সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অংকীয়া আৰু মাতৃভাষা ভাওনা

অংকীয়া নাট সৃষ্টি মহাপুৰুষজনাৰ অভিনৱ উদ্ভাৱন আৰু ভাওনা সমকালীন সমাজ– ব্যৱস্থাত ধৰ্ম প্ৰচাৰৰ বাবে এক পৰীক্ষামূলক পদক্ষেপ। 

মহাপুৰুষ শংকৰদেৱে অংকীয়া ভাওনাৰ জৰিয়তে এক অপূৰ্ব নৃত্য-নাট্যৰ সৃষ্টি কৰিলে যিটো ধাৰা ভাৰতত আগতে হোৱা নাছিল। 

শাস্ত্ৰ অনুসৰি দেৱৰাজ ইন্দ্ৰৰ ধ্বজ উৎসৱত ভৰতৰ উদ্যোগত প্ৰথম নাট্যাভিনয় অনুষ্ঠিত হয়। 

নাটকৰ বিষয়বস্তু আছিল দৈত্যৰ ওপৰত দেৱতাৰ বিজয়ৰ কাহিনী। 

দৈত্যসকলৰ কাৰ্য বেয়াকৈ নাটকত প্ৰতিফলিত হোৱাত তেওঁলোকৰ খঙ উঠি অভিনয়ত বাধা দিয়ে। 

ইয়াতে দেৱৰাজ ইন্দ্ৰৰ খঙ উঠি দৈত্যগণক মৰিয়াই মাৰে আৰু হাতত থকা দণ্ডডাল ভাঙি যায়। 

এই ঘটনাৰ পৰিপ্ৰেক্ষিততে ভৰতে ব্ৰহ্মাক এটি নাট্যগৃহ নিৰ্মাণ কৰিবলৈ কোৱাত ব্ৰহ্মাই বিশ্বকৰ্মাৰ হতুৱাই নাট্যগৃহ নিৰ্মাণ কৰোৱাইছিল। 

অসমত নামঘৰ নিৰ্মাণ কৰি জাতীয় নাটশাল প্ৰতিষ্ঠা কৰিলে শিল্পী কলাকাৰ মহাপুৰুষ শংকৰদেৱে।

মহাপুৰুষ শংকৰদেৱে এক গভীৰ সমাজতাত্বিক দৰ্শন আৰু মনোৰঞ্জনৰ নান্দনিক চেতনাৰে গীত, নৃত্য আৰু নাট্যৰ সমাহাৰত অংকীয়া ভাওনাৰ সৃষ্টি কৰিছিল,  দুবাৰকৈ তীৰ্থভ্ৰমণৰ অভিজ্ঞতা আৰু সংস্কৃত-সংস্কৃত ভিন্ন নাট্য পৰম্পৰা সমূহৰ সংস্পৰ্শত গুৰুজনাৰ মনত নাট্য সষ্টিৰ হেঁপাহ উদয় হৈছিল। 

তাৰে ফলশ্ৰুতিত সষ্টি হৈছিল অংকীয়া ভাওনাৰ দৰে শিল্পকলা। 

অংকীয়া আৰু মাতৃভাষা ভাওনা
অংকীয়া আৰু মাতৃভাষা ভাওনা

নাট্য ভাৱনাৰ এক বিশাল পৰিধি সম্পৃক্ত অংকীয়া ভাওনাৰ ‘নাট মেলা‘ৰ পৰা ‘নাট সামৰা‘ লৈকে সকলো দিশতে নিহিত আছে মানুহক মোহিত কৰিব পৰা লগতে আধ্যাত্মিক চেতনা জাগ্ৰত কৰিব পৰাৰ শৈল্পিক অভিব্যক্তি। 

শংকৰদেৱে নাট আৰু ভাওনা আৰম্ভ কৰাৰ পূৰ্বতে ‘চিহ্নযাত্ৰা‘ নামেৰে চিত্ৰপট অংকণ কৰি কেৱল গীত আৰু অভিনয়ৰ যোগেদি জনসাধাৰণক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। 

ইয়াৰ পাছতে মহাপুৰুষজনাই আকৰ্ষণীয় কাহিনী, শব্দ বিন্যাস, চৰিত্ৰৰ যথাযথ ৰূপায়ণ, সংলাপৰ সু-প্ৰয়োগ, পৰিৱেশৰ সঠিক উপস্থাপনেৰে ছখন নাট ৰচনা কৰিলে – 

পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামবিজয়। 

অংকীয়া নাট সম্পৰ্কত সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য আগবঢ়াইছে – “সম্যক বৰ্ণনা আৰু মনস্তাত্বিক অনুধাৱন, বিষয় বস্তুৰ বিষয়ে সুতীক্ষ্ন উপলব্ধি,  ভাষাৰ সৌষ্ঠৱ আৰু গাম্ভীৰ্য – এই সকলোবোৰ হৈছে শংকৰদেৱৰ নাটৰ ঘাই উপজীৱ্য।” [অংকীয়া নাট্য সাহিত্যঃ পৃ – ১১১]

মহাপুৰুষজনাৰ দ্বাৰা সহজ সৰল নিৰক্ষৰ জনসমাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে ভাওনাৰ আৰম্ভণী ঘটোৱা হৈছিল। 

তথাপি মহাপুৰুষজনাই অভিজ্ঞ চিন্তাৰে অসমীয়া থলুৱা লোককলা লোক পৰম্পৰাৰ মাজেৰে অংকীয়া নাট  সুগঢ়ি আৰু সমুজ্জ্বল কৰি তুলিছিল।

পণ্ডিত কালিৰাম মেধি ডাঙৰীয়াই এই সম্পৰ্কত মন্তব্য কৰিছে “ভাওনা ধৰ্ম প্ৰচাৰৰ বাবেই উদ্ভৱ হৈছিল, কিন্তু ভাওনা থলুৱা মাটিত গজা বস্তু,  ভাওনাৰ জঁকাটো যদিওবা সংস্কৃত নাটকৰ সঁজুলিৰ পৰা আহৰণ কৰা হৈছিল, ইয়াৰ অন্যান্য আহিলাসমূহ সম্পূৰ্ণ থলুৱা।” [শংকৰী সংস্কৃতিৰ অধ্যয়নঃ ভাওনাৰ সাজসজ্জা আৰু সা-সৰঞ্জাম [প্ৰৱন্ধ] পৃঃ ৪৮]

অগ্নিগড়       

ভাওনাৰ আৰম্ভণিতে অগ্নিগড়ত ন-গছ বন্তি জ্বলাই তাৰ পোহৰতে ভাওনা গৃহত গায়ন-বায়নসকলে প্ৰৱেশ কৰে। 

ন গছ বন্তিয়ে ভক্তিৰ দিশৰ পৰা নৱবিধ ভক্তিক প্ৰতীকি ৰূপত প্ৰকাশ কৰাৰ লগতে বন্তিৰ পোহৰে চৌপাশ উজ্বলাই তোলে। 

বায়নে মুদ্ৰাসহকাৰে আৰম্ভণিতে এই শ্লোক ফাকি গায় –

শ্লোকঃ

যেযাং শ্ৰীমদযশোদা সুতপদ কমলে নাস্তিভক্তি নৰানাম

ধিকতান ধিকতান ধিগেতান কথয়তি

নিয়তং কীৰ্ত্তনস্থো মৃদঙ্গাঃ।।

সুন্দৰ আৰম্ভণিয়ে ভাওনাগৃহৰ পৰিৱেশক সুকীয়া ৰূপ প্ৰদান কৰে। 

মহাপুৰুষ শংকৰদেৱৰ অংকীয়া নাট পৰিৱেশন ৰীতিৰ অন্যতম কৌশল হ‘ল নাটত ব্যৱহৃত ব্ৰজাৱলী ভাষা। 

শ্লোক, গীত, কথাক তিনি ৰূপত বান্ধি ৰাখি অংকীয়া ভাওনাই বিশেষ সফলতা অৰ্জন কৰিছে। 

অংকীয়া নাটত সূত্ৰধাৰে নান্দী পাঠ কৰাৰ পৰা নাটৰ শেষলৈকে ৰঙ্গমঞ্চত উপস্থিত থাকি নাটৰ কাৰ্য সম্পাদন কৰে। 

সূত্ৰধাৰৰ নাচৰ জটিল পদচালনা, হস্তকৌশল, নান্দী গীত ভটিমাৰ অভিনয়ত ব্যৱহাৰ হোৱা নৃত্যশৈলী,  গীত-মাত আদিয়ে এক বিশেষ শৈল্পিক সাধনা প্ৰকাশ কৰিছে।

মাতৃভাষা ভাওনাৰ প্ৰদৰ্শন

বিষয়বস্তু আৰু ৰচনাশৈলী দুয়োটাতে শংকৰদেৱ আৰু মাধৱদেৱে নিজস্ব মৌলিকতা ৰক্ষা কৰিছিল। 

মহাপুৰুষ দুয়োজনাৰ তিৰোভাৱৰ পাছৰ পৰা ক্ৰমান্বয়ে ষোড়শ, সপ্তদশ, অষ্টাদশ শতিকাত অসমত ভক্তি আন্দোলন সফল হোৱাত অন্যতম মাধ্যম হিচাপে প্ৰতিষ্ঠিত অংকীয়া নাটে প্ৰাচীন নাট্য পৰম্পৰাক আঁতৰাই নতুন ৰূপ পৰিগ্ৰহ কৰিলে।  

এনেদৰেই ঊনবিংশ শতিকাত সম্পূৰ্ণভাৱে মাতৃভাষা অসমীয়াত নতুন এক শ্ৰেণীৰ নাটৰ সৃষ্টি হ‘ল। 

সত্ৰসমূহৰ অধিকাৰ আৰু সত্ৰ সমাজৰ লগত জড়িত ভক্ত বৈষ্ণৱৰ সহায়ত মাতৃভাষা ভাওনাৰ প্ৰদৰ্শন আৰম্ভ হ‘ল।

সাহিত্য-সংস্কৃতিয়ে যুগ পৰিৱৰ্তনৰ লগে লগে নতুন ৰূপ পৰিগ্ৰহ কৰে। 

মহাপুৰুষজনাই যি পৰিৱেশত ব্ৰজাৱলী ভাষাৰে সাহিত্য চৰ্চা আৰু নাট্য চৰ্চা কৰিছিল সেয়া বৰ্তমান সময়ত হ‘ব নোৱাৰে। 

যিহেতু কাব্য বা নাটৰ ভাষা জনসাধাৰণ ভাষা হোৱা দৰকাৰ। 

সেয়েহে মাতৃভাষা বা আধুনিক ভাষাত ৰচিত নাট ভাওনাৰ প্ৰচলন ঘটিল। 

শংকৰোত্তৰ কালৰ নাট্যকাৰসকলৰ ব্ৰজাৱলী ভাষাত নাট লিখাৰ দক্ষতা নথকাটোও মাতৃভাষাত নাট লিখাৰ এটা কাৰণ হ‘ব পাৰে।

অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনাৰ মাজত পাৰ্থক্য

অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনাৰ মাজত অনেক পাৰ্থক্য আছে। 

অংকীয়া ভাওনাত সূত্ৰধাৰৰ যি ভূমিকা মাতৃভাষা ভাওনাত সেয়া নাই। 

অংকীয়া ভাওনাত লোক-কলাৰ কিছু সমলক জনসাধাৰণৰ আনন্দৰ বাবে ব্যৱহাৰ কৰিছিল।  

নাট্যশাস্ত্ৰই আহাৰ্যৰ ওপৰত গুৰুত্ব দিছিল। 

শংকৰদেৱেও শাস্ত্ৰীয় বিধি নিবন্ধৰ মাজতে চিহ্নযাত্ৰাৰ পৰা ৰামবিজয়লৈকে ভাওনাত ছো মুখা ব্যৱহাৰ কৰি লোককলাক আদৰি লৈছিল। 

বেত-বাঁহ, হেঙুল হাইতাল বোলোৱা মুখা, ছোঁ, ভূষণ, অলংকৰণৰ সামগ্ৰী ভাওনাত আহাৰ্য হিচাপে গ্ৰহণ কৰি অসমৰ লোককলাক গুৰুজনাই মৰ্যদা প্ৰদান কৰিছিল। 

মাতৃভাষা ভাওনাৰ ক্ষেত্ৰত আঁৰকাপোৰ, অগ্নিগড়, মণিকূটৰ বাহিৰে আন আহাৰ্যৰ ব্যৱহাৰ কম।

অংকীয়া ভাওনাৰ ক্ষেত্ৰত ড০ বাণীকান্ত কাকতিয়ে ভাওনাৰ উদ্দেশ্য “লোক সংগ্ৰহ, লোকৰঞ্জন আৰু লোকস্থিতি” বুলি কৈছে। 

বৰ্তমান সময়ত মাতৃভাষাৰ ভাওনাই জনসাধাৰণক মনোৰঞ্জনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। 

ভাওনাই সকলোকে ঐক্যবদ্ধভাৱে সম্প্ৰীতিৰে একত্ৰিত কৰি ধৰ্মীয় ভাৱ জাগ্ৰত কৰিছে। 

ধৰ্মীয় চেতনা জাগ্ৰত কৰাৰ বাবেই ভাওনাত জড়িত হোৱা শিল্পীসকলকো মানুহে শ্ৰদ্ধা কৰে। 

অংকীয়া নাট-ভাওনাৰ যোগেদি এচাম কলা-কুশলীৰ সৃষ্টি কৰি অসমৰ নৃত্য-গীত-অভিনয় আৰু লোককলাৰ সমৃদ্ধি সাধনত শংকৰদেৱে গুৰুত্ব দিছিল। 

মাতৃভাষা ভাওনাক এই ক্ষেত্ৰত সফল বুলিয়েই ক‘ব লাগিব।

মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সৃষ্টি কৰা নাটবোৰত কাহিনী বা সংলাপতকৈ নৃত্যৰ ওপৰতহে গুৰুত্ব অধিক দিছিল।

ভাওনাত নৃত্যৰ পয়োভৰ ইমানে বেছি যে শংকৰদেৱে নিজেই কেতিয়াবা ইয়াক নাট নুবুলি নৃত্য বুলিহে আখ্যা দিছিল।

কাহিনীৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবেই ৰুক্মিণীহৰণ নাটৰ দৰে সংঘাতপূৰ্ণ তথা পূৰ্ণাংগ কাহিনীযুক্ত নাটককো শংকৰদেৱে নাট নুবুলি নৃত্যহে বুলিছিল (যেনে – ৰুক্মিণীহৰণ বিহাৰ নৃত্য পৰম কৌতুকে কৰব)।

‘ভাওনাত ভাৱৰীয়া জনে অন্ততঃ এটা পাক মাৰিহে মঞ্চত প্ৰৱেশ বা প্ৰস্থান কৰাৰ নিয়ম।

ভাওনাৰ প্ৰৱেশ-প্ৰস্থান সদায় নৃত্যধৰ্মী হয়। ভাওনাত সমানে ভৰি পেলাই খোজ কাঢ়ি প্ৰৱেশ-প্ৰস্থান কৰাটো নিষিদ্ধ। 

মাতৃভাষাৰ ভাওনাসমূহে তৰুণ প্ৰজন্মক আকৰ্ষণ কৰিব পাৰিছে। 

উজনি অসমৰ বিভিন্ন স্থানত মাতৃভাষা ভাওনাৰ প্ৰতিযোগিতা অথবা উৎসৱ বিশেষে ভাওনা প্ৰদৰ্শন কৰা হয়। 

ভাওনাত অভিনয় কৰিবৰ বাবে চামে চামে যুৱকসকল ওলাই অহাটো মনকৰিবলগীয়া কথা, অংকীয়া নাটৰ আহাৰ্যৰ ব্যৱহাৰ বৰ্তমান কম হ‘লেও উন্নতমানৰ পোছাক, অভিনয় দক্ষতা, সাজ-সজ্জা আদিৰে অস্থায়ী মঞ্চ অথবা নামঘৰত মাতৃভাষা ভাওনা প্ৰদৰ্শন কৰা হয়।

মাতৃভাষা ভাওনাত যিসমূহ নাট প্ৰদৰ্শন কৰা হয়, নাটৰ নাট্যকাৰসমূহ প্ৰচাৰবিমুখ একো একোজন ব্যক্তি। 

ভাগৱত পুৰাণ, মহাভাৰত, ৰামায়ণৰ কাহিনীৰ অবলম্বনত ৰচনা কৰা এই নাটসমূহৰ সংলাপ, গীত, কাহিনী অতি সুন্দৰ। 

বৰ্তমান শিক্ষিত যুৱচামে গ্ৰহণ কৰিব পৰাকৈ চমকপ্ৰদভাৱে সংলাপৰ সৃষ্টি কৰা হৈছে। 

সেয়ে বলিষ্ঠ ভাষা আৰু কলাসন্মতভাৱে ৰচনা কৰা বাবে মাতৃভাষা ভাওনাৰ জৰিয়তে এই নাটসমূহ শিক্ষিত সমাজে গ্ৰহণ কৰিছে। 

ভাওনাৰ ধাৰাবাহিকতা ৰক্ষাত মাতৃভাষা ভাওনাৰ গুৰুত্ব অসীম।

ভাওনাৰ গায়ন বায়ন

ভাওনাৰ গায়ন-বায়ন অনুষ্ঠানত নজন বায়নে নটা খোল আৰু ছয়জন বায়নে ছযোৰ তাল বজাই নামঘৰত গুৰুগম্ভীৰ পৰিৱেশৰ সৃষ্টি কৰে। 

বৰ্তমান প্ৰতিযোগিতামূলক ভাওনাত নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া বাবে গায়ন-বায়নৰ পূৰ্বৰংগ অনুষ্ঠানৰ কলাত্মক দিশ ম্লান পৰিছে। 

গীতৰ ৰাগসমূহৰ ঠাই গ্ৰহণ কৰিছে ভাগৱতৰ একাৱলী, মধ্যাৱলী আদি সুৰে। 

গীত-পদসমূহত লৌকিক গীত-পদৰ প্ৰভাৱ পৰিলে ভাওনাৰ ৰাগপ্ৰধান গীতসমূহ লুপ্ত হৈ ভাওনাৰ মৰ্যাদা হানি কৰিব।

ভাওনা এক বিশুদ্ধ ভক্তিমূলক অনুষ্ঠান। 

মহাপুৰুষজনাই জনসাধাৰণৰ মাজত আধ্যাত্মিক চৰ্চাৰ পথ নিৰ্ণয় কৰিছিল ভাওনা গীত-পদ সৃষ্টিৰ জড়িয়তে। 

যদিও মাতৃভাষা ভাওনাৰ প্ৰচাৰ হৈছে অংকীয়া ভাওনাৰ প্ৰদৰ্শন কেৱল অসমতে নহয় ভাৰতৰ বাহিৰতো হৈছে।

ভাওনাৰ ধৰ্মীয় গুৰুত্ব আৰু সৰ্বজন গ্ৰাহ্য এক আবেদন আছে। 

পাঁচশ বছৰৰ আগৰ শংকৰদেৱৰ চিন্তাতকৈ বৈজ্ঞানিক যুগৰ আধুনিক মনৰ মানুহৰ দৃষ্টিভংগী বেলেগ হোৱাটো স্বাভাৱিক। 

শংকৰদেৱৰ আধ্যাত্মিক আদৰ্শেৰে বৰ্তমান যুগৰ মানুহে নিজৰ বিবেক সম্পন্ন কৰিবলৈ চেষ্টা কৰাৰ লগতে তেওঁ দি যোৱা কলা-সংস্কৃতিৰ ৰক্ষণা-বেক্ষণ তাৰ প্ৰচাৰ আৰু তাৰ অবলম্বনত নতুন সৃষ্টিৰ প্ৰয়াস কৰা প্ৰয়োজন।

“অন্তৰেসে সব্বমতো ভাবনা মিলয়। 

এই হেতু সব্বজনে ভাওনা বোলয়।” 

ভাওনাই অন্তৰৰ ভাৱগতি প্ৰকাশ হোৱাকে বুজায়। 

অংকীয়া ভাওনা যিদৰে অসমীয়াৰ আপুৰুগীয়া সম্পত্তি তেনেদৰে মাতৃভাষা ভাওনাক অসমীয়া কলা সংস্কৃতিৰ প্ৰধান সম্পদ বুলি আমি ভাবিব পাৰো।

 সহায়ক গ্ৰন্থঃ
১.     মহেশ্বৰ নেওগঃ শ্ৰীশ্ৰী শংকৰদেৱ
২.     লক্ষ্মীনাথ বেজবৰুৱাঃ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ

—ববিতা দত্ত

সংগ্ৰহ – যোগেন তামুলী


ইয়াৰ লগতে পঢ়কঃ

2 thoughts on “অংকীয়া ভাওনা আৰু মাতৃভাষা ভাওনা – এক তুলনামূলক বিচাৰ”

  1. য়েশাং শ্ৰীমদ্ যশোদা সুত
    — শ্লোক ফাকি ভুল আছে চাই ঠিক কৰি লব

    Reply

Leave a Comment

error: Content is protected !!