সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

জোনাকী যুগ

জোনাকী আলোচনীখন চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত কলিকতাৰ পৰা পোন প্ৰথম বাৰৰ বাবে প্ৰকাশ হৈছিল।

এই আলোচনীখন অসমীয়া ভাষা উন্নতি সাধনী সভা (অ.ভা.উ.সা.) ৰ মুখপত্ৰ আছিল।

পশ্চিমীয়া ৰোমান্টিক ভাৱাদৰ্শ অসমীয়া ভাষাৰ মাজলৈ কঢ়িয়াই অনা এই আলোচনীখন কেৱল আলোচনী নাছিল।

ড০ নগেন শইকীয়াৰ ভাষাত কবলৈ হ’লে ‘ই এটা যুগ, এটা আন্দোলন, এটা সাহিত্যিক ব্যক্তিত্ব’।

জোনাকী জন্মৰ আঁৰৰ কথা

১৮৮৮ চনত কলিকতাত ‘অসমীয়া ভাষা উন্নতি সাধনী সভা’ৰ যোগেদি কেইজন মান প্ৰবাসী অসমীয়া ছাত্ৰই অসমীয়া ভাষা সাহিত্যক টনকিয়াল কৰি তুলিবৰ কাৰণে কিছুমান উদ্দেশ্য আগত ৰাখি প্ৰচেষ্টা হাতত লয়।

এই উদ্দেশ্য সমূহ আছিল, এনেধৰণৰ –

  • পুৰণি পুথি সংগ্ৰহ আৰু প্ৰকাশ কৰা,
  • অসমৰ সকলো শিক্ষা অনুষ্ঠানত অসমীয়া ভাষাৰ প্ৰচলন কৰা,
  • অশুদ্ধ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ ঠাইত শুদ্ধকৈ ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ প্ৰচলন কৰা,
  • সংস্কৃত বা আন আন ভাষাৰ পৰা ভাল পুথি অনুবাদ কৰা,
  • অসমৰ সামাজিক আৰু ধাৰ্মিক ৰীতি নীতি সমূহৰ বৃতান্ত সংগ্ৰহ আৰু বুৰঞ্জী প্ৰণয়ন কৰা,
  • সাহিত্য আৰু পাঠ্যপুথিৰ অভাৱ দূৰ কৰা, আদি।

এই সমূহ উদ্দেশ্য সফল কৰি তুলিবৰ বাবেই বিভিন্ন কাৰ্যসুচীৰ দৰেই জোনাকী আলোচনীখন এক নতুন সাহিত্যক শৈলীৰে প্ৰকাশ কৰা হৈছিল।

জোনাকীৰ সফলতাৰ আঁৰত থকা ব্যক্তি সকল

অসমীয়া ভাষা সাহিত্যত এক যুগৰ সৃষ্টি কৰা জোনাকী আলোচনীৰ সাহিত্যিক আন্দোলনত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তি সকল হ’ল-

লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞি বৰুৱা, সত্যনাথ বৰা, কনকলাল বৰা, ৰমাকান্ত বৰকাকতি আদি।

জোনাকী যুগৰ ত্ৰিমূৰ্তি

অসমীয়া সাহিত্যত ৰোমান্টিক চেতনাৰ ধাৰা মুকলি কৰা আৰু জোনাকী কাকতৰ মূল কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়।

জোনাকী আলোচনীৰ সম্পাদক 

জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পাছত ক্ৰমে, হেমচন্দ্ৰ গোস্বামী, সত্যনাথ বৰা, কনকলাল বৰুৱাই সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

জোনাকী যুগ কি?

১৮৮৯ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় ১৯৪০ পৰ্যন্ত, এই সময়চোৱাত অসমীয়া ভাষা সাহিত্যই এক নৱ আন্দোলনৰ ৰূপ লৈছিল।

প্ৰাচ্য আৰু পাশ্চাত্য ভাৱধাৰাৰ মাজত সংযোগ সেতু স্থাপন কৰি জোনাকী আলোচনীয়েও অসমীয়া সাহিত্যৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অসমীয়া সাহিত্যৰ ভাব, আদৰ্শ আৰু গাঁথনিক ৰূপ, এই সকলোতে জোনাকীয়ে প্ৰভাৱ পেলাইছিল।

জোনাকী কাকতৰ আদৰ্শকে লৈ সেই কালছোৱাৰ ভিতৰত ‘বিজুলী’ (১৮৯০), ‘ঊষা’ (১৯০৭), ‘বাঁহী’ (১৯০৯), ‘চেতনা’ (১৯১৯), ‘মিলন’ (১৯২৩), ‘সাধনা’ (১৯২৪) আদি আলোচনীয়েও অসমীয়া সাহিত্যক ৰোমান্টিক ভাৱাদৰ্শেৰে জিলিকাই তুলিছিল।

অসমীয়া কবিতা, নাটক, উপন্যাস, গল্প, প্ৰৱন্ধ আদি সাহিত্যৰ সকলো স্তৰতে জোনাকী কাকতৰ সেই ৰোমান্টিক আন্দোলনলৈ উক্ত আলোচনী কেইখনেও অনবদ্য বৰঙণি যোগাইছিল।

প্ৰাচীন ঐতিহ্যৰ পৰা লাভ কৰা জীৱনবোধ, পশ্চিমৰ পৰা লাভ কৰা উদাৰ মানৱিকবোধ, আৰু বংগৰ নৱ জাগৰণৰ পৰা লাভ কৰা দেশাত্মবোধ – এই বৈশিষ্টখিনিৰ যোগেদি জোনাকীয়ে অসমীয়া সাহিত্যলৈ নতুনত্ব কঢ়িয়াই আনিছিল বুলি জোনাকী কাকতৰ ভূমিকাত উল্লেখ আছে।

জোনাকী কাকতে সৃষ্টি কৰা এই সাহিত্যিক আন্দোলনকে স্বীকৃতি প্ৰদান কৰি, সেই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ নামৰে অভিহিত কৰা হৈছে।

লক্ষ্মীনাথ বেজবৰুৱাৰ অনবদ্য অৱদানৰ বাবে ড০ মহেশ্বৰ নেওগে তেওঁৰ সাহিত্যৰ যুগ বিভাজনত উক্ত সময়ছোৱাক ‘বেজবৰুৱাৰ যুগ’ বুলিও নামকৰণ কৰিছে।

জোনাকী কাকতৰ উদ্দেশ্য কি আছিল ?

জোনাকী’ৰ সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাদেৱে জোনাকীৰ ‘আত্মকথা’ত তেওঁৰ উদ্দেশ্য ব্যাখ্যা কৰি কৈছিল।

এই পাছ পৰি থকা আন্ধাৰ দেশলৈ অলপ জোনাক সুমুৱাব নোৱাৰিলেওঁ যদি, নিজে নিজেও যত্নৰ ফিৰিঙতিৰ পোহৰত বাটপাই তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম। আমি যুঁজিবলৈ ওলাইছো আন্ধাৰৰ বিপক্ষে। উদ্দেশ্য দেশৰ উন্নতি সাধন ‘জোনাক’। (প্ৰবন্ধ মঞ্জৰী – সম্পাদনা – ভূৱনেশ্বৰ ডেকা, ১৯৮৯ চন)

জোনাকী কাকতে অসমীয়া ভাষা সাহিত্যৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল।

শুদ্ধ ভাৱে ব্যাকৰণৰ ৰূপ ব্যৱহাৰ কৰা, ভাষাৰ প্ৰসাৰ ঘটোৱা, সাহিত্যৰ উন্নতিত ন ন দিশ উন্নোচন কৰা, মানুহৰ মনত জাতীয় চেতনা জাগ্ৰত কৰি তোলা, সমাজৰ পৰা কু-সংস্কাৰ আতৰ কৰা আদি উদ্দেশ্য সমূহ জোনাকী কাকতে প্ৰতিষ্ঠা কৰাত চেষ্টা চলাইছিল।

জোনাকী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য

পাশ্চাত্যৰ ৰোমান্টিক ভাৱাদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰকাশিত হৈ উঠা জোনাকী যুগৰ অসমীয়া সাহিত্যৰ কেতবোৰ বিশেষ লক্ষণ দেখা পোৱা যায়।

ইংৰাজী আৰু বঙলা সাহিত্যৰ দ্বাৰা প্ৰভাৱিত হৈ ওপৰত উল্লেখিত ব্যক্তি সকলে সাহিত্য ৰচনা কৰিবলৈ প্ৰেৰণা লাভ কৰিছিল।

এওঁলোকেই অসমীয়া সাহিত্যত পাশ্চাত্যৰ ৰোমান্টিক ভাৱধাৰা আৰু আদৰ্শ অসমীয়া সাহিত্যলৈ কঢ়িয়াই আনিছিল।

এই সময়ত প্ৰকাশিত সাহিত্যৰাজিক ৰোমান্টিক সাহিত্য বুলিও জনা যায়।

জোনাকী যুগৰ ৰোমান্টিক সাহিত্যৰ বৈশিষ্ট্য বোৰ হ’ল এনে ধৰণৰ –

  • প্ৰকৃতি প্ৰীতি
  • দেশ প্ৰেম
  • অতীতৰ জয় গান আৰু ভৱিষ্যতৰ কল্পনা
  • অতীন্দ্ৰিয়বাদ
  • প্ৰেমৰ পূজা
  • উদাৰ মানৱতাবাদী দৃষ্টিভংগী
  • জাতীয়তাবাদী দৃষ্টিভংগীৰ প্ৰকাশ
  • ইতিহাস ভিত্তিত উপন্যাস, কাব্য আৰু নাটকৰ উপস্থাপন
  • লোক কবিতাৰ প্ৰতিফলন
  • অসমীয়া চুটিগল্পৰ শুভাৰম্ভ
  • সমালোচনামূলক সাহিত্যৰ প্ৰসাৰ
  • ব্যংগ সাহিত্যৰ নব্য ধাৰাৰ আৰম্ভণি
  • কবিতাৰ ছন্দৰ ক্ষেত্ৰত নতুন পৰীক্ষা
  • পুৰণি সাহিত্যৰ পুনৰ প্ৰকাশ আদি।

জোনাকী যুগৰ গল্পৰ বৈশিষ্ট্য

জোনাকী আলোচনীৰ বুকুতে অসমীয়া সাহিত্যত পোন প্ৰথমে চুটি গল্পৰ আৰ্বিভাৱ ঘটে।

অসমীয়া সাহিত্যৰ এই নতুন ধাৰাটোৰ জন্মদাতা আছিল লক্ষ্মীনাথ বেজবৰুৱা

১৮৯২ চনত চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত ‘সেউতী’ নামৰ গল্পটিয়েই আছিল অসমীয়া সাহিত্যৰ প্ৰথম চুটিগল্প

ইয়াৰ উপৰিও, মালতী, ভদৰী, ভেমপুৰীয়া, মৌজাদাৰ, শিৱসাগৰ, জলকুঁৱৰী, চোৰ, যেনে চোৰ তেনে তাঙোন, স্বৰ্গাৰোহন, মালতী, ধেঁাৱাখোৱা, চেনীচম্পা, আদি বিখ্যাত গল্প সমূহ তেওঁ জোনাকীৰ পাততে জন্ম দিছিল।

বেজবৰুৱাৰ পাছতে শৰত চন্দ্ৰ গোস্বামীয়ে জোনাকী যুগৰ চুটিগল্পক অনন্য মাত্ৰা প্ৰদান কৰিছিল।

লক্ষ্মীনাথ ফুকন, নকুল চন্দ্ৰ ভূঞা, দণ্ডীনাথ কলিতা, সূৰ্য কুমাৰ ভূঞা, সত্যনাথ বৰা আদি সাহিত্যিকৰ চুটিগল্পইও অসমীয়া সাহিত্যলৈ বৰঙণি যোগাইছে।

জোনাকী যুগৰ গল্পৰ কেইটামান বিশেষত্ব হ’ল এনে ধৰণৰ

  • পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ এক সংমিশ্ৰণ এই সময়ৰ চুটি গল্পত দেখা পোৱা যায়।
  • অসমীয়া জন জীৱনৰ বাস্তৱ চৰিত্ৰৰ প্ৰতিচ্ছবি দেখা যায়।
  • সমাজৰ অধঃপতন বা কেৰোণ সমূহ ফুটি উঠা দেখা যায়।
  • হাস্য ব্যঙ্গৰ প্ৰভাৱ এই সময়ৰ গল্পৰ অন্য এক বিশেষত্ব।
  • প্ৰকৃতি বন্দনা, আৰু বৰ্ণনাৰ প্ৰয়োভৰ এই গল্পসমূহৰ এক বিশেষ চৰিত্ৰ।
  • আন্তৰিক অনুকম্পা আৰু দৰদ গল্পৰ চৰিত্ৰ সমূহত ফুটি উঠিছে।
  • প্ৰবল সমাজ চেতনাই জোনাকী যুগৰ গল্পক বিশেষ মাত্ৰা দান কৰিছে।
  • পৰ্যবেক্ষণশীলতা, ৰচনাৰীতিৰ সৌষ্ঠৱ আৰু সৌন্দৰ্যবোধ গল্পসমূহৰ বৈচিত্ৰ।
  • নিম্ন মধ্যবিত্ত সমাজৰ সুখ দুখ আশা নিৰাশা কাৰুণ্যতা এই গল্পসমূহত মন কৰিব লগীয়া।
  • বিষয় বস্তুৰ নিৰ্বাচন, কল্পনাৰ সমাহাৰ, সংলাপৰ মাধুৰ্যতা আৰু সুললিত ভাষাই গল্প সমূহক  প্ৰাণ দিছে।

FAQ on জোনাকী যুগৰ অসমীয়া সাহিত্য

জোনাকী যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্টবোৰ কি ?

প্ৰকৃতিপ্ৰীতি, দেশপ্ৰেম, অতীতৰ জয় গান আৰু ভৱিষ্যতৰ কল্পনা, অতীন্দ্ৰিয়বাদ, প্ৰেমৰ পূজা, উদাৰ মানৱতাবাদী দৃষ্টিভংগী, জাতীয়তাবাদী দৃষ্টিভংগীৰ প্ৰকাশ আদি।

জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন ?

লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়।

জোনাকী যুগৰ গদ্যৰ বৈশিষ্ট্যবোৰ কি ?

জোনাকী যুগৰ অসমীয়া সাহিত্যৰ কেতবোৰ বিশেষ লক্ষণ দেখা পোৱা যায়। এই সময়ত প্ৰকাশিত সাহিত্যৰাজিক ৰোমান্টিক সাহিত্য বুলিও জনা যায়।

জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

জোনাকী আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।


ইয়াৰ লগতে পঢ়কঃ


Read More from below :

Ankia Naat | Asomiya Golpo | Asomiya Story | Assamese Golpo | Assames Story | Assamese Romantic Story | Assamese Stories | Chti Golpo | Chuti Golpo | Love Story Assamese | Asomiya Kahini | Assamese Kahini | Assamese Prem Kahini | Assamese Novel | Assamese New Story | Assamse Golpo

Assamese Kobita | Assamese Kabita | Assamese Poets | Assamese Poetry | Assamese Premor Kobita | Assamese Quotes | Assamese Sad Kobita | Biday Kobita | Bidai Poem | Biya Naam | Dukher Kobita | Poems About Success | Poems on One Sided Love | Prem Kobita | Romantic Kobita | Swadesh Prem | Swadesh Prem Poem | Famous Assamese Poems | | Assami Dress | | Assamese Romantic Poem For Love

Very Sad Assamese Love Poem | Assamese Romantic Poem Lyrics | First Assamese Romantic Poem | Assamese Short Romantic Poem | Assamese Romantic Poem | Assamese Romantic Poem Download | Romantic Assamese Poem | Assamese Poem Love

Assamese Poem Lyrics Collection | Old Assamese Poem | Assamese Poem in English | Assamese Poem Short | Assamese Poem

3 thoughts on “জোনাকী যুগৰ সাহিত্য”

  1. আগতে ক’তো নপঢ়া বহুখিনি কথা ইয়াত পঢ়িব পালো ৷ এনেকুৱা তথ্যসমৃদ্ধ লেখা যেন আৰু পঢ়িবলৈ পাওঁ ৷ ধন্যবাদ ৷

    Reply

Leave a Comment

error: Content is protected !!