সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অসমীয়া লোকসাহিত্য আৰু ইয়াৰ বৈশিষ্ট্য

লোক সাহিত্য কি?

লোক সাহিত্য হ’ল সৰ্ব সাধাৰণ মানুহৰ সুখ দুখ হৰ্ষ বিষাদ প্ৰেম বিৰহ আবেগ অনুভূতি অভিজ্ঞতা প্ৰকৃতি আদিৰে পুষ্ট এক প্ৰকাশভংগী

ই সমাজত পৰম্পৰাগত ভাৱে মুখে মুখে প্ৰচলিত হৈ থকা এক লোক বিশ্বাসৰ প্ৰতিচ্ছবি

লোক সাহিত্য সমূহৰ ৰূপ কাহিনী গীত আখ্যান পটন্তৰ বেলাড আদিৰ আকাৰে সমাজত প্ৰচলন হৈ থাকে।

লোক সাহিত্যৰ সংজ্ঞা

বিভিন্ন পণ্ডিতে বিভিন্ন সময়ত লোক সাহিত্যৰ সংজ্ঞা দাঙি ধৰিছে।

ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে, “জাতিৰ আদিম অৱস্থাৰ পৰা সভ্য স্তৰলৈ আঁত নিচিগাকৈ চলি থকা জনশ্ৰুতিয়েই হ‘ল লোক সাহিত্য“।

ড নবীন চন্দ্ৰ শৰ্মাৰ মতে, “লোক সাহিত্য হ’ল লোক জীৱনৰ সঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰ বহিঃ প্ৰকাশ“।

লীলা গগৈৰ মতে, “লোক সাহিত্য লোক মনোধৰ্মী। লোক মানসত প্ৰতিফলিত হয় লোক জীৱনৰ আৱেগ, অনুভূতি, অভিজ্ঞতা। মানুহৰ সামূহিক আবেগে সাহিত্যিক ৰূপ পৰিগ্ৰহণ কৰে স্বভাৱ কবিৰ কবিতাত, বুঢ়ী আইৰ সাধুত, বিহুৱাৰ বিহু নামত, আয়তীৰ বিয়া নামত“।

শশী শৰ্মাৰ মতে, “লোক সাহিত্য হ’ল লোক সমাজে ৰচনা কৰা সাহিত্য“।

লোক সাহিত্যৰ স্বৰূপ

লোক সাহিত্য হ’ল মানৱ জীৱনৰ যুগ যুগ ধৰি সঞ্চিত অভিজ্ঞতা অনুভূতিৰ আবেগিক প্ৰতিফলন

লোক সাহিত্যত সমাজ আৰু যুগ ভেদে ৰূপৰ বিভিন্নতা দেখা যায়। ইয়াত সময়ৰ প্ৰভাৱ দেখা নাযায়।

ইয়াত এক গণ্ডীৰ ভিতৰত ধৰি ৰাখিব নোৱাৰি। ই চলন্ত

মানুহৰ মুখে মুখে অনন্ত কালৰ পৰা লোক সাহিত্য বিভিন্ন শব্দৰ পলস পৰি, কল্পনাৰ ৰহন বুলাই বোৱতি নদীৰ দৰে গতি কৰি আছে।

অসমীয়া লোক সাহিত্যৰ বৈশিষ্ট্য

অসমীয়া লোক সাহিত্য সমূহ সামগ্ৰিক ভাৱে বিচাৰে কৰিলে বহু কেইটা বৈশিষ্ট্য দেখা পোৱা যায়।

ই হ’ল লোক সাহিত্যৰ এক অন্যতম বৈশিষ্ট্য। লোক সাহিত্য সমূহৰ একো একোটা ছন্দোময় প্ৰকাশ দেখা পোৱা যায়।

১) গীতিমাধুৰ্যতা

লোক সাহিত্য সমূহক কল্পনাৰ প্ৰৱণতা আৰু অনুভূতিৰ তীব্ৰতাই গীতিময় ৰূপ লাভ কৰাত সহায় কৰা দেখা যায়।

২) ধৰ্মীয় ধ্যান-ধাৰণা

লোক সাহিত্যৰ লগত ধৰ্ম তথা ধৰ্মীয় বিশ্বাসৰ ওতঃ প্ৰোত সম্পৰ্ক দেখা যায়।

অনাদি কালৰে পৰা মানুহে বিভিন্ন প্ৰাকৃতিক দুযোগ, মাৰি-মৰক, ধুমুহা, বজ্ৰপাত, ভূমিকম্প, আদিৰ পৰা ৰক্ষা পাবৰ বাবে বিভিন্ন অদৃশ্য শক্তিক যাগ যজ্ঞ পূজা পাতল কৰি আহিছে।

একেদৰেই বিভিন্ন উদ্দেশ্য সিদ্ধি, উৎসৱ পাৰ্বন আদিৰ লগতো অনেক দেৱ দেৱী বা অলৌকিক শক্তিৰ অধিকাৰীক মানি চলি আহিছে।

এই সকলো বিলাকৰ উদ্দেশ্যে বিভিন্ন গীত মাত, মন্ত্ৰ, নৃত্য আদি ৰচনা কৰি সকলো অদৃশ্য শক্তি সন্তুষ্ট কৰাৰ এক চেষ্টা চলোৱা হৈছিল।

পৃথক পৃথক কৰ্মৰ বাবে দেৱ দেৱী নিৰ্বাচন কৰি সন্তুষ্ট কৰাৰ বাবে বেলেগে বেলেগে গীত-মাত, মন্ত্ৰ আদিৰ সৃষ্টি কৰা হৈছিল।

৩) সৃষ্টি

লোক সাহিত্য সমূহ কোনো এক বিশেষ ব্যক্তিৰ সৃষ্টি নহয়। ই কেতিয়াৰ পৰা আৰম্ভ হৈছিল তাৰো কোনো নিৰ্দিষ্ট তথ্য পাবলৈ নাই।

সময়ৰ লগে লগে মুখ বাগৰি ই ৰূপ সলায়। মুখ বাগৰোতে ইয়াত সদায় নতুনৰ যোগ হয় আৰু পুৰণি নোহোৱা হোৱা দেখা যায়।

ইয়াক ব্যক্তি সমষ্টিৰ সৃষ্টি বুলি ক’লেও ভুল কোৱা নহয়।

৪) সৃষ্টিশীলতা

মানুহৰ জীৱনৰ অভিজ্ঞতাপুষ্ট, বিশ্বাস সম্বলিত, বিভিন্ন নীতি শিক্ষাৰে পৰিপুৰ্ণ লোক সাহিত্য সমূহত সমাজৰ প্ৰতিভাসম্পন্ন ব্যক্তি মনৰ সৌন্দৰ্যবোধ প্ৰতিফলিত হোৱা দেখা যায়।

অতীতৰ অনাক্ষৰী লোকসকলে মৌলিক ধ্যান ধাৰণাৰ সহায়ত ইমান কলাসন্মত ভাৱে বিভিন্ন বিষয়সমূহ গীত মাত সাধু আদিৰ জড়িয়তে প্ৰকাশ কৰিছিল যে, ইয়াত সৃষ্টিশীল মনৰ উমান পাব পাৰি।

৫) সাৰ্বজনীন

অনন্ত কালৰে পৰা পৃথিৱীৰ সকলো ব্যক্তিৰে আশা আকাঙ্খা ভাৱ আবেগ অনুভূতি ৰুচি একেধৰণৰ।

জন্মত আনন্দ উৎসৱ, মৃত্যুত দুখ প্ৰকাশ আৰু বিবাহ বা অন্য অনুষ্ঠানৰ গুৰুত্ব বা উৎল্লাস আদি জন জীৱনৰ লগত জড়িত অংগ

এইবোৰ প্ৰকাশ কৰাৰ অনুভূতিও সৰ্বস্থানৰ লোকৰ প্ৰায় একেই হয়। ওপৰোক্ত অনুষ্ঠান-উৎসৱ সমূহ পালন কৰোতে দৈৱিক শক্তিক কৰা প্ৰাৰ্থনা, গীত বা অন্য মাধ্যমসমূহ সকলো লোকৰ বাবে আদৰণীয় হৈ পৰে।

লোক সাহিত্যৰ এই সাৰ্বজনীন মানৱীয় অনুভূতিক এক বিশেষত্ব বুলি গণ্য কৰা হয়।

৬) সময়

বুৰঞ্জীৰ কথাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা লোক সাহিত্য সমূহৰ বাদে অন্য বিলাক কেতিয়া সৃষ্টি হৈছিল তাক ঠাৱৰ কৰাটো অতি জটিল।

বুৰঞ্জী সমূহত থকা বিভিন্ন চৰিত্ৰ সমূহৰ কৰ্ম আৰু জীৱন ধাৰণৰ ৰীতিক মূখ্য কৰি যিবিলাক লোক সাহিত্যৰ সৃষ্টি হৈছিল, ক’ব পাৰি যে সেই সমূহ সেই চৰিত্ৰ সৃষ্টিৰ পৰৱৰ্তী সময়ত ৰচিত হৈছিল।

দেখা যায় যে, প্ৰাচীন ভাৱধাৰাৰ পৰিবৰ্তন নঘটাকৈ কিছুমান লোক সাহিত্যই বিভিন্ন সময়ৰ অভিজ্ঞতাক যুগে যুগে কঢ়িয়াই আনে, উদাহৰণ স্বৰূপে ডাকৰ বচন সমূহকে চাব পাৰি।

৭) সামাজিক দলিল

লোক সাহিত্য সমূহত এখন সমাজৰ পৰম্পৰাগত আচাৰ-ব্যৱহাৰ, ৰীতি নীতি, বিশ্বাস অবিশ্বাস, ধ্যান ধাৰণা আদিৰ অকৃত্ৰিম প্ৰকাশ হোৱা দেখা যায়।

লোক সমাজৰ সৃষ্টিশীল মনৰ প্ৰতিভাশালী ৰূপে লোক সাহিত্যত সমাজক এখন দাপোনৰ দৰে প্ৰকাশিত কৰা দেখিবলৈ পোৱা যায়।

সেয়ে ইয়াক সামাজিক দলিল বুলিও অভিহিত কৰিব পাৰি।

৮) বস্তু ধৰ্মীতা

সমাজ জীৱনৰ আশা আকাংখা লোক সাহিত্যত ফুটি উঠা দেখিবলৈ পোৱা যায়।

ব্যক্তি বিশেষে নিজৰ মনৰ অনুভূতিৰ প্ৰকাশ ঘটোৱা বিভিন্ন গীত মাত বোৰ এটা সময়ত সমাজৰ অনুভূতি প্ৰকাশৰ মাধ্যম হৈ পৰে।

এই দৰে এজনৰ মনৰ ভাৱৰ লগত আনজনৰ মনৰ ভাৱৰ একত্ৰীকৰণ হৈ বিভিন্ন মাধ্যেমেৰে যুগ যুগ ধৰি ই ৰূপ সলাই গুণগত মানদণ্ড আৰু অধিক তীব্ৰতৰ কৰি তোলে।

৯) প্ৰকৃতি ধৰ্মীতা

প্ৰকৃতিৰ সৈতে সমাজ জীৱনৰ সম্বন্ধ এৰাব নোৱাৰা। লোক সাহিত্যত প্ৰকৃতিৰ অপৰূপ বৰ্ণনা অতি মনোমোহা ৰূপত প্ৰকাশ পায়।

ওপৰত উল্লেখ কৰি অহা হৈছে যে, অনাদি কালৰে পৰা মানুহে বিভিন্ন প্ৰাকৃতিক দুযোগ, মাৰি-মৰক, ধুমুহা, বজ্ৰপাত, ভূমিকম্প, আদিৰ পৰা ৰক্ষা পাবৰ বাবে বিভিন্ন অদৃশ্য শক্তিক যাগ যজ্ঞ পূজা পাতল কৰি আহিছে।

সেইদৰে প্ৰকৃতিয়ে সমাজক দিয়া সম্পদ ৰাজিৰ সৎব্যৱহাৰৰ বাবেও কিছু কিছু উৎসৱ অনুষ্ঠান পালন হৈ আহিছে।

এই সকলো বিলাকতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ অকৃত্ৰিমভাৱে প্ৰকাশ হোৱা দেখা যায়।

চহালোকৰ জীৱনৰ কথাৰে ৰচিত হয় লোক সাহিত্য। ইয়াত জটিলতাৰ ভাৱ দেখা পোৱা নাযায়।

১০) সৰলতা

ইয়াৰ ভাৱ ভাষা শব্দৰ কোমলতাই সকলোৰে মন চুই যায়।

বিষয়বস্তু স্থান কাল আদি ভেদে গঢ় লোৱা এই সাহিত্যই লোক সমাজৰ সহজ সৰল মনৰ উমান দিয়ে।

১১) লোক বিশ্বাস

পৰম্পৰা আৰু লোক বিশ্বাসৰ দ্বাৰা গঠিত হয় লোক সাহিত্যৰ। লোক বিশ্বাসৰ দ্বাৰা ৰূপ পোৱা লোক সাহিত্যত লোক জীৱনৰ মনস্তাত্বিক দিশটো দেখা পোৱা যায়।

বৰষুণৰ লগত বিভিন্ন দেৱ-দেৱীৰ সম্পৰ্ক, কৃষিৰ লগত প্ৰকৃতিৰ সম্পৰ্ক আদি বিশ্বাসৰ ফলত গোৱা গীত মাত আদিয়ে লোক সাহিত্য মধুৰ কৰি তোলে।


FAQ on অসমীয়া লোকসাহিত্য আৰু ইয়াৰ বৈশিষ্ট্য

লোক সাহিত্যৰ স্বৰূপ কি

লোক সাহিত্য হ’ল মানৱ জীৱনৰ যুগ যুগ ধৰি সঞ্চিত অভিজ্ঞতা অনুভূতিৰ আবেগিক প্ৰতিফলন

অসমীয়া লোক সাহিত্যৰ বৈশিষ্ট্য কি কি

গীতিমাধুৰ্যতা, ধৰ্মীয় ধ্যান-ধাৰণা, সৃষ্টি, সৃষ্টিশীলতা, সাৰ্বজনীন, সময়, সামাজিক দলিল, বস্তু ধৰ্মীতা, প্ৰকৃতি ধৰ্মীতা, সৰলতা, লোক বিশ্বাস


ইয়াৰ লগতে পঢ়কঃ


ইয়াৰ লগত জানিব পাৰিব তলত উল্লেখ কৰা বিষয় সমূহৰ বিষয়ে

অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ আৰু বৈশিষ্ট্য । লোকসাহিত্যৰ বৈশিষ্ট্য । অসমীয়া লোকসাহিত্যত প্ৰকৃতি সংৰক্ষণৰ ধাৰণা । অসমীয়া লোকগীত । লোকসাহিত্য বৈশিষ্ট্য । অসমীয়া সাহিত্যৰ যুগ বিভাজন । অসমীয়া লোক সাহিত্যৰ ৰূপৰেখা । লোকসাহিত্য কাক বোলে । সাধুকথা কাক বোলে । বাৰমাহী গীত কাক বোলে । অসমীয়া পটন্তৰ । লোক গীত কাক বোলে । অসমীয়া লোক-কবিতাৰ ইতিহাস । অসমীয়া লোক সাহিত্যত অসমৰ জৈৱ বৈচিত্ৰ্য কি দৰে প্ৰকাশ পাইছে । অসমীয়া মৌখিক সাহিত্য । লোকসাহিত্যৰ ভাগ । লোকসাহিত্যৰ সংজ্ঞা । মৌখিক সাহিত্যৰ বৈশিষ্ট্য । মৌখিক সাহিত্যৰ ভাগ

Leave a Comment

error: Content is protected !!