সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

আবেলি

পদূলিৰ কৃষ্ণচূড়াৰ চিৰিলি চিৰিলি পাতত

ওলমি আছে আবেলিটো বতাহত বিয়পিছে

সেন্দুৰীয়া আভাৰ গোন্ধ পশ্চিমৰ ভাগৰুৱা আকাশ।

অ’ বেলি লাগেনে তোৰ ভাগৰ

পাৱনে এফেৰি মৰমৰ কোলা

পৰেনে মনত তোৰ পুৱাৰ ওমলা সুৱদী সুৰীয়া গীত।

দিনটো উমলি থকা সখীবোৰ বাহলৈ যাব

হাঁহি কান্দোনবোৰ তোৰ বুকুত থ’ব

তই সুখৰ নে দুখৰ।

আবেলি হেঙুলীয়া আবেলি

তোৰো ছাগৈ প্ৰিয়জন আহিব গধূলি

গোলাপী গালত তই লাজুকী আবেলি।

— সৃষ্টিবাণী দাস

শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানত অভিনয় কলাৰ অনুশীলন ছাঁ-পোহৰেদি এভুমুকী

কলা- কৃষ্টি

মহাপুৰুষ গুৰুজনাৰ জন্মস্থানত গুৰু দুজনাৰ মহান কলা- কৃষ্টিসমূহ বিশেষকৈ বৰগীত, ভাওনা, নিত্য প্ৰসংগ, ভাগৱত পাঠ, ঘোষা, কীৰ্তন পাঠ, চালি-ঝুমুৰা-সূত্ৰ আদি সত্ৰীয়া নৃত্যৰ চৰ্চা আৰু প্ৰদৰ্শন হৈ আহিছে।

এই মহাপুৰুষীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰদৰ্শনৰ দিশত অঞ্চলটোৰ শিল্পীসকলক উৎসাহ-উদ্দীপনা যোগোৱা শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ প্ৰয়াত কিনাৰাম বুঢ়াভকত, বৰ্তমানৰ জন্মস্থানৰ শৰাই আৰু বন্তি পৰিচালক শ্ৰদ্ধাৰ যোগেন বৰা বুঢ়াভকত, ফণীধৰ শইকীয়া আৰু প্ৰয়াত মিঠাৰাম বৰুৱা বায়নেই আছিল প্ৰধান।

গায়ন-বায়ন, অংকীয়া ভাওনা, সত্ৰীয়া নৃত্য, বৰগীত আদি অনুপম কৃষ্টিৰে সুশোভিত হৈ পৰা এই অনুষ্ঠানসমূহত শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূৰ উদ্যোগ আৰু স্থানীয় সাংস্কৃতিক অনুষ্ঠান লেটেকুপুখুৰী শঙ্কৰী সংগীত বিদ্যালয়ৰ সহযোগত অঞ্চলটোৰ সংস্কৃতানুৰাগী শিশু আৰু যুৱক-যুৱতীসকলৰ উৎসাহভৰা অংশগ্ৰহণে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

এই বিদ্যালয়ৰ যোগেদি নৃত্য-গীতৰ শিক্ষা লাভ কৰি বিভিন্ন সময়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অহা শিক্ষাথ¹সকলৰ ভিতৰত শোভন বৰুৱা, ধীৰেন চেকনিধৰা, নৰেন হাজৰিকা, মহেন হাজৰিকা, মহেশ বৰুৱা, নিৰঞ্জন বৰুৱা, তৰিৎ বৰুৱা, যোগেশ কাকতি, ৰঞ্জন বৰা, দিব্যজোতি বৰা, অৰ্চনা বৰুৱা, মূৰ্ছনা নেওগ, নিলাক্ষী হাজৰিকা, পিংকী বৰা, ৰতন নেওগ, ক্ষীৰোদ বৰা, চিন্ময় বৈষ্ণৱ, বেদান্ত বৈৰাগী, ভাস্কৰ বৰা, প্ৰবাল নেওগ, শ্যামচন্দন বৰা, প্ৰাঞ্জল বৰুৱা, ভানু বৰা, অৰ্পণা বৰুৱা, যাদৱ শইকীয়া, জুলি বৰা, মুনীন্দ্ৰ বৰা আৰু বহুজনৰ [স্থানৰ অভাৱত সকলোৰে নাম উল্লেখ কৰা সম্ভৱ নহয়] সাংস্কৃতিক প্ৰতিভাই লেটেকুপুখুৰী অঞ্চলৰ কৃষ্টি-সংস্কৃতিক এক বিশেষ পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে।

ইয়াৰ উপৰি এই বিদ্যালয়ৰ দ্বাৰা বিভিন্ন সময়ত পৰিৱেশিত অংকীয়া ভাওনাতো অঞ্চলটোৰ একাংশ জ্যেষ্ঠ শিল্পীয়ে নিয়মিত ৰূপত অভিনয় কৰি অঞ্চলটোক গৌৰৱৰ অংশীদাৰ কৰি তুলিছে।

এইসকলৰ ভিতৰত পৰেশ নেওগ, প্ৰদীপ হাজৰিকা, প্ৰদীপ গোস্বামী, অনন্ত হাজৰিকা, তোলেশ্বৰ বৰা, প্ৰবীণ বৰা আদিৰ নাম উল্লেখযোগ্য।

আনহাতে স্থানীয় শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি সংঘয়ো বিভিন্ন সময়ত বিভিন্ন সাংস্কৃতিক পদক্ষেপ হাতত লৈ আহিছে। বিশেষকৈ স্থানীয় যুৱক-যুৱতীসকলৰ সুপ্ত শিল্পী প্ৰতিভাৰ বিকাশ ঘটাই ৰূপায়ণ কৰি অহা নাট্যানুষ্ঠান আৰু শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা এক উল্লেখনীয় দিশ।

সংঘৰ যোগেদি ‘পগলা মানুহ’, ‘মিৰি জীয়ৰী’, ‘দখল’, ‘খোজ’, ‘পিজৌ গাভৰু’, ‘বলিয়া গোসাঁই’ আদি বিভিন্ন সামাজিক নাটক মঞ্চস্থ হৈছে।

পৰেশ নেওগ, লীলা বৰা, প্ৰদীপ হাজৰিকা, অনন্ত হাজৰিকা, তপন দত্ত, শ্যাম তামুলী, প্ৰদীপ গোস্বামী, সুচেন নেওগ, প্ৰবীণ বৰা আদি সাংস্কৃতিক কম¹সকলে অব্যাহত ৰখা প্ৰচেষ্টাই অনুষ্ঠানটোক নাট্যচৰ্চাৰ ক্ষেত্ৰত অনন্য মাত্ৰা প্ৰদান কৰি আহিছে।

কীৰ্তন ঘৰ

১৯৬৫-৬৬ চনমানত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানৰ কীৰ্তন ঘৰৰ ভেটিত হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ পৰাই এই স্থানত ৰূপায়ণ হোৱা ভাওনাকে মুখ্য কৰি কলা-সংস্কৃতিৰ চৰ্চাৰ লগত জড়িত কথাবিলাক মোৰ মনত পৰে।

উল্লেখযোগ্য যে সেই কালত নাৰায়ণপুৰৰ বদলা সত্ৰৰ বাহিৰে আমাৰ এই ফালৰ সম্প্ৰতি নগৰায়ন হোৱা স্থানসমূহত অন্য কোনো স্থানতেই ৰাসলীলা উদযাপন হোৱা নাছিল।

কীৰ্তনঘৰৰ ভেটিত বিহপুৰীয়াৰ মিলৰ পৰা অনা তুঁহ-ভুচি-মাটিৰে দৰ্শকৰ আসন প্ৰস্তুত কৰা হৈছিল আৰু দৰ্শনীৰ মূল্য আছিল ৫০ পইচা।

কাৰাগাৰত বসুদেৱ-দৈৱকীক বন্দী কৰিবৰ বাবে শিকলি প্ৰস্তুত কৰাৰ কথা মনত পৰে। এই ভাও সাধাৰণতে লৈছিল খগেন হাজৰিকা আৰু প্ৰয়াত টংক বৰাদেৱে।

সেই কাৰাগাৰৰ দৃশ্য ৰূপায়ণ কৰোঁতে শিলাবৃষ্টিৰ দৃশ্যায়ন কৰিবৰ বাবে এটা পাহাৰ সজাৰ কথা মনত পৰে।

এই ৰাসত কংসৰ চৰিত্ৰত অভিনয় কৰিছিল নিত্যা শইকীয়া তোষেশ্বৰ নেওগ, হেম নেওগ, হলি হাজৰিকা [গোনা], কলিৰাম দত্ত, তপেশ্বৰ ভূঞা আদিয়ে।

মহাৰাসৰ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল ফণীধৰ হাজৰিকা [আতৈ], মুহিৰাম আতৈ আৰু ৰাধাৰ চৰিত্ৰত নিত্যা হাজৰিকাদেৱে।

নাৰদৰ চৰিত্ৰত ব্ৰজেন শৰ্মা আৰু কণপাই হাজৰিকাই অভিনয় কৰিছিল। অন্যহাতে, বস্ত্ৰহৰণৰ কৃষ্ণৰ চৰিত্ৰত আছিল বংশীবদন গোস্বামী আৰু গুনন্দ বৰা।

বৎসাসুৰ আৰু পুতনাৰ চৰিত্ৰত নিয়মীয়াকৈ সদা শইকীয়া আৰু প্ৰয়াত পদ্ম বৰুৱাই অভিনয় কৰিছিল। তেনেকৈ শংখচূড়ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল কৈলাশ বৰঠাকুৰ আৰু ভোলা পাঠকে।

নেপথ্য কণ্ঠ পৰিৱেশন কৰা নন্দেশ্বৰ শইকীয়াৰ কণ্ঠটো আজিও যিদৰে কাণত ভাহি আছে, তেনেকৈ বৃদ্ধ গোপী ৰূপে ৰাসত ওলোৱা মোহোৰাম নেওগ [মেহাই] আৰু তনুৰাম বৰাৰ কথা মনত পৰে।

নাৰী চৰিত্ৰত উল্লেখযোগ্য অভিনেতা আছিল প্ৰয়াত জীৱ নেওগ আৰু ৰূপৰাম বৰুৱা।

আকৌ মনত পৰে কালিয় দমনৰ কৃষ্ণ– প্ৰয়াত দুগ্দ্ধ হাজৰিকা, বলোভদ্ৰ সুশীল হাজৰিকা, শিশুকৃষ্ণ প্ৰয়াত ফণীধৰ নেওগ।

নন্দৰ ভাওত প্ৰসিদ্ধ আছিল প্ৰয়াত অম্বি বৰুৱাদেৱ আৰু বহুবাৰ বসুদেৱৰ ভাও ৰূপায়ণ কৰিলে সুবোধ বৰাই। তেনেকৈ মহাৰাসৰ কৃষ্ণৰ ভাৱত সুন্দৰ অভিনয় কৰিছিল তৰুণ বৰা [ভাই] আৰু কুমুদ নেওগে।

যোগেন বৰা ফণীধৰ আতৈ মিঠাৰাম আতৈ ডিম্ব আতৈ আদিয়ে আমাক মাটি আখৰা শিকাইছিল। ৰাসখনৰ শৃংখলাবদ্ধতা বজাই ৰখাত মুহিৰাম ভলণ্টিয়াৰ আৰু ৰোষেশ্বৰ বৰুৱাৰ কথা বিশেষভাৱে মনলৈ আহে।

পিছৰ কালত ৰাসত নৃত্য প্ৰশিক্ষক হিচাপে গোপাল গোস্বামীয়ে বিশেষ ভূমিকা লৈছিল। কীৰ্তনঘৰৰ ভেটিত হোৱা দুখন ভাওনাৰ কথা মোৰ সৰুকালত বিশেষভাৱে মনত পৰে– ‘ভীষ্ম পৰ্ব’ আৰু ‘শুণ্ড-উপশুণ্ড বধ’।

জন্মোৎসৱ

এই ভাওনা দুখনত ভাও লোৱা লোকসকলৰ একাংশ আছিল– প্ৰয়াত মোহন ভূঞা, কলিৰাম দত্ত, কেশৱ বৰা, ভোলা ভূঞা, থানেশ্বৰ শৰ্মা, কণপাই বৰুৱা। এবাৰ সাদিনীয়াকৈ শংকৰ জন্মোৎসৱ হোৱা মনত পৰে।

এই উৎসৱত ৰূপায়িত ‘বৃত্তাসুৰ বধ’ ভাওনাখনত বৃত্তাসুৰ লৈছিল টংক বৰাই, পৰশুৰাম আৰু উত্তৰৰ ভাও লৈছিল ক্ৰমে তোষেশ্বৰ নেওগ আৰু খগেন কাকতিয়ে। বাকীসকলৰ কথা বিস্মৃতিৰ গৰ্ভত।

কিনাৰাম আতৈ আৰু মিঠাৰাম আতৈ আছিল থানত হোৱা ভাওনাৰ কৃষ্ণ-অজুনৰ এটা স্থায়ী যুটি।

তনুৰাম বৰাই জলহু আৰু মণি বৰাই বাংকৰা ভাও লোৱা ‘যমপুৰীত যমৰজাৰ জলহু’ নামৰ নাটকখনৰ কথা আজিও মনলৈ আহে।

এই অনুষ্ঠানটিৰ উত্তৰণৰ ক্ষেত্ৰত হেনৰী ফ’ৰ্ডে কোৱা কথা এষাৰ মনলৈ আহিছে। তেওঁ কৈছিল– ‘‘Comming together is Beginning; Keeping together is Progress; Working together is Success.’’

শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা

১৯৬০ চনত শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থানৰ কীৰ্তন ঘৰৰ ভেটিত পোনপ্ৰথমবাৰৰ বাবে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা আৰম্ভ হৈছিল। সেই সময়ত নাৰী চৰিত্ৰত পুৰুষসকলে অভিনয় কৰিছিল।

ৰাসক কেন্দ্ৰ কৰি গঢ় লৈ উঠা শ্ৰীশ্ৰীমাধৱদেৱ কৃষ্টি সংঘ বৰ্তমান অসমৰ ভিতৰত এটি জাকত জিলিকা অনুষ্ঠান হিচাপে পৰিগণিত হৈছে।

ইয়াৰ লগতে লেটেকুপুখুৰীৰ শঙ্কৰী সঙ্গীত বিদ্যালয়খনেও প্ৰতিভা বিকাশৰ এক অগ্ৰণী অনুষ্ঠান হিচাপে সমাদৰ লাভ কৰিছে।

গুৰুজনাৰ এই পৱিত্ৰ ধামলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ লগত ভাগৱতী সমাজৰ এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিছে।

তেখেতসকলৰ লগত বিভিন্ন শাস্ত্ৰৰ ধৰ্মীয় তত্ত্বগধুৰ আলাপ-আলোচনাই অনুষ্ঠানভাগিত এক সুকীয়া ভক্তিৰসৰ সৃষ্টি কৰিছে।

ভাগৱতীসকলৰ ভিতৰত বহুকেইজন পুৰোধা ব্যক্তিয়েই আছিল প্ৰায় নব্বৈ বছৰৰ ঊধ্বৰ। সেইসকলৰ জ্ঞানময়, ভক্তিময় তথা ৰসাল বাৰ্তালাপত আমি পুলকিত হৈছিলোঁহক।

এই বয়োজ্যেষ্ঠসকলক লৈ দুবাৰকৈ জন্মস্থানত মহাপুৰুষজনাৰ অমৰ সৃষ্টি অংকীয়া নাটক পতা হৈছিল। ‘ৰুক্মিণী হৰণ’, ‘পত্নী প্ৰসাদ’ আদি ভাওনা পাতি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল।

গুৰুজনাৰ মহান সৃষ্টিৰাজিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিসকল মহান পুৰুষে অহোপুৰুষাৰ্থ কৰি আহিছে, তেখেতসকলক আমি কৃতজ্ঞতা জনাইছোঁ।

২০১৫ চনত এই জন্মস্থানতে সদৌ অসম ভিত্তিত ‘অংকীয়া ভাওনা সমাৰোহ’ নামৰ এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভূ তথা বৰ্তমান জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি শ্ৰীশ্ৰীজনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন স্মাৰক বক্তৃতা অনুষ্ঠান তথা অংকীয়া নাটকৰ মৌলিকতা বা গুৰুজনাৰ ভক্তি নিদৰ্শন আদি বিষয়ত বিস্তৃত অৱলোকন কৰা হয়।

শেষ অংশ

ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!