অসমীয়া লোকবিশ্বাসত নাপায় আৰু নালাগে
লোকবিশ্বাস সমূহ পৰম্পৰাগত ভাৱে চলি অহা লোক সংস্কৃতিৰ এক উপাদান।
এটা জাতিৰ জাতীয় জীৱনৰ মৌলিকতা সমূহ প্ৰকাশ পায় লোকবিশ্বাসৰ গভীৰতা আৰু সংস্কৃতিৰ ওপৰত।
এটা জাতিয়ে দৈনন্দিন জীৱনত কৰা আচৰণ সমূহ তেওঁলোকৰ বিভিন্ন কৰ্ম ৰাজিৰ সৈতে সম্পৰ্ক থকা ভাল বেয়া দিশ সমূহেই লোকবিশ্বাস বুলি অতি সহজে বুজিব পাৰি।
লোকবিশ্বাস সমূহ একেদিনাই গঢ় লৈ নুঠে। যুগ যুগ ধৰি বিভিন্ন কৰ্মৰাজিৰ প্ৰত্যক্ষ বা পৰোক্ষ পৰ্যবেক্ষণ তথা ফলাফলৰ ওপৰত ভিত্তি কৰিহে এইসমূহ লোকবিশ্বাসত পৰিণত হয়।
সাধাৰণভাৱে চালে বুজিব পাৰি যে, পুৰুষাণুক্ৰমে চলি অহা এটা জাতিৰ ক্ৰিয়া কলাপ সমূহত কিছুমান পালন কৰিব লগীয়া আৰু অন্য কিছুমান বৰ্জন কৰিবলগীয়া উপাদান থাকে।
এই সমূহ যুগ যুগ ধৰি পৰ্যবেক্ষণ কৰি থকা হয়। যেতিয়া ইয়াৰ ফলাফল সমূহৰ সত্যতা প্ৰতিপন্ন হয়, তেতিয়াই ই বিশ্বাসলৈ পৰিণত হয়।
এই সত্যতা সমূহ কেৱল বিশ্বাস কৰাই নহয়, ইয়াক জন জীৱনৰ বিভিন্ন স্তৰত পালন কৰা হয়।
অসমীয়া লোকবিশ্বাস সমূহো অনাদি কালৰে পৰাই প্ৰচলন হৈ আহিছে। সময়ৰ সোঁতত উটি ভাঁহি বৰ্তমান সমাজতো এইবিলাকে প্ৰাধান্য লাভ কৰিছেহি।
এই বিশ্বাস সমূহত বিজ্ঞানৰ স্থান আছেনে নাই তাক কোনেও ভাৱি চোৱা নাযায়।
কি শিক্ষিত, কি অশিক্ষিত সকলোৰে পৰা এই লোকবিশ্বাস সমূহে একেই শ্ৰদ্ধা লাভ কৰি আহিছে।
লোক বিশ্বাস সমূহ অসমীয়া জাতীয় জীৱনক সু-শৃংখলিত তথা সৱল কৰাতো সহায় কৰা দেখা গৈছে।
অসমীয়া সমাজ জীৱনত এই লোক বিশ্বাস সমূহৰ কিছুমান সদাচাৰ আৰু নীতিলৈ পৰিণত হোৱাও দেখা যায়।
ই সমাজ জীৱনত শৃংখলিত কৰি ৰখাত সহায় কৰে।
অসমীয়া সমাজত নাপায় নালাগে আদি নিষেধ জাতীয় অনেক বিশ্বাস প্ৰচলিত হৈ থকা দেখিবলৈ পোৱা যায়।
এই সমূহ অতীতৰে পৰা লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতাৰ বৰ্হি প্ৰকাশ বুলি ক‘ব পাৰি।
তাৰে কিছুসংখ্যক তলত উল্লেখ কৰা হ‘ল –
নাপায় আৰু নালাগেবোৰ
সন্ধিয়া আহাৰ খাব নালাগে।
একেলগে তিনিটা বস্তু কাকো দিব নাপায়।
আহিন আৰু চ‘ত মাহত ঢেকীয়া খাব নাপায়।
তিনি বিধ টেঙা একেলগে খাব নাপায়।
তিনি বিধ তিতা একেলগে খাব নাপায়।
গৰ্ভৱতী মহিলাই ফল যুক্ত গছ কাটিব নাপায়।
টেঙা আৰু খাৰ একেলগে খাব নাপায়।
গৰ্ভাৱতীক যিকোনো দুঃসংবাদ দিব নাপায়।
গৰ্ভাৱতী যিকোনো ৰচিৰ ওপৰেদি পাৰ হৈ যাব নাপায়।
খোৱাৰ সময়ত গান গাব নাপায়।
ঘৰৰ আগফালে তেতেলি গছ আৰু পাছফালে ঔ-টেঙা গছ থাকিব নাপায়।
চুঙা চাউলৰ চুঙাটো ওভতাই কাটিব নাপায়।
বাকলি নোহোৱা মাছ পুৰি খাব নাপায়।
সন্ধিয়া পান চিঙিব নাপায়।
এখন ভৰিৰ তলুৱাৰে আনখন ভৰিৰ তলুৱাত ঘঁহিব নাপায়।
গৰু বন্ধা পঘাৰে গৰুক কোবাৱ নাপায়।
গাই গৰুৰে হাল বাব নাপায়।
গালত হাত দি খোৱা বোৱা কৰিব নাপায়।
ভৰি মেলি খাৱ নাপায়।
বঢ়া ভাত নাখাই এৰি থৈ যাৱ নাপায়।
এঘৰত ভাত খাই আন এঘৰত মুহুদি কৰিব নাপায়।
যঁজা তামোল খাৱ নাপায়।
ৰাতি তিতা খাৱ নাপায়।
ৰাতি শাক খাৱ নাপায়।
ৰাতি দৈ খাৱ নাপায়।
আনৰ গাত থুই পেলাৱ নাপায়।
পানীত শৌচ বা পেচাব কৰিব নাপায়।
ঘৰৰ কাষত কঠাল গছ ৰুৱ নাপায়।
মেকুৰী মাৰিব নাপায়।
ডিঙিত পঘা ওলোমাৱ নাপায়।
জন্ম বাৰত দাৰি চুলি নখ কাটিব নাপায়।
দুৱাৰদলি গছকিব নাপায়।
ৰাতি ঘৰৰ ভিতৰৰ জাৱৰ-জোথৰ বাহিৰত পেলাব নাপায়।
উত্তৰ আৰু পশ্চিমফালে মূৰ দি শুৱ নাপায়।
পূৰ্ণিমা আৰু অমাৱস্যাত সংগম কৰিব নাপায়।
ভাদ আহিন কাতি পুহ আৰু চ‘ত মাহত বিয়া পাতিব নাপায়।
মাঘ আৰু ফাগুন মাহত কচু থোৰ খাৱ নাপায়।
ক‘ৰবালৈ যোৱাৰ সময়ত পিছফালৰ পৰা মাতিব নাপায়।
মোমায়েকে ভাগিনিয়েকৰ ওপৰত হাত তুলিব নাপায়।
ব্ৰাহ্মণ লোকে হাল বাব নাপায়।
কঠিয়া তলিত কঠিয়া সিঁচাৰ দিনাখন কাকো ভিক্ষা দিব নাপায়।
নৱ জাতকক আয়না দেখুৱাব নাপায়।
প্ৰসূতি মাতৃক আনে চুব নাপায়।
জন্ম বাৰত বিয়া পাতিব নাপায়।
বিয়াৰ দ্বিতীয় ৰাতি দৰাই কইনাক বা কইনাই দৰাক চাব নাপায়।
ভৰ দুপৰীয়া বা ভাত খোৱা সময়ত ঢেকীত ধান বানিব নাপায়।
মাছ মাৰিবলৈ যোৱাৰ আগতে কোনো মানুহক মাছ ধৰা সঁজুলীবোৰ চুব দিব নাপায়।
পুস্পিতা হোৱা ছোৱালীক আনে চুব নাপায়।
আঁহত আৰু বট গছৰ তলত ৰাতি ৰ‘ব নাপায়।
গুৰুত্বপূৰ্ণ কামত আগবাঢ়োতে কণী খাব নাপায়।
প্ৰস্বাব কৰোতে সূৰ্যৰ ফালে মুখ কৰিব নাপায়।
মাঘ মাহত মূলা খাব নাপায়।
সন্ধিয়া পৰত চুলি ফনিয়াব নাপায়।
গ্ৰহণৰ সময়ত খাদ্য খাৱ নাপায়।
গ্ৰহণৰ সময়ত বাহিৰলৈ ওলাব নাপায়।
শনিবাৰ আৰু মঙ্গলবাৰে বাঁহ কাটিব নাপায়।
ক‘ৰবালৈ যোৱাৰ সময়ত খালী পাত্ৰ দেখিব নাপায়।
ৰাতি সাপৰ নাম ল‘ব নাপায়।
অসমীয়া এই লোক বিশ্বাস সমূহ অধ্যয়ন কৰিলে দেখা যায় যে, জন জীৱনৰ বিভিন্ন স্তৰৰ বিভিন্ন দিশক কেন্দ্ৰ কৰি এইসমূহ গঢ় লৈ উঠিছে।
FAQs on অসমীয়া লোকবিশ্বাসত নাপায় আৰু নালাগে
লোকবিশ্বাস কি ?
লোকবিশ্বাস সমূহ পৰম্পৰাগত ভাৱে চলি অহা লোক সংস্কৃতিৰ এক উপাদান। এটা জাতিৰ জাতীয় জীৱনৰ মৌলিকতা সমূহ প্ৰকাশ পায় লোকবিশ্বাসৰ গভীৰতা আৰু সংস্কৃতিৰ ওপৰত।
লোকবিশ্বাস কেনেকৈ গঢ় লৈ উঠে ?
যুগ যুগ ধৰি বিভিন্ন কৰ্মৰাজিৰ প্ৰত্যক্ষ বা পৰোক্ষ পৰ্যবেক্ষণ তথা ফলাফলৰ ওপৰত ভিত্তি কৰিহে লোকবিশ্বাস গঢ় লৈ উঠে ।
ইয়াৰ লগতে পঢ়কঃ
- EPFO Claim Status 2026: Submitted, Under Processing, Approved और Settled का मतलब
- Fake E-Challan Scam 2026: SMS/WhatsApp Challan असली या Fake? APK Install होने पर क्या करें
- Blurting Method क्या है—पढ़ा हुआ याद रखने के 7 Steps, NCERT Examples और Revision Plan
- e-OCI Card Download कैसे करें—Existing OCI Link, Email Update, QR Verification और Travel Guide 2026
- CPGRAMS Portal Complaint कैसे करें—Registration, Status, 21-Day Time Limit, Poor Rating और Appeal Guide
- How to Use Digi Yatra with a Driving Licence—Aadhaar के बिना Registration, Primary Credential और Error Fix Guide











