সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

চোৰধৰা ঝুমুৰা

নাট্যকাৰ মহাপুৰুষ মাধৱদেৱৰ অনুপম সৃষ্টি

অসমৰ ধৰ্ম, সাহিত্য-সংগীত আৰু সমাজ জগতত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ যোৱা মহা মণীষাসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ অন্যতম।

ওজস্বী গুণ, পাণ্ডিত্য, স্ব-প্ৰতিভা আদিৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ যোগ্যভাৱেই মহাপুৰুষ শংকৰদেৱৰ সুযোগ্য উত্তৰাধিকাৰী।

কবি, নাট্যকাৰ, গীতিকাৰ, সু-গায়ক, সু-অভিনেতা, সমাজ সংগঠক, ধৰ্মপ্ৰৱৰ্তক আদি বহুমুখী প্ৰতিভাৰ বিৰল সমাহাৰ, সকলোৰে আদৰ্শস্থানীয় শিষ্যত্বৰ উদাহৰণ মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান সংগী, একান্ত সেৱক আৰু প্ৰিয়তম শিষ্য।

এনেবোৰ মহান গুণৰ বাবেই গুণীৰ গুণ বুজোতা শ্ৰীমন্ত শংকৰদেৱে গভীৰ বিশ্বাস আৰু আস্থাৰে, ‘বঢ়াৰ পো’ উপাধিৰে নৱবৈষ্ণৱ আন্দোলনৰ গুৰি ব’ঠাদাল মাধৱদেৱক দি থৈ গৈছিল।

মাধৱদেৱৰ নামত প্ৰায় তেৰখন নাটক দেখিবলৈ পোৱা যায়।

ইবোৰৰ ভিতৰত ‘অজুন-ভঞ্জন‘, ‘চোৰধৰা‘, ‘পিম্পৰা-গুচোৱা‘, ‘দধিমথন‘, ‘ভূমি-লেটোৱা‘ আৰু ‘ভোজন-বিহাৰ‘ নামৰ নাটককেইখন যে মাধৱদেৱৰ সেইকথাত পণ্ডিতসকল একমত।

কিন্তু, ‘ৰাস-যাত্ৰা’, ‘গোৱৰ্দ্ধন-যাত্ৰা’ আৰু ‘নৃসিংহ-যাত্ৰা’ নাটকেইখন মাধৱদেৱে লিখা আৰু ইবোৰত মাধৱদেৱে অভিনয়ো কৰিছিল বুলি চৰিত পুথিৰ পৰা জনা যায় যদিও নাটকেইখনৰ আজিলৈকে উদ্ধাৰ হোৱা নাই বা সন্ধান ওলোৱা নাই।

তেনেদৰে ‘ৰাসঝুমুৰা’, ‘কোটোৰা-খেল’, ‘ভূষণ-হৰণ’ আৰু ‘ব্ৰহ্মামোহন’ নাটকেইখনত মাধৱদেৱৰ ভণিতা পোৱা যায় যদিও নাটকেইখনৰ আপেক্ষিকভাৱে দুৰ্বল ভাষা, নাটকেইখনত প্ৰকাশ পোৱা আদিৰসৰ চিটিকনি আৰু লঘু ৰচনাভংগীৰ বাবে সমালোচক পণ্ডিতসকলে নাটকেইখন মাধৱদেৱৰ নহয় বুলি ক’ব খোজে।

অৱশ্যে নাটকেইখনত শ্ৰীকৃষ্ণৰ বয়স আৰু ভাষাৰ ফালৰ পৰা সন্দেহৰ অৱকাশ নাই বুলি সমালোচক হৰিশচন্দ্ৰ ভট্টাচাৰ্যই মত প্ৰকাশ কৰে।

আনহাতে ‘ভোজন-বিহাৰ’ আৰু ‘ব্ৰহ্মামোহন’ দুয়োখন একেলগ কৰিলেহে ‘ভোজন-বিহাৰ’ নাটকখনে পূৰ্ণতা লাভ কৰে বুলি সমালোচক পণ্ডিত সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে।

নাটদুখনৰ ভাষা আৰু নাট্য-কৌশলৰ ফালৰ পৰা এইকেইখন নাটক মাধৱদেৱৰেই বুলি শৰ্মাই অভিমত দিয়ে।

মাধৱদেৱৰ প্ৰায় সকলো নাটকেই সাধাৰণ জনৰ উপযোগীকৈ সহজ-সৰল ভাষাত ৰচিত।

নাটকসমূহৰ কাহিনী সাধাৰণ লোকৰ সদা পৰিচিত বালগোপালৰ চাতুৰ্যপূৰ্ণ নিৰ্মল ধেমালীৰ সৰু সৰু ঘটনা আৰু সাধাৰণ জনতাৰ হৃদয় আলোড়িত কৰা কিন্তু ক্ষন্তেকীয়া বহিঃসংঘাটময় পৰিস্থিতিৰ নাট্যৰূপ।

ইয়াৰে বহুটো নাট বৰ্তমানো বহুল প্ৰচাৰিত আৰু নাট্যৰসিকৰ দ্বাৰা সমাদৃত।

এই কথাই নাট্যকাৰজনৰ জনপ্ৰিয়তাকে সূচায়।

চোৰধৰা নাটখন নাট্যকাৰ মাধৱদেৱৰ এখন অন্যতম সফল নাটক।

চৰিত পুথিৰ মতে মাধৱদেৱে এইখন নাট সুন্দৰীদিয়াত থাকোঁতে অৰ্থাৎ ১৫৭০-৮০ খ্ৰীষ্টাব্দ মানত ৰচনা কৰা।

‘চোৰধৰা’ নাটকখন ‘চোৰধৰা ঝুমুৰা‘ হিচাপেও সমানেই পৰিচিত।

এই ঝুমুৰাখনৰ কাহিনী ভাগত গোৱালীপাৰাৰ কোনো এটা আবেলি পৰত ঘটিথকা দুটা সমান্তৰাল ঘটনাৰ চিত্ৰণ দেখিবলৈ পোৱা যায়।

এটা ঘটনা অনুসৰি শিশু কৃষ্ণই গোৱালীপাৰাৰ এখন ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ আন দিনাৰ দৰে সেই দিনাও ঘৰৰ ভিতৰলৈ সংগোপনে প্ৰৱেশ কৰি লৱণু চুৰ কৰি খাই থাকোঁতেই গৃহিনী আহি কৃষ্ণক হাতে-লোটে ধৰা পেলায়।

চোৰ কৃষ্ণক হাততে পাই ‘আজি ক’ত সাৰিবা’ বুলি গোৱালীজনীয়ে কৃষ্ণক এসেকা দিয়াৰ অভিপ্ৰায়েৰে কৃষ্ণ ওলাই যাব নোৱাৰাকৈ দুহাতেৰে দুৱাৰ বন্ধ কৰি ৰাখি গোৱালীপাৰাৰ গোৱালীসকলক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, নহ’লে চোৰে তাইক মাৰি পলাব বুলিও ক’লে।

গোৱালীসকলে দুৱাৰ এৰি নিদিবলৈ ক’লে আৰু সোনকালেই আহি গৃহস্থী গোৱালীজনীৰ ঘৰত উপস্থিত হ’লহি।

গৃহিনী গোৱালীজনীয়ে গোৱালীসকলক ঘৰত সোমাই লৱণু চুৰ কৰি থকা চোৰ কৃষ্ণক দেখুৱাই দিলে।

কিন্তু কৃষ্ণৰ স্বাভাৱিক চাতুৰীৰে সকলো গোৱালীক কৌশল কৰি ৰাজপথলৈ লৈ গ’ল আৰু তেওঁৰ বন্ধ³ সুদাম, শ্ৰীদাম, বিশাল, ঋষভ, সুৱল, অজুন আদি গোপবালকসকলক মাতিবলৈ ধৰিলে যে, কৃষ্ণক অকলশৰে পাই চোৰৰ কলংক দি গোৱালীসকলে কাজিয়া কৰিব বিচাৰিছে।

শ্ৰীকৃষ্ণৰ আহ্বান শুনি গোপবালকসকল আহি পোৱাত কৃষ্ণই চাতুৰ্য প্ৰদৰ্শন কৰি নিজ হাতৰ দধি গৃহস্থী গোৱালীজনীৰ মুখত সানি দি গোৱালীজনীয়ে নিজে দধি-দুগ্দ্ধ খাই ৰাজপথত খেলিথকা কৃষ্ণক চোৰৰ কলংক দিয়া বুলি ওলোতাই গোৱালীসকলক দোষী সজালে আৰু মাক যশোদাৰ ওচৰলৈ নি ভালদৰে এশিকনি দিয়াৰ ভাবুকিও দিলে।

কৃষ্ণৰ এনে চাতুৰ্য আৰু অদ্ভ³ৎ আচৰণত পৰাস্ত গোৱালীসকলে কৃষ্ণক চোৰ বোলা নাই বুলি স্বীকাৰ কৰিলে আৰু কৃষ্ণক নিজ ঘৰলৈ ঘূৰি যাবলৈ অনুৰোধ কৰিলে।

চল পাই কৃষ্ণই গোৱালীসকলক ক’লে যে তেওঁলোকে লৱণু খাবলৈ দিলেহে তেওঁলোকক এৰিব আৰু ঘৰলৈ উভতি যাব।

তেতিয়া গোৱালীসকলে কৃষ্ণই যদি নৃত্য কৰে তেতিয়াহে লৱণু খাবলৈ দিব বুলি কোৱাত কৃষ্ণই লৱণুৰ লোভ সামৰিব নোৱাৰি নৃত্য কৰিবলৈ ধৰিলে।

এটা সময়ত নৃত্য কৰি কৰি ভাগৰি পৰা কৃষ্ণই গোৱালী গৃহস্থীক লৱণু খুজিলে, গোৱালীয়েও ভালদৰে নাচিলেহে লৱণু দিব বুলি কৈ ভালদৰে নাচিবলৈ ক’লে।

কৃষ্ণয়ো গোৱালীসকলৰ মনোকামনা পূৰণ কৰি নানা বিধ নৃত্য কৰিবলৈ ধৰিলে।

সমান্তৰাল ঘটনাক্ৰম অনুসৰি পূৱাতে খেলিবলৈ বুলি ওলাই যোৱা নিজ পুত্ৰ কৃষ্ণ আবেলিলৈকে উভতি নহাত ঘৰত নেদেখি যশোদা চিন্তাত ব্যাকুল হৈ পৰে আৰু যমুনাৰ পাৰে পাৰে ৰাজপথত কৃষ্ণক বিচাৰি ফুৰিবলৈ ধৰিলে আৰু কৃষ্ণক দেখিছিল নেকি পথত লগ পোৱা পথিকজনক কৃষ্ণৰ বাতৰি সুধ্বিলৈ ধৰিলে।

এজন বাটৰুৱাই তেওঁৰ পুত্ৰ দেখিবলৈ কেনেকুৱা সোধাত শ্যাম বৰণৰ, ভণ্টা খেলি খেলি ঘামেৰে দেখিবলৈ সুন্দৰ হৈ পৰা, মুখ দেখিলেই ভাগৰ পলোৱা বুলি যশোদাই নিজ পুত্ৰ কৃষ্ণৰ ৰূপৰ বৰ্ণনা দিলে।

কিন্তু বাটৰুৱাজনে তেনে ল’ৰা নেদেখা বুলি কৈ আঁতৰি গ’ল।

বাটৰুৱাৰ কথা শুনি, কৃষ্ণৰ বতৰা নাপাই যশোদা অচেতনৰ দৰে হৈ পৰিল আৰু উত্ৰাৱল হৈ কান্দিবলৈ ধৰিলে।

তেনেতে সেইফালেদি আহি থকা এগৰাকী গোৱালীয়ে যশোদাৰ অৱস্থাটো দেখি কিয় এনেদৰে ব্যাকুল হৈ কান্দিছে বুলি সোধাত যশোদাই গোৱালীজনীক ক’লে যে, তেওঁৰ নিচিনা অভাগিনী নাই।

আৰু ক’লে তেওঁৰ প্ৰাণপুত্ৰ কৃষ্ণ পূৱাতে খেলিবলৈ ওলাই গৈ এতিয়াও উভতি অহা নাই, তেওঁ কৃষ্ণ অবিহনে জীয়াই থাকিব নোৱাৰে।

তেতিয়া গোৱালীজনীয়ে ক’লে যে যশোদাই শোক পৰিহাৰ কৰক, কাৰণ তেওঁ গোৱালীপাৰাৰ ৰাজপথত গোৱালীসকলৰ মাজত গোপবালকসকলৰ লগত কৃষ্ণক নাচিথকা দেখি আহিছে।

তেতিয়া যশোদাই সেই স্থানলৈ লৈ যাবলৈ গোৱালীজনীক ক’লে আৰু গোৱালীজনীয়েও যশোদাক তালৈ লৈ গৈ নাচি থকা কৃষ্ণক দেখুৱাই দিলেগৈ।

কৃষ্ণক দেখাৰ পাছত যশোদাৰ শৰীৰ জুৰ পৰিল আৰু কৃষ্ণক কোলাত লৈ গালে-মুখে চুমা খাই স্তন পান কৰিবলৈ দিলে।

মাকৰ গাখীৰ খাই খাই কৃষ্ণই মাকৰ চকুলৈ চাই চাই গোৱালীসকলৰ সকলো কথা ক’লে।

গোৱালীসকলে কৃষ্ণক চোৰৰ কলংক দিয়া বুলি কৃষ্ণৰ মুখে শুনি যশোদাৰ বৰ খং উঠিল আৰু গোৱালীসকলৰ মুখত ছাই পৰক বুলি শাও দিয়াৰ উপৰিও যথেষ্ট তিৰস্কাৰ কৰি কৃষ্ণক পুনৰ গোৱালীপাৰালৈ আহিবলৈ বাৰণ কৰিলে কাৰণ, যশোদাৰ ঘৰত দধি-দুগ্দ্ধৰ অভাৱ নাই।

কৃষ্ণ যে যশোদাৰ আচলৰ ধন, কোটি পুৰুষৰো পৰম দেৱতা, কৃষ্ণই যে তেওঁৰ সকলো সেই কথা কৈ পুত্ৰ স্নেহত আপ্লুত হৈ কৃষ্ণক কোলাত লৈ ঘৰলৈ গ’ল।

এই দুটা ক্ষন্তেকীয়া সমান্তৰাল ঘটনাৰ নাট্যৰূপেই ‘চোৰধৰা’ নাটক।

গোৱালীপাৰাৰ এজনী গোৱালীৰ ঘৰৰ ভিতৰ চ’ৰা, তাৰ পাছত গোৱালীজনীৰ পদূলি সংলগ্ন ৰাজপথ আৰু যমুনাৰ পাৰৰ ৰাজপথৰ দুটা সুকীয়া ছৱি কালক্ৰমত গোৱালীপাৰাৰ ৰজপথত যশোদাই কৃষ্ণক লগ পাই গোৱালীবিলাকক গালি পাৰি কৃষ্ণৰ গাৰ ধূলি জাৰি ঘৰলৈ লৈ যোৱাতে নাটকখন সমাপ্ত হৈছে। 

চোৰধৰা নাট বা ঝুমুৰাখন তদানীন্তন ভক্তি সাহিত্যৰ দৰে পুৰাণ-ভাগৱত আধাৰিত কাহিনী নহয়।

নাটখনৰ আধাৰ হ’ল বৈষ্ণৱ কবি বিলবমঙ্গলৰ ‘কৃষ্ণ-কৰ্ণামৃত’ নামৰ গ্ৰন্থখনৰ এটা শ্লোকহে।

শ্লোকটো আছিল এনেধৰণৰ–

“কন্দু-ক্ৰীড়া বিগলিত ঘনস্বেদমগ্দ্ধাননশ্ৰীঃ

কচ্চিং দৃষ্টঃ কুবলয়দলশ্যামলঃ কোহপি বালঃ।

পৃ2ছত্যেৱং পথি পথি যযৌ ব্যাকুলা নন্দপত্নী

তীৰে তীৰে তপনদুৰ্হিতু কৃষ্ণমন্বেষয়ন্তী।।”

শ্লোকফাকিৰ অৰ্থ এনেধৰণৰ– ভণ্টা খেলি খেলি ঘমাৰ্ত মনোমোহা মুখমণ্ডল আৰু পদুমৰ ঠাৰিৰ দৰে শ্যাম বৰণীয়া এটি ল’ৰাক দেখিছানে বুলি সুধি সুধি ব্যাকুল হৈ যমুনাৰ পাৰে পাৰে নন্দপত্নীয়ে কৃষ্ণক বিচাৰি ফুৰিছে।

শ্লোকটোৰ এই কথাখিনিকে নাট্যকাৰৰ সৃষ্টিশীলতাৰে মাধৱদেৱে এখন মনোৰম নাট বা ঝুমুৰালৈ ৰূপান্তৰ কৰিছে।

ঝুমুৰাখনৰ প্ৰথম দৃশ্য অৰ্থাৎ গোৱালীপাৰাত এজনী গোৱালীৰ ঘৰত গৃহস্থ নথকাৰ সুযোগ বুজি চুৰকৈ লৱণু খাই গৃহস্থী গোৱালীৰ হাতত ধৰা পৰা, গোৱালীজনীৰ আহ্বানত গোৱালীপাৰাৰ অন্যান্য গোৱালী সহিত কৃষ্ণক হাতে-লোটে ধৰা, চাতুৰীৰে কৃষ্ণ ৰাজপথলৈ ওলাই যোৱা আৰু বন্ধ গোপবালকসকলক মাতি আনি ওলোতাই গোৱালীহঁতকে দোষী সজোৱা আৰু কৃষ্ণৰ চাতুৰীত নিৰস্ত্ৰ গোৱালীক লৱণুু খোজা, লৱণুৰ লোভত গোপবালক সহিত কৃষ্ণই নৃত্য কৰা আৰু সেই সময়তে গোৱালীহঁতৰ মাজত নাচি থকা কৃষ্ণক দেখি যশোদাৰ শৰীৰ শাঁত পৰা, কৃষ্ণক কোলাত তুলি লৈ কৃষ্ণৰ আভুৱাভৰা কথাত ভোল গৈ যশোদাই গোৱালীহঁতক গালি-শপনি পাৰি পুনৰ সেই স্থানলৈ আহিবলৈ বাৰণ কৰি কৃষ্ণৰ গাৰ ধূলি-বালি জাৰি-জোকাৰি কোলাত লৈ ঘৰলৈ যোৱাৰ ঘটনাক্ৰমণিকা নাট্যকাৰৰ কল্পনা প্ৰসূত, সুন্দৰ সংযোজন আৰু মাধৱদেৱৰ নাট্য প্ৰতিভাৰ সুন্দৰ স্বাক্ষৰ।       

চোৰধৰা নাট বা ঝুমুৰাখনৰ চৰিত্ৰসমূহ হ’ল– কৃষ্ণ, যাশোদা, গৃহস্থী গোৱালীজনী, পথিকজন, বাটৰুৱা গোৱালীজনী, গোৱালীপাৰাৰ গোৱালীসকল আৰু গোপবালকসকল।

মাধৱদেৱৰ সাধাৰণ নাট বা ঝুমুৰাবিলাকৰ দৰে এইখন ঝুমুৰাতো অন্যান্য চৰিত্ৰ থাকিলেও অন্য চৰিত্ৰবিলাক একেবাৰে গৌণ, অনুজ্জ্বল চৰিত্ৰ, কৃষ্ণ আৰু যশোদা চৰিত্ৰদুটাহে আলোচনাযোগ্য চৰিত্ৰ।

সেয়ে এই দুটা চৰিত্ৰৰ আলোচনাহে আগবঢ়োৱা হ’ল।

কৃষ্ণ

চোৰধৰা নাটৰ নায়ক শিশু কৃষ্ণ। নাটখনত কৃষ্ণ চৰিত্ৰটো নাট্যকাৰে এটা বাক চতুৰ, প্ৰতু্যতপন্নমতি সম্পন্ন, নৃত্য কৌশল অথচ মৰম লগা গাঁৱৰ স্বাভাৱিক মানৱ শিশুৰ ৰূপত অতি সজীৱভাৱে অংকণ কৰিছে।

‘অজুন-ভঞ্জন’ নাটৰ দৰে ইয়াত কৃষ্ণই নিজকে পৰমেশ্বৰ হিচাপে দাবী কৰা নাই।

শিশু কৃষ্ণৰ লৱণুৰ প্ৰতি আকৰ্ষণ সৰ্বজন বিদিত।

লৱণুৰ প্ৰতি তেনে আকৰ্ষণৰ ফলস্বৰূপেই এদিন গোৱালীপাৰাৰ এঘৰৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কৃষ্ণই লৱণু চুৰ কৰি খাই থাকোঁতেই গৃহস্থনী আহিলত ধৰা পৰি গোৱালীসকলৰ পৰা সাৰিবৰ বাবে অতি চাতুৰ্য দেখুৱাই নিজৰ হাতৰ লৱণু গোৱালীজনীৰ মুখত সানি গোৱালীজনীকে ওলোটাই চোৰ সজালে আৰু ৰাজপথলৈ লৈ গ’ল।

কৃষ্ণৰ এনে চাতুৰি নাট্যকাৰে গীতৰ মাজেৰে প্ৰকাশ কৰিছে এনেদৰে–  

“পৰাকহুঁ লোক মানত হৰি সাক্ষী।

হাতকহুঁ লৱণু গোপিনী মুখে মাখি।।

বোলত কানাই হামু কৈছে চোৰ।

তুহু চুৰুণী মুখহি সাক্ষী তোৰ।।”   

–বুলি বাক চাতুৰীৰে গোৱালীক নিৰস্ত্ৰ কৰি ৰাজপথ পোৱাৰ পাছত লগৰীয়া গোপবালকসকলকো মাতি আনিলে আৰু  জনবল বাঢ়িলত– “হামাক একেশ্বৰ দেখিয়ে চোৰ বলিয়ে বহুত ঝুণ্টা জগড়া কৰইছে।” বুলি গোৱালীসৱকে দোষী সজাইছে আৰু এনে চাতুৰীৰে গোৱালীসৱক বশ কৰি কৈছে– “আহে Iাণ্ডী গোৱাৰী সৱ হামাক কলঙ্ক দিয়ে তোহোসৱ কি এড়াইতে চাৱ” আৰু “তোৰাসৱক আজু মাৱক আগু নিয়া ভেটব।” বুলি গোৱালীসকলক মাক ৰাণী যশোদাৰ ভয় দেখুৱাইছে।

মিছাতে লৱণুচোৰৰ কলংক দিয়াৰ শাস্তি হিচাপে “তব ছোড়ি যব হামাক লৱণু দেহ” বুলি গোৱালীৰ পৰা লৱণু বিচাৰিছে।

গোৱালীহঁতে যেতিয়া নাচিলেহে লৱণু দিম বুলি ক’লে তেতিয়া কৃষ্ণই তেওঁৰ নৃত্য কৌশল প্ৰদৰ্শন কৰি সকলোকে আনন্দ প্ৰদান কৰিছে।

পুত্ৰক বিচাৰি বিচাৰি যেতিয়া যশোদা গোৱালীপাৰাত নৃত্য কৰি থকা কৃষ্ণৰ ওচৰত উপস্থিত হ’লহি তেতিয়া আকৰ্ষণীয় চলনাৰে মাক যশোদাৰ পুত্ৰ আকলুৱা মনৰ সুযোগ লৈ সহজ-সৰল হোজা ল’ৰাৰ ভাও জুৰি কন্দনামুৱা হৈ গোৱালীহঁতৰ বিৰুদ্ধে মাকক গোচৰ দি মাকৰ হতুৱাই গালি খুৱাইছে আৰু পাছ মুহূৰ্ততে চিৰস্বাশ্বত অবোধ শিশুৰ দৰে মাকৰ কোলাত উঠি আত্মবিভোৰ হৈ পৰিছে।

এনেদৰে নাটখনত শিশু কৃষ্ণক নাট্যকাৰে অতি আকৰ্ষণীয় ৰূপত চিত্ৰিত কৰাত সফল হৈছে।

নাটকখনত কৃষ্ণ অলৌকিক শক্তিসম্পন্ন নহৈ সাধাৰণ মানৱ শিশু হিচাপেহে নাট্যকাৰে ৰূপায়িত কৰিছে।

যিটো শিশু দুষ্টালিত পাকৈত, তীক্ষ্ন বুদ্ধি সম্পন্ন, অত্যন্ত বাকপটু, প্ৰত্যুতপন্নমতী, নৃত্য পটিয়স আদি শিশুৰ আকৰ্ষণী সকলো গুণেৰে মহিমামণ্ডিত।

সেয়ে তেওঁ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

এই খিনিতে এটা কথা ক’ব পাৰি– কৃষ্ণই কি কৌশল প্ৰয়োগ কৰি গৃহস্থী গোৱালীৰ ঘৰৰ পৰা সকলো গোৱালীক ৰাজপথলৈ উলিয়াই লৈ যাবলৈ সক্ষম হ’ল নাট্যকাৰে সেই কৌশলটোও প্ৰকাশ কৰা হ’লে কৃষ্ণ চাতুৰ্য আৰু অধিক উজ্জ্বল কৈ ফুটি উঠিলহেতেন বুলি ভাব্বিৰ থল আছিল।

যশোদা

যশোদা চৰিত্ৰটোও নাট্যকাৰে অতি কম সময়ৰ মাজতে সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে।

নাটকখনত যশোদাক এগৰাকী পুত্ৰপ্ৰাণা, মমতাময়ী সহজ-সৰল মাতৃ হৃদয়া কিন্তু আভিজাতি্যক কতৃত্বশীলা এগৰাকী নাৰী হিচাপে বিচাৰি পোৱা যায়।

পুত্ৰৰ প্ৰতি থকা আপত্য স্নেহৰ বাবেই কৃষ্ণ যে অনেক সাধনাৰ ফলত ভগৱানৰ কৃপাধন্যহে এই কথা প্ৰকাশ কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই।

পুত্ৰ কৃষ্ণই তেওঁৰ প্ৰাণ, কৃষ্ণই তেওঁৰ নয়নৰমণি।

যশোদাৰ ভাষাৰেই কৃষ্ণ হ’ল– “হামাৰ কোটি পুৰুষক দেৱকো পৰম দেৱতা, মাথাক মুকুট, গলাক সাতসৰি, বুকৰ শীতল চন্দন।”

এনেহেন পুত্ৰ ক্ষন্তেকৰ বাবে আঁতৰ হ’লেই যশোদাৰ মাতৃ হৃদয়ে হাঁহাকাৰ কৰি উঠে।

অলপ সময় দেখা নাপালেই কৃষ্ণক বিচাৰি হাবাথুৰি খায়।

সেয়েহে পূৱাতে ভণ্টা খেলিবলৈ ওলাই যোৱা কৃষ্ণ আবেলিলৈকে উলতি নহাত যশোদাই দশোদিশ অন্ধকাৰ দেখিছে আৰু যমুনাৰ পাৰে পাৰে কৃষ্ণ সন্ধানত অলিয়া-বলিয়া হৈ যাকে য’তে পােইছে তাকে কৃষ্ণৰ বতৰা সুধিছে– “আহে পথিকজন¯ তোহোসৱ যদি হামাৰ বালক পেখল তব সত্বৰে কহ।”

পথিকজনৰ পৰা কৃষ্ণৰ বাতৰি নাপাই মূ¿2ৰ্ছত হৈ পৰিছে। পথিক গোৱালীজনীয়ে যেতিয়া যশোদাক কান্দি থকাৰ কাৰণ সুধিলে তেতিয়া যশোদাই কৈছে– “সে প্ৰাণ পুত্ৰক বিচাৰি নাপাই হামাৰি প্ৰাণ কৈছে ৰহব¯” আৰু পথিক গোৱালীজনীয়ে যেতিয়া যশোদাক কৃষ্ণৰ সন্ধান দিলে তেতিয়া যশোদাই কৃষ্ণক য’ত দেখিছে তৎকালেই সেই স্থানলৈ লৈ যাবলৈ গোৱালীজনীক খাতনি ধৰিছে– “হে মাই গোৱালী¯ কোন থানে হামাৰি বালক থিক তথি হামাক নিয়া যাৱ।”

কৃষ্ণৰ বিষাদত আকুল যশোদাই যেতিয়াই  কৃষ্ণক গোৱালীপাৰাত দেখা পালে তেতিয়াই “আপোন পুত্ৰক দেখিয়ে যশোদাক সৱ শৰীৰ জুড়াৱল।

কৃষ্ণক কোলে কয়ে গলে বান্ধি বদন চুম্বন কয়ে পৰম আনন্দ পাৱল।” নাট্যকাৰে পুত্ৰবৎসলা, মাতৃহৃদয়া যশোদাৰ মনৰ স্বৰূপ অতি সুন্দৰকৈ দাঙি ধৰিছে।

আনহাতে যশোদা ৰাণী।

গোপৰাজ নন্দৰ পত্নী।

গতিকেই তেওঁৰ এটা স্বাভিমানো নথকা নহয়।

সেই স্বাভিমান প্ৰকাশ পাইছে গোৱালীপাৰাত গোৱালীসকলৰ ওপৰত কতৃত্ব প্ৰদৰ্শন কৰাৰ সময়ত।

তেওঁৰ প্ৰজাস্বৰূপ গোৱালীসকলে কৃষ্ণক চোৰ বোলাত যশোদাৰ মাতৃৰ অন্তৰত খঙৰ উদগীৰণ হোৱাটো স্বাভাৱিক।

যশোদাই সেয়েহে ভৎসনা কৰিছে– “আহে বাণ্ডী গোৱালীসৱ¯ দাসীক দাসী¯ তোহোসৱ হামাৰ ওহি বালক শ্ৰীকৃষ্ণক চোৰ বুলিয়ে কলঙ্ক কৰছি।

ছিঃ¯ তোৰাসৱক মুখে ছাৰ পড়োক।” আৰু আভিজাত্যৰ স্বাভাৱিক বচনেৰে কৃষ্ণক কোৱাৰ চলেৰে গোৱালীসকলক নিজৰ আভিজাত্য প্ৰকাশ কৰিছে– “হে বাপু কৃষ্ণ¯ ওহি বান্দীসৱক ঠায়ে আৱৰ নাহি আৱব। হামাৰ ঘৰে দধি দুগ্দ্ধ লৱনু কে পুছত·”

শিশু কৃষ্ণৰ দ্বাৰা পুতনা বধ, অসুৰ বধ, মাটি খোৱা বুলি কৃষ্ণৰ মুখ মেলি চাই মুখৰ ভিতৰত বিশ্বব্ৰহ্মাণ্ডখন দেখাৰ দৰে কৃষ্ণৰ ঐশ্বৰিকতা দেখাৰ পাছতো কৃষ্ণৰ ঈশ্বৰত্ব পাহৰি এই মায়াময় সংসাৰৰ এগৰাকী সাধাৰণ মাতৃৰ দৰেই কৃষ্ণক মাথোন আপোন পুত্ৰৰূপেই আচৰণ কৰাহে চোৰধৰা নাটখনত দেখিবলৈ পোৱা যায়।

সেয়ে পুত্ৰ বৎসল, পুত্ৰৰ অবৰ্তমানত সকলো সময়তে অন্তৰে হাঁহাকাৰ কৰি থকা যশোদা এগৰাকী সৰল চিতীয়া নাৰী, কিন্তু পুত্ৰৰ ওপৰত পৰা অপবাদ সহ্য নকৰা, আভিজাত্যৰে গোৱালীসকলক গালি-গালাজ কৰিবলৈও কুণ্ঠাবোধ নকৰা মধ্যবিত্ত সমাজৰ এগৰাকী স্বভাৱিক নাৰীৰ ৰূপত নাটখনত যশোদা জিলিকি উঠিছে।   

মাধৱদেৱৰ নাটকৰ ভাষা নিভাঁজ ব্ৰজাৱলী বা ব্ৰজবুলি নহয়, বৰং এই ভাষা কথ্য-অসমীয়া-গন্ধী ব্ৰজবুলি বুলিহে ক’ব পাৰি।

চোৰধৰা নাটকৰ ভাষা কথ্য অসমীয়া ভাষাৰহে বেছি ওচৰ চপা।

ইয়াৰ কাৰণ হিচাপে সংস্কৃত নাটকৰ পৰম্পৰাৰ অনুকৰণ বুলি ভবাৰ অৱকাশ আছে।

সংস্কৃত নাটত চহা চৰিত্ৰৰ মুখত ওজস্বী সংস্কৃত ভাষা নিদি সংস্কৃতৰ পৰা অধিক দূৰত্বৰ মাগধী প্ৰাকৃত ভাষা ব্যৱহাৰ কৰাৰ ৰীতি দেখিবলৈ পোৱা গৈছিল।

শংকৰদেৱৰ নাটৰ নায়ক-নায়িকাৰ দৰে ৰজা, ৰাজ বিষয়া, ঋষি আদিৰ বিপৰীতে চোৰধৰা নাটৰ নায়ক-নায়িকা  প্ৰধানতঃ ব্ৰজৰ চহা নৰ-নাৰী আৰু বালক কৃষ্ণ।

সেয়েহে চাগে পাকৈত নাট্যকাৰ মাধৱদেৱে চোৰধৰা নাটত কথ্য-অসমীয়া-গন্ধী ব্ৰজাৱলী ভাষাই ব্যৱহাৰ কৰিছে।

চোৰধৰা নাটৰ ভাষা বুজিবলৈ যিকোনো দৰ্শক-পাঠকৰ অলপো অসুবিধা নহয়।

উদাহৰণ স্বৰূপে–

“আহে কানাই¯ তুহু লৱণু চোৰ কৰিয়ে বাৰম্বাৰ ভাণ্ডিয়ে যাস, আজকোহা যাৱব।”,

“আহে গোৱালীসৱ¯ হামু নৃত্য কৰিয়ে বহুত শ্ৰম পাৱলো। হামাক কিছু লৱণু দেহু। হামো লৱণু ভোজন কৰিয়ে নৃত্য কৰব।”,

“হে মাই যশোদে¯ তোহাৰি বালক কৈছন ৰূপ·”,

“হে মাই গোৱাৰী¯ হামু অভাগিনীত কি পুছত· হামু অনেক পুণ্য কৰিয়ে দেৱতাক বৰে কৃষ্ণক পুত্ৰ পাৱলো। …” ইত্যাদি। 

চোৰধৰা নাটকৰ নাট্য ৰীতি

মাধৱদেৱৰ আন নাটকৰ দৰে চোৰধৰা নাটকো কৃষ্ণৰ চোৰ-চাতুৰীৰে, বুদ্ধিমত্তাৰে, নৃত্যৰ লয়-লাসেৰে গোৱালীপাৰাৰ সকলোকে আনন্দ প্ৰদান কৰোঁতা, হৃদয় ৰঞ্জক, ব্ৰজ শিৰোমণি শিশু কৃষ্ণৰ চোৰ-চাতুৰীৰ এটা সৰু ঘটনাৰ নাট্য ৰূপেই চোৰধৰা নাটক।

এনেদৰে নাট্যকাৰ মাধৱদেৱৰ নাটবোৰ শিশু কৃষ্ণৰ কিছুমান মনোৰঞ্জক চুটি চুটি নাৰী কেন্দ্ৰিক ঘটনাৰ নাট্যৰূপ।

‘অজুন-ভঞ্জন’ক বাদ দি সেয়ে এই নাটবোৰক ‘ঝুমুৰা’ বুলিহে জনা যায়।

মাধৱদেৱৰ তিৰোধানৰ পাছত তেওঁৰ অনুগামীসকলে বিশেষকৈ দৈতাৰি ঠাকুৰেই নাটবোৰৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এই নামটো প্ৰচলন কৰে।

মাধৱদেৱৰ নাটসমূহক ‘ঝুমুৰা’ বোলাৰ প্ৰধান কাৰণটো হ’ল- এই নাটসমূহ চুটি চুটি, নাৰী চৰিত্ৰ প্ৰধান আৰু নৃত্য-গীতেৰে মুখৰিত।

‘ঝুমুৰা’ৰ আৰ্হি অসমীয়া কাব্য সাহিত্যত থকা অষ্টাক্ষৰী চুটি চুটি চৰণ বিশিষ্ট এবিধ চন্দ; চাহ জনগোষ্ঠীৰ অন্তৰ্গত ছাওতালীসকলৰ নাৰী প্ৰধান নৃত্য অনুষ্ঠান ‘ঝুমুৰা নৃত্য’; পশ্চিম বংগৰ নাৰী প্ৰধান কৃষ্ণ স্তুতিমূলক গীতাভিনয়ৰ অনুষ্ঠান ‘ঝুমৰী’ বা ‘ঝুমুৰ গান’ অথবা মিথিলাৰ নাৰীসকলে পৰিৱেশন কৰা এবিধ নৃত্য-গীতৰ অনুষ্ঠান ‘ঝুমৰি’।

এই সকলো নৃত্য-গীত প্ৰধান অনুষ্ঠানেই যিহেতু চুটি চুটি আৰু নাৰী প্ৰধান; সেয়ে হয়তু মাধৱদেৱৰ নাটসমূহো [‘অজুন-ভঞ্জন’ক বাদ দি] চুটি চুটি নাৰী প্ৰধান আৰু নৃত্য-গীত প্ৰধান হোৱাৰ বাবে দৈতাৰি ঠাকুৰ আদি নাট্যকাৰজনৰ অনুগামীসকলে এনে নাটসমূহক ‘ঝুমুৰা’ নামেৰে অভিহিত কৰে।

 চোৰধৰা নাটখনৰ প্ৰধান চৰিত্ৰ কৃষ্ণ আৰু যশোদা হ’লেও বা ইয়াত গোপবালকসকলক দেখা পোৱা গ’লেও নাটখনত গোৱালী বা গকুলৰ নাৰীসকলৰ ভূমিকাই সৰ্বাধিক।

কৃষ্ণৰ মাতৃ যশোদাক এৰি কোনো এজনী নাৰীক ইয়াত বিশেষ স্থান দিব পৰা নগ’লেও কৃষ্ণক কেন্দ্ৰ কৰি নাৰীসকলৰ ক্ৰিয়া-কৰ্মই নাটখনৰ সিংহভাগ অধিকাৰ কৰি আছে।

নাট ভটিমা, সংস্কৃত-শ্লোক আৰু নান্দীশ্লোক চোৰধৰা নাটকত দেখিবলৈ পোৱা নাযায়।

মাধৱদেৱৰ ‘ভোজন-বিহাৰ’ৰ বাহিৰে আনকেইখন ঝুমুৰাত ভটিমাৰ ব্যৱহাৰ নাই।

নাট্যকাৰজনৰ নাটবোৰ অতি কম পৰিষৰৰ সৰু সৰু হাস্যমধুৰ ঘটনাক কেন্দ্ৰ কৰি গঢ়ি উঠাৰ বাবেই নাট ভটিমা, সংস্কৃত-শ্লোক অথবা নান্দীশ্লোক প্ৰয়োগৰ অৱকাশ কম।

চোৰধৰা নাটত উত্তৰ ভাৰতৰ বৈষ্ণৱ কবি বিলবমঙ্গল বা লীলা শুকৰ ‘কৃষ্ণ কৰ্ণামৃত’ বা ‘বালগোপাল’ গ্ৰন্থৰ এটা শ্লোকহে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।

চোৰধৰা নাটকৰ নাট্য ৰস

চোৰধৰা নাটকত লঘু হাস্যৰসহে দেখিবলৈ পোৱা যায়।

নাটখনত কৃষ্ণৰ কাৰ্য-কলাপ, বুদ্ধিদীপ্ত কথা-বতৰাত হাস্যৰসৰ উদ্ৰেক হয়।

নাটখন ক্ষন্তেকীয়া ঘটনাৰ চিত্ৰণ বাবেই ইয়াত বিবিধ ৰসৰ পয়োভৰ ঘটোৱাতো সম্ভৱ হৈ উঠা নাই আৰু নাট্যকাৰৰো নিশ্চয় তেনে অভিপ্ৰায় নাছিল।

নাটকখনত কৃষ্ণই গোৱালীৰ ঘৰত লৱণু চুৰ কৰি থকা দৃশ্যই শ্ৰোতা-দৰ্শকৰ মনত কৃষ্ণৰ প্ৰতি বেয়া দৃষ্টিভংগী গ্ৰহণ কৰাটো দূৰৈৰ কথা আনন্দৰহে উদ্ৰেক কৰিছে।

গোৱালীয়ে হাতে-লোটে চোৰ ধৰাৰ পাছতো বুদ্ধিদীপ্ততাৰে, বাকপটুতাৰে সকলোকে ৰাজপথলৈ লৈ যোৱা, নিজৰ হাতৰ লৱণু গৃহস্থী গোৱালীজনীৰ মুখত সানি দি ওলোটাই গোৱালীজনীকে লৱণু চোৰ সজোৱা আদি কৃষ্ণৰ চাতুৰ্যপূৰ্ণ কাৰ্যই সকলোৰে মনত হাস্যৰসৰ উদ্ৰেক কৰিছে।

যমুনাৰ পাৰত যশোদাৰ যি কৃষ্ণ বিৰহ প্ৰকাশ পাইছে ই আকস্মিক আৰু অনাকাংক্ষিত নোহোৱাৰ বাবে কৰুণ ৰসৰ উদ্ৰেক হোৱা নাই।

এই ঘটনাৰ পূৰ্বে নাট্য কাহিনীত প্ৰদৰ্শন কৰা কৃষ্ণৰ গোৱালীপাৰাৰ লৱণু চুৰ কৰি ধৰা পৰা আৰু তাৰ ফলশ্ৰুতিত গোৱালীৰ মাজত হোৱা নৃত্য-গীতৰ ঘটনাক্ৰমৰ পৰিণতিৰ বিষয়ে শ্ৰোতা-দৰ্শক ভালদৰে জ্ঞাত হোৱাৰ বাবেই যশোদাৰ বিৰহ শ্ৰোতা-দৰ্শকৰ বাবে বেদনাদায়ক, কৰুণ ৰসাত্মক হৈ উঠা নাই।

নাটখনত সূত্ৰৰ কথাত ভক্তিৰসৰ চিটিকনি লক্ষ্য কৰা যায়।

কিন্তু চৰিত্ৰৰ মুখৰ কথাত তেনে ৰসৰ সমাৱেশ বিচাৰি পোৱা নাযায়।

এনেদৰে বিচাৰ কৰিলে নাট্যকাৰ মাধৱদেৱক চোৰধৰা নাটকত এজন সফল নাট্যকাৰ হিচাপে আৰু ‘চোৰধৰা ঝুমুৰা’ নাট্যকাৰৰ এখন সফল ঝুমুৰা বুলি নিঃসন্দেহে ক’ব পাৰি।

প্ৰসংগ পুথি

 শৰ্মা, হেমন্ত কুমাৰ [সম্পাদনা]-মহাপুৰুষ শ্ৰীমাধৱদেৱৰ ‘চোৰধৰা আৰু পিম্পৰা গুচোৱা নাট’ নিউ বুক ষ্টল, পানবজাৰ, গুৱাহাটী-ৰ, সপ্তম প্ৰকাশ-১৯৯৫

চলিহা, হেমন্ত কুমাৰ [সম্পাদনা] -চোৰধৰা ঝুমুৰাঃ শ্ৰীশ্ৰীমাধৱদেৱ, দত্ত প্ৰকাশন,কমলাবৰীয়া, ফুকনৰহাট, লক্ষীমপুৰ ,মাৰ্চ, ২০১২

– ড0 হেমন্ত কুমাৰ চলিহা

সংগ্ৰহ – যোগেন তামুলী


FAQs on চোৰধৰা

চোৰধৰা নাটকত কানাই বুলি কাৰ কথা কোৱা হৈছে?

চোৰধৰাত কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে।

চোৰধৰা নাটকত লৱণু চোৰ কৃষ্ণই গােপীৰ মুখত কি সানি দিছিল?

লৱণু সানি দিছিল

মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?

নামঘােষা


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!