সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

জন্মোৎসৱ

মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্ম দিৱসটোক জন্মোৎসৱ, শংকৰ জন্মোৎসৱ, বা শংকৰদেৱৰ তিথি বুলি অসমীয়া সমাজত প্ৰচলিত।

বৈষ্ণৱ গুৰুজনাৰ এই জন্ম দিৱসটোক অসমীয়া বৈষ্ণৱ ধৰ্মী লোক সকলে অতি উলহ মালহেৰে উৎসৱ বা মহোৎসৱ হিচাপে পালন কৰে।

আহিন মাহৰ বিজয়া দশমীৰ দিনা শ্ৰী মন্ত শংকৰদেৱৰ জন্ম হৈছিল বুলি অসমীয়া সমাজত বিশ্বাস আছে।

সেয়েহে এই দিনটোকেই গুৰুজনাৰ জন্ম দিৱস বা জন্ম তিথি হিচাপে অসমীয়া সকলে পালন কৰে।

প্ৰতি বছৰে দূৰ্গা পূজাৰ সময়ত বিজয়া দশমীৰ দিনা এই উৎসৱ পালন কৰা হয়।

বৈষ্ণৱ ধৰ্মী লোকসকলে এই উৎসৱ এদিনীয়া বা দুদিনীয়াকৈ অনুষ্ঠিত কৰে।

এই উৎসৱটিক জন্মোৎসৱ, শংকৰ জন্মোৎসৱ, শংকৰদেৱৰ তিথি আদি নামেৰে জনা যায়।

এই উৎসৱটি অসমৰ প্ৰায় প্ৰতিটো নামঘৰ, সত্ৰ, অন্য অনুষ্ঠান-প্ৰতিষ্ঠান বা ব্যক্তিগত ভাৱেও পালন কৰা দেখা যায়।

মহাপুৰুষ জনাৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি দেখুৱাই এই উৎসৱটি বিভিন্ন কাৰ্যসূচীৰে পালন কৰে।

শংকৰদেৱৰ তিথি উদযাপন কৰিবলৈ আয়োজন কৰা সাধাৰণ কাৰ্যসূচীবোৰ এনেধৰণৰ হয়-

পুৱাৰ প্ৰসংগ
গন্ধবাদন
ধৰ্মধ্বজা উত্তোলন
ভাগৱত ভ্ৰমণ
নাম প্ৰসংগ
খোল প্ৰসংগ
ভক্তি ৰত্নাৱলী পাঠ
সত্ৰীয়া নৃত্য প্ৰদৰ্শন
ধৰ্মালোচনী সভা
আই সকলৰ নাম
শিশু বা কিশোৰ কিশোৰী সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগীতা
গায়ন বায়ন প্ৰদৰ্শন
শংকৰদেৱ বিৰচিত অংকীয়া ভাওনা প্ৰদৰ্শন আদি।

অসমীয়া সমাজত এই উৎসৱ এক বিশেষ স্থান আছে।

সৰ্ব স্তৰৰ অসমীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক জাতিৰ গুৰু হিচাপে মানি লোৱ দেখা যায়।

অসমৰ সত্ৰ সমূহতো মহাপুৰুষ জনাৰ এই তিথি অতি উলহ মালহকৈ পালন কৰে।

অৱশ্যে সাধাৰণ নামঘৰ বা অনুষ্ঠান প্ৰতিষ্ঠানত উদযাপন কৰা জন্ম দিৱস ৰ লগত সত্ৰত উদযাপন কৰা জন্মোৎসৱৰ কিছু পাৰ্থক্য দেখা যায়।

সত্ৰত কিছুমান কাৰ্যসূচী পৰম্পৰা অনুসৰি আৰু আন কিছু ধৰা বন্ধাকৈ নিয়ম নীতি অনুযায়ী পালন কৰে।

ৰামানন্দ দ্বিজৰ গুৰুলীলাত অন্নদান, নাম প্ৰসংগ, কীৰ্তনীয়া ওজা, নটুৱা নাচ আদি কাৰ্যসুচী সত্ৰ সমূহ জন্মোৎসৱৰ দিনা পালন কৰা হয় বুলি উল্লেখ আছে।

সত্ৰ সমূহত এদিনৰ পৰা চাৰিদিন পৰ্যন্ত জন্ম দিৱস উদযাপিত হয়।

সত্ৰ সমূহত সাধাৰণতে তলত উল্লেখ কৰা কাৰ্যসূচী সমূহেৰে এই উৎসৱ পালন কৰা হয়-

সচৰাচৰ কৰাতকৈ এই উৎসৱত নাম প্ৰসংগৰ সংখ্যা কিছু বৃদ্ধি পায়।

একেদৰেই কীৰ্তন পাঠ বা পদ আদি বেছিকৈ গোৱা হয়।

ৰাতি পুৱাৰ সময়ত সত্ৰাধিকাৰে গুৰু আসন পূজা কৰে।

মহাপুৰুষ জনাৰ ৰচিত গীতেৰে পুৱাৰ প্ৰসংগ বা গায়ন বায়ন পৰিবেশন কৰা হয়।

বৰগীত গোৱাটো প্ৰায় নিয়মৰ নিচিনা হয়।

কিছুমান সত্ৰত গায়ন বায়ন পৰিবেশন কৰো অংকীয়া বাজনা বজোৱা হয়।

অংকীয়া নাট প্ৰদৰ্শন সম্পূৰ্ণ নীতি নিয়ম মানি প্ৰদৰ্শন কৰা হয়।

সত্ৰ সমূহত ভকত বৈষ্ণৱক অন্নদান এই উৎসৱৰ এটি বিশেষ কাৰ্যসূচী।

ইয়াৰ উপৰিও সকলো অতিথিকে জলপানেৰে আতিথ্য প্ৰদান কৰাও দেখা যায়।

ভকত বৈষ্ণৱসকলক সিধা দিয়াৰ প্ৰথাও এই উৎসৱৰ অন্তৰ্গত।

এইদৰেই সম্পূৰ্ণ উলহ মালহেৰে জাতিৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱভাগি অসমবাসীয়ে পালন কৰে।

Leave a Comment

error: Content is protected !!