সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

সমাৰোহৰ ভাওনা

ভাওনাৰ ৰূপ বৈচিত্ৰ্যঃ এটি অধ্যয়ন পঢ়িবলৈ ইয়াত ক্লিক কৰক (প্ৰথম অংশ)

হাজাৰী ভাওনা পঢ়িবলৈ ইয়াত ক্লিক কৰক (দ্বিতীয় অংশ)

সমাৰোহ আৰু প্ৰতিযোগিতাৰ ভাওনা

বিংশ শতিকাৰ শেষ ভাগৰ পৰা উজনি অসমত অসম ভিত্তিত ভাওনা সমাৰোহ, ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে।

এনে সমাৰোহ বা প্ৰতিযোগিতা সাধাৰণতে মাজুলীৰ সত্ৰ বা উজনি অসমৰ কেতবোৰ ধৰ্মীয় আৰু সামাজিক সংগঠনে আয়োজন কৰা দেখা যায়।

মাতৃভাষা আৰু অঙ্কীয়া এই দুই ধাৰাৰ ভাওনাৰ সমাৰোহ আৰু প্ৰতিযোগিতাৰ বৰ্ত্তমানলৈকে আয়োজন কৰা হৈছে।

ভাওনা প্ৰতিযোগিতাৰ কাৰ্যসূচীয়ে পোন্ধৰ দিনতকৈ অধিককাল সামৰি লোৱা দেখা যায়।

মাজুলীৰ আউনীআটী সত্ৰই ২০০৬ চনত আয়োজন কৰা প্ৰথম অসম ভাওনা সমাৰোহ ২০০৬ চনৰ ১৯ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ ১৬ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল।

সাধাৰণতে থান-সত্ৰৰ কাষত থকা মুকলি পথাৰ, ৰাজহুৱা খেল পথাৰত এনে ভাওনা অনুষ্ঠিত হয়। 

অস্থায়ীভাৱে ইয়াত এখন বা একাধিক ৰঙ্গশালা নিমাণ কৰি কেতিয়াবা একেখন ৰভাতে এখনৰ পিছত এখনকৈ চাৰিখনলৈকে ভাওনা; পৰিৱেশনকাৰী দলৰ সংখ্যা বেছি হ’লে একাধিক  ৰঙ্গশালা বা মঞ্চ নিমাণ কৰি একেসময়তে দুই, তিনিখনকৈ ভাওনা পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হয়।

ভাওনা আয়োজক সমিতিয়ে ভাওনা দলসমূহক আগতিয়াকৈ ভাওনাৰ নিয়মাৱলীৰ লগতে পৰিবেশনৰ সময়ৰ কথা জনাই দিয়ে।

এখন ভাওনাৰ বাবে সাধাৰণতে দুই বা আঢ়ৈ ঘ°টাৰ পৰা চাৰিঘ°টালৈ সময় নিৰ্ধাৰণ কৰা হয়।

সেয়ে, সাধাৰণ ভাওনাতকৈ ইয়াত শিল্পীসকল অধিক সচেতন হ’ব লাগে।

আৰম্ভনিৰ দিনা অস্থায়ী নামঘৰ বা ৰঙ্গশালাৰ মণিকূটত ভাগৱত প্ৰতিষ্ঠা কৰি সন্ধ্যাৰ পৰা ভাওনা প্ৰদৰ্শনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশ ৰক্ষা কৰিবলৈ ইয়াত বিশেষ সতৰ্কতা অৱলম্বন কৰা হয়।

প্ৰতিযোগিতাৰ মানদণ্ড নিৰ্ণয় কৰিবলৈ কেইবাজনো অভিজ্ঞ ব্যক্তিক বিচাৰকৰ দায়িত্ব দিয়ে আৰু শেষৰ দিনা বিজেতাসকলক ৰাজহুৱাভাৱে বঁটা প্ৰদান কৰা হয়।

সমাৰোহত বিচাৰক নাথাকে যদিও অংশগ্ৰহণকাৰী দলসমূহক ৰাজহুৱাভাৱে মানপত্ৰ তথা মাননি প্ৰদান কৰি মান্যতা প্ৰদান কৰা হয়।

প্ৰতিযোগিতা বা সমাৰোহত অংশগ্ৰহণকাৰী প্ৰতিটো দলকে অস্থায়ী নামঘৰৰ কৰাপাটত আয়োজক সমিতিয়ে সেৱা ধৰি আদৰণি জনায়।

উজনি অসমৰ বিভিন্ন ঠাইত প্ৰতি বছৰতে এক বা একাধিক প্ৰতিযোগিতা বা সমাৰোহ আয়োজিত হোৱাৰ বাবে বহু ভাওনা দলৰ সৃষ্টি হৈছে।

এই দল সমূহে ভাওনাৰ কলা-কৌশল, অভিনয় শৈলী আৰু আহাৰ্যৰ ক্ষেত্ৰত সচেতনতা অৱলম্বন কৰি নতুনত্ব আনিবলৈ প্ৰয়াস কৰা দেখা গৈছে।

প্ৰতিযোগিতাৰ উদ্দেশ্যে গঠিত ভাওনা দলসমূহ সাম্প্ৰতিক সময়ত বৃত্তিমুখী  হোৱাৰ প্ৰৱনতা ফুটি উঠিছে।

সেৱাৰ বস্তু ভাওনা ভগবৎ বন্দনাৰ উদ্দেশ্যে আগবঢ়াই ব্যক্তিবিশেষে নিধাৰিত মাননিৰ বিনিময়ত এনে ধৰণৰ দলক নিমন্ত্ৰণ কৰি ভাওনা পতাৰ এটা বিশেষ সুবিধা হৈছে যদিও এই পৰম্পৰাই ভাওনাক পণ্যলৈ ৰূপান্তৰ কৰিব নেকি সিও এটা চিন্তনীয় বিষয়।

ভাওনা পৰম্পৰাক অধিক গণমুখী কৰাৰ মানসেৰে মাজুলীৰ আউনীআটী সত্ৰই ২০০৬ চনৰ পৰা বৰ্ত্তমানলৈকে দুবছৰৰ মূৰে মূৰে চৈধ্য-পোন্ধৰ দিনীয়া কাৰ্যসূচীৰে মাতৃভাষা বা অসমীয়া ভাওনাৰ প্ৰতিযোগিতা আয়োজন কৰি আহিছে।

তেনেদৰে মাজুলীৰ নতুন কমলাবাৰী সত্ৰই অঙ্কীয়া ভাওনাৰ সমাৰোহ আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰি অঙ্কীয়া ধাৰাটোৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰাৰ চেষ্টা কৰিছে।

আনহাতে শ্ৰীশ্ৰী বদলা পদ্ম আতা সেৱা সমিতি অসমৰ দ্বাৰা বৰ্ত্তমানলৈকে ক্ৰমে নাৰায়ণপুৰ, কলিয়াবৰ, মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত তিনিবাৰ শঙ্কৰ-মাধৱ দুজনা গুৰুৱে সৃষ্টি কৰা অঙ্কীয়া ভাওনাৰ সমাৰোহ অনুষ্ঠিত কৰি আহিছে।

অসমৰ বৃহত্তম ধম¹য় সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰ্দিষ্ট জিলা শাখা সমূহৰ মাজত অঙ্কীয়া ভাওনাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

ইয়াৰ বাহিৰেও ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ উজনি অসমত বহু সংগঠনে ভাওনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ কথা জনা গৈছে।

অঙ্কীয়া ভাওনাতকৈ অসমত মাতৃভাষা ভাওনাৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পৰিমান অধিক।

বেচৰকাৰী খণ্ডত উজনি অসমত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী জয়পুৰ পিছলা গাঁৱত ১৯৯৩ চনত সৰ্বপ্ৰথম ৰাজ্যিক ভিত্তিত অঙ্কীয়া ভাওনাৰ  প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ সভাপতিৰ দায়িত্ব দেৱানন্দ বৰা আৰু সম্পাদকৰ দায়িত্ব দেবেন হাজৰিকাক অৰ্পণ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৯ টা ভাওনা দলক অঙ্কীয়া ভাওনা পৰিৱেশনৰ সুবিধা প্ৰদান কৰা হৈছিল।

ইয়াৰ আগতে নগাঁৱৰ কুঁজিদাহত পাঁচ দিনীয়া কাৰ্যসূচীৰে অঙ্কীয়া ভাওনা সমাৰোহ আৰু চৰকাৰীভাৱে সাংস্কৃতিক সঞ্চলকালয়ৰ উদ্যোগত অসম ভিত্তিত অঙ্কীয়া ভাওনাৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা জনা যায়।

আয়োজিত এই ভাওনা প্ৰতিযোগিতা অথবা সমাৰোহত অংশগ্ৰহণকাৰী সকলে ভাওনা কলাক পৰিশুদ্ধ ৰূপত পৰিবেশন কৰাত যত্নপৰ হোৱা দেখা গৈছে।

স্বাভাৱিকতে নতুন প্ৰজন্ম ইয়াৰ প্ৰতি আকৰ্ষিত হোৱাটো জাতীয়তাৰ বাবে শুভ লক্ষণ।

অঙ্কীয়া ভাওনাৰ আহাৰ্য বিশেষকৈ ভাৱৰীয়াক সাজ-পোছাক, অঙ্গ ৰচনাৰ ক্ষেত্ৰত অসম সত্ৰ মহাসভা আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা নিৰ্ধাৰণ কৰা অসমৰ আঞ্চলিক বৈশিষ্ট্যৰে পৰিপুষ্ট স্বকীয় পোছাক, আ-অলংকাৰ পৰিধান কৰাৰ প্ৰৱনতা দেখা গৈছে।

বঙলুৱা আৰ্হিক ত্যাগ কৰি থলুৱা সম্পদক আদৰ কৰিবলৈ এনে সমাৰোহে উদগণি যোগাইছে।

এই খিনিক স্বীকাৰ কৰিও ক’ব লাগিব- অধিক প্ৰতিযোগিতা বা সমাৰোহ মুখিতাই ভাওনাৰ পবিত্ৰ আধ্যাত্মিক উদ্দ্যেশ্যক তল পেলাই সস্তীয়া পৰিৱেশ্য কলালৈ ভাওনাক পৰিণত কৰাৰো এটি সমান্তৰাল প্ৰৱণতা কমকৈ হ’লেও ফুটি  নুঠা নহয়।

সেয়ে সকলোৰে সচেতনতাইহে ভাওনাৰ ঐতিহ্য আৰু মহত্ব ৰক্ষা কৰিব।


সহায়ক গ্ৰন্থঃ

১৷ ভাওনা সংস্কৃতি -কেশৱ গগৈ।

২৷ ভাওনা সমীক্ষা-ড০ প্ৰহ্লাদ কুমাৰ বৰুৱা।

৩৷ ভাওনা ঐতিহ্য আৰু বিস্তিতি- কমল দত্ত।

৪৷ মনপুৰ মৌচন্দা-  ভূপেন শৰ্মা।

৫৷ স্মৃতিগ্ৰন্থ, কমিটি ভাওনা উদযাপন সমিতি।

 অৰুণ কুমাৰ গোস্বামী


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!