অংকীয়া নাট কাক বোলে?
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাট সমূহকেই অংকীয়া নাট বুলি কোৱা হয়।
কিন্তু মহাপুৰুষ দুজনাই তেওঁলোকৰ নাট সমূহক অংকীয়া নাট বুলি উল্লেখ কৰা নাছিল।
তেওঁলোকৰ নাট সমূহক ‘নাট‘, ‘নাটক‘, ‘যাত্ৰা‘ বা ‘ঝুমুৰা‘ বুলিহে উল্লেখ কৰিছিল।
‘অংকীয়া নাট‘ শব্দটো মহাপুৰুষ দুজনাৰ পৰৱৰ্তী সময়তহে ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়।
‘অংকীয়া নাট‘ শব্দৰ পোন প্ৰথম ব্যৱহাৰ দেখিবলৈ পোৱা যায়, দৈত্যাৰি ঠাকুৰ আৰু ৰামচৰণ ঠাকুৰৰ চৰিত পুথিত।
উল্লেখ কৰিব পাৰি যে, এই দুয়োজনেই আছিল মহাপুৰুষ দুজনাৰ প্ৰিয় শিষ্য।
দৈত্যাৰি ঠাকুৰৰ গুৰুচৰিত পুথিত অংকীয়া নাটৰ বিষয়ে এনেদৰে পোৱা যায় –
দেৱানৰ বাণী শুনি সীতা স্বয়ম্বৰ।
ৰামায়ণ অংক কৰি দিলন্ত শংকৰ।।
আকৌ, ৰামচৰণ ঠাকুৰৰ শংকৰ চৰিতত অংকীয়া নাটৰ বিষয়ে এইদৰে উল্লেখ আছে –
পাৰিজাত হেন নাম অংক মহা অনুপাম
কৰিলা শংকৰ তাতে পাছে।
সংস্কৃত নাট্যশাস্ত্ৰত উল্লেখ থকা অনুসৰি অংক শব্দৰ অৰ্থ হ‘ল – চিহ্ন।
এই চিহ্ন শব্দই নাটকীয় কাহিনীৰ কোনো এটা স্তৰ বিভাজন কৰাকে বুজায়।
সংস্কৃত নাটক সমূহত ১০ বা ততোধিক অংক পোৱা যায়।
গতিকে এই অংক শব্দৰ পৰাই অংকীয়া শব্দৰ সৃষ্টি হৈছে বুলিও কোনো কোনো পণ্ডিতে উল্লেখ কৰিব বিচাৰে।
নাট্যশাস্ত্ৰত পোৱা দহ প্ৰকাৰৰ ৰূপক বা নাটকৰ ভিতৰত আছে – নাটক, প্ৰকৰণ, সমৱকাৰ, ঈহমৃগ, ডিম, ৱ্যয়োগ, অংক, উৎসৃষ্টিকাংক, প্ৰহসন, ভাণ আৰু ৱিথি।
ইয়াৰে অংক ৰূপকৰ পৰা অংক বা অংকীয়া শব্দটো শংকৰদেৱৰ নাটকৰ ক্ষেত্ৰত আহিব পাৰে বুলিও কিছু পণ্ডিতে ক‘ব খোজে।
ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ তেখেতৰ ‘অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট‘ নামৰ গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি, ‘… মহাপুৰুষ দুজনাৰ নাটত যি কলা কৌশল আৰু ভাষাৰ প্ৰয়োগ হৈছিল, পিছৰ নাট লিখোতা সকলে তাৰ পৰা ভালে খিনি ফালৰি কাটি গৈছিল। ব্ৰজাৱলী পৰিহৃত হ‘ল, নান্দী শ্লোক, ভটিমা আদিও নোহোৱা হ‘ল। গতিকে মহাপুৰুষ দুজনাৰ নাট বা সেই সাঁচত ঢলা নাট সমূহক পিছৰ নাটৰ পৰা পৃথক কৰি দেখুৱাবৰ নিমিত্তে অংকীয়া নাট বুলিবলৈ ধৰে‘।
সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা নামৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ গ্ৰন্থখনত উল্লেখ থকা অনুসৰি –
‘উক্ত (সন্তৱলী) পুথিৰ মতে, ‘অংকীয়া‘ শব্দৰ অৰ্থ হ‘ল নাটকত অভিনেতা সকলক ৰং বৰণ সানি প্ৰবেশ কৰোৱা বা বিভিন্ন প্ৰকাৰে চিত্ৰপট আঁকি (পাৰিষদসকলক চিত্ৰত চিহ্নিত কৰি দেখুৱাই) চো মুখা সাজি অংকণ কৰি দৰ্শক সকলক দেখুৱাৰ কাৰণে অংকীয়া নাম পালে। ‘অংকীয়া নাটক‘ৰ মূল ভেটি হ‘ল চিহ্নযাত্ৰা। অংক শব্দটোৱে এই অৰ্থত অংকন কৰা বুজাইছে। ‘চিহ্নযাত্ৰা কালত যি বিলাক মুখা নিৰ্মাণ কৰা হৈছিল আৰু চিত্ৰত যিবিলাক ব্যক্তিক চিত্ৰিত কৰা হৈছিল সিয়েই পিছত অংকীয়া নাম পায় আৰু উত্তৰ কালত বাকী বাৰছোৱা নাটেও অংকীয়া নাট নামেৰে জনাজাত হয়।
শংকৰদেৱ বা মাধৱদেৱৰ পৰৱৰ্তী চৰিতকাৰ বা বৈষ্ণৱ পণ্ডিত সকলে কি কাৰণে অংক শব্দটো ব্যৱহাৰ কৰিলে তাক বুজা কঠিন।
কিন্তু অংক শব্দটো পিছত ‘ঈয়া‘ প্ৰত্যয় ব্যৱহাৰ কৰি অংকীয়া নামেৰে পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।
পণ্ডিতসকলে এই মন্তব্যটোও দিয়া দেখা যায় যে, নাটকত মাত্ৰ এটা অংক থকাৰ বাবেই শংকৰদেৱ আৰু মাধৱদেৱৰ নাটসমূহক অংকীয়া নাট বুলি কোৱা হয়।
শংকৰী সাহিত্যৰ সমীক্ষা নামৰ গ্ৰন্থত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাই উল্লেখ কৰিছে যে, ‘আমাৰ ভাওনাত আঙ্গিক অভিনয়ই ঘাই, সেই দেখি অঙ্গ শব্দৰ পৰা অংক শব্দটো উদ্ভুত হোৱা সম্ভৱ‘।
চিহ্নযাত্ৰা নাটৰ আলম লৈ সমতাৱলী নামৰ চৰিত পুথিত উল্লেখ কৰিছে যে, ‘অংকিত কৰিলা দেখি অংকীয়া যে নাম‘।
কালিৰাম মেধিয়ে সম্পাদনা কৰা অংকাৱলী নামৰ গ্ৰন্থখনত পাতনিত উল্লেখ থকা অনুসৰি অনা অসমীয়া সকলো ধৰণৰ নাট্যানুষ্ঠানৰ প্ৰভাৱ অস্বীকাৰ কৰি ওজাপালিৰ প্ৰভাৱতে অংকীয়া নাটৰ সৃষ্টি মহাপুৰুষজনে কৰিলে।
মুঠতে ক‘ব পাৰি যে, অংকীয়া নাট সমূহ সংস্কৃত আৰ্হিৰে ৰচিত নাট।
মহাপুৰুষ দুজনাই তেওঁলোকৰ নাটসমূহক নাট বা ঝুমুৰাহে বুলিছিল।
পৰৱৰ্তী সময়ত বিভিন্ন চৰিতকাৰ বা পণ্ডিতৰ হাতত পৰি সেই সমূহ অংক বা অংকীয়া নাট বুলি পৰিচিত হ‘ল।
ইয়াৰ লগতে পঢ়কঃ