সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

চৰ্যাপদ

বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত বুলি চৰ্যাপদ সমূহক আখ্যা দিয়া হয়। চৰযপদ

সহজযানী বৌদ্ধসকলৰ পালন কৰিব লগীয়া নীতি বা আচাৰ আচৰণ সমূহ সমষ্টিয়েই হ’ল চৰ্যাপদ সমূহ।

চৰ্যাপদ সমূহ ৮ম ৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছে।

ধৰ্ম সাধনৰ বাবে প্ৰয়োজনীয় নিৰ্বাণ লাভ কৰাৰ পথ সমূহ এই চৰ্যাপদত নানান ৰূপক, প্ৰতীক, উপমা আদিৰ সহায়ত দেখুৱাবৰ যত্ন কৰা হৈছে।

ইয়াত ব্যৱহৃত বিষয়সমূহ অতি জটিল আৰু ৰহস্যৰে আবৃত্ত।

ইয়াৰ তত্বসমূহ সাংকেতিক ভাষাৰে পৰিপূৰ্ণ।

এই সমূহ বুজিবৰ বাবে বা ইয়াৰ অৰ্থ শুদ্ধ ভাৱে অনুধাৱন কৰিবলৈ হ’লে উপযুক্ত গুৰুৰ সহায় অতিশয় প্ৰয়োজনীয়।

সেই বাবেই পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীয়ে ইয়াক ’সন্ধ্যাভাষা‘ বা ‘আলো আঁধাৰি ভাষা‘ বুলি কৈছে।

ড০ মহেশ্বৰ নেওগে চৰ্যাপদৰ ভাষা সম্পৰ্কত কৈছে যে, ‘ইয়াৰ ভাষাতো ইচ্ছাকৃত জটিলতা বৰ্তমান, কাৰণ সেই ভাষা সাংকেতিক, প্ৰতীকী ভাষা যাৰে তাৰে বাবে নহয়; যি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইঙ্গিত মাত্ৰ‘।

চৰ্যাসমূহৰ মাজত সাধাৰণতে তিনিটা প্ৰধান দিশ পোৱা যায় বুলি পণ্ডিতসকলে তেওঁলোকৰ আলোচনাত প্ৰকাশ কৰিছে।

সেই কেইটা হৈছে, দাৰ্শনিক তত্ব সম্বন্ধীয় দিশ, যোগ সম্বন্ধীয় দিশ আৰু তন্ত্ৰ সম্বন্ধীয় দিশ।

চৰ্যাপদ উদ্ধাৰ

চৰ্যাপদ সমূহ হৰপ্ৰসাদ শাস্ত্ৰী নামৰ এজন ব্যক্তিৰ জৰিয়তে পোহৰলৈ আহিছিল।

হৰপ্ৰসাদ শাস্ত্ৰীয়ে কলিকতাৰ এচিয়াটিক চোছাইটিৰ বাবে পুৰণি পুথি সংগ্ৰহৰ কামত নেপাললৈ যোৱাৰ সময়ত নেপাল ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত সংৰক্ষিত অৱস্থাত থকা কেইখনমান পুথি বিচাৰি পাইছিল।

এই তিনিখন পুথিৰ লগত ডাকাৰ্ণৱ নামৰ আন এখন পূৰ্বতে উদ্ধাৰ কৰি অনা পুথি লগ লগাই ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা‘ নামেৰে ১৯১৬ চনত বঙ্গীয় সাহিত্য পৰিষদে হৰপ্ৰসাদ শাস্ত্ৰীৰ সম্পাদনাত প্ৰকাশ কৰিছিল।

সেই কেইখন হ‘ল – চৰ্য্যাচৰ্য্য বিনিশ্চয়, সৰোজ বজ্ৰৰ দোহাকোষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ

এই খিনিতে উল্লেখ কৰিব পাৰি যে, হৰপ্ৰসাদ উদ্ধাৰ কৰি অনা চৰ্য্যাচৰ্য্য বিনিশ্চয় পুথিখন মূল পুথি নাছিল।

এই পুথিখন আচাৰ্য মুনিদত্তই লিখা টীকা পুথিহে আছিল।

মুনিদত্তই লিখা উক্ত টীকা পুথিখনৰ নাম চৰ্যাগীতিকোষ বুলি জনা যায়।

গতিকে ইয়াৰ পৰা বুজা যায় যে, শাস্ত্ৰীৰ দ্বাৰা সংগ্ৰহিত উক্ত চৰ্যা খিনিৰ মূল নাম আছিল চৰ্যাগীতিকোষ, তেওঁ নাম দিছিল চৰ্যাচৰ্য বিনিশ্চয় আৰু পৰৱৰ্তী সময়ত সংক্ষেপতে ইয়াৰ নাম চৰ্যাপদ বোলা হয়।

চৰ্যাগীতিকোষৰ অৱয়ব

হৰপ্ৰসাদ শাস্ত্ৰীয়ে যিখন পুথি উদ্ধাৰ কৰিছিল সেইখনত কোনো টীকাকাৰ বা মুনিদত্তৰ নামো পোৱা নগৈছিল।

ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ে চৰ্যাগীতৰ এটা তিব্বতী অনুবাদৰ সন্ধান লাভ কৰিছিল।

ইয়াৰ পিছত ড০ প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন, শান্তি ভিক্ষু শাস্ত্ৰী আদি পণ্ডিত সকলে কৰা গৱেষণাৰ ফল স্বৰূপে তিব্বতী অনুবাদটি উদ্ধাৰ হৈছিল।

উক্ত অনুবাদটিৰ জৰিয়তেই সংস্কৃত টীকাকাৰ গৰাকীযে মুনিদত্ত আছিল সেয়া গম পোৱা গৈছিল।

হৰপ্ৰসাদ শাস্ত্ৰীয়ে লাভ কৰা পুথিখন এখন খণ্ডিত পুথিহে আছিল।

ড০ পৰীক্ষিত হাজৰিকাই তেখেতৰ ‘চৰ্য্যাপদ‘ নামৰ পুথিখনত উল্লেখ কৰিছে যে, ‘গানবোৰ ৰচনা কৰা তাৰিখ বা লিপিকাৰৰ তাৰিখ নাই, সেইখন এখন খণ্ডিত পুথি মাত্ৰ; তালপাতৰ পুথি, ৬৯ টা পাত আছে, প্ৰতি পাতৰ দুয়োফালে পাঁচোটাকৈ শাৰী, মাজত বিন্ধা আছে। আমাৰ সাঁচিপতীয়া পুথিবোৰ যেনে এইখনো তেনেধৰণৰ পুথি‘।

হৰপ্ৰসাদ শাস্ত্ৰীৰ চৰ্য্যাচৰ্য্যবিনিশ্চয় পুথিখনত ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গীত সন্নিবিষ্ট আছে।

চৰ্যাপদ সমূহৰ সৰহ ভাগেই দহশাৰীৰ।

ইয়াৰে ১০, ২৮ আৰু ৫০ নং চৰ্যাপদ খিনি চৌদ্ধ শাৰীৰ।

৩৯ নং চৰ্যাটি ঊন্নেশ শাৰীৰ।

২১ আৰু ২২ নং চৰ্যাপদ খিনি বাৰ শাৰীৰ।

১৪ নং চৰ্যাটি সাত শাৰীৰ।

২৩ নং চৰ্যাটি ছয় শাৰীৰ।

২৫ নং চৰ্যাটি চাৰি শাৰীৰ।

এই সমূহৰ ভিতৰত ২৮ আৰু ৪৮ নং চৰ্যা দুটিৰ মূলৰ লগতে টীকা অংশও বিলুপ্ত

তালপাতত লিখা পুথিখনৰ প্ৰতি খিলা পাতত পাঁচটাকৈ শাৰী আছে।

ইয়াৰ প্ৰথম শাৰীটো পাতটোৰ ইমূৰৰ পৰা সিমূৰলৈ লিখা আছে।

দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শাৰী কেইটাৰ মাজতে কিছু ঠাই এৰি পুনৰ লিখা আছে।

মাজৰ এই অংশটিত অসমীয়া সাঁচিপতীয়া পুথিৰ দৰে নাভি অংশ দেখা যায়।

পুনৰ পঞ্চম তথা শেষৰ শাৰীটো ইমূৰৰ পৰা সিমূৰলৈ লিখা।

চৰ্যাৰ ৰচকসকল

হৰপ্ৰসাদ শাস্ত্ৰীৰ চৰ্য্যাচৰ্য্য বিনিশ্চয় পুথিখনত মুঠতে ২৩ জন সিদ্ধাচাৰ্যৰ নাম পোৱা গৈছে।

এই ২৩ জন সিদ্ধাচাৰ্য চৌৰাশী তান্ত্ৰিক সিদ্ধাচাৰ্যৰ অন্তভূক্ত।

এই পুথিত পোৱা ২৩জনৰ সিদ্ধাচাৰ্যৰ নাম হ’ল-

কাহ্নপাদ, ভুসুকপাদ, সৰহপাদ, কুক্কুৰীপাদ, লুইপাদ, শবৰপাদ, শান্তিপাদ, বিৰুৱাপাদ, গুণ্ডৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ, আৰ্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ আৰু তন্ত্ৰীপাদ।

এই সকলৰ বাহিৰেও আৰু আঠজন সিদ্ধাচাৰ্যৰ নাম চৰ্যাপদ সমূহত উল্লেখ থকা দেখা যায়।

সেইসকল হ‘ল- চৰ্যাপাদ, ইউড়ীপাদ, মীনপাদ, ধোকৰীপাদ, বিৰোপাক্ষপাদ, তিলোপাদ, দড়তীপাদ, আৰু আচাৰ্য বিনাত্তক।

চৰ্যাপদৰ অসমীয়া ৰচকসকল

ভাৰতীয় বিভিন্ন ভাষাৰ পণ্ডিতসকলে চৰ্যাপদক তেওঁলোকৰ ভাষাৰ অন্তগৰ্ত বুলি দাবী কৰা দেখা যায়।

এই ভাষা সমূহৰ ভিতৰত উৰিয়া, মৈথিলী, বঙালী, মণিপুৰী, অসমীয়া আদিয়েই প্ৰধান।

ড০ বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ধ্বনিতাত্বিক, ৰূপতাত্বিক, আৰু শব্দৰ বৈশিষ্ট্য সমূহ আলোচনা কৰি ইয়াৰ লগত যে অসমীয়া ভাষাৰ মিল আছে সেয়া প্ৰমাণ কৰি গৈছে।

ড০ কাকতিৰ এই আলোচনাৰ সত্যতা মহাপণ্ডিত ৰাহুল সাংকৃত্যায়নে তেওঁৰ দোহাকোশত, ড০ সুকুমাৰ সেনে চৰ্যাগীত পদাবলীত আৰু ড০ সুনীতি কুমাৰ চট্টোপাধ্যায়ে তেওঁৰ ’The Place of Assam in the History and Civilisation of India‘ নামৰ গ্ৰন্থত স্বীকাৰ কৰিছে।

যি সকল অসমীয়া সিদ্ধ পুৰুষে চৰ্যাপদত তেওঁলোকৰ অৱদান আগবঢ়াইছিল তেওঁলোক হ‘ল-

কাহ্নপাদ, ভুসুকপাদ, সৰহপাদ, লুইপাদ, শবৰপাদ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আৰু দাৰিকপাদ।

ভাৰতীয় অন্য ভাষাতকৈ অসমীয়া ভাষাৰ লগত চৰ্যাপদৰ অধিক মিল থকা দেখা যায়।

সেইবাবেই সৰহ সংখ্যক চৰ্যাপদ ৰচক অসমীয়া বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে আৰু ইয়াত অসমীয়া ভাষা তথা সাহিত্য সংস্কৃতিৰ বৈশিষ্ট্যই প্ৰাধান্য লাভ কৰিছে বুলি প্ৰমাণ কৰিছে।

চৰ্যাপদ পুথিৰ প্ৰকাশ

হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ পৰা উদ্ধাৰ কৰি অনাৰ পিছত চৰ্যাপদ বহু ভাষাত সম্পাদিত হৈ প্ৰকাশ হোৱা দেখা পোৱা যায়।

১৯১৬ চনত বংগীয় সাহিত্য পৰিষদৰ দ্বাৰা ‘হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধগান ও দোহা‘ নামেৰে পোন প্ৰথমে প্ৰকাশ হয়।

১৯৩৮ চনড০ প্ৰবোধ চন্দ্ৰ বাগচীয়ে ‘Materials for a Critical Edition of the Old Bengali Caryapadas’ ত প্ৰকাশ কৰে।

১৯৪৫ চনমণীন্দ্ৰ মোহন বসুৱে ‘চৰ্যাপদ‘ নামেৰে বঙলা ভাষাৰ টীকা সম্বলিত এটি সংকলন প্ৰকাশ কৰে।

১৯৫৬ চনত ড০ প্ৰবোধ চন্দ্ৰ বাগচী আৰু শান্তি ভিক্ষু শাস্ত্ৰী দুয়োজন মিলি ‘চৰ্য্যাগীতিকোষ‘ নামেৰে প্ৰকাশ কৰে।

১৯৫৬ চনত ড০ সুকুমাৰ সেনেও ‘চৰ্য্যাগীতিপদাৱলী‘ নামেৰে এটি সংকলন প্ৰকাশ কৰে।

১৯৫৭ চনত ৰাহুল সাংকৃত্যায়নে দোহাকোশ’ নাম দি এটি চৰ্যাপদৰ সংকলন প্ৰকাশ কৰে।

১৯৫৯ চনত ড০ মহম্মদ শহীদুল্লাই ’Buddhist Mystic Songs’ ও নামেৰে এটি সংকলন প্ৰকাশ কৰে।

১৯৬৩ চনত তাৰাপদ মুখাৰ্জীয়ে ‘The Old Bangali language and the Text’ নামেৰে চৰ্যাপদৰ এটি ইংৰাজী অনুবাদ প্ৰকাশ কৰে।

১৯৬৬ চনত শশীভূষণ দাসগুপ্তই ‘বৌদ্ধ ধৰ্ম আৰু চৰ্যা গীতি‘ নাম দি প্ৰকাশ কৰে।

১৯৬৬ চনত তাৰাপদ মুখাৰ্জীয়ে চৰ্যাগীতি‘ নামেৰে আন এটি সংকলন প্ৰকাশ কৰা দেখা যায়।

ড০ নীলৰতন সেনে ১৯৭৩ আৰু ১৯৭৭ চনত ইংৰাজী আৰু বঙলা ভাষাত চৰ্যাপদ পুথি উলিয়ায়।

১৯৭৩ চনত ড০ পৰীক্ষিত হাজৰিকাই অসমীয়া ভাষাত চৰ্যাপদ নামেৰে এটি সংকলন প্ৰকাশ কৰে।

চৰ্যাগীত আৰু বৌদ্ধতন্ত্ৰ নামেৰে ড০ প্ৰণৱ জ্যোতি ডেকাইও এটি অসমীয়া ভাষাত চৰ্যাগীতৰ সংকলন প্ৰকাশ কৰা পোৱা যায়।


FAQs on চৰ্যাপদ

চৰ্যাপদ কি ?

বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত বুলি চৰ্যাপদ সমূহক আখ্যা দিয়া হয়। ই হ’ল সহজযানী বৌদ্ধসকলৰ পালন কৰিব লগীয়া নীতি বা আচাৰ আচৰণ সমূহৰ সমষ্টি।

চর্যাপদ কাক বোলে ?

৮ম ৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি পণ্ডিত সকলে ঠাৱৰ কৰা সহজযানী বৌদ্ধসকলৰ পালন কৰিব লগীয়া নীতি বা আচাৰ আচৰণ সমূহকেই চৰ্যাপদ বুলি কোৱা হয়।


ইয়াৰ লগতে পঢ়ক


Leave a Comment

error: Content is protected !!