৰণ কৰে।
শঙ্কৰ মন্দিৰ আৰু নাথ মন্দিৰৰ ৰভা ঘূৰণীয়াকৈ সজা হয়।
প্ৰত্যেক খেলেই ৰভাৰ মাজ অংশত ভাওনা কৰে আৰু এই মুকলি মঞ্চৰ দুয়োকাষে দৰ্শক বহে।
ৰামায়ণ, মহাভাৰতৰ কাহিনীৰ অৱলম্বনত ৰচনা কৰা নাটহে ইয়াত অভিনয় কৰা হয়।
অভিনীত নাটসমূহত অঙ্কীয়া নাটৰ প্ৰায় সকলো উপাদান দেখা যায়।
গায়ন-বায়নৰ চাহিনী, ধেমালি আদি পূৰ্বৰঙ্গ হিচাপে বজোৱা হয়।
বাদ্যযন্ত্ৰ ভিতৰত খোল, তাল, মৃদঙ্গ, ডবা, বীণা, টোকাৰী, ডম্বৰু আদিৰ ব্যৱহাৰ দেখা যায়।
নৃত্যৰ ক্ষেত্ৰত চালি নাচ, ৰাস নৃত্য, বহুৱা নৃত্যৰ লগতে নাটৰ ভিতৰুৱা যুদ্ধ, ভাৱৰীয়া নাচো ইয়াত নচা হয়।
মুখাৰ ব্যৱহাৰো কমিটি ভাওনাৰ আন এক বৈশিষ্ট্য।
কমিটি ভাওনাত প্ৰতিটো খেলেই দিনত একোখিনিকৈ শৰাই আগবঢ়ায়।
ইয়াৰ পিছত নাম-কীৰ্ত্তন হয়।
সন্ধ্যাৰ পিছত গায়ন-বায়নৰ দলে সাতবাৰ মণিকূট প্ৰদক্ষিণ অভিনয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
কমিটি ভাওনাই বিভিন্ন জাতি, জনগোষ্ঠীৰ আৱাসস্থলী মৰিগাঁৱৰ এক বৃহত্তৰ অঞ্চলৰ ঐক্য সম্প্ৰীতি অটুত ৰখাৰ লগতে এক সুস্থ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি নিজা সাংস্কৃতিক ঐতিহ্যক নতুন প্ৰজন্মৰ কাষ চপাই নিবলৈ সমৰ্থ হৈছে।
– অৰুণ কুমাৰ গোস্বামী
ইয়াৰ লগতে পঢ়কঃ