Home প্ৰবন্ধ অসমীয়া সাজপাৰ

অসমীয়া সাজপাৰ

by admin
0 comment
অসমীয়া সাজপাৰ

অসমীয়া সাজপাৰ – আৰম্ভণি

সভ্যতাৰ আৰম্ভণিৰ পৰাই মানুহে লজ্জা নিবাৰণৰ বাবে গছৰ ডাল-পাত বা বাকলি পৰিধান কৰি আহিছে। লাহে লাহে গছৰ ডাল পাত বাকলিৰ সলনি নানান কৌশল অৱলম্বন কৰি আঁহ প্ৰস্তুতৰ জড়িয়তে সাজপাৰ তৈয়াৰ কৰি পৰিধান কৰিবলৈ শিকিলে। জলবায়ু ভেদে কেনেধৰণৰ সাজপাৰ পৰিধান কৰিব লাগিব সেয়াও মানুহে আয়ত্ব কৰি ল’লে। সাজপাৰৰ জড়িয়তে পৰবৰ্তী সময়ত একোটা জাতিৰ ঐতিহ্যও প্ৰকাশ পাবলৈ ধৰিলে।

অসমতো অতি প্ৰাচীন কালতেই বস্ত্ৰ শিল্পৰ বিকাশ সাধন হােৱা পৰিলক্ষিত হয়। বহু পুৰণি শাস্ত্ৰত অসমৰ বস্ত্ৰশিল্পৰ উল্লেখ পোৱা যায়। ৰজা ভাস্কৰ বৰ্মনে উপঢৌকনত উৎকৃষ্ট ৰেচমী মিহি কাপোৰ ব্যৱহাৰ কৰাৰ কথা ড੦ লীলা গগৈৰ অসমীয়া সংস্কৃতি নামৰ গ্ৰন্থত উল্লেখ আছে । তেওঁ লগতে উল্লেখ কৰিছে যে আহোম যুগৰ পৰা ব্ৰিটিছৰ দিন পৰ্যন্ত প্ৰচলন থকা সাজপাৰ সমুহকে প্ৰকৃতাৰ্থত অসমীয়া সাজপাৰ বুলি কব পাৰি।

অসমীয়া মানুহৰ সাজপাৰ

ৰিহা

অসমীয়া নাৰীয়ে পৰিধান কৰা ৰিহা সাধাৰণতে ৮ হাত দীঘল আৰু দেৰ হাত বহল তথা দুতৰপীয়া আছিল। সাধাৰণতে ৰাজপৰিয়াল বা সম্ভ্ৰান্ত ঘৰৰ মহিলাই পাট বা মুগা আৰু সাধাৰণ পৰিয়ালৰ নাৰীসকলে এৰিৰ ৰিহা পৰিধান কৰিছিল। বুকুৰ পৰা কঁকাল-তপিনা পৰ্যন্ত ৰিহা মেৰাই লোৱা হয়। ৰিহাই কাঁচলিৰ কাম কৰাৰ লগতে পিঠিখন সম্পূৰ্ণ ৰূপে আৱৰি ৰাখে। ৰিহা কেইবাবিধৰো আছে, যেনে – দহি অলীয়া, গঁৰিয়লী, গুণাকটা, কেছ বছা, আঁচুঅলীয়া, বৰৈ লগা, আঁচলে পাৰিয়ে গুণা কটা ইত্যাদি। অতীজতে ৰিহা কেৱল বিবাহিত মহিলাইহে  পৰিধান কৰাৰ নিয়ম আছিল।

মেখেলা

অসমীয়া নাৰীয়ে ভৰিৰ সৰু গাঁঠিলৈকে পেলাই সম্মুখৰ ফালে দুটামান ভাঁজ দি কঁকালৰ তলৰ অংশত মেখেলা পৰিধান কৰে। মেখেলাক বহু ভাগত পোৱা গৈছিল, যেনে – গোমচেংৰ মেখেলা, বুটা বছা মেখেলা, চাটনৰ মেখেলা, কাৰ্চিপৰ বন কৰা মেখেলা, গুণা কটা মেখেলা, মুগাৰ মেখেলা, কিংখাপৰ মেখেলা, গাঁৰী দিয়া মেখেলা, নৰা মেখেলা,  তিতাকৰীয়া মেখেলা ইত্যাদি।

ধুতী

ধুতী বা চুৰীয়া হ’ল অসমীয়া পুৰুষসকলে পৰিধান কৰা বস্ত্ৰ। ইয়াক কঁকালৰ পৰা তললৈ আঁঠুৰ তললৈ প্ৰায় সৰু গাঁঠিলৈকে পৰিধান কৰা হয়। অতীততে স্বৰ্গদেউ তথা উচ্চ পদবীধাৰী ব্যক্তি সকলে এৰি নাইবা মুগাৰ ধুতী পৰিধান কৰিছিল আৰু সাধাৰণ ব্যক্তিসকলে কপাহী ধুতী পিন্ধিছিল। ধুতী সাধাৰণতে আঁঠৰ পৰা বাৰ হাত দীঘল আৰু বহলে দুইৰ পৰা আঢ়ৈ হাত হয়।

চেলেং

চেলেং হ’ল অসমীয়া পৰম্পৰাগত বস্ত্ৰ। ইয়াক শৰীৰৰ ওপৰ অংশত পৰিধান কৰা হয়। ইয়াৰ দীঘে ছয় হাত আৰু বহলে তিনি হাত হয়। চেলেঙৰ দুয়োটা মূৰত যিকােনাে ৰঙৰ নাইবা মুগা সূতাৰে পাৰি দিয়া থাকে। কােনাে ধৰণৰ ফুল দিয়া নাথাকে। চেলেং সাধাৰণতে পাট বা কপাহী সূতাৰে তৈয়াৰ কৰা হয়। অসমীয়া সমাজত চেলেঙক উত্তৰীয় হিচাপে পুৰুষ-মহিলা সকলােৱে ব্যৱহাৰ কৰে। যি কােনাে সামাজিক মাঙ্গলিক অনুষ্ঠান, যেনে – বিবাহ, বিহু, ভাওনা আদিত চেলেঙ পৰিধান কৰা হয়। চেলেং কেইবা প্ৰকাৰৰো আছে- চাবধৰা চেলেং, আঁচু দিয়া চেলেং, গাৰিয়লী চেলেং, পাৰি দিয়া চেলেং, গুণাকটা চেলেং, দৰিয়ালি গুণা কৰা চেলেং, সোণীয়া চেলেং ইত্যাদি।

খনীয়া

অসমীয়া সমাজত খনীয়া কাপােৰৰ গুৰুত্ব মৰ্যদাসম্পন্ন আছিল। এই বস্ত্ৰখনি দীঘলে বাৰ হাত আৰু বহলে তিনিহাত হয়। চেলেঙৰ বিপৰীতে খনীয়া কাপোৰৰ দুয়োটা মূৰত ফুলেৰে সুশোভিতকৈ বৈ পৰিধান কৰা হয়। অতীতত খনীয়া কাপোৰ উচ্চ পদবীধাৰী ব্যক্তিসকলে চিল্কেৰে বৈ লৈছিল। চেলেঙ কাপোৰৰ দৰেই খনীয়া কাপােৰখনীও শৰীৰৰ ওপৰ অংশতেই পৰিধান কৰা হয়। শীতকালত এইবিধ বস্ত্ৰ গাত মেৰাই লোৱা দেখা যায়। খনীয়া কাপোৰ পূৰ্বতে যৌতুকত দিয়া হৈছিল।

চোলা

পুৰণি দিনত অসমত বহু প্ৰকাৰৰ চোলাৰ প্ৰচলন অাছিল, যেনে- নৰা চােলা, এঙা চোলা, হলৌ চোলা, মিৰ্জাই, ফুটৱৈ, মোগলাই, ঘাগৰা, গোমচেঙ, চাটন, বুটাদাৰ, জালি চোলা আদি। স্বৰ্গদেউ তথা উচ্চস্তৰীয় বিষয়াসকলে পিন্ধা চোলাক চাপকন বোলা হৈছিল। তেওঁঁলোকে পৰিধান কৰা এই চাপকনসমূহ, মেজাংকৰিকিংখাপ আৰু গোমচেঙৰ সূতাৰে তৈয়াৰ কৰি সোণালী সূতাৰে বুটা বাচিছিল। পাদুৰী চাহাব সকলে পৰিধান কৰা দীঘল, চৌগা নামৰ এবিধ চোলা চাপকনৰ ওপৰত পিন্ধাও দেখা গৈছিল, এই চৌগা আছিল আভিজ্যাত্যৰ প্ৰতীক। স্বৰৰ্গদেউ সকলে ৰূপৰ বেৰি দিয়া চোলা পিন্ধিছিল, এই চোলা সমূহত ৰূপালী সূতাৰ পাৰি ব্যৱহাৰ কৰিছিল। চোলাত বুটামৰ সলনি গাঁঠি ব্যৱহাৰ কৰা হৈছিল, গাঁঠিবোৰত হাড়, বা কপাহী সূতাৰ বটিকা ব্যৱহাৰ কৰিছিল। 

পাগ

অসমীয়া সমাজত পাগুৰিক পাগ বুলিও জনা যায়। ই গাম্ভীৰ্যতাৰ প্ৰতীক হিচাপেও চিহ্নিত। সমাজৰ বিশিষ্ট ব্যক্তি সকলে পাগ বা পাগুৰিৰ ব্যৱহাৰ কৰিছিল। ফচৌ নামৰ পাগ স্বৰ্গদেউ গদাধৰ সিংহই ব্যৱহাৰ কৰাৰ কথা পোৱা যায়। ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা পাগ বা পাগুৰিৰ নাম জামালৈ ৰূপান্তৰিত হৈছিল। ৰজা-মহাৰজা, বা অন্য বিশেষ লোক সকলে পাগুৰি মৰাপাট বা পাটৰ সূতাৰে তৈয়াৰ কৰি লৈছিল। জামা নামৰ পাগুৰিৰ আৰ্হি মোগল সম্ৰাটসকলৰ পৰা লোৱা হৈছিল বুলি অনুমান কৰিব পাৰি। পাগ বা পাগুৰি তৈয়াৰ কৰিবলৈ বিশ হাত দীঘল আৰু এহাত বহল কাপোৰ ব্যৱহাৰ হয়। বিভিন্ন নামেৰে পাগ সমূহ নামাংকিত কৰা হৈছিল, যেনে – মথুৰা পাগ, চিকন পাগ, উকা পাগ, পাটৰ পাগ, গুণাকটা পাগ, মোগলাই পাগ, ফচৌ, মূৰ হাঁচতি আদি। বিয়াত দৰা, ভাওনা-সবাহত সূত্ৰধাৰ আৰু গায়ন-বায়নসকলে পাগৰ আৰ্হিৰ জামা পৰিধান কৰা দেখা যায়।

কাঁচুলি বা ব্লাউজ

কাঁচুলি হ’ল মহিলাই স্তনযুগল আচ্ছাদিত কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা এবিধ বস্ত্ৰ। বৰ্তমান সময়ত ইয়াক ব্লাউজ বুলিয়েই জনা যায়। অতীততে মহিলাসকলে দীঘল হাতৰ কাঁচুতি পৰিধান কৰিছিল। এই কাঁচুতিবোৰ সোণালী সূতাৰে ফুলামকৈ বোৱা আছিল।

বৰকাপোৰ

অসমীয়া সমাজত শীত কালত বহুল ›চলিত এবিধ কাপোৰ হ’ল বৰকাপোৰ। ইয়াক পকোৱা বা ঊণ সূতাৰে তৈয়াৰ কৰা হৈছিল। ইয়াক দুজাপকৈ ব্যৱহাৰ কৰা হৈছিল। বৰকাপোৰ বিলাক বহু যত্নেৰে খহটা মোটা সূতাৰে তৈয়াৰ কৰা হৈছিল। ই দীঘলে প্ৰায় ছয় হাত আৰু পথালিয়ে তিনিহাত মান আছিল। অসমীয়া শিপিনীয়ে হাড়কঁপোৱা শীতৰ পৰা ৰক্ষা পাবলৈ তৈয়াৰ কৰা বহু প্ৰকাৰৰ বৰকাপোৰৰ প্ৰচলন আছিল, যেনে- আঁচুবুলীয়া, কাঠবুলীয়া, ফুলাম বৰকাপোৰ, কুহুমবুলীয়া বৰকাপোৰ, আদি ফলীয়া, গাৰি দিয়া, গুণা কটা, আগ ফুলাম গাঁৰিয়লী বৰকাপোৰ, এৰী বৰকাপোৰ, ডাঙৰী বৰকাপোৰ, নৰা বৰকাপোৰ, চ’ৰা বৰকাপোৰ, ছকঠীয়া পীত কাপোৰ, পাৰখুপীয়া বৰকাপোৰ আদি।

গামোছা

অসমীয়া শিপিনীয়ে মৰমৰ দীঘ দি চেনেহৰ বানিৰে যিখন ভমকাফুলীয়া বস্ত্ৰ অকৃত্ৰিম চেনেহ ঢালি বৈ উলিয়াইছিল সেইখনেই হৈছে প্ৰতিজন অসমীয়াৰ অতি আদৰৰ গামোছা। অসমীয়া গাভৰুেৱ নিজৰ  প্ৰিয়জনক উপহাৰ দিবলৈ বোৱা ফুলাম গামোছাখনৰ সেই অকৃত্ৰিম ধাৰা এতিয়াও অটুট আছে। গামোছাক অসমীয়া সংস্কৃতিৰ বিশেষ অংশ বুলি ক’ব পাৰি। গামোছা হ’ল প্ৰতিজন অসমীয়াৰ ব্যৱহাৰ্য বস্ত্ৰ। গামোছা বুলি ক’লে সাধাৰণতে এখন বগা দীঘলীয়া বস্ত্ৰ যাৰ চাৰিওফালে ৰঙা বা সেউজীয়া ৰঙৰ পাৰি দিয়া থাকে। অতীততে শিপিনীয়ে দুই ধৰণৰ গামোছা তৈয়াৰ কৰিছিল – উকা গামোছা আৰু ফুল বছা গামোছা। উকা গামোছাখন অসমীয়া জন-জীৱনৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। গা মচিবৰ বাবে বা তিয়নি হিচাপে, মূৰৰ পানী টোকা, কঁকালত টানকৈ মেৰিয়াই লোৱা, বা কাপোৰ সলোৱা আদি কামৰ বাবে উকা গামোছাখনৰ বহুল প্ৰচলন আছে। ফুলাম গামোছাৰ ব্যৱহাৰ অনেক। তাৰে কিছু উল্লেখ কৰা হ’ল- সমাজৰ বিভিন্ন সাংস্কৃতিক বা অন্য কাৰ্যসূচীত ব্যক্তি বিশেষক শ্ৰদ্ধা জনাবলৈ গামোছা প্ৰদান কৰা হয়। অসমীয়া জাতিৰ প্ৰতীকী স্বৰূপে কোনো বহিৰাগত ব্যক্তিক গামোছা দিয়া হয়। অসমীয়া গাভৰুৱে ফুলাম গামোছা দি নিজৰ প্ৰিয়জনক মৰম যাঁছে। বাপতিসাহোন বিহুত গামোছাৰ ব্যৱহাৰ অনেক।প্ৰত্যেকজন বিহুৱাই মূৰত, কান্ধত আৰু কঁকালত গামোছা পৰিধান কৰে। ঢোল বাদ্যত ফুলাম গামোছাৰে মেৰিওৱা হয়। নামঘৰৰ মণিকূট আৰু খুঁটা সমূহত গামোছা মেৰিয়াই ভক্তিভাৱৰ প্ৰকাশ ঘটোৱা দেখা যায়। বিয়াত কইনা খোজা-বঢ়া কৰোতে আগবঢ়োৱা শৰাই ফুলাম গামোছাৰে ঢাকি দি মান ধৰা হয়। দৰাই সম্পূৰ্ণ সাজ পৰিধান কৰাৰ পিছত ডিঙিত গুটি ফুলৰ ভমকাফুলীয়া গামোছাৰে শোভাবৰ্দ্ধন কৰা হয়। অসমীয়া সমাজৰ সকাম অনুষ্ঠানত গামোছাৰ স্থান সবাটোকৈ আগত। সামাজিক বা সাংস্কৃতিক যিকোনো অনুষ্ঠানত ধূতী পাঞ্জাৱী পিন্ধাৰ পিছত ডিঙিত গামোছা লোৱাতো এক পৰম্পৰাত পৰিণত হৈছে।

সম্পৰ্কীয় লেখা

Leave a Comment

* By using this form you agree with the storage and handling of your data by this website.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept