সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

ঝুমুৰা

ঝুমুৰা মানে কি

ঝুমুৰা বুলি ক‘লে সাধাৰণতে মহাপুৰুষ মাধৱদেৱৰ নাটক কেইখনকেই বুজা যায়।

অতি সাধাৰণ ভাৱে বুজিবলৈ হ‘লে পৰিস্থিতি প্ৰধান বিষয়বস্তুৰে গঠিত নাটক সমূহকে ঝুমুৰা বুলি কোৱা হয়।

ড০ মহেশ্বৰ নেওগে তেওঁৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ‘সংস্কৃত নাট্য বিধি আৰু স্থানীয় উপাদান সংগ্ৰহ কৰি শংকৰদেৱে এক শ্ৰেণীৰ অসমীয়া নাটক প্ৰতিষ্ঠা কৰে। এই শ্ৰেণীৰ নাটকক নাট, যাত্ৰা, নাটক বা নৃত্য বোলা হৈছে‘।

কিন্তু তুলনা কৰি চালে দেখা যায় যে, মাধৱদেৱ নাট্য শৈলী শংকৰদেৱৰ পৰা কিছু পৃথক।

মাধৱদেৱ বিৰচিত ‘অৰ্জুন ভঞ্জন‘ নাট খনিৰহে শংকৰদেৱৰ নাটকৰ আৰ্হিৰ লগত মিল থকা দেখা যায়।

অজুন ভঞ্জনৰ বাহিৰে মাধৱদেৱৰ বাকী পাছখন নাটককেই ঝুমুৰা বুলি কোৱা হয়।

অৱশ্যে মাধৱদেৱে তেওঁৰ আটাইকেইখন নাটকতেই ঝুমুৰা শব্দৰ প্ৰয়োগ কৰা দেখা পোৱা নাযায়।

মাধৱদেৱৰ নাটকেইখনক কেতিয়াৰ পৰা ঝুমুৰা বুলি কোৱা হ‘ল তাৰো সঠিক উত্তৰ বা তথ্যৰ অভাৱ।

ঝুমুৰা কি বা ঝুমুৰা কাক বোলে?

ঝুমুৰা কি বা ঝুমুৰা কাক বোলে বুলি ক‘বলৈ যোৱাৰ আগতে এটা কথা ক‘ব লাগিব যে, মহাপুৰুষ মাধৱদেৱৰ কেইখনমান নাটকক হে ঝুমুৰা বুলি কোৱা হয়।

ইয়াৰ বাহিৰে ঝুমুৰাৰ অন্য উদাহৰণ পাবলৈ নাই।

ড০ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা নামৰ গ্ৰন্থত পোৱা যায় যে, ‘ঝুমুৰাৰ সংজ্ঞা এতিয়াও দিয়া হোৱা নাই, কিন্তু ই একধাৰা গীত প্ৰধান নাট, য‘ত শংকৰী নাটৰ সকলো অংগ দেখা নাযায়। ঝুমুৰা কেইখনি অন্ততঃ ঘটনা প্ৰধান বুলিব নোৱাৰি। একোটি সামান্য পৰিস্থিতি লৈ নাটকৰ বিষয়বস্তু সজোৱা হৈছে। গতিকে কেওখন ঝুমুৰা পৰিস্থিতি প্ৰধান‘।

ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত‘ত উল্লেখ থকা অনুসৰি, পৰিবৰ্তে যেতিয়া ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত নাট ৰচনা কৰা হয়, তেতিয়া তেনে নাটকক ঝুমুৰা বোলা হয়‘।

প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাঞ্জল ধাৰা নামৰ তিলক চন্দ্ৰ মজুমদাৰৰ গ্ৰন্থত উল্লেখ থকা অনুসৰি ‘মাধৱদেৱৰ যিকিখন নাট পৰিস্থিতি প্ৰধান, খণ্ড ঘটনা যুক্ত আঠ অক্ষৰৰ ঝুমুৰ ছন্দেৰে অলংকৃত, আকৃতি বা গঠন ক্ষুদ্ৰ, নৃত্য সংগীতৰ গোন্ধেৰে আমোলমোল, ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপ অংকিত বাৎসল্য ৰস প্ৰধান আৰু নাৰী চৰিত্ৰৰ প্ৰচুৰ প্ৰয়োভৰ হয়, সেই কিখনক ঝুমুৰা বোলা হৈছে‘।

ড০ হেমন্ত কুমাৰ শৰ্মাৰ ‘অসমীয়া সাহিত্যত দৃষ্টিপাত‘ নামৰ গ্ৰন্থত উল্লেখ থকা অনুসৰি ‘অজুন ভঞ্জনৰ বাহিৰে বাকী কেইখন নাট কলেৱৰত সৰু, শিশু শ্ৰীকৃষ্ণ আৰু স্ত্ৰী-চৰিত্ৰৰ প্ৰাধান্য আৰু নৃত্য গীতৰ প্ৰাচুৰ্যৰ কাৰণে ‘ঝুমুৰা‘ বোলা হৈছে‘।

জ্যোতিৰেখা হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পোৱা মাধৱদেৱৰ ‘ভোজন বেহাৰ‘ ঝুমুৰাত ‘ক্ষুদ্ৰ কথা বস্তু, সংঘাট বা বিৰোধ একেবাৰে লঘু, চৰিত্ৰ স্ফুৰণ য‘ত নঘটে, নৃত্য গীত তথা নাৰী চৰিত্ৰ প্ৰধান সিয়ে হ‘ল ঝুমুৰা‘ বুলি ঝুমুৰাৰ অৰ্থ দাঙি ধৰা হৈছে।

লখমীকান্ত মহন্তৰ ‘অসমীয়া সাহিত্য অধ্যয়ন‘ নামৰ গ্ৰন্থত উল্লেখ থকা অনুসৰি, ‘… কিন্তু ‘অজুন ভঞ্জন‘ৰ বাহিৰে মাধৱদেৱৰ বাকী কেইখন নাটত তেনেকুৱা একোটা পূৰ্ণাংগ কাহিনী বা আখ্যান নাই। তাৰ পৰিবৰ্তে সেই বিলাকত একোটাহঁত খণ্ড বা ক্ষুদ্ৰ ঘটনাৰ চিত্ৰহে পোৱা যায়। গতিকে কব পাৰি যে, এনেধৰণৰ সৰু ঘটনাৰ আভাস থকা নাটককে ঝুমুৰা আখ্যা দিয়া হয়‘।

ঝুমুৰাৰ শব্দৰ প্ৰয়োগ

পূৰ্বতে উল্লেখ কৰি অহা হৈছে যে, ঝুমুৰা বুলিলে কেৱল মহাপুৰুষ মাধৱদেৱৰ নাটকেইখনকহে বুজা যায়।
ইয়াৰ বাহিৰে আন দুখন পুৰণি পুথি কথাগুৰু চৰিতত ‘ৰাস ঝুমুৰা‘ আৰু দৈত্যাৰি ঠাকুৰৰ চৰিত পুথিত দধি মথন ঝুমুৰা শব্দৰ প্ৰয়োগ দেখা যায়।

সংগীত দামোদৰ নামৰ পুথিখনত ঝুমুৰী নামৰ এটি শৃংগাৰ ৰসাত্মক সংগীত ৰূপৰ নাম পোৱা যায়।

উত্তৰ ভাৰতত ঝুমুৰ নামৰ এটি আদি ৰস যুক্ত লোক নৃত্যৰ প্ৰচলন দেখা পোৱা যায়।

প্ৰাচীন কবি বিদ্যাপতিয়ে ঝুমুৰ শব্দৰ প্ৰয়োগ কৰিছিল তিৰোতা সকলে একেলগে পৰিবেশন কৰা গীত হিচাপে ।

চাওতালী সকলৰ মাজত ঝুমুৰ নৃত্য নামৰ এটি লোক নৃত্যৰ বহুল প্ৰচলন থকা দেখা পোৱা যায়।

মিথিলাত কম বয়সীয়া নাৰীৰ আদি ৰসাত্মক এটি নৃত্যৰ নামো ঝুমুৰি বুলি কোৱা হয়।

বংগদেশতো ঝুমুৰ নামৰ এটি লোক নৃত্যৰ প্ৰচলন আছে।

চৰ্যাপদমাততো সৰহপাদে ৰচনা কৰা এটি চৰ্যাত ঝুমুৰ শব্দৰ প্ৰয়োগ কৰা দেখা যায়।

বৈষ্ণৱ কবি সকলৰ ৰচনাত ঝুমুৰি নামৰ এটি ছন্দৰ প্ৰয়োগ দেখা পোৱা যায়।

মাধৱদেৱৰ ৰচিত ঝুমুৰা সমূহত ওপৰোক্ত প্ৰয়োগ সমূহৰ প্ৰভাৱ কি সেই সম্পৰ্কে বিশদ আলোচনাৰ অৱকাশ আছে। অৱশ্যে সাহিতি্যক পণ্ডিতসকলে এই বিষয়ে তেওঁলোক অসমীয়া সাহিত্যৰ আলোচনাত প্ৰকাশ কৰাও দেখা যায়।

Leave a Comment

error: Content is protected !!