জাল আমাৰ সকলোৰে এবিধ চিনাকি যতন। হেমকোষ’ৰ মতে— “জালৰ অৰ্থ ‘মাছ, পহু, চৰাই ধৰিবৰ নিমিত্তে জৰীৰে গুঁঠি কৰা এবিধ যতন”।
জাল শব্দই মাছ ধৰা জালৰ উপৰি ফাকি, প্ৰৱঞ্চনা, প্ৰতাৰণা আদিৰ লগতে মায়াজাল, মকৰাজাল, চকুত ছানি পৰা ৰোগ আদিৰো অৰ্থ প্ৰকাশ কৰে।
জলাগুণ, প্রসূতিক তিনিদিনৰ দিনা খুউৱা জলা আঞ্জা, অসত্য বা কৃত্ৰিম, জুইৰ উত্তাপ, তাঁত বওঁতে গৰকাত হেঁচি সূতাবিলাক দুভাগ কৰা কাৰ্যৰ অৰ্থও জাল শব্দই বহন কৰে ।
নদ-নদী, খাল-বিল, পুখুৰীৰে ভৰপূৰ অসমভূমি। এই সকলোবোৰতেই পোৱা যায় নানা জাত, নানা গঢ়ৰ সুস্বাদু মাছ- পুঠি। মৎস্যকুলেৰে চহকী অসমৰ জলাশয়সমূহৰ পৰা বিভিন্ন সঁজুলিৰে মাছ ধৰি ভোগ কৰি আহিছে অসমীয়া জাতিয়ে।
মৎস্য চিকাৰৰ বাবে প্রয়োজনীয় সঁজুলিসমূহৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ জাল গ্ৰাম্য অসমীয়াই নিজে প্ৰস্তুত কৰি লৈছিল। কেৱল মাছ ধৰা সঁজুলি হিচাপেই নহয়, অন্যান্য দিশতো জালে চহকী কৰিছে অসমীয়া লোক জীৱন।
সৰ্বানন্দ ৰাজকুমাৰে তেওঁৰ সমাদৃত গ্রন্থ ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ‘ত জাল সম্পৰ্কে এনেদৰে উল্লেখ কৰিছে—
”…জালবিলাক কপাহীসূতা, ৰিহাসূতা আৰু মৰাপাটৰ দ্বাৰা তৈয়াৰ কৰে । সকলোশ্রেণীৰ অসমীয়াই জাল তৈয়াৰ কৰিব পাৰে৷ জাল ব্যৱহাৰ কৰা পাইকবিলাক জালভাৰী ফুকন আৰু জালভাৰী বৰুৱাৰ তলে আছিল।”
এই লেখাত কেইবিধমান পৰম্পৰাগত জাল আৰু লোকজীৱনত জালৰ প্ৰভাৱ সম্পর্কে আলোকপাত কৰাৰ চেষ্টা কৰা হৈছে।
১। টনি জাল বা চিপজাল
এইবিধ জাল চাৰিচুকীয়া আৰু ঘনপহীয়া ৷ বাঁহৰ পৰা তৈয়াৰ কৰা চাৰিডাল ডাঠ কামী বা টনিৰ সহায়ত এই জাল মেলিব আৰু চপাব পাৰি বাবেই নামটো টনিজাল।
টনি চাৰিডালৰ লগত এডাল দীঘলীয়া বাঁহ বান্ধি দি তাত ৰচী লগাই বাঁহডালৰ এমূৰে ভৰিৰে গচকি পানীৰ পৰা ৰচীডালৰ সহায়ত টনিজাল উঠোৱা নমোৱা হয়।
টনি জালৰ দ্বাৰা তৰাং পানী বা পুখুৰী-বিল আদিত মাছ ধৰা হয়। চিপ্ মাৰি উঠোৱাৰ বাবেই জালবিধক চিপ্জাল বুলিও কোৱা হয়।
‘টুপ টুপ টুপলি/পানী পালে মুকলি’ টনি জালক লৈ প্ৰচলিত এক জনপ্রিয় সাঁথৰ ।
২। ফাঁচি জাল
ফাঁচি জালৰ বিন্ধা আৰু পাহবোৰ ডাঙৰকৈ গুঁঠা হয়। সুদক্ষ লোকে গুঁঠি উলিওৱা এই জাল নৈ-বিল আদিত ঘূৰণীয়াকৈ পাতি থোৱা হয় ।
মাছ সুমোৱা অংশটো একেবাৰে মূৰত থাকে বাবে এইবিধ জালৰ পৰা মাছ সাৰি যাব নোৱাৰে। সেইবাবেই জালবিধৰ নাম ফাঁচি জাল।
এইবিধ জালেৰে প্ৰথমবাৰ মাছ ধৰোতে জালত যদি চিতল মাছ উঠে তেন্তে জালুৱৈয়ে মাছটোত সেন্দূৰ সানি ভক্তিসহকাৰে পানীত এৰি দিয়ে। ইয়াৰ অন্যথা মাছুৱৈৰ দেহালৈ টান পৰে বুলি জনবিশ্বাস প্ৰচলিত হৈ আহিছে।
‘’মাছ ধৰিবলৈ জাল ফাঁচি/ধান কাটিবলৈ ভাল কাঁচি”— অসমীয়াৰ মুখ বাগৰি ফুৰা প্ৰৱচন এফাঁকি।
৩। কাঠী জাল
অগভীৰ পানীত এই জালৰ সহায়ত মাছ ধৰা হয়। ১০-১৫ মিটাৰপৰ্যন্ত দীঘল আৰু প্ৰায় ৮০ ছেণ্টিমিটাৰ বহল এইবিধ জালৰ তলফালে আৰু ওপৰফালে বাঁহৰ কাঠী লগোৱা হয়।
সেইবাবেই জালবিধ কাঠী জাল নামেৰে খ্যাত। বৃহৎ কাৰ্য সমাধানৰ বাবে কৰা নগণ্য বা সামান্য প্ৰচেষ্টাক ‘সাগৰত কাঠীজাল বোৱা‘ বুলি উপহাস কৰা হয় ।
৪। লাঙি জাল
‘জালৰ লৰক-ফৰক লাঙি, ভাৰৰ লৰক কৰক সাঙী‘ অসমীয়া ভাষাৰ এফাঁকি জনপ্রিয় প্রবচন।
প্রবচনত উল্লেখ থকা লাঙি জাল যথেষ্ট দীঘল হোৱা দেখা যায়। সেই অনুসৰি দৈৰ্ঘ্য ৫-৩০ মিটাৰপৰ্যন্ত আৰু বহলে ৭৫-১২০ ছেণ্টিমিটাৰমান হয়।
লাঙি জালৰ নাম অনুসৰি পাহবোৰ বেলেগ বেলেগ জোখৰ হয়। পানীত স্থিৰভাৱে পাতি ৰখা জালবোৰ পানীত ওপঙি থাকিবৰ বাবে কুঁহিলাৰ পুঙা আৰু তলৰ ডনডালত মাটিৰ গুৰা লগাই তলফালে ওলমাই ৰখাৰ ব্যৱস্থা কৰা হয়।
বিভিন্ন মাছ যেনে– কুঁঢ়ি, কাৱৈ, পুঠি আদি মাছৰ জোখত গুঁঠি উলিওৱা লাঙি জালবোৰ কুঁঢ়ি লাঙি, কাৱৈ লাঙি, পুঠি লাঙি নামেৰে পৰিচিত।
৫। পৰঙী জাল
টনি জাল বা চিপ জালৰ দৰে হ’লেও এইবিধ জাল আকাৰ-আকৃতিত ডাঙৰ।
টনি জালৰ টনি চাৰিটা ফলীয়া বাঁহৰ হোৱাৰ বিপৰীতে পৰঙী জালৰ টনি সৰু-গোটা বাঁহৰ। নদী-বিল আদিত মাছ ধৰিবৰ বাবে ব্যৱহাৰ কৰা জালবিধৰ সহায়ত উজানৰ সময়ত ডাঙৰ ডাঙৰ মাছ ধৰিব পাৰি।
গচকি বহু সময় পৰ দি থকাৰ পিছত দঙাৰ বাবেই জালবিধ পৰঙী জাল নামেৰে পৰিচিত হ’ব পাৰে।
৬। অফলীয়া জাল
গভীৰ নদীৰ বুকু তৰাং হৈ অহাৰ লগে লগে এখন নাৱৰ পৰা এই জাল পেলোৱা হয়।
পানীত বাঁহৰ গোঁজ পুতি জালখন বান্ধি লৈ মাছমৰীয়াজন মাছৰ অপেক্ষাত থাকে আৰু মাছ অহাৰ উমান পালেই খেৱালি জাল মৰাৰ দৰে মাৰি মাছ ধৰে।
৭। উশাহ লাঙি
দলনি-পিটনি অথবা মেটেকা-কলমৌৰে আৱৰি থকা ৰা মাছ পুখুৰী-খাল আদিত মাছে উশাহ ল’বলৈ ওলোৱা-সোমোৱা কৰা ঠাইডোখৰত দল, মেটেকা, কলমৌ আদি আঁতৰাই উশাহ লাঙি জাল পতা হয়।
এইবিধ জালত কাৱৈ, মাগুৰ, শিঙি আদি কাঁইটযুক্ত মাছ বেছিকৈ লাগে।
নামনি অসমত উশাহ লাঙিক গুৱা লাঙি বোলা হয়।
৮। ধুম জাল
দুখনীয়া নাৱেৰে এইবিধ জালেৰে মাছ ধৰিবৰ বাবে প্ৰয়োজন হয় ১০-১২ জন মানুহ ৷
শুকান ভলুকা বাঁহৰ টুকুৰা পুঙা হিচাপে ব্যৱহৃত হোৱাৰ বিপৰীতে গুৰা হিচাপে মাটি অথবা তীখাৰ শকত টুকুৰা ব্যৱহাৰ কৰা হয়।
১০-১৫ মিটাৰপর্যন্ত গভীৰ পানীত পেলোৱা একোখন ধুমজাল ৫০ মিটাৰপৰ্যন্ত দীঘল হ’ব পাৰে।
জালুৱৈ দুখন নাৱত উঠি দুখালৰ পৰা ধীৰে ধীৰে এই জাল পেলাই গৈ থাকে আৰু বিপৰীত দিশৰ পৰা ভলুকা বাঁহৰ দীঘল ধুম বা দাঁৰি সাজি পানীত ধুম ধুমকৈ মৰিয়াই মাছ খেদা হয়। সেইবাবেই জালবিধৰ নাম ধুম জাল।
৯। বেৰ জাল
নৈৰ ঘূলি বা ডুবিত মৰা এই জালত বাহু, চিতল, আঁৰি আদি ডাঙৰ ডাঙৰ মাছ পৰে।
দীঘলে ২০ মিটাৰমান আৰু বহলে ৫ মিটাৰমান হোৱা বেৰ জালত পুঙা আৰু গুৰা লগোৱা হয়। ঘৰত দিয়া বেৰৰ দৰে পানীত বেৰি ধৰি পতাৰ বাবেই এইবিধ জালে বেৰ জাল নাম পাইছে।
শিল, গছৰ মূঢ়া আদি থকা ঠাইতো এই জালেৰে মাছ ধৰিব পৰা যায় অনায়াসে।
‘বেৰ জালে বোদি মনতে বেৰাইছা/নিশা মোৰ টোপনি নাই…‘ বুলি বিহুনামতো অসমীয়া বিহুৱাই বেৰ জালৰ কথা কৈ গৈছে।
১০। খেৱালি জাল
গোলাকাৰকৈ ঠাই আগুৰিব পৰাকৈ পানীলৈ বহলাই ছাটি মাৰি দি পিছত লাহে লাহে টানি বামলৈ তোলা জালবিধেই খেৱালি জাল।
এই জালৰ পাহবোৰ সাধাৰণতে ঘন হয় বাবে মোৱা-পুঠি মাছো সৰকিব নোৱাৰে।
৮ ফুটমান বহল আৰু সম উচ্চতাসম্পন্ন খেৱালি জাল তড়িৎ গতিৰে পানীৰ তললৈ যাব পৰাকৈ যথেষ্ট ওজনৰ লোৰ গুৰা লগোৱা হয়৷
পানীলৈ খেৱালি জাল মৰা প্ৰক্ৰিয়াটোক মাছুৱৈসকলে জাল খেউৱা বুলি কয়। এই জাল গুঁঠি থকা সময়ত যদি পপীয়া তৰা খহি পৰা দেখে তেন্তে গুঁঠি থকাজনে যদি তৰাটো নুমাই যোৱাৰ পূৰ্বে এটা পাহৰ গাঁঠি দিব পাৰে তেনে সেইখন জালত মাছ বেছিকৈ পৰে বুলি বিশ্বাস কৰা হয়। কামটো অৱশ্যেই দুৰূহ !
মাছক ছোৱালী আৰু মাছধৰাক প্ৰেমৰ প্ৰতীক হিচাপে ধৰা দিয়া বিহুনাম এফাঁকিত খেৱালি জালৰ উল্লেখ পোৱা যায় এনেদৰে— ‘মাছ হোৱাহ’লে পৰিলোহেঁতেন গৈ কা / তোমাৰে খেৱালি জালত’।
১১। চাংলাই জাল
দুডাল টনিযুক্ত এইবিধ জালৰ এডাল টনি পানীৰ তলত আৰু আনডাল টনি পানীৰ ওপৰত থাকে।
টনিৰে সংযুক্ত ৰচী এডাল জালুৱৈয়ে হাত বুঢ়া আঙুলিত মেৰিয়াই লয়। জালত মাছ পৰিলে আঙুলিত বন্ধা ৰঙা ডালত টান পৰে আৰু লগে লগে জালখন দঙা হয়। ইলিচ মাছ ধৰিবৰ বাবে এইবিধ জাল অধিক উপযোগী।
১২। আঁঠুৱা জাল
ৰক্তপায়ী কীট মহ সৰকিব নোৱাৰা আঁঠুৱাৰ দৰেই হোৱা বাবে এইবিধ জালক আঁঠুবা জাল বা মহৰি জাল নাইবা মশৰি জাল বোলা হয়।
পোনা মাছ, মাছৰ কণী আদি সৰকিব নোৱৰা এইবিধ জাল মাছৰ বংশনাশক হিচাপে পৰিগণিত হৈছে। সেইবাবে চৰকাৰীভাৱে এইবিধ জালৰ ব্যৱহাৰেৰে মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
কিন্তু যান্ত্রিকভাৱে প্ৰস্তুত কৰা জালবিধেৰে এতিয়াও মাছ ধৰি থকা দৃষ্টিগোচৰ হয়। ফলত অসমৰ বহু থলুৱা প্ৰজাতিৰ বহু মাছ বিলুপ্তিৰ কবলত পৰিছে।
১৩। টাঙনি জাল
টাঙনি জাল বাবৰ বাবে দুজন মানুহৰ প্ৰয়োজন হয়। বোকাত সোমাই থকা কুঁঢ়ি, আঁৰি আদি মাছ ধৰিবৰ বাবে এইবিধ জাল অতি উত্তম।
এই জাল বোৱাৰ সময়ত মাছুৱৈয়ে খালৈ নোলোৱাকৈয়ে জালত পৰা ল মাছবোৰ টঙনিয়াই মাৰি জালতে থৈ পুনৰ জাল বাই থাকিব পাৰে।
মাছ মাৰিবৰ বাবে ব্যৱহৃত টাঙোন বা সৰু লাঠীডাল সাধাৰণতে নাহৰ কাঠৰ হয়। টঙনিয়াই মাছ মৰাৰ বাবেই এইবিধ জালে টাঙনি জাল নাম পালে।
১৪। ঢেঁকী জাল বা ঘাট জাল
এই জাল পাতিবৰ বাবে বহুকেইটা বাঁহৰ প্রয়োজন হোৱাৰ লগতে মাছুৱৈৰ সামান্য কাৰিকৰী জ্ঞানৰো আৱশ্যক হয়।
ঘোঁকোটা জাল বা ভকুৱাৰ আকৃতিৰ স’তে সাদৃশ্য থকা এই প্রকাণ্ড জালখন পাতিবৰ বাবে ঢেঁকীৰ দৰে ব্যৱস্থা কৰি লোৱা হয়।
ঢেঁকীৰ নেজত ভৰ দিলে যিদৰে থোৰাসহ মূৰটো দাং খায় তেনেদৰে এইবিধ জালৰ এমূৰত জালুৱৈগৰাকী উঠি দিয়াৰ লগে লগে দাং খাই যায় বাবেই জালবিধক ঢেঁকীজাল বা ঘাট জাল বোলা হয়।
খৰালি কালত নৈৰ মাজত আৰু বাৰিষা কালত গৰাৰ কাষত অথবা বিলৰ মুখত এইবিধ জালেৰে মাছ ধৰা হয়। জালত পৰা মাছবোৰ জীয়ন দি থ’বৰ বাবেও ব্যৱস্থা ৰখা হয় ৷
১৫। ঘোঁকোটা জাল
দুডাল টনি লগোৱা এইবিধ জালৰ আগফালটো পানীৰ তললৈ সুমুৱাই ঠেলি দি মাছ ধৰা হয়। এইবিধ জালৰ আকৃতি প্রায় জাকৈৰ দৰেই।
মাছ ধৰিবলৈ লৰালৰি হোৱা সময়ত সেয়ে কেতিয়াবা জাকৈ বুলি ভাবি ঘোঁকোটা জাল লৈ যোৱাৰ দৰে আমোদজনক ঘটনাও ঘটে।
ইয়াৰ পৰাই উৎপত্তি হৈছে অসমীয়া লোক-সাহিত্যৰ এটি জনপ্রিয় যোজনা— ‘জালকে বুলিলে জকাই/আন্ধাৰে-মুন্ধাৰে চিনিব নোৱাৰি/পৈয়েকক বুলিলে ককাই‘।
অসমীয়া গীততো গাইছে— ‘কাক বুলিলো কোনে নিজেই/গাত পাতি ল’লে চা/জালকে বুলিলে জকাই/এতিয়া মজাটো পা’।
১৬। ওপৰ জাল বা আকাশ জাল
বনৰীয়া চৰাই ধৰিবৰ বাবে আৰু আম, লিচু, বগৰী আদি ফল চৰায়ে খাই অনিষ্ট কৰিব নোৱাৰাকৈ গছৰ ওপৰত বা গছ বেৰি ওপৰ জাল বা আকাশ জাল পতা হয়।
মুগা খেতিয়কসকলে চৰায়ে মুগা খাব নোৱাৰাকৈ মুগা পালন কৰা চোম, সুৱালু আদি গছ বেৰি ৰাখিবৰ বাবেও এই জাল ব্যৱহাৰ কৰা হয় ।
১৭। পহু ধৰা জাল
ওডাল, কুকুৰসূতা আদি গছৰ বাকলিৰ আঁহেৰে প্রাচীন অসমত পহু, বাঘ, গাহৰি আদি ধৰিবৰ বাবে গুঁঠি উলিওৱা জালবিধৰ নামেই হৈছে পহু ধৰা জাল, বাঘজাল আদি।
চিকাৰ প্ৰথা চলি থকা সময়ত প্ৰচলিত এইবিধ জাল চিকাৰ কাৰ্য অবৈধ ঘোষিত হোৱাৰে পৰা অপ্ৰয়োজনীয় হৈ পৰিল।
এইবিধ জাল গুঁঠাৰ সময়তো বিশেষ নিয়ম মানি চলিবলগীয়া হৈছিল। সেই অনুসৰি শনিবাৰ নাইবা মঙলবাৰে জাল গুঁঠা শুভাৰম্ভ কৰি একেই বাৰতে গোঁঠন কাৰ্য সমাপ্ত কৰিব লাগিছিল।
উল্লিখিত জালসমূহৰ উপৰি চন জাল, নাৰি জাল আদি বিভিন্ন ধৰণৰ জাল অসমৰ মাছমৰীয়াসকলে ব্যৱহাৰ কৰি আহিছে। জাল গুঁঠা আৰু জাল ভাৰ বৈ নিবৰ বাবে আহোম স্বৰ্গদেউসকলে জালভাৰী ফৈদৰ সৃষ্টি কৰাৰ কথা পূর্বেই উনুকিয়াই অহা হৈছে।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে নৈ-বিল আদিত মাছৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাই অহাৰ লগে লগে বহুকেইবিধ জালৰ ব্যৱহাৰ বৰ্তমান নোহোৱা হৈ পৰিল।
তেনেদৰে এসময়ত প্ৰতিজন অসমীয়াই জাল ওঁঠিব জানিছিল যদিও যন্ত্ৰৰ সহায়ত গুঁঠি উলিওৱা জালৰ ব্যৱহাৰ বৃদ্ধি পোৱাত এই বিদ্যাও নোহোৱাৰ দৰেই হৈ পৰিছে।
অৱশ্যে বর্তমানো বহু লোকে জাল গুঁঠা বিদ্যা এৰি নিদি জাল গুঁঠি, বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে।
জাল যে কেবল মৎস্য চিকাৰৰ সঁজুলি হিচাপেই অসমীয়াই ব্যৱহাৰ কৰে তেনে নহয়, অসমৰ লোক-জীবন, লোক- সাহিত্যতো জালে অধিকাৰ কৰি আহিছে বিশেষ স্থান।
লোকগীতৰ বাখৰমণি বিহুনামত জালৰ উল্লেখ পোৱা যায় এনেদৰে— ‘দেও দি সাৰিলে / দেও ডঁৰিকিনা/লুটি মাৰি সাৰিলে শাল/কিনো চেলেংখনি দিলা অ’ আইদেউ/জাল মাৰিবলৈ ভাল‘।
প্ৰবাদ পটন্তৰ, ডাকৰ বচন আদিতো জালৰ উল্লেখ বিদ্যমান। যেনে— “বাৰ হাত জালৰ তেৰ হাত ফটা/ভাল মাৰিলি বাপৰ বেটা/ৰৌ-বৰালি সৰকি গ’ল/পুঠি-খলিহনা পাহে পাহে ৰ’ল’ আদি। এইবোৰৰ উপৰি অসমীয়া ভাষাত প্রচলিত এনে কেতবোৰ জনপ্রিয় খণ্ডবাক্য আছে যিবোৰত পোৱা যায় জালৰ উল্লেখ। যেনে— ‘জালত পৰা পহু’, ‘জালত পৰা বাঘ’, ‘জাল ফালি চিকাৰ পলোৱা’, ‘জাল চপোৱা’ আদি।
কাপোৰৰ দুয়োমূৰে থকা সূতাসমূহ গুঁঠি দিয়া দহিবোৰকো জাল-দহি বোলা হয় ৷ জালোৱা, জলপহীয়া আদি শব্দৰ উৎপত্তিৰ মূল জালেই।
জাললৈ অপ-দেৱতাই ভয় কৰে বুলি বিশ্বাস ৰখা গ্ৰাম্য অসমীয়াই প্রসূতি থকা কোঠাত ফটা জাল আঁৰি দিয়ে ।
তেনেদৰে গৰু-ছাগলীৰ পোৱালিক খেতৰে অপকাৰ কৰিব নোৱাৰাকৈ জালৰ গুৰা অথবা জালেৰে তৈয়াৰ কৰা ৰচী ডিঙিত পিন্ধাই দিয়া হয়।
জাল যে অসমীয়া লোকজীৱনৰ স’তে অংগাংগীভাৱে জড়িত হৈ আহিছে এইবোৰে তাকেই প্রতিফলিত কৰে।
অসমত যেতিয়ালৈকে মাছ থাকিব তেতিয়ালৈকে থাকিব জাল আৰু জাল সম্পর্কীয় লোকবিশ্বাস।
(কৃতজ্ঞতা : মহেশ্বৰ গগৈ, নাৰায়ণপুৰ, অনুবৈছা)