সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

শংকৰদেৱৰ নাটত নাৰী চৰিত্ৰ

অসমত খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ শেষভাগত শ্ৰীমন্ত শংকৰদেৱে গুৰি ধৰা বৈষ্ণৱ ভক্তি আন্দোলনে জনসাধাৰণৰ মাজত যি এক নতুন আধ্যাত্মিক প্ৰেৰণাৰ জন্ম দিছিল সিয়ে অসমৰ সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্ৰখনকো মহিমামণ্ডিত কৰিছিল।

এই ভক্তি আন্দোলনে জনসাধাৰণৰ  মনত ভক্তিভাৱৰ সৃষ্টি কৰিবলৈ কাব্য, নাটক, গীত আদিক আহিলা হিচাপে লৈছিল। যিবোৰ ভক্তি সাহিত্য হিচাপে জনসমাজত পৰিচিত হৈছিল।

মহাপুৰুষ শংকৰদেৱে অসমত নৱ-বষ্ণৈৱ ধৰ্ম প্ৰচাৰ কৰাৰ উপৰি কীৰ্তন, দশম আদিৰ দৰে মূল্যবান গ্ৰন্থৰ প্ৰণয়ন আৰু গীত, পদ, নাটৰ ৰচনাৰে অসমীয়া সাহিত্যৰ বৰভেটি নিৰ্মাণ কৰি থৈ গৈছে।

শংকৰদেৱে অংকীয়া নাটৰ প্ৰৱৰ্তন কৰি ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত নাট্য সাহিত্যক ব্যৱহাৰ কৰাত অন্যতম পথ প্ৰদৰ্শকৰূপে পৰিগণিত হৈছে।

মহাপুৰুষ শংকৰদেৱে বহুকেইখন নাট ৰচনা কৰি থৈ গৈছে।

সেইকেইখন হৈছে– চিহ্নযাত্ৰা [১৪৬৮], কালিয়দমন [১৪৯০], পত্নীপ্ৰসাদ [১৫২৬], কেলিগোপাল বা ৰাসক্ৰীড়া, ৰুক্মিণী হৰণ [১৫৬০], পাৰিজাত হৰণ আৰু শ্ৰীৰামবিজয় [১৫৬৮]।

বৈষ্ণৱ সাহিত্যৰ বিষয়ে পোৱা বিভিন্ন তথ্যৰ আধাৰত এই কথা জনা যায় যে চিহ্নযাত্ৰা’খনেই শংকৰদেৱৰ প্ৰথম নাট।

মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা অংকীয়া নাটসমূহৰ মূল উদ্দেশ্য আছিল কৃষ্ণ ভক্তিৰ প্ৰচাৰ।

এই ভক্তিভাৱ প্ৰকাশ হৈছিল বিভিন্ন দিশৰ মাজেৰে।

তেনে এটি উল্লেখযোগ্য দিশ হ’ল– নাৰী চৰিত্ৰ সৃষ্টি আৰু প্ৰকাশৰ মাজেৰে কৃষ্ণপ্ৰেম বা কৃষ্ণভক্তিৰ প্ৰতিফলন

শংকৰদেৱৰ জীৱন বৃত্তান্তত চকু ফুৰালে দেখা যায় যে শংকৰদেৱৰ সাৰস্বত সাধনাৰ প্ৰথমজন উদ্যোক্তা আছিল এগৰাকী নাৰী- বুঢ়ীমাক খেৰসূতী।

আনহাতে শংকৰদেৱৰ পত্নী, পুত্ৰ আদি সকলোৰে ক্ষেত্ৰতে এজন দায়িত্বশীল পুৰুষৰ চিত্ৰ প্ৰতিফলিত হৈছে।

আনকি চিৰকুমাৰ মাধৱদেৱকো ‘গড় বান্ধি যুজিলে সজ  প্ৰাণৰ সংশয় নাই’ বুলি বিয়া কৰাই সংসাৰী হ’বলৈ উপদেশ দিছিল।

ইয়াৰদ্বাৰা শংকৰদেৱৰ নাৰীপ্ৰীতি আৰু নাৰীভক্তি কেনে আছিল তাকে বুজিব পাৰি।

শংকৰদেৱৰ কোনোখন নাটক নাৰী চৰিত্ৰ বৰ্জিত নহয়।

শংকৰদেৱৰ নাটত প্ৰকাশিত নাৰী চৰিত্ৰবোৰৰ প্ৰাথমিক পৰিচয় হ’ল তেওঁলোক কৃষ্ণপ্ৰেমী বা কৃষ্ণ ভক্তা।

মাতৃ, পত্নী, ভগ্নী, সখী আদি বিভিন্ন সম্বন্ধৰ তেওঁলোক কৃষ্ণৰ প্ৰতি বা ৰামৰ প্ৰতি অনুৰক্তা।

যশোদা, দৈৱকী, ৰুক্মিণী, সীতা আদি চৰিত্ৰবোৰ সংস্কৃত উৎসবোৰৰ পৰা লোৱা আৰু পাৰিজাত হৰণ নাটৰ শচী, ইন্দুমতী; ৰুক্মিণী হৰণ নাটৰ মদনমঞ্জৰী, লীলাৱতী; শ্ৰীৰাম বিজয় নাটৰ মদনমন্থৰা আৰু কনকাৱতী আদি চৰিত্ৰসমূহ শংকৰদেৱৰ নিজা সৃষ্টি।

উক্ত আলোচনাত মহাপুৰুষ শংকৰদেৱৰ ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ নাটত কেনেদৰে নাৰী চৰিত্ৰৰ প্ৰকাশ হৈছে, সেই বিষয়ে আলোচনাৰ প্ৰয়াস কৰা হৈছে।

ৰুক্মিণী হৰণ নাটত নাৰী চৰিত্ৰ

শংকৰদেৱে ৰচনা কৰা দুখন নাটৰ ভিতৰত ৰুক্মিণী হৰণেই কলেৱৰত ডাঙৰ।

ৰুক্মিণী হৰণৰ কথাবস্তু ‘ভাগৱত পুৰাণ’ৰ পৰা সংগ্ৰহ কৰা।

কিন্তু ‘ৰুক্মিণী হৰণ’ কাব্যৰ কথাবস্তু হৰিবংশ আৰু ভাগৱতৰ সংমিশ্ৰণ।

ভাগৱতৰ দশম স্কন্ধৰ ৫২-৫৪ অধ্যায়ত বৰ্ণিত হোৱা কথা আৰু কাৰ্যক্ৰম যথাযথভাৱে নাটত অনুসৰণ কৰিছে।

দেশান্তৰীৰ মুখে কৃষ্ণ আৰু ৰুক্মিণীয়ে পৰস্পৰৰ ৰূপ-গুণ শুনি আকৃষ্ট হোৱা, কৃষ্ণ বিদ্বেষী ৰুক্মিণীৰ দ্বাৰা শিশুপালক ৰুক্মিণীৰ বৰ স্বৰূপে আমন্ত্ৰণ, ৰুক্মিণীৰ চিঠি লৈ ব্ৰাহ্মণৰ [বেদনিধি] দ্বাৰকা গমন, পত্ৰত ৰুক্মিণীক হৰণ কৰাৰ সবিশেষ সংবাদ প্ৰদান, ব্ৰাহ্মণসহ কৃষ্ণৰ বিদৰ্ভ আগমন, ভবানী মন্দিৰৰ পৰা উভতি যাওঁতে কৃষ্ণৰ দ্বাৰা ৰুক্মিণী হৰণ, ৰজাবিলাকৰ লগত যুদ্ধ আৰু ৰুক্মবীৰৰ মুণ্ডন; বলোৰামৰ প্ৰবোধবাক্য আৰু অৱশেষত ৰুক্মিণীৰ বিবাহ- এই সকলোবোৰ ভাগৱতৰ পৰা গ্ৰহণ কৰা।

উল্লেখযোগ্য যে এইখন কেৱল ধৰ্মমূলক আৰু প্ৰচাৰধৰ্মী নাটেই নহয়, শৃংগাৰ আৰু বীৰৰসৰ মধুৰ সংমিশ্ৰণত সৃষ্ট এখনি সৰ্বাংগ সুন্দৰ নাট।

তাৰ মাজে মাজে নাট্যকাৰৰ জাতীয় চেতনা তথা মৌলিক প্ৰতিভাৰ প্ৰভাৱে নাটখনক অধিক সুখপাঠ্য কৰি তুলিছে।

ৰুক্মিণী হৰণ নাটত বহুকেইটা নাৰী চৰিত্ৰ চিত্ৰিত হৈছে।

নাট্য কাহিনীৰ লগত সামঞ্জস্য ৰাখি নাট্যকাৰে চিত্ৰণ কৰা এই নাৰী চৰিত্ৰকেইটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল।

ৰুক্মিণী

শংকৰদেৱে ৰুক্মিণী হৰণ নাটত ৰুক্মিণী চৰিত্ৰটো মূল ভাগৱততকৈ অধিক উজ্জ্বল কৰি অংকন কৰিছে।

এই নাটখনত ৰুক্মিণী এগৰাকী উদভ্ৰান্ত প্ৰেমিকাৰ ৰূপত চিত্ৰিত হৈছে।

সাধাৰণতে শংকৰদেৱৰ ৰচনাৰাজিৰ নায়িকাসকল সুন্দৰী আৰু প্ৰেমাগাথাৰ নায়িকা।

ৰুক্মিণীও এগৰাকী প্ৰেম প্ৰত্যাশী আকুল হৃদয়া আৰু বুদ্ধিমতী নায়িকা।

যদিও ৰুক্মিণী উদ্ভান্ত প্ৰেমিকা তথাপি ৰুক্মিণী কৰ্তব্যবিমুখ নাৰী নহয়।

এগৰাকী নাৰীৰ থাকিবলগীয়া গাম্ভীৰ্যতা আৰু কৰ্তব্য পৰায়ণতা ৰুক্মিণীয়ে পাহৰা নাই।

সেয়েহে ৰুক্মিণীয়ে মনে বিচৰা স্বামীক পোৱাৰ পথত বিধি পথালি দি ছেদীৰাজ শিশুপাললৈ বিয়া দিবলৈ ওলোৱাত কান্দিকাটি অস্থিৰ হৈও পিছ মুহূৰ্ততে নিজ কৰ্তব্য স্থিৰ কৰি বেদনিধি বাপুক এখন চিঠি দি দ্বাৰকালৈ পঠালে যাতে কৃষ্ণই তেওঁক হৰণ কৰি নিব পাৰে।

যদি কৃষ্ণই তেওঁক লৈ নাযায় ‘তেৱে তোহাত বধ দিয়ে হামু প্ৰাণ ছাড়বো’- বুলি ভাবুকিও দিলে।

বাস্তৱমুখী ৰুক্মিণীয়ে ভাগ্যৰ হাতত আত্ম সমৰ্পণ নকৰি শিশুপালৰ ছাঁটোতে ভৰি নিদিও বুলি দৃঢ় প্ৰতিজ্ঞ হৈছে।

যিয়ে প্ৰণয়ৰ মাজতো এগৰাকী নাৰীৰ সাহসিকতাৰ পৰিচয় দিছে।

মূলগ্ৰন্থত মুখেৰে কৈ পঠোৱা কথাখিনি  নাটত চিঠিৰ ৰূপ দি শংকৰদেৱে ৰুক্মিণীৰ দৃঢ়তা আৰু সাহসিকতা অধিক কৰি তুলিছে।

আনহাতে নিজৰ ককায়েক ৰুক্মীক উদ্দেশ্য সিদ্ধিৰ পথত বাধা দিয়াৰ বাবে গালি পাৰিছে যদিও কৃষ্ণই বধ কৰিবলৈ উদ্যত হোৱা বিপদৰ মুহূৰ্তত আচল পাতি ভাতৃৰ প্ৰাণভিক্ষা কৰিছে– ‘‘চৰণক লাগুঃ আঞ্চোল পাতি মাগু। হে নামঃ হামাক সোদৰ দান দেহু।”

এনেধৰণৰ চিত্ৰই নাৰী হৃদয়ৰ চিৰন্তন কোমলতাৰ কথাকে সূচায়।

নাটখনত প্ৰকাশিত হৈছে ৰুক্মিণী চৰিত্ৰৰ দুটা বিপৰীতধৰ্মী ৰূপ।

এফালে শ্ৰীকৃষ্ণৰ একান্ত অনুৰক্তা প্ৰেমিকাৰ ৰূপত নাৰী হিচাপে সবল স্থিতি আনফালে এগৰাকী ভগ্নী, পুত্ৰী ৰূপত নাৰী হৃদয়ৰ মমতা।

এই দুই বিপৰীতধৰ্মী চিত্ৰই চৰিত্ৰটিক অধিক আকৰ্ষণীয় কৰি তুলিছে।

শশীপ্ৰভা

ৰুক্মিণী হৰণ নাটৰ শশীপ্ৰভা চৰিত্ৰটো চিত্ৰিত হৈছে এগৰাকী কৰুণাময়ী মাতৃৰ ৰূপত।

নাটখনত চৰিত্ৰটো মূখ্য ভূমিকাত নাই যদিও নাট্যকাহিনীত চৰিত্ৰটোৰ গুৰুত্ব অপৰিসীম।

শশীপ্ৰভাও একান্ত কৃষ্ণভক্ত।

সেয়েহে স্বামী ভীষ্মকে জীয়েক ৰুক্মিণীক শ্ৰীকৃষ্ণলৈ বিয়া দিয়াৰ কথা ক’লত তেওঁ আনন্দৰে সন্মতি প্ৰদান কৰে – ‘পৰম ঈশ্বৰ শ্ৰীকৃষ্ণক কথা শুনিয়ে হামাৰো ওহি সন্মত সে যদুনন্দনক আনিয়ে সত্বৰে কন্যাদান কৰহ।’

ইয়াৰদ্বাৰা এগৰাকী মাতৃ হিচাপে থকা শশীপ্ৰভাৰ দায়িত্ব আৰু সুপাত্ৰত কন্যাদান কৰাৰ ইচ্ছা প্ৰকট হৈছে।

লীলাৱতী

লীলাৱতী হৈছে ৰুক্মিণীৰ সখী, আনহাতে কৃষ্ণৰ একান্ত অনুৰক্তা।

চৰিত্ৰটো ৰুক্মিণীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।

যেতিয়া ৰুক্মিণীৰ কল্পনা কোঁৱৰ কৃষ্ণৰ সৈতে বিবাহ ধাৰ্য কৰিছে সেই সুখবৰ ৰুক্মিণীৰ ওচৰলৈ কঢ়িয়াই আনিছে লীলাৱতীয়ে। এগৰাকী সখী হিচাপে লীলাৱতী দায়িত্বশীল, স্নেহময়ী নাৰী।

সেয়ে  ৰুক্মিণী-কৃষ্ণৰ বিবাহত বাধা দিবলৈ অহা পাপী শিশুপালৰ সম্ভেদো দিছে।

লগতে ৰুক্মিণীক প্ৰবোধ দি কৈছে যে– ‘সে ভকত বান্ধব মাধৱ তোহাক অৱশ্যে ৰক্ষা কৰব।’

ৰাজনন্দিনীৰ ক্ষেত্ৰত সখীসকলৰ যি কৰ্তব্য হোৱা উচিত সেই কৰ্তব্যই লীলাৱতী চৰিত্ৰটোৰ মাজেৰে প্ৰকাশ হৈছে।

মদনমঞ্জৰী

ৰুক্মিণীৰ আন এগৰাকী বিশ্বস্ত, দায়িত্বশীলা সখী হ’ল মদনমঞ্জৰী।

যিগৰাকী নাটখনত সদা সচেষ্ট এগৰাকী নাৰী হিচাপে প্ৰতিফলিত হৈছে।

কৃষ্ণ-ৰুক্মিণীৰ মিলনত বাধা দিয়া ৰুক্মী কুমাৰৰ গোপন অভিলাষৰ সংবাদ মদনমঞ্জৰীয়েহে সখী ৰুক্মিণীক দিছেহি।

প্ৰাণৰ সখীৰ ভাগ্যৰ কথা বিধিৰ বিড়ম্বনা বুলি দুখ কৰিছে।

সেই মদনমঞ্জৰীয়েই আকৌ কৃষ্ণক পতি লাভৰ পৰা বিৰত হোৱাৰ আশংকাত দুখত ভাগি পৰা ৰুক্মিণীক সান্ত্বনা দিছে।

লগতে কৃষ্ণৰ অপাৰ মহিমা, শক্তি সামৰ্থৰ কথা সোঁৱৰাই ৰুক্মিণীক সাহস দিছে।

‘‘যাকেৰি নাম মাত্ৰে মহা মহা পাপী সবো সংসাৰ নিস্তৰে, সে ভকতক বান্ধব মাধৱ…….।”

নাটখনত মদনমঞ্জৰীৰ কৰ্তব্যপৰায়ণতা, কৃষ্ণভক্তি, মৰম-স্নেহ আদি এগৰাকী নাৰীৰ সহজাত প্ৰবৃত্তিবোৰ ফুটি উঠিছে।

দৈৱকী

দৈৱকী চৰিত্ৰটো প্ৰকাশ হৈছে এগৰাকী পুত্ৰপ্ৰেমত আকুল মাতৃ হিচাপে।

চৰিত্ৰটোৰ কৃষ্ণভক্তি প্ৰকাশ হৈছে মাতৃত্বৰ মহিমাৰে।

নাটখনত দৈৱকীৰ কোনো প্ৰত্যক্ষ সংলাপ নাই যদিও সূত্ৰৰ মুখেৰে পুত্ৰ প্ৰেমত আকুল কৰ্তব্যপৰায়ণা দৈৱকীৰ সকলো কাৰ্যাৱলীৰ বিৱৰণ আছে।

যেতিয়া শ্ৰীকৃষ্ণ ৰুক্মিণী সহিতে দ্বাৰকাপুৰত প্ৰৱেশ কৰে; তেতিয়া এগৰাকী মাতৃয়ে পুত্ৰ-বধুক আদৰাৰ সকলোখিনি আয়োজন দৈৱকীয়ে কৰে।

‘‘তদন্তৰ দেৱী দৈৱকী পৰম মংগল বাদ্য ভাণ্ডে আমি কহো, বৰ কন্যাক হাত এক ঠামে কৰিকহো বহুতৰ উৎসৱে গৃহ পৰৱেশ কৰাৱল।”

সূত্ৰৰ মুখেৰে প্ৰকাশিত বৰ্ণনাই দৈৱকীৰ মাতৃত্বগুণৰ লগতে শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি মাহাত্ম্যও প্ৰকাশ হৈছে।

নাটখনত প্ৰকাশিত প্ৰতিটো নাৰী চৰিত্ৰই নাৰীৰ সহজাত প্ৰবৃত্তি, সৰ্ব লক্ষণাযুক্ত।

ৰাজমাতা, ৰাজনন্দিনীৰ পৰা সখীসকললৈকে প্ৰতিটো চৰিত্ৰৰ মাজত প্ৰকাশ হৈছে নাৰী হৃদয়ৰ কোমলতা, স্নেহ আৰু মমতা।

পৰৱৰ্তী অংশ পাৰিজাত হৰণ নাটত প্ৰকাশিত নাৰী চৰিত্ৰবাবে ইয়াত ক্লিক কৰক

প্ৰসংগ আৰু টোকাঃ

১. গুৰুচৰিত কথা, দফা-১৩৯

গ্ৰন্থপঞ্জীঃ

ক] অসমীয়া সাহিত্যৰ বুৰঞ্জী [দ্বিতীয় খণ্ড], শিৱনাথ বৰ্মন [সম্পা.]

খ] অসমীয়া নাট্য সাহিত্য, সতেন্দ্ৰনাথ শৰ্মা

গ] অসমৰ লোক-নাট্য আৰু অংকীয়া  ভাওনা, ড০  অজিত শইকীয়া, ড০ সত্যকাম বৰঠাকুৰ [সম্পা.]

ঘ] কল্পতৰু, ড০ ৰশ্মিৰেখা গগৈ, প্ৰবীণ শৰ্মা [সংকলন]

ঙ] মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ বাক্যামৃত, শ্ৰীমন্ত শংকৰদেৱ সংঘ

আলোচনীঃ ক] কথা গুৱাহাটী, দ্বিতীয় বছৰ, চতুৰ্থ সংখ্যা, ছেপ্টেম্বৰ, ২০০৫

– জ্যোতিস্মৃতা দত্ত

সংগ্ৰহ – যোগেন তামুলী


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!