সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া কৃষিকেন্দ্ৰিক লোকবিশ্বাস

অসম প্ৰকৃতিৰ ৰম্যভূমি আৰু কৃষিৰ বাবে অতি উৰ্বৰা ক্ষেত্ৰ বুলি জনা যায়।

অতীতৰে পৰা ইয়াত বসবাস কৰা সকলো লোকৰে কৃষিয়েই জীৱন ধাৰণৰ মূখ্য উৎস কৃষি ।

আহু শালি বাও এই তিনিধৰণৰ খেতি কৰি অসমীয়া পাহাৰ ভৈয়ামৰ লোকে জীৱন নিৰ্বাহ কৰে।

বাৰিষা আৰু খৰালিৰ বতৰত দুই ধৰণৰ খেতি অসমীয়া লোকে কৰা দেখা যায়।

বাৰিষা কৰা খেতিত অসমীয়া লোকৰ অনেক দুখ কষ্ট তথা জীৱন সংগ্ৰাম নিহিত হৈ থাকে।

এই খেতিৰ শস্য যাতে লহ পহকৈ বাঢ়ে আৰু কীট পতংগ আদিয়ে যাতে অপকাৰ কৰিব নোৱাৰে, এই সমূহৰ বাবে অনেক লোকাচাৰ মানি চলা হয়।

এই লোকাচাৰ সমূহ যুগ যুগ চলি অহাৰ ফলশ্ৰুতিত এইবিলাকে কৃষিকেন্দ্ৰিক উৎসৱ হিচাপে স্বীকৃতি লাভ কৰে।

অসমৰ প্ৰায় সকলো জাতি জনজাতিয়ে এই লোকাচাৰ বা কৃষিভিত্তিক উৎসৱ সমূহ পালন কৰা দেখা যায়।
তাৰ ভিতৰত

কৃষিভিত্তিক উৎসৱ

মিছিং সকলৰ – আলি আয়ে লৃগাং আৰু পঃৰাগ

কাৰ্বি সকলৰ – চ‘জুন, ৱ‘ল‘কেতেৰ, লক্ষ্মী কেপ্লাং

খাচি সকলৰ – নংক্ৰেম

গাৰো সকলৰ – আগালমাকা, জামে গাপা আহা ইয়া, ৱাংগালা

মিজো সকলৰ – প‘লকূট, চাপচাৰকূট, মানকূট

বড়ো সকলৰ – আছু খেৰাই, শালি খেৰাই

ৰাভা সকলৰ – বায়খো, মাম্বেবাকায়, গ্ৰি‘মবুদা, ৰুন্তুক

তিৱা সকলৰ – জংখং, ইয়াংলি, ৱানছুৱা

হাজং সকলৰ – ৰোৱা লাগা

বড়ো-কছাৰীৰ – মায়নাও লায়নায়

তিৱা সকলৰ – মায় পথালা

সৰ্বস্তৰৰ অসমীয়া সকলৰ – ব‘হাগ বিহু, কাতি বিহু, মাঘ বিহু, অম্বুবাচী, হাল জোৰা, গোছ লোৱা, কঠিয়া পৰা, খেতি চপোৱা, ন খোৱা, ভেকুলী বিয়া আদি।

উল্লেখিত এই সকলো খিনি উৎসৱেই কৃষিৰ লগত সম্বন্ধিত।

এই কৃষিভিত্তিক উৎসৱ বিলাকৰ লগত অনেক বিশ্বাস জড়িত হৈ আছে।

কৃষি সম্বন্ধীয় বিশ্বাস

খেতিত নামিবলৈ এটা ভাল দিন বাৰ চাই লোৱা হয়। তাৰ পিছতহে পথাৰত হাল জোৰা হয়।

প্ৰথম হাল জোৰোতে পূৱমূৱা বা দক্ষিণমূৱাকৈ হাল জোৰা হয়।

কেইটামান দিনত হাল বোৱা নহয়, যেনে, একাদশী, পূৰ্ণিমা, অমাৱস্যা, দোমাহী, আদি। এই কেইদিনক হালখতি বুলি কোৱা হয়।

কঠিয়া সিঁচাৰ দিনাখন কচু জ্বলা খোৱাৰ নিয়ম আছে যাতে খেতি পোক-পৰুৱআই নষ্ট কৰিব নোৱাৰে।

পথাৰত কঠিয়া ৰোৱাৰ প্ৰথম দিনা এটা কলপুলি পোতা হয়।

ৰোৱনীয়ে লক্ষ্মীদেৱীক আৰাধান কৰি প্ৰথমে বাওঁ হাতেৰে গোছ দিয়ে।

ৰোৱনীয়ে প্ৰথমতে মাটিদৰাৰ পূৱ বা দক্ষিণ কোণত গোচ দিয়ে।

প্ৰথম গোছ দিওতে বিযুৰীয়াকৈ দিয়া হয়, যেনে তিনি, পাঁছ বা সাত গোছ।

কিছু কিছু ঠাইত কঠিয়া পৰা তথা গোছ লোৱাৰ দিনাখন নিৰামিষ খায় আৰু অন্য লোকক কোনো বস্তু আদান প্ৰদান নকৰে।

গোছ লোৱাৰ সময়ত ভালকৈ খেতি হ‘বৰ বাবে কলপুলি, কচু, তৰা পুলি, উলুখেৰ, বাঁহৰ লেকেচি, তুলসী পুলি আদিও মাটি দৰাৰ এচুকত ৰুই দিয়া হয়।

গোছ লোৱাৰ দিনা কিছু কিছু স্থানত পথৰুৱা সমাজক ভোজ ভাতো খুউৱা হয়।

ভূঁই ৰুই শেষ হোৱাৰ দিনাখন পথাৰত চাকি জ্বলাই সেৱা কৰি খেতি সামৰা হয়।

হাল বায় শেষ হ‘লে নাঙল ধোৱা উৎসৱ পালন কৰা হয়।

ধান পকাৰ পিছত ধানৰ আগ অনা বা আগলোৱা হয়।

আগ লোৱা প্ৰথাত পথাৰৰ পৰা ধান আনোতে অনা জনে বাটত কাৰোৰে সৈতে মাত বোল কৰিব নাপায় বা আন ফালে চোৱাও নিষেধ

ধান কাটি শেষ হোৱাৰ দিনাখন খেতি চপোৱা নিয়ম পালন কৰা হয়।

ধান কাটি শেষ হ‘লে তিনি গুছি ধান তিনিকোণীয়াকৈ ৰাখি মাজতে বান্ধি থৈ অহা হয়। পিছত ধূপ ধুনা দি সেৱা সৎকাৰ কৰি সেই তিনি গুছি ধানৰ কিছু অংশ কাটি ভৰালত আচুতিয়াকৈ সুমুৱাই থোৱা হয়।

ধান কটাৰ শেষৰ দিনটোক কাঁচি উঠা বা কাঁচি তোলা বুলি কোৱা নিয়ম।

ন ধানেৰে ৰাইজক ভোজ ভাত খুউৱা হয়।

ভৰাল ঘৰত ঋতুমতী তিৰোতাৰ বা গা নোধোৱাকৈ প্ৰবেশ নিষেধ, এনে হ‘লে লক্ষ্মীয়ে ভৰাল এৰিব বুলি বিশ্বাস।

ঋতুমতী তিৰোতাক পথাৰ গছকিবলৈও দিয়া নহয়। গ‘লে ধান পুৰি ছাই হৈ যাব বুলি বিশ্বাস ।

অসমীয়া সমাজত গা নোধোৱাকৈ ভৰাল ঘৰ চুব নাপায় বুলি নিষেধাজ্ঞা আছে।

ভৰাল ঘৰত বাস কৰা সাপক মৰা নিষেধ।

কাতি বিহুৰ দিনা খন ঘৰৰ তিৰোতা পথাৰলৈ গৈ ধান খেতি চালে খেতি লহ পহকৈ বাঢ়ে বুলি বিশ্বাস ।

লক্ষ্মীদেৱীক সন্তুষ্ট কৰি ৰাখিবলৈ ভৰাল ঘৰৰ পৰা দিন বাৰ চাইহে ধান উলিওৱা হয়।

ধানে গেৰ মেলাৰ সময়ত গৃহস্থই যদি শোকোতা বা চাউলৰ গুৰিৰ আঞ্জা খাই পথাৰলৈ যায়, তেতিয়া ধান পতান হয় বুলি বিশ্বাস

ধান খুন্দা ঢেকীত গৃহস্থ বহিলে পথাৰত এন্দুৰে ধান নষ্ট কৰে বুলি বিশ্বাস ।

আলহীক ভাত খুৱাই মুহুদি নকৰাকৈ পথালে লক্ষীমীয়ে এৰি যায় বুলি বিশ্বাস ।

ধান চাউলৰ লগত জড়িত যিকোনো সামগ্ৰী যেনে, ডলা কুলা চালনী বটুৱা কেৰাহী আদি লঠিয়ালে লখিমীয়ে ঘৰ ত্যাগ কৰে বুলি বিশ্বাস ।

প্ৰথম দিনা হাল বাওঁতে নাঙল যুঁৱলি ভগা বা চিগিলে খেতি ভাল নহয় বুলি ভৱা হয়।

ধানৰ কঠিয়াৰ সঁচ সাধাৰণতে কৃষ্ণ পক্ষত লোৱা হয়। শুক্ল পক্ষত ল‘লে কঠিয়া বেয়া হয় আৰু ধানত পোকে ধৰে বুলি বিশ্বাস ।

ধাননি পথাৰত সুহুৰি মাৰিলে লক্ষ্মীদেৱীয়ে এৰি যায় বুলি লোক বিশ্বাস আছে।

পানীৰ অভাৱ হ‘লে, বৰষুণ নহলে, খৰ মাৰিলে ভেকুলি বিয়া পাতিলে বৰষুণ হয় বুলি বিশ্বাস আছে।

ইয়াৰ বাদেও আৰু অনেক কৃষি সম্বন্ধীয় বিশ্বাস পৰম্পৰা তথা লোকাচাৰ লোককলা অসমীয়া সমাজত প্ৰচলিত হৈ আছে। পৰৱৰ্তী সময়ত সেই সমূহ আলোচনা কৰা হ‘ব।


FAQs on অসমীয়া কৃষিকেন্দ্ৰিক লোকবিশ্বাস

অসমীয়া কৃষিকেন্দ্ৰিক লোকবিশ্বাস কি?

এই খেতিৰ শস্য যাতে লহ পহকৈ বাঢ়ে আৰু কীট পতংগ আদিয়ে যাতে অপকাৰ কৰিব নোৱাৰে, এই সমূহৰ বাবে অনেক লোকাচাৰ মানি চলা হয়। এই লোকাচাৰ সমূহ যুগ যুগ চলি অহাৰ ফলশ্ৰুতিত এইবিলাকে কৃষিকেন্দ্ৰিক উৎসৱ হিচাপে স্বীকৃতি লাভ কৰে।

কৃষিভিত্তিক উৎসৱবোৰ কি কি?

অসমীয়া সকলৰ – ব‘হাগ বিহু, কাতি বিহু, মাঘ বিহু, অম্বুবাচী, হাল জোৰা, গোছ লোৱা, কঠিয়া পৰা, খেতি চপোৱা, ন খোৱা, ভেকুলী বিয়া আদি, মিছিং সকলৰ – আলি আয়ে লৃগাং আৰু পঃৰাগ, কাৰ্বি সকলৰ – চ‘জুন, ৱ‘ল‘কেতেৰ, লক্ষ্মী কেপ্লাং,


ইয়াৰ লগতে পঢ়কঃ


ইয়াৰ লগত জানিব পাৰিব তলত উল্লেখ কৰা বিষয় সমূহৰ বিষয়ে

অসমীয়া লোক-স্ংস্কৃতিত কৃষি | বৰষুণৰ সৈতে জড়িত লোকাচাৰ | কৃষিৰ লগত জড়িত ডাকৰ বচন আৰু লোকবিশ্বাস | নগা লোক-সংস্কৃতি | ভেকুলী বিয়া | কৃষিৰ লগত জড়িত উৎসৱ | অসমৰ জাতীয় উৎসৱ হিচাপে বিহু | অসমীয়া সমাজত প্ৰচলিত লোকবিশ্বাস | লোকবিশ্বাস আৰু অন্ধবিশ্বাস | কৃষি ভিত্তিক উৎসৱ | কৃষি বুলিলে কি বুজা | অসমৰ কৃষিভিত্তিক উৎসৱ । লোক উৎসৱ কি । লোকবিশ্বাস কাক বোলে । লোকাচাৰ আৰু লোকবিশ্বাস । অসমীয়া লোকবিশ্বাস

Leave a Comment

error: Content is protected !!