সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া লোক-জীৱনত ভঁৰাল


১। ভঁৰাল কাক বোলে?
২। ভঁৰালৰ নিৰ্মাণ প্ৰণালী
৩। বিহুনামত ভঁৰাল
৪। ভঁৰালত ধান কেনেকৈ ৰখা হয়?
৫। ভঁৰাল আৰু লখিমী
৬। আগ অনা আৰু ভঁৰাল
৭। মিচিংসকলৰ ভঁৰাল
৮। ভঁৰালৰ পৰা ধান উলিওৱা নিয়ম
৯। ভঁৰাল আৰু বিহু
১০। ভঁৰাল আৰু বিয়া
১১। ভঁৰাল আৰু অন্যান্য
১২। উপসংহাৰ

ভঁৰাল অসমৰ লোক-জীৱনৰ তেনেই চিনাকি। ভঁৰাল অবিহনে চহা অসমীয়া ঘৰ এখনৰ কল্পনা কৰাও নাযায়। ভঁৰাল কেৱল এটা ঘৰেই নহয়; ই গ্ৰাম্য সংস্কৃতিৰ এক অতুলনীয় সম্পদ।

কৃষিপ্ৰধান ৰাজ্য অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰৰ সুবিস্তৃত উৰ্বৰ ভূমিখণ্ড প্রাচীন কালৰে পৰা কৃষিক্ষেত্ৰ হিচাপে ব্যৱহৃত হৈ আহিছে।

কৃষি নিৰ্ভৰশীল ৰাজ্যখনৰ খেতিয়কসকলে কৃষিকার্য সম্পাদনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সঁজুলি নিজে প্রস্তুত কৰি লোৱাৰ লগতে কৃষিকৰ্মৰ লগত জড়িত বিভিন্ন আচাৰ-অনুষ্ঠান পালনেৰে চহকী কৰি ৰাখিছে সংস্কৃতিৰ বৰ্ণিল ক্ষেত্রখন।

ধানখেতি, মাহ-সৰিয়হৰ খেতি, বিভিন্ন শাক-পাচলিৰ খেতি অসমত কৰা হয় যদিও ধানখেতিকেই মুখ্য হিচাপে গ্ৰহণ কৰা হয়।

আহুধান, শালিধান আৰু বাওধানৰ খেতিয়েই প্ৰধানকৈ কৰা হয় আৰু শেহতীয়াকৈ বৰোধানৰ খেতিও কম-বেছি পৰিমাণে ৰাজ্যখনত কৰি অহা হৈছে। এই খেতিৰ পৰা উৎপাদিত ধান সাঁচি ৰাখিবৰ বাবে প্ৰয়োজন হয় এটা ঘৰৰ। এই ঘৰটোৱেই হৈছে প্ৰতিটো চহা পৰিয়ালৰ অতি আদৰৰ ভঁৰাল।

ভঁৰাল কাক বোলে?
অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা প্ৰণীত ‘হেমকোষ‘ত ভঁৰালৰ অৰ্থ এনেদৰে বৰ্ণাইছে— ধান, ধন বা আন বস্তু সামৰি থোৱা ঘৰ; a corn house, a store room, a repository of anything।

ভঁৰালৰ আভিধানিক অর্থ যিয়েই নহওক এই লেখাত অসমীয়া কৃষ্টি-সংস্কৃতিত ভঁৰালৰ স্থান সম্পর্কে আলোচনাৰ প্ৰয়াস কৰা হৈছে।

কামৰূপী ভাষাত ‘ভাখেৰী ঘৰ’ নামেৰে পৰিচিত ভঁৰালঘৰ নিৰ্মাণৰ বেলিকা কেতবোৰ আচাৰ-নীতি মানি চলা হয়। সাধাৰণতে মানুহ থকা ঘৰৰ পূব দিশে ভঁৰাল সজা হয়। ডাকৰ বচনতো উল্লেখ আছে— ‘পূবে ভঁৰাল, পশ্চিমে গঁৰাল/উত্তৰে চৰু, দক্ষিণে গৰু।’

ভঁৰালৰ নিৰ্মাণ প্ৰণালী :
অন্য গৃহৰ নিৰ্মাণ প্ৰণালীতকৈ ভঁৰাল নিৰ্মাণৰ প্ৰণালী কিছু পৃথক। ‘ধান থ’বলৈ যিখন চাং সজা হয় তাত প্রথমে গছৰ মুঢ়া বা শিলৰ থুম বা ধুম দিয়ে তাৰ ওপৰত কাঠৰ দীঘল ধাম দি গাধৈ বান্ধে। গাধৰি বা গাধৈত চোংহলাৰে বেৰ দিয়ে। সেই চোংহলাৰ লাজত বান্ধি দিয়া যোৰ কামীৰ নাম সৰাহ বা খামোচা। গাধৈত থিয় কৰি দিয়া বাঁহৰ চটাবোৰ হ’ল লিটিকাই; কোনোৱ মেৰধৰা কামীকো লিটিকাই বোলে। দুখন বেৰৰ মূৰত বাঁহৰ চোঁচ দি জোৰা লগাই পোলা বন্ধা হয়। বাঁহৰ চোঁচ বা হলাৰে বেৰ দিয়া হয়। গাধৈ অজলা মোৰেৰে বয়। বেৰবোৰ ভিতৰফালে গোবৰ- মাটিৰে লেও দিয়ে।’ (ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘অসমৰ লোক-সংস্কৃতি’, পৃষ্ঠা ১৩৫) অৱশ্যে সময় পৰিবৰ্তনৰ লগে লগে কাঠ-বাঁহৰ পৰিবৰ্তে সমৰ্থৱানসকলে চিমেণ্ট-লোহা ব্যৱহাৰ কৰি ভঁৰাল নিৰ্মাণ কৰি লৈছে।

গ্রামাঞ্চলত প্ৰতিটো কৃষক পৰিয়ালে সৰুকৈ হ’লেও একোটা ভঁৰাল নিৰ্মাণ কৰি লয়। সৰহীয়া মাটিগিৰিৰ ধানৰ উৎপাদন অধিক হয় বাবে ভঁৰালৰ আকাৰ ডাঙৰ হোৱাৰ লগতে সংখ্যাও একাধিক হয়।

ভঁৰালৰ আকাৰ বা সংখ্যা দেখিয়েই বাটৰুৱা বা আলহীয়ে এঘৰ মানুহ কিমান চহকী সেয়া অনুমান কৰি লয়। বিয়া বাৰুৰ ক্ষেত্ৰত ল’ৰাপক্ষ বা ছোৱালীপক্ষৰ ভঁৰাল চাইহে মিতিৰ পাতিবৰ বাবে সমকক্ষ হয়নে নহয় তাৰ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পৰা সহজে অনুমেয় যে মেটমৰা ভঁৰালঘৰ অসমীয়া মানুহৰ বাবে আভিজাত্যৰ চিন।

বিহুনামত ভঁৰাল :
বিহুনামত ভঁৰালৰ উল্লেখ আছে—

“চোতালৰ আগতে ভঁৰালৰ টুপতে
চৰায়ে ফুটকলা খাই,
মোৰ জানা মনতে পৰে ঘনে ঘনে
তোমাৰ জানো মনতে নাই।”

আকৌ—

“ভঁৰালৰ মূধতে পাৰ চৰাইযুৰি
উভতি কোটালে পাখি
গাভৰু ছোৱালী আমি উৰণীয়া
আমাকে নথবা ৰাখি।”

ভঁৰালত কেনেকৈ ধান ৰখা হয়?
ভঁৰালত গুটিধান আৰু গছিধান পৃথকে পৃথকে ৰখা হয়। একাধিক ভঁৰাল থকাসকলে একোটাত গছিধান আৰু আনটোত গুটিধান সঞ্চিত কৰি ৰাখে।

আগ অনা দিনাৰ পৰাই গছিধান ৰখা ভঁৰালত ডাঙৰি সুমুওৱা হয় আৰু পিচত ডাঙৰিবোৰ খুলি মুঠিবোৰ এটা এটাকৈ নিয়াৰিকৈ জাপি থোৱা হয়।

মৰণা মাৰি উঠাৰ পিচত ৰইনাৰে ধানবোৰ স্তূপীকৃত কৰি পাচি-খৰাহিত ভৰাই গুটিধান ভঁৰাললৈ নি সঞ্চয় কৰা হয়। প্রথমে তিনিকুলা ধান মূৰত নি সভক্তিৰে ভঁৰালত ভৰোৱাৰ পিচৰ পৰাহে ভঁৰালত গুটিধান সুমুওৱাৰ নিয়ম।

ভঁৰাল আৰু লখিমী :
ভঁৰালত লখিমী সুমুওৱাৰ ক্ষেত্ৰতো পালন কৰা হয় কেতবোৰ আচাৰ-নীতি। উজনি অসমৰ আহোমসকলে মাঘ বিহুৰ উৰুকাৰ দিনাহে লখিমী ভঁৰালৰ ভিতৰলৈ নিয়ে। ইয়াৰ পূর্বে লখিমী নঙলামুখৰ গছৰ ফেৰেঙনিত ৰখা হয়।

আগ অনা আৰু ভঁৰাল :
আগ আনিবৰ দিনা চোতালৰ লগতে ভঁৰাল গোবৰ-মাটিৰে লিপাটো নিয়ম। আগ আনি পদূলি পোৱাৰ লগে লগে যথাৰীতি আগ আদৰি আনি পাত এখিলাৰে বিচি বিচি ঘৰৰ মান্যজনে নি ভঁৰালত পূৰ্বৰে পৰা সজাই থোৱা পীৰাত ৰাখে। সন্ধিয়া ভকত-সজ্জনক মাতি শাস্ত্র পাঠ কৰাই মাহ-প্ৰসাদৰ শৰাই আগবঢ়ায়।তিনি দিনৰ মূৰত ধানৰ আগকেইটা ভঁৰালৰ খুটাত বান্ধি ৰাখে। এই থোককেইটাৰ ধান ঘৰৰ মাংগলিক উৎসৱ-পাৰ্বণত ব্যৱহৃত হয়।

মিচিংসকলৰ ভঁৰাল :
ভঁৰালক ‘কুমচুং’ বুলি কোৱা মিচিংসকলে আগ অনাৰ দিনা ভঁৰালৰ জখলা বা কঃ বাঙ’ৰ দুয়োকাষে দুডালকৈ মুঠ চাৰিডাল কেঁচা ইকৰাৰ আগ গাঁঠি দি ওলোমাই ৰাখি আই লখিমীক ভঁৰাললৈ স্বাগতম জনায়। উক্তদিনাই ভঁৰালটোৰ চাৰি চুকত চাৰিডাল ইকৰা থিয়কৈ মাটিত গুঁজি দিয়ে। এনে কৰিলে ভঁৰালত সঞ্চিত ধান কীট-পতংগই অনিষ্ট কৰিব নোৱাৰে বুলি তেওঁলোকে বিশ্বাস কৰে।

ঠাইভেদে কিছুসংখ্যক বড়ো-কছাৰীয়ে ধানৰ আগ আনিবৰ দিনা ভঁৰালত কুকুৰা, পাৰ চৰাই, কণী আদি আগবঢ়াই লক্ষ্মীদেৱীৰ অৰ্চনা কৰে।

ভঁৰালৰ পৰা ধান উলিওৱা নিয়ম :
ভঁৰালত ধান সুমুওৱাৰ বেলিকা যেনেদৰে কেতবোৰ আচাৰ-নীতি পালন কৰা হয় তেনেদৰে ভঁৰালৰ পৰা ধান উলিওৱাৰ ক্ষেত্ৰতো কিছুমান নিয়ম-নীতি মানি চলা হয়।

আঘোণত শস্যক্ষেত্ৰৰ পৰা দাই অনা ধান ভঁৰালত সঞ্চয় কৰাৰ পিছত উজনি অসমত ভোগালী বিহুৰ পূৰ্বে ধান উলিওৱা নিষেধ। কিছু লোকে ফাগুন মাহতহে ভঁৰালৰ পৰা ধান উলিয়ায়।

‘ভঁৰাল চুৱা’ৰ আগদিনা সন্ধিয়া ভঁৰালৰ আগ লেপি-মচি মাহ-প্ৰসাদৰ লগতে পায়স আগবঢ়োৱা পৰম্পৰা প্ৰচলিত হৈ আহিছে। আনহাতে ঠাইবিশেষে ভঁৰালৰ পৰা ধান উলিয়াবৰ বাবে সোম বা বৃহস্পতিবাৰ বাছি লৈ ভঁৰালত সোমাওঁতেই গা-পা ধুই, সেৱা-সৎকাৰ কৰি আই লখিমীৰ নামত তিনি পাহ বগা বৰণৰ ফুল উছৰ্গা কৰিহে ধান উলিয়ায়।

ধান উলিওৱাৰ প্ৰতিদিনতে শেষবাৰত ধান উলিওৱা পাচি-খৰাহিৰ পৰা তিনিমুঠি ধান পুনৰ ভঁৰালত ৰখা হয়। এনে কৰিলে আই লখিমীয়ে ভঁৰাল ত্যাগ নকৰে বুলি বিশ্বাস ৷

গা-পা নোধোৱাকৈ ভঁৰালৰ পৰা ধান উলিওৱা বা ধান সুমুওৱা নিষেধ। ঋতুমতী তিৰোতাক প্ৰথম চাৰিদিনত ভঁৰালত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। অম্বুবাচীৰ দিনকেইটাতো ভঁৰালৰ দুৱাৰ বন্ধ ৰখা হয়।

পৰিয়ালৰ কোনো লোকৰ মৃত্যু ঘটিলে প্রথম তিনিদিন ভঁৰালৰ পৰা ধান উলিওৱা নিষেধ। প্রেতকার্য সমাপন নোহোৱা পর্যন্ত পৰিয়ালৰ বাদে আন লোকেহে প্রয়োজনীয় ধান আদি ভঁৰালৰ পৰা উলিয়াই দিয়াৰ নিয়ম।

পৰিয়ালৰ মুৰব্বীৰ মৃত্যু তিথিতো ভঁৰালৰ পৰা ধান নুলিয়ায় আৰু আনক নিদিয়ে। এনে কৰিলে লখিমীয়ে লগ এৰা দিয়ে বুলি এক বিশ্বাস প্ৰচলিত হৈ আহিছে। জোতা-চেণ্ডেল আদি পিন্ধি ভঁৰালত সোমাবলৈ দিয়া নহয় । তদুপৰি একাধিক লোক একেলগে ভঁৰালত সোমাব নাপায় বুলি বিশ্বাস কৰা হয়।

ভঁৰাল আৰু বিহু :
কৃষিজীৱী অসমীয়াৰ জনজীৱনত এৰাব নোৱাৰাকৈ সংপৃক্ত হৈ থকা ভঁৰালক মন্দিৰসদৃশ পবিত্র জ্ঞান কৰা হয়। অসমীয়াৰ বাপতিসাহোন তিনিওটা বিহুতে লেপি-মচি চাকি-বন্তি দিয়াৰ লগতে লক্ষ্মী পূজা, ন-খোৱা অথবা গৃহস্থৰ ঘৰৰ প্ৰতিটো উৎসৱ-অনুষ্ঠানতে চাকি-বন্তি জ্বলাই প্রসাদ দিয়া হয়।

ভঁৰাল আৰু বিয়া :
ভঁৰালক কেন্দ্ৰ কৰিয়েই একোখন ঘৰৰ ধৰ্মীয় নীতিৰ বুনিয়াদ গঢ়ি উঠা পৰিলক্ষিত হয়। ঘৰৰ ছোৱালী পুষ্পিতা হলে পালন কৰা নোৱাই-তোলনি বিয়াৰ দিনা ভঁৰালৰ দুৱাৰত আমপাত, তামোল, পাণৰ মালা আৰি দিয়াৰ লগতে দুৱাৰখন চেলেং কাপোৰেৰে ঢাকি দিয়াৰ পৰম্পৰা বৰ্তমানো অব্যাহত আছে। এই নিয়ম বৰ বিয়াৰ ক্ষেত্ৰতো মানি চলা হয়।

ভঁৰাল আৰু অন্যান্য :
ভঁৰাল যে কেৱল ধান সঞ্চয়ৰ বাবেই ব্যৱহাৰ হয় তেনে নহয়। ভঁৰালৰ ভিতৰত আগন্তুক বৰ্ষৰ বাবে প্রয়োজনীয় বিভিন্ন জাতৰ ধানৰ বীজ সংৰক্ষণ কৰা টোম, বিৰিয়া, ওখন, জবকা আদিও ৰখা হয়।

ওখকৈ চাং পাতি সজা ভঁৰালৰ তলত কিছু লোকে গৰু বন্ধাও দেখা যায়। অৱশ্যে গৰিষ্ঠসংখ্যকে গো-লক্ষ্মী আৰু মহালক্ষ্মী একেলগে ৰাখিব নাপায় বুলি এনে কৰাৰ পৰা বিৰত থাকে।

ভঁৰালৰ গাধৈত খেতি উঠাৰ পিচত নাঙল, হোলোঙা, এছাৰি আদি তুলি ৰখাৰ লগতে চেপা-খোকা আদি মাছ ধৰা সঁজুলিও ৰখা দেখা যায়। কিছু লোকে হাঁহ, কুকুৰা, ছাগলী থাকিবৰ বাবে ভঁৰালৰ তলতে গঁৰাল সাজি দিয়াৰ লগতে দৈনন্দিন প্রয়োজনীয় বাঁহ-কাঠৰ খৰি ৰখাৰো ব্যৱস্থা কৰি লয়।

অসমীয়া জীয়ৰী-বোৱাৰীৰ অতি আদৰৰ তাঁতশালখনৰ বাবে প্ৰয়োজনীয় চালিখনো বহু লোকে ভঁৰালৰ কাষতে সাজি দিয়া দেখা যায়।

উপসংহাৰ :
একোখন ঘৰৰ ধৰ্মীয় বিশ্বাস আৰু আচাৰ-নীতিৰ বুনিয়াদস্বৰূপ ভঁৰালটো কেৱল লখিমীৰ আবাসস্থল, ধান সঞ্চয়ৰ স্থানেই নহয়— ই কৃষিজীৱী অসমীয়াৰ বুকুৰ আমঠু, জীৱন-জীৱিকাত আগুৱান হ’বলৈ সাহস যোগোৱা অদম্য শক্তিৰ প্ৰতীক !

ভঁৰালবোৰেই বৰ্তমান বিৰল হৈ পৰা ঘনচিৰিকাৰ আশ্রয়স্থল। ভঁৰালক কেন্দ্ৰ কৰিয়েই ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ আহিছে কেতবোৰ বৰ্ণিল জনবিশ্বাস; যিবোৰ বিশ্বাস, ৰীতি-নীতিয়ে চহকী কৰিছে অসমীয়া সংস্কৃতিৰ জীপাল চোতাল।

Leave a Comment

error: Content is protected !!