সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

মাধৱদেৱৰ জন্মস্থান (1st Part)

মাধৱদেৱৰ জন্মস্থান

শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থানৰ ইতিবৃত্ত

বৰ্তমান লক্ষীমপুৰ জিলাৰ পূৰ্বৰ বৰনাৰায়ণপুৰৰ আৰু এতিয়াৰ খেৰাজখাত মৌজাৰ ঐতিহ্যমণ্ডিত সু-প্ৰসিদ্ধ লেটেকুপুখুৰীৰ সমীপস্থ তাহানিৰ আহোম ৰাজ বিষয়াৰ হৰিশিঙা উজীৰ বৰাৰ টোলতে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ১৪১ৰ শকৰ জেঠৰ কৃষ্ণাপ্ৰতিপদ তিথিত  ৰবিবাৰে মধ্যম ৰাত্ৰি জন্ম হৈছিল।

কিংবদন্তি, জনশ্ৰুতি, চৰিত্ৰ পুথি আৰু বুঢ়া-মেথাসকলে কোৱা কথাৰ লগত সকলো সাদৃশ্য দেখা গৈছে। এই কথাও সত্য যে, লক্ষীমপুৰ জিলাত এটা মাত্ৰ লেটেকুপুখুৰী তাৰ সমীপতে এজন মহাপুৰুষৰ জন্ম হৈছিল; সেইজনেই বঢ়াৰ পো গোবিন্দগিৰিৰ পুত্ৰ অসমীয়া জাতি, ধৰ্ম-সাহিত্যৰ, সংস্কৃতিৰ প্ৰাণ-প্ৰতিষ্ঠাতা শ্ৰীশ্ৰীমাধৱদেৱ

মহাপুৰুষৰ জন্মস্থান যুক্তিৰ ভিত্তি

এইজনা মহাপুৰুষৰ জন্ম এঠাইতহে হৈছিল। এই ঐতিহাসিক সত্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰায় চাৰি দশক আগভাগৰ পৰাই বৰ্তমান জন্মস্থানৰ নিকটৱতী অনুসন্ধিৎসু আৰু গুৰুজনাৰ প্ৰতি ভক্তিৱান ব্যক্তিসকলে, জন্মস্থান অনুসন্ধান কৰি আহিছিল।

খেৰাজখাত মৌজাৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি এই ঠাইত থিতাপি লোৱা ২৫-৩০ খন গাঁৱৰ লোকে চিন্তা-চৰ্চা কৰি আহিছিল। জন্মস্থানৰ নিচেই সমীপৰ গাঁও শ্ৰীভূঞা, শ্ৰীভূঞা খামতি, শ্ৰীভূঞা কছাৰী– এইবিলাক পুৰণি নামকৰণলৈ লক্ষ্য কৰিলে একালত যে এই অঞ্চল ভূঞাসকলৰ ৰাজ্য আছিল বুলি বিশ্বাস কৰিবৰ থল আছে।

শ্ৰীভূঞা অঞ্চললৈ ক্ৰমে মাজুলী, যোৰহাট, গোলাঘাট, শিৱসাগৰ আদি ঠাইৰ মানুহ আহি মাটি-বাৰী লৈ স্থায়ীভাৱে বসবাস কৰিছিল। এইসকলে চৰিত্ৰ পুথি অধ্যয়ন কৰিছিলে আৰু সভাই-সমাজে, সকামে-নিকামে গুৰুজনাৰ জন্মস্থান সম্পৰ্কে আলোচনা কৰিছিল।

আমাৰ হাতত পৰা তথ্যমতে, সু-প্ৰসিদ্ধ লেটেকুপুখুৰীটোৰ সম্পৰ্কে সৰ্বপ্ৰথমে খামতিসকলেই সম্ভেদ দিয়ে।

এই খামতিসকলৰ ভিতৰত ক্ৰমে, আইমৎ চৰ্দাৰ, লংচা চৰ্দাৰ, আংলু গোঁহাই [মৌজাদাৰ, খেৰাজখাত] আৰু মিচিং সম্প্ৰদায়ৰ মিৰমন মিৰি, ছেৰ বাহাদুৰ চুব্বা নেপালী আদি ইয়াৰ আদিবাসীসকলেই নতুনকৈ আহি বসবাস কৰাসকলক দেখুৱায়।

তেওঁলোকে এই অগাধ হাবিৰ মাজত থকা পুখুৰীটোৰ পাৰত হাতী চিকাৰ কৰা কামত বা কাঠ-বাঁহ বিচাৰি ফুৰোতে দেখা পায় আৰু জঁয়াল বুলি অনুভৱ কৰিছিল।

জন্মস্থান যে লেটেকুপুখুৰীৰ সমীপতে সেই সময়ৰ বুঢ়াসকলে বিশ্বাস কৰিছিল। সময়ত খেৰাজখাত, নাৰায়ণপুৰ, বিহপুৰীয়া মৌজাৰ মানুহৰ মাজত প্ৰচাৰ হ’ব ধৰিলে।

লেটেকুপুখুৰী

সেয়েহে এদিন ২০-২৫ খন সমীপৱতী আৰু ওচৰ-পাজৰৰ গঞা ৰাইজে মিলি হাবি মুকলি কৰি প্ৰাচীন পুখুৰীটো আৱিস্কাৰ কৰিলে ১৯৪৮ চনতে।

তাতো সন্তুষ্ট নাথাকি হাতীৰে গছকাই বেত লেজাৰ কাঁইট নষ্ট কৰি ক্ৰমে আগবাঢ়িল। তাৰ পাছত পালে নাতিদূৰত এটা প্ৰায় ২৫০ ফুট দীঘল আৰু ৭৫ ফুট বহল আৰু ৯/ ১০ ফুট ওখ এটা সু-বিস্তীৰ্ণ ভেটি। তাৰ ওপৰৰ গছ-গছনি মুকলি কৰা হ’ল।

ৰাইজে এয়েই গুৰুজনাৰ জন্ম ভেটি বুলিও ধাৰণা কৰিছিল। কিন্তু গুৰু চৰিতৰ মতে ‘এজুৰি গৃহ’ ভেটি তেতিয়া নাছিল।

আনন্দত উৎফুল্লিত হৈ এই কামত অংশ গ্ৰহণকাৰী শ্ৰীভূঞা, পোৰাবিল, খ’ৰাপথাৰ, যোৰহটীয়া গাঁও, চমুৱা, ৰঙাজান, চৌদ্ধপুনীয়া, পানবাৰী, জৰাবাৰী, টিপলিং আদি কৰি গাঁৱৰ ৰাইজে উল্লিখিত ভেটিতে ৰভাচালি দি আসন পাতি তিনিদিনীয়াকৈ নাম-কীৰ্তন উৎসৱ পতাৰ সিদ্ধান্ত কৰি, সেইকালৰ নামৰ ওজা স্পগীয় হৰিমিশ্ৰ গোস্বামীক আনি সেই ঠাইতে য’ত আজি স্থায়ীভাৱে মণিমূট আৰু নামঘৰ নিৰ্মাণ কৰা হৈছে– তিনিদিন-তিনিৰাতি জুৰি নামকীৰ্তন কৰিলে।

লেটেকু গছেৰেই পৰিপূৰ্ণ হৈ থকা বাবেই পুখুৰীটোৰ নাম সম্ভৱ অতীতৰ পৰাই লেটেকুপুখুৰীয়েই হৈ আছিল। কালক্ৰমত মানুহে গছবিলাক আকৌ ঢেকী সাজিবলৈ কটাৰ ফলত সেইজাতীয় গছৰ বংশ উে2ছদ হয়।

উজীৰৰ ভেটি

তথাপি অদ্যপৰিমিত দুই-এজোপা লেটেকু গছ ইয়াত আছে। কিন্তু ‘লেটেকুপুখুৰী’ৰ নামটো যুগযুগান্তৰ প্ৰচলন হৈ আহিছে। লেটেকুপুখুৰীৰ পাৰত ওপৰত কোৱা ডাঙৰ ভেটিটো অতিক্ৰম কৰি ২০০ গজমান দূৰত ৰাইজে হাবি কাটি দুটা ওচৰা-ওচৰি সৰু ভেটি আৰু তাৰ ওচৰতে এটা অপেক্ষাকৃত ডাঙৰ ভেটিও দেখিবলৈ পায়।

তদুপৰি পুৰণি ঢাপৰ চিন মোকাম দেখা পালে। তেতিয়া চৰিত্ৰ পুথি কথালৈ মনত সুঁৱৰি লোকসকল নিশ্চিত হ’ল যে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান এয়ে হ’ব। বৰ্তমান য’ত অস্থায়ী গুৰু গৃহ নিৰ্মাণ কৰা হৈছে তাতেই দুটা যুৰীয়া ভেটি দেখা গৈছে।

উজীৰৰ ভেটি

ডাঙৰ ভেটিটোৱেই উজীৰৰ ভেটি বুলি ধৰিবৰ থল আছে।

তদুপৰি বৰ্তমান য’ত নামঘৰ মণিকূট নিৰ্মাণ কৰা হৈছে, সেই প্ৰাচীন ভেটিটোৰ ওচৰতে এজোপা প্ৰকাণ্ড আমগছ আজিও আছে, লেটেকু গছো আছে। এজোপা কলমৌ গছ বৰ্তমানে মুখ্য তোৰণৰ আলিৰ কাষত আছে।

এজোপা বটবৃক্ষ লেটেকুপুখুৰীটোৰ উত্তৰ পশ্চিম চুকত আজিও আছে। আগতে কৈ অহা আমজোপাৰ তলতে এটা পুৰণি নাদৰ চিহ্ন পোৱা গৈছে। তেতিয়াৰ লেটেকুপুখুৰীটো পিতত পোত খাই আছিল।

দহ বছৰমানৰ আগতে পিতবিলাক হাতীৰে টনোৱাই ওপৰলৈ তোলাতহে পুখুৰীৰ পানী দেখা গৈছিল। গোবিন্দগিৰি ভাটিৰ মানুহ, উজনিৰ মানুহে কামৰূপৰ ফালৰ মানুহক তাহানি ঢেকেৰী বুলি কৈছিল।

উজীৰৰ আশ্ৰয়ত গিৰি এই জানৰ পাৰতে থকা বাবে এই জানটোক ঢেকেৰীজান বোলা কথাও নুই কৰিব নোৱাৰি।

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান ওলোৱাৰ কথা ক্ৰমে চাৰিওফালে বিয়পি পৰিল। সেই সময়ত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীকমলাকান্ত গোস্বামীয়ে সত্ৰখন ব্ৰহ্মপুত্ৰই খহাই নিয়াত উত্তৰ পাৰলৈ উঠাই অনাৰ উদ্দেশ্যে মাটি বিচাৰি টিপলিঙত বাহৰ পাতি আছিল।

গুৰুজনাৰ জন্মস্থান ওলোৱাৰ বাতৰি গৈ কোৱাত তেখেতে হাতীৰে আহি জন্মস্থান চাই সন্তোষ প্ৰকাশ কৰে আৰু ৰাইজৰ অনুৰোধক্ৰমে জন্মস্থানতে থাকি সহযোগিতাৰে কাম কৰি জন্মস্থানখনৰ উন্নতি সাধন কৰিবলৈ ব্ৰতী হয়।

এনেকৈয়ে মহাপুৰুষৰ আৱিৰ্ভাৱ ক্ষেত্ৰলৈ ক্ৰমে লোক- সমাগম বৃদ্ধি পায়। সত্ৰাধিকাৰে পিছত নিজৰ সত্ৰৰ পৰা পুৰণি টিংপাত, কাঠৰ খুটা, আসন আদি অনাই ইয়াৰ অস্থায়ী চালিৰ নামঘৰ আৰু মণিকূট তথা থাপনা পাতে।

১৯৫০ চনৰ প্ৰলংয়কাৰী ভূমিকম্প হ’ল। সমগ্ৰ অসম বিপৰ্যস্ত হ’ল। বিশেষকৈ লক্ষীমপুৰ জিলাই অধিক ক্ষতিগ্ৰস্ত হ’ল। কিন্তু গুৰুজনাৰ জন্মস্থান একো ক্ষতি নহ’ল। ৰাইজে শৰাই-সঁফুৰা আগবIÿাই জন্মস্থানৰ শ্ৰীবৃদ্ধি কৰিলে।

খবৰ কাগজত প্ৰকাশ

মাধৱদেৱৰ জন্মস্থান ওলোৱা বাতৰি খবৰকাগজত প্ৰকাশ হ’ল। যোৰহাটৰ অসম সাহিত্য সভাৰ সভাপতি আৰু বিধায়ক বাগ্মীবৰ ককা প্ৰয়াত নীলমণি ফুকনদেৱ আহি লেটেকুপুখুৰী পালেহি আৰু জন্মস্থানখনিৰ কেনেকৈ উন্নতি সাধন কৰিব পাৰি চিন্তা-চৰ্চা কৰিব ধৰিলে।

জন্মস্থান নিৰ্মাণ

প্ৰয়াত নীলমণি ফুকনদেৱৰ চেষ্টাত আৰু তেতিয়াৰ অসমৰ ৰাজ্যপাল প্ৰয়াত জয়ৰাম দাস দৌলতৰামৰ উদ্যোগত এই অনুষ্ঠান নিৰ্মাণ কৰিবৰ বাবে ৬০০০.০০ [ছয়হাজাৰ] টনা অনুদান দিয়ে। অৱশ্যে এই টকা পঞ্চাশৰ ভূমিকম্প সাহায্য পুঁজিৰ অতিৰিক্ত টকা আছিল। সেয়ে অসমৰ কলা-কৃষ্টিৰ বিকাশৰ অৰ্থে সাংস্কৃতিক কেন্দ্ৰসমূহলৈ দিছিল।

ফুকনদেৱে শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান নিৰ্মাণৰ বাবে গ্ৰহণ কৰে আৰু ১৯৫৪ চনতে বৰ্তমানৰ মণিকূট গৃহটো যোৰহাটৰ এজন পঞ্জাৱী মিস্ত্ৰীৰ দ্বাৰাই নিৰ্মাণ কৰোৱাই ১৯৫৬ চনত সম্পূৰ্ণ কৰা হয়।

চৰকাৰৰ ফালৰ পৰা তেতিয়াৰ তেজপুৰৰ টেক্স চুপাৰিটেণ্ডেন্ট হৈ থকা বৰপেটাৰ প্ৰয়াত হৰগোবিন্দ শৰ্মাক জন্মস্থান সম্পৰ্কে তদন্ত কৰিবলৈ দিয়ে।

মাধৱদেৱৰ জন্ম ৰহস্য

তেওঁ সেই সময়ত ওলোৱা ক্ৰমে ৰঙতি পুখুৰী, বাসুদেউ থান [কাচিকটা], ৰঙাজান, শিলডুবি আদিস্থানসমূহ চাই-চিতি, কিংবদন্তি, বুৰঞ্জী, প্ৰাচীন চৰিত্ৰ পুথি, ভৌগোলিক অৱস্থান সকলোফালৰ পৰা বিশেষভাৱে যুক্তি দেখুৱাই ২/১০/৫৫ তাৰিখে এইবুলি ৰিপোৰ্ট দিয়ে–  “Thus from all available data the conclusion becomes irresistible that this is the site” অৰ্থাৎ সকলো প্ৰকাৰৰ যুক্তিৰ ভিত্তিত থিয় হৈ ইয়াকেই পোৱা গ’ল যে, এই লেটেকুপুখুৰীৰ পাৰতেই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান।

জন্মস্থানখনৰ আৱিৰ্ভাৱ হোৱাৰ পৰাই সেই সম্পৰ্কে বহুতোবাৰ সভা-সমিতি বহি আলোচনা কৰি অহা হৈছিল। ৩/২/৫২ তাৰিখত উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ অস্থায়ী বহাত বহা সভাই গোস্বামীদেৱকে জন্মস্থানত সভাপতি তথা পৰিচালকৰূপে থাকিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে। এই সভাত খেৰাজখাত মৌজাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

সভাত উপস্থিত ব্যক্তিসকলে ৫.০০ টকাৰ পৰা ৫০.০০ টকালৈ দান আগবঢ়াইছিল। জন্মস্থানৰ সমীপৱতী ক্ৰমে স্বগীয় তনুৰাম নেওগ, স্বগীয় দীনাৰাম বৰুৱা, স্বগীয় ঘনশ্যাম বৰা গাঁওবুঢ়া, স্বগীয় খুদমন নেওগে মাটি দান দিবলৈ স্বীকাৰ কৰে।

এই সভাতে শ্ৰী মোহন চন্দ্ৰ ভূঞাক অস্থায়ীভাৱে জন্মস্থানৰ সম্পাদক আৰু শ্ৰীশ্ৰীকমলাকান্ত গোস্বামীক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।

ইয়াৰ পিছৰ বৈঠক উত্তৰ লক্ষীমপুৰৰ স্বগীয় গোবিন্দ বৰাৰ সভাপতিত্বত বহে। উল্লেখযোগ্য যে শ্ৰীমহানন্দ বৰাও সভাত উপস্থিত থাকি  জন্মস্থান সম্পৰ্কে মতামত সংগ্ৰহ কৰাত সহায় কৰিবলৈ দায়িত্ব গ্ৰহণ কৰে।

নাৰায়ণপুৰৰ স্বগীয় দুতি ভূঞাই এই ঠাইতেই উজীৰৰ বাৰীৰ লেটেকুপুখুৰী হয় বুলি সভাত দৃঢ়ভাৱে ঘোষণা কৰে।

ইয়াৰ পিছৰ সভাত [১/২/৫৩] তাৰিখে তেজপুৰৰ স্বগীয় হৰগোবিন্দ শৰ্মা উপস্থিত থাকি জন্মস্থানৰ নিৰ্মাণ কাৰ্যৰ বাবে অৰ্থ সংগ্ৰহ কৰিবলৈ ৫০ খন বহী আৰু গোহাৰি ছপাই দিয়াৰ দায়িত্ব গ্ৰহণ কৰে। এই সভাত ৫০৫.০০ দান পোৱা হয়।

মনিকাঞ্চন সংযোগ কত হৈছিল

পৰৱৰ্তী অংশ

Leave a Comment

error: Content is protected !!