নাৰীঃ এখন পূৰ্ণ আকাশৰ সন্ধানত

য’ত জীৱ আছে, তাতেই নাৰী আছে। য’ত জীৱনৰ সন্ধান কৰা হয়, সম্পূৰ্ণতাৰে যিগৰাকীয়ে জীৱন পৰিপূৰ্ণ কৰি তুলিব পাৰে তেওঁৱেই নাৰী। ভাৰতীয় প্ৰেক্ষাপটত নাৰীৰ চাৰিটা ৰূপৰ কথা উল্লেখ আছে। সেইকেইটা হ’ল মন্ত্ৰণাত মন্ত্ৰী, মমতাত মাতৃ, শুশ্ৰূষাত ভগ্নী আৰু শয্যাত সংগিনী। তেনেদৰে পত্নী, জায়া, ভাৰ্যা– এই শব্দবোৰৰো একোটা নিজা অৰ্থ আৰু সংজ্ঞা বা অভিধা আছে। আচলতে চিমন দ্য ৱভৰৰ ‘দ্য চেকেণ্ড চেক্স’ গ্ৰন্থখন পঢ়িহে এই কথাখিনি চিন্তা কৰিলো।

          ভাৰতীয় সাহিত্যৰ ‘সৰস্বতীৰ বৰপুত্ৰ’ কালিদাসে গৰ্ভৱতী লোকতহে তিৰোতাৰ সৌন্দৰ্যৰ আটাইতকৈ মনোমোহা ৰূপটো প্ৰকাশ পায় বুলি কৈছিল। এয়া ভাৰতীয় চিন্তা। বিৱেকানন্দৰ চিন্তাত এগৰাকী ভাৰতীয় মাতৃ সেই পৰিয়ালটোৰ ৰাণীৰ দৰে। কিন্তু ঊনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত লেখক, দাৰ্শনিক, চিন্তাবিদ জা পল ছাৰ্ত্ৰেৰ পত্নী ৱভৰো এগৰাকী বিশিষ্টা চিন্তাবিদ। তেওঁৰ চিন্তাৰ ৰূপ কিছু ভিন্ন ধৰণৰ।

          সাধাৰণতে কোৱা হয় যে- ‘ণ্ঠঙ্গপ্পaচ্ঞঙ্গ প্সন্দ্ৰ ব্ধhঙ্গ ব্দহ্মঙ্গন্তুiব্দ aব্জঙ্গ প্পপ্সব্জঙ্গ ন্তুব্জuঙ্গচ্ঞ ব্ধhan ব্ধhঙ্গ প্পaচ্ঞঙ্গ’। ইয়াৰ প্ৰধান কাৰণটো হ’ল প্ৰত্যেক প্ৰজাতিৰে মাইকীবিলাকে সন্তান বা পোৱালি জন্ম দিয়ে আৰু নিৰাপত্তাৰ কথাটো মাকজনীৰ লগত বিশেষভাৱে জড়িত হৈ থাকে। পোৱালিৰ জীৱন ৰক্ষা কৰিবৰ কাৰণে মাকবিলাক সতৰ্ক হোৱাটো প্ৰাকৃতিকভাৱেই প্ৰয়োজনীয়। সেয়েহে মাকবিলাক সন্তানৰ প্ৰতিৰক্ষাৰ স্বাৰ্থত কিছু নিষ্ঠুৰ হ’ব লগা হয়। ৱভৰে কিন্তু ‘যি নাৰী মাতৃ হ’ব খোজে তেওঁ পুৰুষে সাজি দিয়া বিবাহ নামৰ সঁজাত বন্দী হ’ব লগা হয়’ বুলি মত প্ৰকাশ কৰিছে। বহু পৰিমাণে ভাৰতীয় নাৰীৰ জীৱনো কিন্তু সেই আওতাৰ বাহিৰত নহয়। অগ্নিক সাক্ষী কৰি বহুত শপত খাই পত্নীক গ্ৰহণ কৰা ভাৰতীয় পুৰুষে প্ৰকাৰন্তৰে নাৰীক চলনা কৰে। নাৰী পুৰুষতকৈ স্বাভাৱিকভাৱেই বুদ্ধিমতী; কিন্তু পুৰুষে নাৰীৰ দুৰ্বল দিশসমূহ লক্ষ্য কৰি কৌশলেৰে নাৰীক বশ কৰে। নাৰীয়ে পুৰুষক বিশ্বাস কৰে; অৱশ্যে নাৰীৰ স্বাৰ্থও তাত জড়িত হৈ থাকে। এক সহজ আৰু আড়ম্বৰপূৰ্ণ জীৱনৰ প্ৰতি নাৰী সাধাৰণতে আসক্ত হয়। পুৰুষে কিন্তু জীৱনত অনেক প্ৰেমৰ সন্ধান কৰে। নাৰীৰ মনে স্বাধীনতা বিচাৰে, কিন্তু বহুক্ষেত্ৰত নাৰীৰ মন বস্ত্ৰ, অলংকাৰ আৰু আড়ম্বৰপূৰ্ণ জীৱনৰ সন্ধানতেই সীমাৱদ্ধ হৈ যায়। নাৰীক সন্তুষ্ট কৰি ৰখা কোনো পুৰুষৰ প্ৰতি অন্য নাৰী আকৰ্ষিত হ’লে সেই নাৰী চক খাই উঠে, ভীতিগ্ৰস্ত হৈ পৰে আৰু নিজৰ স্থিতি সম্পৰ্কে সন্দিহান হৈ উঠে। তেনে ক্ষেত্ৰত নাৰী নিষ্ঠুৰাও হ’ব পাৰে।

          সন্তান নিবিচৰা নাৰীয়ে এক স্বাধীন জীৱন যাপন কৰিব পাৰে। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰি চিনম দ্য ৱভৰে পত্নী হৈয়ো কোনোদিন মাক হোৱাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। আৰু কেতিয়াবা হ’ব লগা হ’লেও নিজৰ স্বামী ছাৰ্ত্ৰেৰ সন্তান যে তেওঁ গৰ্ভত ধাৰণ নকৰে সেই কথা বিবাহৰ আগতেই স্পষ্টভাৱে জনাই দিছিল। প্ৰথম অৱস্থাত স্বাধীনমনা নাৰীৰ শত্ৰু হৈ পৰে অন্য বন্দী নাৰীসকল। সেই নাৰীসকলে নিজ নিজ স্বামীৰ আগত সেই স্বাধীনমনা নাৰীগৰাকীৰ বিপক্ষে নানান মুখৰোচক গল্পৰ সৃষ্টি কৰি নিজ নিজ স্বামীক শুনায়। পৰৱৰ্তী সময়ত আকৌ সুযোগ সন্ধানী পুৰুষসকলে সেই স্বাধীনমনা নাৰীৰপৰা সুযোগ গ্ৰহণৰ অপেক্ষাত থাকে। ফলত একোটা নতুন নতুন গল্পৰ সৃষ্টি হয়। পুৰুষতান্ত্ৰিক সমাজ এখনত নাৰী স্বাধীনমনা হ’বলৈ বিচৰাটো এক ডাঙৰ প্ৰত্যাহ্বান।

          জীৱন জীৱিকাৰ সন্ধান কৰি কৰি পুৰুষসকল স্বাৱলম্বী হোৱাৰ সংগ্ৰামত ব্যস্ত হৈ পৰে। নাৰীয়ে পুৰুষৰ বোকোচাত উঠি যদি সৌন্দৰ্য আৰু আড়ম্বৰপূৰ্ণ জীৱন যাপন কৰিবলৈ বিচাৰে আৰু তাৰ সন্ধানত ব্যস্ত হৈ পৰে, তেনে নাৰী পৰনিৰ্ভৰশীল হোৱাটো স্বাভাৱিক। যি নাৰীয়ে জীৱন সংগ্ৰামত অকলে অৱতীৰ্ণ হৈ স্বাৱলম্বী হ’ব খোজে, তেওঁৰ বাবে স্বাধীনতা দুৱাৰ দলিত ৰৈ থাকে; কিন্তু কেৱল পুৰুষৰ ওপৰত নিৰ্ভৰশীল হ’ব খোজা নাৰী পুৰুষৰ চক্ৰান্তৰ বলি হোৱাটো অন্ততঃ আজিৰ তাৰিখত অস্বাভাৱিক নহয়।

          পুৰুষে যিহেতু নাৰীৰপৰা বিচাৰিলেই নাপায়, তেনেস্থলত নাৰীয়েও পুৰুষে বিচাৰিলে বুলিয়েই দিব লাগে কিয়· ভাৰতীয় আদৰ্শই এই ক্ষেত্ৰত কি কয়·  অসমীয়া সাহিত্যততো আছেই–

          ছৱাল কালত বাপে ৰাখিবে কন্যাক।

          যুৱা ভৈলে স্বামীসঙ্গে লাগে বঞ্চিবাক।।

          বৃদ্ধকাল ভৈলে পুত্ৰে পোষে যত্ন কৰি।

          তিনিও কালত নাৰী নোহে স্বতন্তৰী।।

          আজি এই একবিংশ শতিকাতো নাৰী ‘স্বতন্তৰী’ [স্বাতন্ত্ৰ্য] নোহোৱাকৈ থাকিবনে· মানুহৰ জীৱনৰ আটাইতকৈ শক্তিশালী বল কি· ইয়াৰ পোনপটীয়া উত্তৰটো Iপ্পপ্পপ্সব্জব্ধaচ্ঞব্দ প্সন্দ্ৰ ত্তaচ্ঞuha নামৰ ত্ৰিল’জীৰ পৰা দিব পাৰি। তাত পুৰুষৰ ক্ষেত্ৰত কৈছে– Iব্ধ iব্দ hiব্দ inব্ধঙ্গnব্দঙ্গ স্তুঙ্গব্দiব্জঙ্গ ব্ধপ্স ঙ্গxহ্মব্জঙ্গব্দব্দ ব্ধhঙ্গ হ্মঙ্গব্জব্দপ্সn hঙ্গ চ্ঞপ্সvঙ্গব্দ ব্ধhঙ্গ প্পপ্সব্দব্ধ। আৰু নাৰীৰ ক্ষেত্ৰত কোৱা হৈছে– থ্বhঙ্গ প্পপ্সব্দব্ধ হ্মপ্সভ্ৰঙ্গব্জন্দ্ৰuচ্ঞ ন্দ্ৰপ্সব্জন্তুঙ্গ in a ভ্ৰপ্সপ্পanক্সব্দ চ্ঞiন্দ্ৰঙ্গ iব্দ ব্ধhঙ্গ nঙ্গঙ্গস্তু ব্ধপ্স bঙ্গ aহ্মহ্মব্জঙ্গন্তুiaব্ধঙ্গস্তু চ্ঞপ্সvঙ্গস্তু anস্তু ন্তুhঙ্গব্জiব্দhঙ্গস্তু ন্দ্ৰপ্সব্জ ভ্ৰhaব্ধ ব্দhঙ্গ iব্দ। ইয়াৰপৰা পুৰুষে কি বিচাৰে আৰু নাৰীয়ে কি বিচাৰে সেই কথা গম পাব পাৰি। আমাৰ সমাজত বিবাহৰ ক্ষেত্ৰত সাধাৰণতে কি কৰো। উপাৰ্জনক্ষম আৰু ভাল পৰিয়াল বুলি ভবা কোনো বিবাহৰ উপযুক্ত পাত্ৰৰ সন্ধান পালে ঘৰৰ ছোৱালীজনীক দিবলৈ চেষ্টা কৰো। আমি এতিয়াও ছোৱালী মানেই আনৰ পত্নী হ’বৰ কাৰণেই জন্ম লোৱা বুলি ভাবো। ছোৱালী এজনীক যেনেকৈ আমি বিয়া দি আজৰি হ’বলৈ বিচাৰো, যিকোনো বয়সতে তাইক আন এঘৰলৈ উলিয়াই দিবলৈ বিচাৰো, তেনেদৰে বাৰু ল’ৰা এজনলৈ বিয়া পাতি আনিবলৈ মন কৰোনে· আত্মনিৰ্ভৰশীলতাৰ সম্পূৰ্ণ সম্ভাৱনা থকা ছোৱালী একোজনীকো আমি বিবাহ নামৰ অক্টোপাছৰ মুখত সুমুৱাই গোটেই জীৱনৰ বাবে তাইৰ চিন্তা কৰিব পৰা আৰু উৎপাদনমুখী অথবা সৃষ্টিশীল প্ৰতিভাখিনিক শেষ কৰি পেলোৱা নাইনে· ঘৰত গাভৰু ছোৱালী থকা মানেই যেন আমাৰ সমাজত এতিয়াও মাক-দেউতাকে সন্মুখত জুই একুৰাহে লৈ বহি আছে; লাগিলে ছোৱালীজনীয়ে যিয়েই পঢ়ি নাথাকক বা যি কামকে কৰি নাথাকক; অথবা তাইৰ বয়স যিয়েই নহওক। সেয়েহে বহুক্ষেত্ৰত বিবাহ এক প্ৰকাৰৰ যৌনতাৰ সামাজিক স্বীকৃতিহে হৈ পৰে। এনে বিবাহে পুৰুষ আৰু নাৰী- উভয়ৰে বহুখিনি স্বকীয় চিন্তা, মৌলিকতা, কৰ্মোদ্যম শেষ কৰি পেলায়। বিবাহ যেনেকৈ আনক ভালপাব নোৱাৰা, আনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব নোৱাৰা, আনৰ সৌন্দৰ্যৰ স্বীকৃতি দিব নোৱাৰা ব্যৱস্থা নহয়, ঠিক তেনেদৰে ই অবৈধ পৰকীয়া প্ৰেম-প্ৰণয়ো নহয়। বিবাহিত লোকৰ ক্ষেত্ৰতহে প্ৰেমৰ বৈধ বা অবৈধতাৰ কথা আহে। সাধাৰণতে দেখা যায় যে অবিবাহিত অৱস্থালৈকে পুৰুষ বা মহিলাৰ ক্ষেত্ৰত স্বাধীনচিতীয়া মনোভাৱ অধিক দৃঢ় ৰূপত প্ৰকাশিত হয়। বিবাহৰ পিছত কৰিবলগীয়া হোৱা এৰা ধৰাক বহুতে প্ৰথম অৱস্থাত মনে মনে মানি লয় যদিও সময় পাৰ হোৱাৰ লগে লগে সহনশীল মনোভাৱ কমি আহে আৰু ফলত নিজৰ ইচ্ছামতেই সকলো কাম কৰিবৰ বাবে নিজকে প্ৰণোদিত কৰে। ফলত পতি-পত্নী দুয়োৰে মাজত কিছুমান সন্দেহে ঠাই পায় আৰু এই সন্দেহেই এসময়ত বৃহৎ আকাৰ ধাৰণ কৰে; পৰিয়ালত কোৰোণ লাগে আৰু এসময়ত প্ৰেমৰ সপোনত উটি-ভাহি প্ৰেমাস্পদক নাপালে জীৱনেই ব্যৰ্থ হ’ব বুলি ভবা বহু প্ৰেমৰ যৱনিকা পৰে। এই যৱনিকা সাধাৰণ যৱনিকা নহয়, এটা বৰ্ধিত ৰূপ লোৱা পৰিয়ালৰ সমস্যা হৈ নাথাকি এক নতুন প্ৰজন্ম ইয়াৰ ফলত বেয়াকৈ সামাজিক, আৰ্থিক, মনস্তাত্ত্বিকভাৱে ক্ষতিগ্ৰস্ত হয়।

          পৃথিৱী বিখ্যাত দুই দাৰ্শনিক- জা পল ছাৰ্ত্ৰে আৰু তেওঁৰ প্ৰেমিকা ছিমন দ্য ৱভৰে পঞ্চাশ বছৰ যুগ্মভাৱে স্বামী-স্ত্ৰীৰ ৰূপত বসবাস কৰি জীৱন কটাইছিল; কিন্তু তেওঁলোক কোনোদিন তথাকথিত বিবাহ বন্ধনত আৱদ্ধ হোৱা নাছিল। দুয়োজন সহপাঠী আদালতলৈ গৈ আবেদন জনালে যে তেওঁলোক দুয়োজন একেলগে থাকিবলৈ বিচাৰে। আদালতে অনুমতি দিয়াত চুক্তি কৰা হ’ল যে প্ৰথমে দুবছৰ তেওঁলোকে একেলগে থাকিব আৰু কোনোজনেই আনজনৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ নকৰিব। দুবছৰৰ পিছত তেওঁলোক থাকি ভালপালে চুক্তিখন নবীকৰণ কৰিব আৰু ইজন সিজনৰ লগত থাকি ভাল নাপালে পৃথকে পৃথকে থাকিব। উল্লেখযোগ্য কথাটো হ’ল জীৱনৰ পৰৱৰ্তী সময়ত তেওঁলোকে চুক্তিখন নবীকৰণো নকৰিলে আৰু  খাৰিজো নকৰিলে। তেওঁলোকে কেতিয়াও সন্তান জন্ম দিয়া নাছিল। এই ক্ষেত্ৰত ছিমনৰ যে মন নাছিল আৰু কোনোদিনেই যে তেওঁ ছাৰ্ত্ৰেৰ সন্তান জন্ম নিদিয়ে সেই কথা চুক্তি কৰি লৈছিল।

          দুয়োজন মৃত্যুৰ সময়লৈকে একেলগে থাকিলেও ছিমনে আমৰিকান কবি নেলছন এলগ্ৰেনৰ সৈতে সোতৰ বছৰ পত্ৰ-প্ৰেম কৰিছিল আৰু তিনিশৰো অধিক প্ৰেম-পত্ৰ তেওঁলৈ পঠাইছিল। ছাৰ্ত্ৰেই এই কথা জানিছিল, কিন্তু কোনোদিন ছিমনৰ ব্যক্তি স্বাধীনতাত হাত দিয়া নাছিল। তেওঁ আদৰ্শৰ সতে আপোচ নকৰা ব্যক্তি আছিল। এলগ্ৰেনৰ সৈতে ছিমনৰ প্ৰেমৰ কথা জানি তেওঁ ছিমনক কৈছিল– “কাৰোবাক ভাল পোৱাটো দোষৰ কথা নহয়, দোষৰ কথা হ’ল কাৰোবাক ঘৃণা কৰাটোহে।”      

          ছাৰ্ত্ৰেয়ো বহু নাৰীৰ প্ৰেমত নিমজ্জিত হৈছিল। ত্ৰিশ গৰাকীৰো অধিক নাৰীৰ লগত ঘটা এনে মানসিক আৰু শাৰীৰিক  সম্পৰ্কই ছাৰ্ত্ৰেক অভিজ্ঞ কৰিছিল, কিন্তু ৱভৰ আৰু ছাৰ্ত্ৰেৰ অভিন্ন জীৱন যাপনৰ কোনোদিন বিেচ্ছদ ঘটা নাছিল। একেলগে থকা অথচ কোনো সন্তান জন্ম নিদিয়া এই সম্পৰ্কৰ তেওঁলোকে নাম দিছিল ত্তপ্সব্জন্ধanaব্ধiন্তু।                                                                                                                                                                                                                                 

          ছিমন দ্য ৱভৰে তেওঁৰ থ্বhঙ্গ ত্ৰঙ্গন্তুপ্সnস্তু ত্ৰঙ্গx নামৰ গ্ৰন্থত কৈছে যে নাৰীক জৈৱিক প্ৰবৃত্তি আৰু বিবাহে পৰাধীন কৰি ৰাখিছে। নাৰীয়ে জৈৱিক প্ৰবৃত্তিৰ বাবে মাতৃত্বৰ বোজা বহন কৰে। নাৰীয়ে যেতিয়া নিজৰ দুৰ্বলতাক বাদ দি মাথো আত্মশক্তিক ভাল পাবলৈ শিকিব, নিজৰপৰা পলায়ন নকৰি স্বয়ং সম্পূৰ্ণ ব্যক্তিৰূপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব- সেইদিনা নাৰীৰ বাবে প্ৰেম হৈ পৰিব সমস্ত আনন্দৰ উৎস। তেওঁৰ মতে প্ৰেম মানে গৰ্ভধাৰণ নহয়। গৰ্ভধাৰণ প্ৰজননহে, প্ৰেম নহয়।

          ৱভৰে কোৱা ‘দুৰ্বলতা’, ‘আত্মশক্তি’, আৰু ‘পলায়ন’ এই কথাকেইটা বিশ্লেষণ কৰিলে আমি দেখিবলৈ পাওঁ যে পাৰ্থিৱ বস্তুৰ প্ৰতি অহেতুক আকাংখ্যা, সহজলভ্য জীৱন, পৰনিৰ্ভৰশীলতা, মাতৃত্বৰ প্ৰতি হাবিয়াস, পুৰুষ উপাৰ্জিত ধনৰ উপভোগৰ ইচ্ছা, আশ্ৰয় আৰু নিৰাপত্তাৰ প্ৰতি অহেতুক আকৰ্ষণ আদিক তেওঁ নাৰীৰ ‘দুৰ্বলতা’ ৰূপে চি¿হ্নত কৰিছিল। নিজে ভাল-বেয়া বিচাৰ কৰা শক্তি, দেহ আৰু মনেৰে উপভোগ কৰা স্বাধীনতা আৰু যি স্বাধীনতাই আনৰ ব্যক্তি স্বাতন্ত্ৰ্যক অপকাৰ নকৰে- তেনেধৰণৰ বিচাৰ সম্বলিত চিন্তাকে তেওঁ ‘আত্মশক্তি’ বুলি অভিহিত কৰিছিল। স্ব-নিৰ্ভৰশীল নোহোৱা আৰু নিজ চিন্তা শক্তিৰ ওপৰত আস্থা নথকাকে তেওঁ ‘পলায়ন’ মনোবৃত্তি বুলি কৈছিল।

          জীৱনৰ বিভিন্ন সময়ত মানুহৰ চিন্তা বিভিন্ন ধৰণে পৰিবৰ্তন হ’ব পাৰে। জীৱনৰ এটা সময়ত ভাল লগাটো জীৱনৰ এটা সময়ত ভাল নালাগিব পাৰে, এটা সময়ত সহ্য কৰিব নোৱাৰাটো এটা সময়ত সহ্য কৰিবপৰা হ’ব পাৰে। মামনি ৰয়ছম গোস্বামীৰ জীৱনৰপৰা এটা উদাহৰণ দিব পাৰি। মামনি ৰয়ছম গোস্বামী কাইকাউচ বাৰ্জোৰ নামৰ এজন লোকৰ লগত ১৯৬৯ চনত দিল্লীৰ মেৰিণা হোটেলত এনিশা একেলগে ৰাত্ৰি যাপন কৰিছিল। সেই নিশাটোৱে তেওঁৰ মনলৈ গ্লানিৰ ভাৱ আনিছিল, আনকি ৰাতি পিন্ধি থকা কাপোৰবোৰ চুবলৈকো তেওঁৰ পিছদিনা ঘিণ লাগিছিল। একেজন বাৰ্জোৰ আৰু একেগৰাকী মামনি ৰয়ছম ১৯৭৪ চনত মধ্যপ্ৰদেশৰ কাঠঘোৰা, কোৰবা আৰু ভাৰিৰ ওচৰৰ অহিৰণ নামৰ ঠাইত একেলগে আছিল আৰু তাতেই গোস্বামীয়ে ‘অহিৰণ’ নামৰ উপন্যাসখন লিখিছিল। একেজন বাৰ্জোৰক ১৯৯৩ চনত মামনি ৰয়ছমৰ ঘৰতে দেখা পোৱা গৈছিল। যিজন বাৰ্জোৰৰ লগত নিশা থকাৰ কাৰণে মামনি ৰয়ছমৰ মনত নিজৰ প্ৰতি ঘৃণাৰ ভাৱ আহিছিল, সেই গৰাকী ব্যক্তিয়েই মানসিক পৰিবৰ্তনৰ ফলত এদিন বাৰ্জোৰৰ লগত একেলগে থাকিব পৰা হৈছিল। মানসিক পৰিবৰ্তনৰ কথাটো এই কাৰণেই কোৱা হ’ল যে এটা সময়ত প্ৰেমৰ বাবেই ছাৰ্ত্ৰে আৰু ৱভৰ স্বামী-স্ত্ৰীৰ দৰে আছিল; কিন্তু এটা সময়ত ছাৰ্ত্ৰে অন্য নাৰীৰ প্ৰেমত পৰিল আৰু ৱভৰেও অন্য পুৰুষৰ লগত মানসিকভাৱে আসক্ত হৈ পৰিল। অৱশ্যে তেওঁলোকে এজনক এৰি আনজন অকলে থকা নাছিল।

          ভাৰতীয় নাৰী যদি স্বাধীন হ’ব বিচাৰে তেতিয়াহ’লে বিবাহ নামৰ পুৰুষতান্ত্ৰিক আদৰ্শটোৰ পৰিবৰ্তন সাধন কৰিব লাগিব। পুৰুেø নাৰীক বিয়া পতাৰ দৰে নাৰীয়েও পুৰুষক বিয়া পাতিব লাগিব। ইয়াৰ উপৰি বিবাহ নামৰ আইনী মেৰপেচৰপৰা আঁতৰি যুগ্ম-জীৱন যাপনৰ স্বাধীনতা থাকিব লাগিব।

          স্ব-নিৰ্ভৰশীল নোহোৱা তিৰোতা মাতৃত্বৰ বাবে লালায়িত হোৱা মানেই পুৰুষৰ সজাত বন্দী হোৱা। আত্মনিৰ্ভৰশীল নহ’লে মাতৃত্ব বোজা হৈ পৰিব পাৰে। সেয়েহে এগৰাকী মাতৃ আত্মনিৰ্ভৰশীল হোৱাটো খুবেই প্ৰয়োজনীয়।

          প্ৰেম কৰক; অকপটে প্ৰেমৰ পাত্ৰৰ লগত সুখ-দুখ, আনন্দ-বিষাদ ভগাই লওঁক। আপোনাৰ একে সময়তে বহুতকে ভাল লাগিব পাৰে, কিন্তু সেইবুলি একে সময়তে বহুতক প্ৰেমৰ পাত্ৰ কৰিব নোৱাৰে। বুজাবুজি থকালৈকে শান্তিৰে থাকক। শান্তি আদালতে আনি দিব নোৱাৰে; সমাজেও জোৰ কৰি শান্তি জাপি দিব নোৱাৰে। ধন-সম্পদে হয়তো ক্ষণিকৰ সুখ আনি দিব পাৰে, কিন্তু শান্তি ঘূৰাই আনি দিব নোৱাৰে। সুখতকৈ শান্তি শ্ৰেয়ই নহয়, গৰীয়সী। মনত ৰাখিব সন্তানৰ পিতৃ পৰিচয় মাতৃয়েহে দিয়ে।

          যেতিয়ালৈকে একোগৰাকী নাৰীয়ে তেওঁৰ প্ৰতি পুৰুষৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিব, তেতিয়ালৈকে তেওঁ মানসিকভাৱে স্বাধীন হ’ব নোৱাৰিব। তেওঁৰ স্বাভাৱিক ব্যক্তিত্বৰ প্ৰতি যদি কোনো লোক আকৰ্ষিত হয়, তাত আপত্তি কৰিব লগা নাই। কাৰণ ব্যক্তিত্বৰ আকৰ্ষণৰ ফলত মানুহে শ্ৰদ্ধা লাভ কৰে। কিন্তু কেশচয়ন, কৃত্ৰিম মুখ-সৌন্দৰ্য, বেশ-ভূষাৰে পুৰুষক আকৰ্ষণৰ চেষ্টা মানে বহু সময়ত ‘হৰিণাৰ মাংসই বৈৰী’ হোৱাৰ দৰে বিপদ হ’ব পাৰে। কাৰণ বেছিভাগ পুৰুষৰ জীৱন দৰ্শন ‘উপভোগ’হে। এইখিনিতে বিখ্যাত গল্পকাৰ টলষ্টয়ৰ এষাৰ কথা প্ৰণিধানযোগ্য। “থ্বhঙ্গ bচ্ঞপ্সপ্সস্তু প্সন্দ্ৰ ভ্ৰiচ্ঞস্তু aniপ্পaচ্ঞব্দ iব্দ aচ্ঞভ্ৰaম্ভব্দ in প্পঙ্গn, buব্ধ aব্দ চ্ঞপ্সnন্ধ aব্দ প্পঙ্গn havঙ্গ প্সnচ্ঞম্ভ aব্দ প্পuন্তুh ন্তুপ্সব্জn aব্দ ব্ধhঙ্গ nঙ্গঙ্গস্তু iব্ধ iব্দ ন্সঙ্গহ্মব্ধ unস্তুঙ্গব্জ ন্তুপ্সnব্ধব্জপ্সচ্ঞ.”। মহাভাৰতৰ শান্তিপৰ্বত ভীষ্মই যুধিষ্ঠিৰক কোৱাৰ দৰে পৃথিৱীৰ বহুতো দাৰ্শনিকে কয়–“দ্দ্বঙ্গaচ্ঞব্ধh bব্জinন্ধব্দ প্পপ্সব্জaচ্ঞ ব্জuinব্দ”। বিশ্বাসঘাটক পুৰুষ বা নাৰীয়ে হৃত মৰ্যাদা কেতিয়াও ঘূৰাই নাপায়।

          মুঠতে আমি ইয়াকে ক’ব পাৰো যে প্ৰত্যেক নাৰী বা পুৰুষৰ জীৱনৰ শান্তি স্থাপনৰ ক্ষেত্ৰত বহুখিনি কথা নিজৰ ওপৰত নিৰ্ভৰ কৰে। সহযোগিতা আৰু পাৰস্পৰিক শ্ৰদ্ধাৰ অবিহনে আকোৰগোজ মনোভাৱেৰে যুগ্ম জীৱন পৰিচালিত কৰা সম্ভৱ নহয়। আপোচ কৰিব নজনাজনে, নিজৰ ভুল বুজাৰ চেষ্টা নকৰা আৰু কেৱল আনৰ দোষ দেখা লোকৰ পক্ষে সংসাৰ এখন সুকলমে পৰিচালিত কৰাৰ ক্ষেত্ৰত বহু সমস্যাৰ নিজেই সৃষ্টি কৰিব পাৰে। এজন ভাল বন্ধু বা বান্ধৱী- স্বামী বা পত্নীৰ কাৰণে উপযুক্ত নহ’ব পাৰে; কিন্তু এজন স্বামী বা এগৰাকী পত্নী একান্তই ভাল বন্ধু হোৱাটো খুবেই প্ৰয়োজনীয়। অবিশ্বাস আৰু সন্দেহে একোখন সংসাৰ ভাঙি থানবান কৰিব পাৰে। স্বামীয়ে ভালপোৱাখিনিক পত্নীয়ে আৰু পত্নীয়ে ভালপোৱাখিনিক স্বামীয়ে শ্ৰদ্ধা কৰিব পাৰিব লাগিব। একেদৰে স্বামীয়ে বেয়াপোৱাখিনি আৰু পত্নীয়ে বেয়াপোৱাখিনি উভয়েই আপোচ কৰিবলৈ শিকিব লাগিব। এটা কথা সদায়েই মনত ৰখা প্ৰয়োজন যে মানুহ জীয়াই থাকে প্ৰেমেৰে। সেয়েহে প্ৰত্যেকজনেই প্ৰত্যেকৰ প্ৰেমৰ পাত্ৰক শ্ৰদ্ধা জনালেহে সংসাৰ সুখৰ হ’ব পাৰে। হোমেন বৰগোহাঞিয়ে কৈছিল যে ভগৱানৰ উপস্থিতি আৰু সান্নিধ্য তিনি প্ৰকাৰে লাভ কৰিব পাৰি– [ক] প্ৰেম [খ] শিল্প-ভাস্কৰ্য বা মহৎ শিল্প কৰ্ম আৰু [গ] দেশপ্ৰেম। ইয়াৰ ভিতৰত বৰগোহাঞিদেৱৰ প্ৰেম অথবা মহৎ শিল্প কৰ্মৰ জৰিয়তে ভগৱানৰ সান্নিধ্য লাভৰ অভিজ্ঞতা আছে যদিও দেশপ্ৰেমৰ জৰিয়তে হোৱা অভিজ্ঞতা নাই বুলি স্বীকাৰ কৰিছে।

          পৃথিৱীত থকা কোনো বস্তুৰে স্থায়িত্ব নাই। জন্ম হ’লেই মৃত্যু হ’ব আৰু সৃষ্টি হ’লেই এদিন ধ্বংস হ’ব। পৃথিৱীত এটা মাত্ৰ বস্তুৱেই স্থায়ী– ‘প্ৰেম’। মানুহৰ মৃত্যু ঘটিব, কিন্তু প্ৰেমৰ কেতিয়াও মৃত্যু নহয়। যুগে যুগে প্ৰেম থাকিব। প্ৰেম এক মানসিক সম্পৰ্ক। ইয়াৰ লগত জাতি, মাটি, দেশ, কাল, জ্ঞাতি, মিত্ৰ, কুটুম্ব, বয়স, ভাষা, খাদ্যাভ্যাসৰ সীমা বা পৰিধি অবান্তৰ। এইবিলাক বিবাহৰ কাৰেণেহে প্ৰয়োজনীয় অৰ্হতা। এটা কথা মনত ৰখা ভাল যে পুৰুষতান্ত্ৰিক সমাজ এখনত প্ৰেম, বিবাহ, পৰিয়াল, সন্তান আৰু ভৱিষ্যতৰ সপোনৰ প্ৰধান চালিকা শক্তি নাৰীহে। নাৰীয়ে গঢ়িবও পাৰে, ভাঙিবও পাৰে।

গৌতম কাকতী

Leave a Reply

Your email address will not be published. Required fields are marked *