সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

ভাওনাৰ ৰূপ বৈচিত্ৰ্যঃ এটি অধ্যয়ন

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে অসমত নৱবৈষ্ণৱ আদৰ্শ প্ৰচাৰৰ বাবে সৃষ্টি কৰা পৰিৱেশ্য কলা ভাওনা নিঃসন্দেহে অসমৰ শ্ৰেষ্ঠতম সাংস্কৃতিক সম্পদ।

গণমুখী চেতনাৰে সমৃদ্ধ এই ভাওনা আছিল বিচ্ছিন্নতাৰ মাজত ঐক্য, সমন্বয় আৰু সুকুমাৰ জীৱনবোধৰ ধাৰক তথা বাহক।

পঞ্চদশ শতিকাৰ শেষ সময়ৰ পৰা বৰ্তমানলৈকে অসমৰ জনজীৱনত ভাওনাৰ এক ভক্তিসিক্ত অনন্য আবেদন আছে।

সুকুমাৰ কলাৰ স্তপিকৃত ৰূপ এই ভাওনাতেই যথাৰ্থতে প্ৰতিফলিত হয় জাতীয় আবেগ আৰু অসমীয়া মানুহৰ বৰ্ণাঢ্য সাংস্কৃতিক চেতনা।

সংস্কৃতি পৰিৱৰ্তনশীল।

সেয়ে ভাওনাতো স্বাভাৱিকতে পৰিৱৰ্তন আহিবই।

কালৰ সোঁতত মহাপুৰুষজনাই সৃষ্টি কৰা নাট্যধাৰাটিৰ গাত ভেজাদি অন্য বহু নতুন ধাৰাৰ সৃষ্টি হ’ল।

তাৰে যিবোৰ ৰূপে নিজকে সুপ্ৰতিষ্ঠিত কৰিব নোৱাৰিলে সিবিলাক  স্বাভাৱিকতে হেৰাই গ’ল।

পৰিৱেশ্য ৰূপৰ ক্ষেত্ৰতো নতুনত্ব আহিল।

এখন মঞ্চত এখন ভাওনাৰ ঠাইত একাধিক ভাওনা প্ৰায় একে মঞ্চতে অভিনীত হ’ল।

সাম্প্ৰতিক কালত প্ৰতিযোগিতা আৰু সমাৰোহৰ আয়োজন কৰি ভাওনাক বিশাল পৰিসৰ দান কৰা হৈছে।

বৰ্তমান যিবোৰ পৰিৱেশ্যৰূপে ভাওনাক অধিক গণমুখী কৰিছে সেই ৰূপসমূহ হ’লঃ

বাৰেচহৰীয়া ভাওনা

অসমৰ ভাওনা সংস্কৃতিৰ এক অবিচ্ছদ্য আৰু আটাইতকৈ সমৃদ্ধিশালী অঙ্গ হৈছে বাৰে চহৰীয়া ভাওনা।

এই  বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ এক সুকীয়া ঐতিহ্য।

আনুমানিক ১৭৯৭-৯৮ চনত জামুগুৰি ৰঘুদলনীত প্ৰথম বাৰে চহৰীয়া ভাওনা অনুষ্ঠিত হয়।

আচলতে বাৰে চহৰীয়া ভাওনা শব্দই ‘বাৰ’ সংখ্যাক নুবুজায়।

‘বাৰ’ শব্দই অনেক ‘চহৰ’ শব্দই গাওঁক বুজাইছে।

চহৰ শব্দটো সত্ৰীয়া পৰিমণ্ডলতো প্ৰয়োগ হোৱা দেখা যায়।

সত্ৰাধিকাৰে  যেতিয়া শিষ্যসকলৰ অঞ্চলত বাহৰ পাতি এঠাইৰ পৰা আনঠাইলৈ বাহৰ সলনি কৰি শৰণ-ভজন দিয়ে বা কৰ-কাটল তোলে; তাক চহৰফুৰা বুলি কোৱ হয়।

চহৰ শব্দই প্ৰকৃততে গাঁও অঞ্চলৰ কথাকে বুজায়।

গতিকে অনেক গাঁৱৰ ৰাইজ একত্ৰ হৈ যি ভাওনা অনুষ্ঠিত কৰে সেয়ে বাৰে চহৰীয়া ভাওনা

বাৰে চহৰীয়া ভাওনা বাৰ্ষিক হিচাপত পতা নহয়।

কিয়নো ইয়াত ধন-জন আৰু শ্ৰমৰ প্ৰয়োজন অতি বেছি।

সেইবাবে ৰাজহুৱা সিদ্ধান্ত মৰ্মে প্ৰয়োজন বোধে ভাওনা অনুষ্ঠিত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

এই ভাওনাৰ মণ্ডপ অতি কৌশলপূৰ্ণ আৰু দৃষ্টিনন্দন।

পদুমফুলৰ আৰ্হিত নিৰ্মিত ৰভাখনৰ সোঁমাজত অস্থায়ী সিংহাসন প্ৰতিষ্ঠা কৰা হয়।

সিংহাসন থকা অংশটো আঁতৰৰ পৰা দেউলৰ দৰে জিলিকি থাকে।

মধ্যভাগ সংলগ্ন কৰা প্ৰতিখন ৰভা মিলি এটা বৃত্তৰ ৰূপ লয়।

পদুম ফুলৰ পাহিৰ আকাৰৰ চৈধ্যৰ পৰা একৈছ খনলৈ মণ্ডপক সামৰি বৃত্তাকৃতিৰ বিশাল মণ্ডপ নিৰ্মাণ কৰি প্ৰতিটো মণ্ডপকে একো একোটা মঞ্চলৈ পৰিণত কৰা হয়।

প্ৰতিটো মঞ্চকে থলুৱা ভাষাত ‘খলা’ বুলি কয়।

প্ৰতিটো খলাৰ সন্মুখত একো একোটা কৰাপাট, চোঁঘৰ নিৰ্মাণ কৰা হয়।

মঞ্চৰ জোখ-মাখ, নক্সা স্থানীয় অভিজ্ঞ লোকে দিয়ে আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সমূহীয়াভাৱে শ্ৰমদান কৰি মণ্ডপ নিৰ্মাণ কাৰ্য সম্পন্ন কৰে। 

ভাওনাত অংশগ্ৰহণকাৰী খেল বা দলে নিজা মণ্ডপ নিৰ্মাণত আগভাগ লোৱা দেখা যায়।

মণ্ডপৰ মধ্যস্থানত সিংহাসনৰ চাৰিওফালে দেউলৰ নামনিত প্ৰতিটো খলাত একোখনকৈ ভাগৱত প্ৰতিষ্ঠা কৰা হয়।

সিংহাসনলৈ মুখ কৰি থকা পশ্চিমৰ খলা খনক প্ৰথম খলা হিচাপে ধৰি সেঁাহাতলৈ ইয়াৰ গননা আৰু নামকৰণ কৰা হয়।

গায়ন-বায়নৰ জোৰা উঠাৰ আগে আগে প্ৰথম খলাত বৰকাঁহ বজোৱা হয়।

লগে লগে, সকলো খলাতে ডবা কাঁহ বাজি উঠে তাৰ পিছতে প্ৰতিটো খলাতে জোৰা আৰম্ভ হয়।

মূল গায়নে শ্লোকেৰে জোৰা আৰম্ভ কৰে।

চাহিনীৰ পিছত ধেমালিৰ লগে লগে প্ৰথম খলাৰ পৰাই গায়ন-বায়নে ‘ঢেৰাপাক’ দিয়াৰ আৰম্ভ কৰে।

লগে লগে প্ৰতিটো খলাৰ গায়ন-বায়নে প্ৰথম খলাৰ বাদকক অনুসৰণ কৰি খলা সমূহত তিনিপাক দিয়ে।

তিনি পাক সম্পূৰ্ণ হোৱাৰ পিছত নিজ নিজ খলালৈ আহি প্ৰতিটো দলে নিজা বাদ্য, বাজনা, নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰে।

বাৰে চহৰীয়া ভাওনাৰ এই ‘ঢেৰাপাকে’ ই অতি আকৰ্ষণীয় আৰু নয়নাভিৰাম দৃশ্য।

ইয়াৰ পাছত প্ৰতিটো খলাৰ নিৰ্দিষ্ট খেলৰ নাটৰ ভাওনা আৰম্ভ হয়।

গায়ন-বায়নৰ দৰে সূত্ৰধাৰ আৰু ভাৱৰীয়া সকলে প্ৰতিটো খলাতে প্ৰদক্ষিণেৰে প্ৰৱেশ কৰি নিজৰ খলাত অভিনয় কৰিব লাগে।

প্ৰতিটো খলাতে বেলেগ বেলেগ নাটৰ অভিনয় হয়।

যদিও দৰ্শকে নাটকৰ ৰস পান কৰাত অসুবিধা নাপায়।

লোকচিত্ত বিনোদনৰ লগতে ভগৱৎ ভক্তিৰ প্ৰগাঢ় আবেদন বাৰে চহৰীয়া ভাওনাৰমূল আৱেদন।

বাৰে চহৰীয়া ভাওনাৰ সকলো নাট অঙ্কীয়া আৰ্হিৰ।

স্বাভাৱিকতে ধৰ্মভাৱ ভাওনাৰ প্ৰধান উপলক্ষ্য।

ভাওনাৰ ভাষা ব্ৰজাৱলী।

বিভিন্ন সুৰ, পদ পয়াৰ, বিলাপ, মধ্যাৱলী, পীতাম্বৰী ছন্দপয়াৰ চপয় আদি সুৰত ব্ৰজবুলি সংলাপেৰে প্ৰাচীন নৃত্য-গীতৰ পয়োভৰৰে ইয়াৰ ভাওনা অনুষ্ঠিত হয়।

অসমীয়া বা মাতৃভাষাৰ নাটৰ ভাওনা বাৰে চহৰীয়াত কৰা নহয়।

আধুনিক মঞ্চ আৰু নাটৰ লগত সমানে তাল মিলাই পবিত্ৰ আধ্যাত্মিক ভাৱেৰে জামুগুৰি অঞ্চলৰ নামঘৰ সমূহৰ বিভিন্ন উৎসৱ পাৰ্বণত ভাওনাক আজিও সেৱাৰ বস্তু হিচাপে গণ্য কৰি অহা হৈছে।

তাৰেই প্ৰতিফলন বাৰে চহৰীয়া ভাওনাত দেখা যায়।

আয়োজকসকলে বিশ্বাস কৰে মহাপুৰুষ শঙ্কৰদেৱৰ চিহ্নযাত্ৰা ভাওনাৰ বিতোপন অভিনয় আৰু সাৰ্বজনীন আধ্যাত্মিক আৰু সাংস্কৃতিক আবেদনে এনে ভাওনা মহোৎসৱৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰে।

আধ্যাত্মিক দিশত হিন্দুৰ সনাতন ভাৱধাৰাকে বাৰে চহৰত সন্নিবিষ্ট হোৱা যেন অনুভৱ হয়।

পদুম আকৃতিৰ মঞ্চই ব্ৰহ্মাৰ নাভিকমল, প্ৰতিখন ৰভাত থকা চৈধ্য যোৰা খুটাই পবিত্ৰ বৈকুন্ঠৰ চৈধ্য পাৰিষদৰ ব্যঞ্জনা দাঙি ধৰে।

পাপ-পুন্যৰ বিচাৰত চৈধ্য সাক্ষী অনবৰত ইয়াত বিৰাজমান- এনে ধাৰণাকে বাৰে চহৰে বহন কৰি আহিছে।

হাজাৰী ভাওনা পঢ়িবলৈ ইয়াত ক্লিক কৰক (দ্বিতীয় অংশ)

 অৰুণ কুমাৰ গোস্বামী


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!