সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

বৰ্তমান সমাজত নাৰীৰ দায়িত্ব কৰ্তব্য

বিনন্দীয়া পৃথিৱীত বাস কৰা জীৱৰ ভিতৰত মানুহ নামৰ জীৱবিধেই দাবী কৰে আমি শ্ৰেষ্ঠ জীৱ

অতীজৰ পৰা মানুহৰ চিন্তাধাৰা বিচাৰ বুদ্ধিয়েই সকলো জীৱতকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণিত হৈ আহিছে।

মানৱ জীৱনত আমি সমাজত ঘটি থকা বিশৃংখল বিকৃত ঘটনাবোৰক লৈ প্ৰায়ে কিয় অপমানিত অনুভৱ কৰিবলগীয়াত পৰো।

দৈনন্দিন সমাজত ঘটি থকা যিবিলাক অপ্ৰীতিকৰ দুৰ্ঘটনা আমি দেখিবলৈ-শুনিবলৈ পাওঁ তাত এচাম ব্যক্তিয়ে মহিলাক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি আহিছে।

ই মানুহৰ আকৃতি ধাৰণ কৰি পশুৰ প্ৰকৃতিৰ ব্যৱহাৰ কৰে।

নাৰীৰ প্ৰতি অসৎ ব্যৱহাৰ কৰা পুৰুষৰ এনে দৃষ্টিভংগীৰ বাবেই আজিৰ সমাজত এনে অশান্তিৰ সৃষ্টি হৈছে।

নাৰীৰ ওপৰত চলা নিৰ্যাতনই সাম্প্ৰতিক সময়ৰ আটাইতকৈ প্ৰত্যাহ্বানকাৰী এটা সামাজিক সমস্যাৰূপে থিয় দিছে।

তাৰ প্ৰতিকাৰৰ বাবে সমাজ জীৱনৰ আংশীদাৰৰূপে প্ৰতিগৰাকী মহিলাৰ দায়িত্ব আৰু কৰ্তব্য আছে, কাৰণ বিভিন্ন ৰূপত নাৰী নিৰ্যাতন চলি আছে, আনকি এই নিৰ্যাতনৰ পৰা কন্যাশিশুও বাদ পৰা নাই।

যৌন নিৰ্যাতন ৰোধ কৰা

কন্যা শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতন ৰোধ কৰাৰ ক্ষমতা কেৱল মহিলাৰহে আছে আৰু সেই মহিলাগৰাকী হয় মাক বা মাতৃস্থানীয় যিকোনো মহিলা।

ষোল্ল বছৰৰ তলৰ কন্যা সন্তানক শিক্ষা যিমান জৰুৰী যৌন সুৰক্ষা দিয়া তাতোকৈও জৰুৰী। তেতিয়াহে কন্যাশিশু যৌন নিৰ্যাতনৰ পৰা সুৰক্ষিত হ’ব।

আজিকালি প্ৰায়বিলাক সামাজিক অনুষ্ঠানত কিশোৰী বা নাবালিকাই শালীনতাবৰ্জিত সাজপাৰ পৰিধান কৰা দেখিবলৈ পোৱা যায়।

এইধৰণৰ সাজপাৰে এখন সমাজৰ অধঃপতনৰ চৰিত্ৰক প্ৰতিফলন কৰে।

গতিকে যিকোনো সামাজিক বা সাংস্কৃতিক অনুষ্ঠানত কিশোৰীসকলৰ সাজপাৰ ৰুচি সম্প্ন্ন হৈছে নে নাই তাৰ প্ৰতি অৱশ্যেই  মহিলাসকলে তদাৰক কৰিব লাগে।

কাৰণ ৰুচি বৰ্জিত সাজপাৰে পুৰুষক অশালীন আচৰণৰ বাবে প্ৰলুব্ধ কৰিব পাৰে।

এইধৰণৰ শালীনতা বৰ্জিত সাজপাৰ আৰু আচৰণ – কুৰুচিপূৰ্ণ মন্তব্য বা যৌন নিৰ্যাতনৰ কাৰণো হ’ব পাৰে।

গতিকে মহিলাসকলে সদায় নিজৰ কন্যা বা কিশোৰীসকলৰ সাজপাৰ যাতে সুৰুচিপূৰ্ণ হয় তাৰ প্ৰতি দৃষ্টি দিব লাগে।

আধুনিক সমাজত নাৰী সাংসাৰিক, সামাজিক, ৰাজনৈতিক আদি দিশৰ লগতে ক্রীড়া আৰু চলচ্চিত্র নির্মাণ জগতত নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে৷

আজিৰ নাৰী স্বাধীনমনা, স্বাধীনতাপ্রিয়৷ যি পুৰুষৰ সমানেই আধুনিক পৃথিৱীত মূৰ দাঙি থিয় হ’বলৈ সক্ষম হৈছে৷

কিন্তু একে সময়তে আধুনিকতাৰ নামত সমাজৰ আন এচাম নাৰীৰ মাজত গঢ়ি উঠা বিকৃত ৰুচিবোধকো নুই কৰিব নোৱাৰি৷

আধুনিকতা

বর্তমান এচাম অত্যাধুনিক নাৰীৰ বাবে ‘আধুনিকতা’ৰ সংজ্ঞা হৈছে পশ্চিমীয়া সাজপাৰৰ লগতে পশ্চিমীয়া আদব–কায়দাৰ অন্ধ অনুকৰণ

অত্যাধুনিকতাৰ ভুল সংজ্ঞাৰে পৰিচালিত হৈ এই নাৰীসকলে আধুনিকতা, মুক্তমনা হ’বলৈ গৈ নিজৰ নাৰীত্বকে পদে পদে লাঞ্ছিত কৰিছে৷

অশোভনীয় সাজ–পোছাকে মানুহক আধুনিক কৰিব নোৱাৰে৷

আধুনিকতা প্রকাশিত হয় আধুনিক চিন্তাধাৰা আৰু বিচাৰ–বিবেচনাৰ মাজেৰে৷ নাৰীয়ে নাৰী হিচাপে নিজৰ মৌলিক গুণ তথা অধিকাৰসমূহক জলাঞ্জলি নিদিয়াকৈ ভাল দিশটোক আঁকোৱালি ল’লেহে নতুন প্রজন্মক নতুন চিন্তাৰে গঢ় দি এখন সুস্থ সমাজ গঢ় দিব পাৰিব৷

নাৰীৰ মন         

প্ৰতিগৰাকী নাৰীৰ মনবোৰ দৃঢ় আৰু বহল তথা মমতাৰে পৰিপূৰ্ণ হ’ব লাগে।

এগৰাকী কন্যাক এজন ভাল ল’ৰাৰ লগত বিয়া দিয়াতকৈও কেনেকৈ শিক্ষা-দীক্ষাৰে এগৰাকী স্ব-নিৰ্ভৰশীল ছোৱালী কৰি তুলিব পাৰি তাৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।

নাৰীক যাতে নগ্নসদৃশ দৃশ্যত কোনো বিজ্ঞাপনত মুকলি কৰি পণ্যদ্ৰব্যত পৰিণত নকৰে তাৰ বাবে প্ৰত্যেকগৰাকী নাৰী নিজেই অধিক সচেতন হোৱাতো অত্যন্ত জৰুৰী।

যৌন উৎপীড়ন 

আজিৰ সমাজত যৌন উৎপীড়নৰ ঘটনা অত্যন্তভাৱে বৃদ্ধি হোৱাতো বহুতো নাৰী কম-বেছি পৰিমাণে জগৰীয়া, কিয়নো কিছুমানে এনেধৰণৰ পোচাক পিন্ধি ওলাই আহে যাক দেখি পুৰুষসকলে বেয়া মন্তব্য দিবলৈ কোনো কুণ্ঠাবোধ নকৰে।

গতিকে এইক্ষেত্ৰত সকলো নাৰী সংযমী হ’ব লাগে। নাৰীসকল নৈতিক আৰু আধ্যাত্মিক দৃষ্টিকোণৰ পৰা উন্নত হ’লেহে  ঘৰ তথা সমাজখনৰ  নৈতিক অৱস্থা উন্নত হ’ব ।

নাৰী আৰু পুৰুষৰ মানসিক উৎকৰ্ষ যিমানেই অধিক হয় সমাজখনো সিমানেই শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণ হয়।

নাৰীয়ে নিজকে সকলো ক্ষেত্ৰত সৱল কৰিবলৈ হ’লে প্ৰথমেই নিজৰ মানসিক চিন্তা-ধাৰাৰ পৰিৱৰ্ত্তন কৰিব লাগিব।

অন্ধবিশ্বাস, কু-সংস্কাৰ বা কিছুমান নীতি-নিয়মৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিব পাৰিলেহে নাৰী সফল হ’ব।

বৰ্তমান সময়ত শিক্ষা-দীক্ষা, ৰাজনীতি, ব্যৱসায়, প্ৰশাসনিক ইত্যাদি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজিৰ নাৰীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।

সাম্প্ৰতিক সময়ত সাহস, ধৈৰ্য আৰু একাগ্ৰতাৰে নাৰীয়ে সমাজত আদৰ্শৰ বাট দেখুওৱাবলৈ সক্ষম হৈছে।

নিজৰ সুৰক্ষা, অধিকাৰকলৈও সমাজৰ প্ৰতিগৰাকী নাৰী অত্যন্ত সচেষ্ট

নাৰীয়ে আধ্যাত্মিক চিন্তা চৰ্চাৰ মাজেৰে নিজৰ মনক সংস্কাৰমুখী কৰি জনকল্যাণকামী কামবোৰৰ দায়িত্ব লৈ সমাজখনক শাৰীৰিক, মানসিকভাবে এক উচ্চ স্তৰলৈ যোৱাটোও বৰ্তমান কালৰ নাৰী সমাজৰ এটা নৈতিক দায়িত্ব ।

এখন দেশৰ নাৰীসকল শিক্ষিত হ’লেহে দেশৰ সৰ্বাংগীন উন্নতি হব ৷

বৰ্তমান সমাজ-ব্যৱস্থা অতি জটিল। আধুনিকতাৰ পৰশ লাগি সমাজে নিত্য নতুন ৰূপত গতি কৰিছে।

এই আধুনিক সমাজত প্ৰতিগৰাকী নাৰীৰে কৰ্তব্য আৰু দায়িত্ব আছে তেওঁলোকে নিজে আগবাঢ়ি যোৱাৰ লগতে আনকো আগুৱাই নিয়া উচিত।

উপাসনা হাজৰিকা

ইয়াৰ লগতে পঢ়কঃ

1 thought on “বৰ্তমান সমাজত নাৰীৰ দায়িত্ব কৰ্তব্য”

  1. এই বৰ্তমান সমাজত চলা পৰ পুৰুষে পৰ নাৰীৰ লগত কৰা অপকৰ্মৰ, অৰ্ধ বয়সতে বিয়া কৰোৱা, বিয়াৰ এক মাহ/এবছৰ ভিতৰতে ভাঙি অহা, এই ভাঙি আহি বেলেগ সংসাৰৰ মাজত সোমাই সংসাৰত জুই লগোৱা আদি বোৰ সু পথে পৰিচালিত কৰাৰ উপায় আছে নেকি sir 🙏

    Reply

Leave a Reply to SUMANTA DAS Cancel reply

error: Content is protected !!