সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অংকীয়া ভাওনাৰ উৎস বিচাৰ

শংকৰদেৱ-মাধৱদেৱে পৰিৱৰ্তনমুখী চিন্তা আৰু চেতনাৰে সাংস্কৃতিক সমলক সমাজ পৰিৱৰ্তনৰ আহিলালৈ পৰিৱৰ্তিত কৰিছিল।

অতি সচেতনভাৱে আৰম্ভ কৰা এই প্ৰক্ৰিয়া দুয়োজনা গুৰুৱে অভিন্নভাৱে সম্পন্ন কৰিছিল।

নৱ চিন্তা-চেতনাৰে কীৰ্তন, নামঘোষা আদি গ্ৰন্থ, ভাওনা, বৰগীত আদিৰ মাজেৰে সমাজ-জীৱনৰ মংগল আৰু জীৱৰ মুক্তিৰ পথৰ সন্ধান বিচাৰিছিল।

হীৰেণ গোঁহায়ে ‘শ্ৰীমন্ত শংকৰ আৰু অসমৰ ইতিহাস’ শীৰ্ষক এটি প্ৰৱন্ধত উল্লেখ কৰিছে এনেদৰে- ‘‘তৰ্কাতীত আৰু সৰ্ববাদীসন্মত কথা হ’ল এয়ে যে ভাগৱতী ধৰ্মৰ যোগেদি অসমত এক নতুন আৰু ব্যাপক সামাজিক তথা সাংস্কৃতিক সংগঠন গঢ়ি উঠাত শংকৰদেৱৰ অৱদান মৌলিক আৰু তুলনাহীন।”

প্ৰনিধানযোগ্য যে ভাৰতবৰ্ষৰ [উত্তৰ] প্ৰাদেশিক ভাষাত শংকৰদেৱৰ আগতে পূণাংগ নাট লিখাৰ পৰম্পৰা নাই।

এই ক্ষেত্ৰত শংকৰদেৱ বাটকটীয়া।

শংকৰদেৱ-মাধৱদেৱে ‘অংকীয়া ভাওনা’ শব্দটো ব্যৱহাৰ কৰা নাছিল।

এয়া পৰৱৰ্তী সংযোজনহে।

নিজা প্ৰতিভাৰে শংকৰদেৱে আৰম্ভ কৰা এই নাট্য পৰম্পৰা স্ব-মহিমাৰে মহিমামণ্ডিত।

আলি হাইদৰে উল্লেখ কৰিছে- ‘‘স্বয়ং শংকৰদেৱে এটা নতুন নাট্যৰীতি উদ্ভাৱন কৰিছিল।

যিটো নাট্যশাস্ত্ৰ আৰু লোকনাট্যৰ সংমিশ্ৰণত গঢ় লৈ উঠিছিল।

শাস্ত্ৰীয় কলা আৰু লোক কলাৰ সংযোগ এটা জটিল কাম।

চাবলৈ গ’লে যিটো কাম তদানীন্তন ভাৰতবৰ্ষত কোনো মহাপুৰুষৰ দ্বাৰা সম্ভৱ হোৱা নাছিল।

কেৱল শংকৰদেৱৰ ক্ষেত্ৰতহে সম্ভৱ হৈছিল।

সেইবাবে শ্ৰীমন্ত শংকৰদেৱ আধুনিক।”

আজিও শংকৰদেৱ মাধৱদেৱৰ অংকীয়া নাটৰ উৎস বিচাৰি সততে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ভুমুকি মৰা দেখা যায়।

এনে কিছু উৎস আৰু তাৰ যুক্তিযুক্ততা সৰ্ম্পকে আলোচনা কৰিলে দেখা যায়-

উৎসযুক্তিযুক্ততা
ওজা পালি, ভাৰীগান, কুশান গানলোক পৰিৱেশ্য কলা। ইয়াৰ আৰম্ভণি, প্ৰাচীনতা সম্পৰ্কে খাটাংকৈ দিনবাৰ ঠিক কৰিব নোৱাৰি।
ঢপ কীৰ্তনশংকৰদেৱৰ পৰৱৰ্তী সৃষ্টি।
সংস্কৃত নাটনাট্য শাস্ত্ৰৰ বিভিন্ন বিধি নিষেধ শংকৰদেৱ-মাধৱদেৱে মানি চলা নাই। যুদ্ধ, বিবাহ, মৃত্যু আদিৰ প্ৰয়োগ।
হনুমন্তী কাব্য আৰু হনুমান্নাটকপ্ৰথমে হনুমন্তী কাব্য নে হনুমান্নাটকৰ সৃষ্টি হৈছিল? শংকৰদেৱৰ সমসাময়িক, পূৰ্ব নে পৰৱৰ্তী? দ্বিজ ভূষণৰ চৰিত পুথিত উল্লেখ থকা হনুমৎ নাটক দামোদৰৰ খননে মধুসুধন মিশ্ৰৰ খন·
অসমৰ পুতলা নাচ, দেওধনি নাচ. ঢুলীয়া ভাও আদি নাট সৃষ্টিৰ বাবে ই আৰ্হি হ’ব পাৰেনে?
সংস্কৃত নাট বিজ্ঞজনৰ কাৰণে৷অংকীয়া ভাওনা সৰ্বসাধাৰণজনৰ বাবে ৰচিত।
কথাকলিকথাকলিৰ উদ্ভাৱকজনৰ জন্ম কেতিয়া?
দশৰূপকৰ উৎসৃষ্টিকাংকনাটকীয় লক্ষণৰ মিল নাই। মাথোঁ এটা অংকহে মিল দেখা যায়।
অংকীয়া ভাওনাৰ উৎস বিচাৰ
অংকীয়া ভাওনাৰ উৎস বিচাৰ

নবীন চন্দ্ৰ শৰ্মাৰ মতে- ‘‘শংকৰদেৱে ‘অংকীয়া নাট’ ৰচনা কৰাৰ ক্ষেত্ৰত সংস্কৃত নাটকৰ বৈশিষ্ট্যসমূহ হুবহু ধাৰ কৰি তেওঁৰ অংকীয়া নাট-পৰম্পৰা সৃষ্টি কৰিছে বুলিও ক’ব নোৱাৰি।”

যি কোনো বিষয়ৰ কিছু সাদৃশ্য দেখিলেই তাক প্ৰভাৱ বুলি ক’ব নোৱাৰি।

প্ৰভাৱ বুলি কওঁতে সৃষ্টি কৰোতাজনৰ মৌলিক প্ৰতিভাক অস্বীকাৰ কৰা হয় নেকি সিও চিন্তনীয় বিষয়।

বদন চন্দ্ৰ শইকীয়াই কৈছে- ‘‘ইমান স্পষ্ট আৰু পোনপটীয়াভাৱে সংস্কৃত ৰূপকৰ আৰ্হি চকুৰ আগত ওলাই থকা স্বত্বেও আমি কিয় যে অংকীয়া নাটৰ উৎস বিচাৰি সিংহলৰ পৰা নেপাললৈ, গুজৰাটৰ পৰা কামৰূপলৈ তলৰ মাটি ওপৰ কৰি ফুৰিছোঁ সি দুবোধ্য।

এয়া যেন শংকৰদেৱৰ উন্মেষ শক্তি আৰু মৌলিকতা অস্বীকাৰ এক প্ৰৱণতা।

শংকৰী নাটৰ উৎস বিচাৰি আমি যিবোৰ ভাৰতীয় নাট্যনুষ্ঠানৰ কাষ চাপিছোঁ, তাৰ কিছুমান যে শংকৰদেৱৰ পৰৱৰ্তী কালৰ সৃষ্টি সেই বিষয়ৰ পৰ্যালোচনা অৱকাশ কিন্তু আমাৰ হোৱা নাই।”

এই আলোচনাত কেইটামান উৎসৰ বিষয়ে যুক্তি বিচৰাৰ প্ৰয়াস কৰা হৈছে।

দেখা গ’ল পোনপটীয়া প্ৰভাৱৰ বিষয়টো গ্ৰহণ কৰিব নোৱাৰি।

বদন চন্দ্ৰ শইকীয়াৰ মতে – ‘‘দেখাতেই এইবোৰ পণ্ডিতসকলৰ জল্পনা-কল্পনা।

শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টিৰ বাবে ইমানবোৰ অনুষ্ঠানৰ কাষ চাপিছিল বুলি ভাবিবৰ অৱকাশ নাই।

সঁচা কথা, অংকীয়া নাট তৎকালীন ভাৰতৰ নাট্যধৰ্ম অনুষ্ঠানৰ একক বা অকলশৰীয়া বিকাশ নহয়।

একে যুগ, আদৰ্শ আৰু বাতাবৰণত গঢ়ি উঠা বিভিন্ন প্ৰান্তীয় অনুষ্ঠানৰ মাজত দুই-এক ঐক্য ওলাই পৰাটো একো অস্বাভাৱিক  কথা নহয়।

কিন্তু সেইবোৰ পোনপটীয়াভাৱে প্ৰভাৱ বুলি স্বীকাৰ কৰিব নোৱাৰি।”

শংকৰদেৱ-মাধৱদেৱৰ অংকীয়া ভাওনা এক  উদ্দেশ্যধৰ্মী সাংস্কৃতিক বিষয়।

নাট্যকাৰ হোৱা বাবে নহয়, ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যহে ই সৃষ্টি হৈছিল।

অংকীয়া ভাওনা সৃষ্টি পৰ্বত হয়তো কোনোবা উপাদানৰ পৰা অনুপ্ৰাণিত হৈছিল।

অনুপ্ৰেৰণাক প্ৰভাৱ বুলি ক’ব পৰা যাবনে?

সহায়ক গ্ৰন্থঃ

১৷ প্ৰফুল্ল মহন্ত, ঐতিহাসিক প্ৰেক্ষাপটত জনজাতীয় সমস্যা, শংকৰদেৱ আৰু বড়ো জাতি, সৃজন প্ৰকাশন, ২০১৪।

২৷ কেশৱানন্দ দেৱগোস্বামী, শংকৰদেৱ অধ্যয়ন প্ৰসংগ, বাণী মন্দিৰ, ২০১৫।

৩৷ দিলীপ বৰা, সমাজ সাহিত্য আৰু সংস্কৃতি, ভবানী অফছেট এণ্ড ইমেইজিং ছিষ্টেমছ প্ৰাঃলিঃ২০০৮।

৪৷ সম্পাঃ দেৱজিৎ শইকীয়া, ৰস তৰংগিণী, অসম ভাওনা সমাৰোহ, মাজুলী, ২০১২।

৫৷ সম্পাঃ চন্দ্ৰ হাজৰিকা, অংকীয়া নাটঃ ৰূপ, ৰস আৰু তত্ব, সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ২০১১, নাৰায়ণপুৰ।

৬৷ সম্পাঃ সুৰেশ দত্ত, লক্ষীনাথ পেগু, অৰবিন্দ ৰাজখোৱা, সমাজ সাহিত্য সংস্কৃতি, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় প্ৰকাশন সমিতি, ২০১১।

যোগেন তামুলী


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!