सतीर्थ - शिक्षा, ज्ञान और उपयोगी जानकारी का विश्वसनीय मंच

কালিৰাম মেধি

কালিৰাম মেধিক অসমীয়া সাহিত্যৰ গৱেষণালব্ধ পুথি সমালোচনাৰ বাটকটীয়া বুলিব পাৰি।

১৯৩৬ চনত প্ৰকাশ পোৱা ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব‘ নামৰ পুথিখনৰ যোগেদি কালিৰাম মেধিয়ে অসমীয়া ভাষা আৰু সাহিত্যলৈ অপৰিসীম বৰঙণি আগবঢ়ায়।

জন্ম

কালিৰাম মেধিৰ জন্ম হৈছিল ১৯৮০ চনত কামৰূপ জিলাৰ ৰামদিয়া গাওঁত।

তেখেতৰ পিতৃৰ নাম আছিল ভূকলি মেধি আৰু মাতৃৰ নাম আছিল সোণতৰা মেধি।

শিক্ষা

কালিৰাম মেধিয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গাওঁৰে এখন উচ্চ প্ৰাইমাৰী বিদ্যালয়ত।

১৮৯১ চনত তেওঁ বৰদেউতাক ধৰম মেধিৰ তত্বাৱধানত গুৱাহাটীৰ চৰকাৰী স্কুলত নাম ভৰ্তি কৰিছিল।

১৮৯৭ চনত তেওঁ উক্ত স্কুলৰ পৰাই প্ৰথম বিভাগত এন্ট্ৰেন্স পাচ কৰে।

ইয়াৰ পাছত তেওঁ কলিকতাৰ চিটি কলেজত অধ্যয়ন কৰি ১৮৯৯ চনত প্ৰথম বিভাগত এফ. এ. উত্তীৰ্ণ হয় আৰু উক্ত কলেজতে স্নাতক শ্ৰেণীত শিক্ষা গ্ৰহণ কৰে।

১৯০৩ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত 2য় শ্ৰেণীৰ ৪ৰ্থ স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয়।

উল্লেখ কৰিব পাৰি যে, কালিৰাম মেধি হ‘ল স্নাতকোত্তৰ উপাধি লাভ কৰা তৃতীয়জন অসমীয়া ব্যক্তি।

কৰ্ম জীৱন

কালিৰাম মেধিয়ে ১৯০৪ চনত মাটিৰ হাকিম হিচাপে চাকৰিত যোগদান কৰে।

১৯০৫ চনত তেওঁ অসম প্ৰশাসনিক সেৱাৰ চাকৰিত যোগদান কৰে।

ইয়াৰ পৰবৰ্তী সময়ত নগাঁও, ডিব্ৰুগড়, গোৱালপাৰা আদি অসমৰ বিভিন্ন ঠাইত তেওঁ চাকৰি সূত্ৰে ঘুৰা মেলা কৰে।

সেই সময় চোৱাত তেওঁ বিভিন্ন পদ মৰ্যাদা যেনে, মেজিষ্টেট, মহকুমাধিপতি, উপায়ুক্ত আদি হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

শেষত ১৯৩৮ চনত উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে।

১৯৪৬ চনত তেওঁক অসম চৰকাৰে ‘ৰায় বাহাদুৰ‘ উপাধি প্ৰদান কৰে।

১৯১৯ চনত তেওঁ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতিত্বও কৰিছিল।

১৯৪৮ চনত তেওঁ বৰপেটাত অনুষ্ঠিত শংকৰদেৱৰ পাঁচশ বছৰীয়া জন্মোৎসৱৰো সভাপতিত্ব কৰিছিল।

ইয়াৰ উপৰিও তেওঁ অনুসন্ধান আৰু সংগ্ৰহালয় সমিতিৰ বাবে কাৰ্য নিৰ্বাহ কৰিছিল।

সাহিত্য ৰাজি

কালিৰাম মেধি এগৰাকী সু প্ৰসিদ্ধ সাহিতি্যক আৰু বৈয়াকণিক আছিল।

বিভিন্ন উচ্চ পদস্থ উপাধিৰে কাৰ্য নিৰ্বাহ কৰি থকা কালছোৱাৰ মাজতে তেওঁ সাহিত্য ৰচনাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

তেওঁৰ সাহিত্য ৰাজিক আমি এনেদৰে চাব পাৰো-

ক্ৰমচন সাহিত্য ৰচনা
১১৯১৩ চন প্ৰহ্লাদ চৰিত্ৰ (সম্পাদনা)
২১৯১৪ চন মহাপুৰুষ শংকৰদেৱৰ বাণী
৩১৯১৮ চন অসমীয়া ভাষাৰ মূল
৪১৯৩৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব
৫১৯৩৬ চন অসমীয়া প্ৰাথমিক প্ৰাকৃতিক বিজ্ঞান
৬১৯৫০ চনঅংকাৱলী – ২১ খন অংকীয়া নাটৰ সংগৃহিত সংকলন
৭ইয়াৰোপৰি, বীজগণিত, অসমীয়া নাট, হেলীৰ নেজাল তৰা, গৌৰৱ, লিখাৰ সঁজুলি, তপ, পৃথিৱী আদি পাণ্ডিত্য পূৰ্ণ সাহিত্য কৃৰ্তিৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।
৮১৯৭৮ চন Studies in the Vaisnava Literature and Culture of Assam
৯ ইয়াৰ বাহিৰেও ইংৰাজী ভাষাত লিখা তেওঁৰ অন্যান্য কৃতি সমূহ হক্সল এনেধৰণৰ, The Kalitas, Brajavali Literature of Assam, Philosophic Aspects of the Assamese Brajavali Literature, Origin of Assamese Drama, Assamese Grammar and Origin of the Assamese Language

মৃত্যু

কালিৰাম মেধিৰ মৃত্যু হয়, ১৯৫৪ চনৰ ২৪ জানুৱাৰীত গুৱাহাটীস্থ নিজ বাসভৱনত।

Leave a Comment

error: Content is protected !!