সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য

অসমীয়া সাহিত্যৰ যুগ বিভাজন সম্পৰ্কে আমি ‘অসমীয়া সাহিত্যৰ যুগ বিভাজন‘ নামৰ প্ৰবন্ধত বিস্তৃতকৈ আলোচনা কৰিছো।

প্ৰায় ১৩০০ শতিকাৰ পৰা ১৫০০ শতিকালৈ সৃষ্টি হোৱা অসমীয়া সাহিত্য ৰাজিক বুৰঞ্জী বিদ সকলে প্ৰাক শংকৰী যুগৰ ভিতৰত ৰাখিছে।

এই সময় ছোৱাৰ ভিতৰত প্ৰধানকৈ পাঁচ জন কবি সাহিত্যিকৰ সাহিত্য ৰচনাই অসমীয়া সাহিত্যক উজ্জলাই ৰাখিছে।

প্ৰাক শংকৰী যুগৰ সাহিত্যিক সকল

১) হেম সৰস্বতী

২) কবিৰত্ন সৰস্বতী

৩) ৰুদ্ৰ কন্দলী

৪) হৰিবৰ বিপ্ৰ

৫) মাধৱ কন্দলী

প্ৰাক শংকৰী যুগৰ সাহিত্যিক সকলৰ সাহিত্যৰাজি

১) হেম সৰস্বতীৰ সাহিত্য

কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হেম সৰস্বতীয়ে দুখন গ্ৰন্থ ৰচনা কৰিছিল।

সেই দুখন হ’ল –

ক) প্ৰহ্লাদ চৰিত

খ) হৰ গৌৰি সংবাদ

২) কবিৰত্ন সৰস্বতীৰ সাহিত্য

কমতাপুৰৰ ৰজা দুৰ্ল্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য ৰচনা কৰা আন এজন সাহিত্যিক হ’ল কবিৰত্ন সৰস্বতী।

কবিৰত্ন সৰস্বতীয়ে জয়দ্ৰথ বধ নামৰ গ্ৰন্থ ৰচনা কৰিছিল।

৩) ৰুদ্ৰ কন্দলীৰ সাহিত্য

তামধ্বজ ৰজাৰ পৃষ্ঠপোষকতাত সাহিত্য ৰচনা কৰা প্ৰাক শংকৰী যুগৰ অন্য এজন উল্লেখ যোগ্য সাহিত্যিক হ’ল ৰুদ্ৰ কন্দলী।

ৰুদ্ৰ কন্দলীয়ে সাত্যকি প্ৰবেশ নামৰ গ্ৰন্থ খন মহাভাৰতৰ এটি উপ কাহিনীৰ আধাৰত ৰচনা কৰিছিল।

৪) হৰিবৰ বিপ্ৰৰ সাহিত্য

কমতাধিপতি দুৰ্ল্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হৰিবৰ বিপ্ৰই তিনি খন গ্ৰন্থ ৰচনা কৰিছিল।

হৰিবৰ বিপ্ৰই ৰচনা কৰা গ্ৰন্থ কেইখন হ’ল –

ক) বব্ৰুবাহনৰ যুদ্ধ

খ) লৱ – কুশৰ যুদ্ধ

গ) তাম্ৰ ধ্বজৰ যুদ্ধ

৫) মাধৱ কন্দলীৰ সাহিত্য

মাধক্ট কন্দলীকপ্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলি অভিহিত কৰা হয়।

বৰাহী ৰজা মহামানিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে সংস্কৃত ভাষাৰ বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল।

ইয়াৰোপৰি মাধৱ কন্দলীৰ নামত ভণিতা থকা দেবজিৎ কাব্য নামৰ অন্য এখন গ্ৰন্থ আছে।

অৱশ্যে এই গ্ৰন্থখন মাধৱ কন্দলীৰ হয়নে নহয় সেই সম্পৰ্কে সাহিত্যিক পণ্ডিত সকলৰ মাজত মতভেদ থকা দেখা যায়।

প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য সমূহ

১) ৰজা ঘৰীয়া পৃষ্ঠপোষকতা

প্ৰাক শংকৰী যুগৰ সাহিত্য সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে, আটাই কেইগৰাকী সাহিত্যিকেই ৰজা ঘৰীয়া পৃষ্ঠপোষকতাত হে সাহিত্য ৰচনা কৰিছিল।

২) কাব্য সাহিত্য

প্ৰাক শংকৰী যুগৰ সকলো সাহিত্যই ৰচনা কৰা হৈছিল পদ্যত।

গতিকে এই সাহিত্য সমূহক পদ্য সাহিত্য বা কাব্য সাহিত্য বুলি অভিহিত কৰিব পাৰি।

৩) অনুবাদ মূলক

এই সময়ত ৰচিত সকলো সাহিত্যই অনুবাদ মূলক সাহিত্য আছিল।

মহাভাৰত আৰু ৰামায়ণৰ কাহিনীৰ আধাৰত প্ৰাক শংকৰী যুগৰ সাহিত্য সমূহ ৰচনা কৰা হৈছিল।

৪) মৌলিক পৰিবেশ

যদিও এই সময়ত সকলো সাহিত্যই অনুবাদ মূলক আছিল, তথাপিও অসমীয়া ভাষাৰ ৰূপ দিওতে সমকালীন অসমীয়া পৰিবেশৰ লগত খাপ খুৱাই সাহিত্য সমূহ ৰচনা কৰা হৈছিল।

৫) ছন্দৰ প্ৰয়োগ

মূল সংস্কৃত গ্ৰন্থৰ ছন্দৰ আৰ্হিতে এই সময়ত সাহিত্যত ছন্দৰ প্ৰয়োগ ঘটিছিল।

অন্ত্যানুপ্ৰাস ছন্দৰ প্ৰয়োগেৰে পদ, দুলড়ী, ছবি আদি ৰচনা কৰা হৈছিল।

ঝুমুৰী ছন্দৰ ব্যৱহাৰ অতি আকৰ্ষণীয় ভাৱে মাধৱ কন্দলীয়ে তেওঁৰ কাব্যত ব্যৱহাৰ কৰা দেখা গৈছিল।

৬) ভাষাৰ বিশেষত্ব

প্ৰাক শংকৰী যুগৰ সাহিত্যত ভাষা তাত্বিক, ৰূপ তাত্বিক আৰু শব্দ তাত্বিক বিশেষত্ব বিশেষ ভাৱে চকুত পৰে।

ধ্বনি তাত্বিক বিশেষত্বৰ উদাহৰণ স্বৰূপে – যুক্তাক্ষৰৰ সৰলীকৰণ, উ – ৰ প্ৰয়োগ, জ – ৰ প্ৰয়োগ, ৰ – ৰ পৰিবৰ্তে ল – ৰ প্ৰয়োগ আদি।

ৰূপ তাত্বিক বিশেষত্বৰ উদাহৰণ স্বৰূপে – সৰ্বনামৰ বিভিন্ন ৰূপ, ক্ৰিয়াৰ বিভিন্ন কাল, শব্দ বিভক্তিৰ প্ৰয়োগ আদি।

শব্দ তাত্বিক বিশেষত্বৰ উদাহৰণ স্বৰূপে – তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ, দেশী শব্দৰ লগতে বিদেশী শব্দ যেনে বাজাৰ, হাজাৰ আদিৰ প্ৰয়োগ, প্ৰত্যয়ৰ ব্যৱহাৰ আদি।

৭) যুদ্ধৰ বৰ্ণনা

প্ৰাক শংকৰী যুগৰ আটাই কেউ জন কবিৰ সাহিত্যত যুদ্ধই এক বিশেষ স্থান লাভ কৰিছে।

যুদ্ধৰ বৰ্ণনাও অতি সুনিপুন ভাৱে কবি সকলে বৰ্ণনা কৰাত সফল হৈছে।

কবি সকলে ৰচনা কৰা কাব্য সমূহো যুদ্ধৰ নামেৰে দিয়া দেখা গৈছে – যেনে – তাম্ৰ ধ্বজৰ যুদ্ধ, জয় দ্ৰথ বধ আদি।

৮) অলংকাৰ প্ৰয়োগ

যদিও অনুবাদ মূলক সাহিত্যই প্ৰাধান্যতা পাইছিল, তথাপিও সেই সময়ৰ কবি সকলে তেওঁলোকৰ সাহিত্যত ৰস সৃষ্টি বা স্বকীয়তা প্ৰকাশ কৰিবৰ বাবে থলুৱা অলংকাৰ, জতুৱা ঠাঁচ, খণ্ড বাক্য আদিৰ প্ৰয়োগেৰে প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল।


FAQ on প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য

প্ৰাক শংকৰী যুগৰ সাহিত্যিক সকল কোন কোন?

হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ, মাধৱ কন্দলী

প্ৰাক শংকৰী যুগৰ সাহিত্যৰ বৈশিষ্ট্য সমূহ কি কি?

ৰজা ঘৰীয়া পৃষ্ঠপোষকতা, কাব্য সাহিত্য, অনুবাদ মূলক, মৌলিক পৰিবেশ, ছন্দৰ প্ৰয়োগ, ভাষাৰ বিশেষত্ব, যুদ্ধৰ বৰ্ণনা, অলংকাৰ প্ৰয়োগ


ইয়াৰ লগতে পঢ়কঃ

11 thoughts on “প্ৰাক শংকৰী যুগ”

  1. লিখনিখিনি পঢ়ি বহুত উপকৃত হৈছোঁ ।

    Reply
  2. সময়োপযোগী লেখা। শ্ৰী কৃষ্ণ কীৰ্তন ৰ ওপৰত এটা টোকা লিখিবলৈ অনুৰোধ জনালোঁ

    Reply

Leave a Comment

error: Content is protected !!