শংকৰদেৱৰ কেলিগোপাল নাটৰ চৰিত্ৰ
শংকৰদেৱৰ কেলিগোপাল নাটৰ প্ৰথম অংশ পঢ়িবলৈ ইয়াত ক্লিক কৰক
নাটখনিত কৃষ্ণ, ৰাধা আৰু শংখচূড়–এই তিনিটা একক চৰিত্ৰ আৰু গোপীসকল সামূহিক চৰিত্ৰ।
মনকৰিবলগীয়া যে, সমগ্ৰ নাটখনিত কৃষ্ণ প্ৰধান তথা কেন্দ্ৰীয় চৰিত্ৰ।
কৃষ্ণক কেন্দ্ৰ কৰিহে বাকীকেইটা চৰিত্ৰই বিকাশ লাভ কৰিছে।
কৃষ্ণ
নাটখনিত কৃষ্ণ পৰম পুৰুষ, ভক্তবৎসল জগতৰ ঈশ্বৰ।
আনফালেদি চৰিত্ৰটোৰ মাজত মানৱীয় কাৰ্য-কলাপৰো প্ৰভাৱ পৰিছে।
ভক্তৰ মনৰ অভিপ্ৰায় বুজ ল’বৰ বাবে তেওঁ মানৱীয় কৌশল অৱলম্বন কৰিছে আকৌ ভক্তৰ অন্তৰত ভক্তিভাৱ জাগ্ৰত কৰিবলৈ পৰম পুৰুষত্বৰ প্ৰমাণো দিছে।
অন্তযামী কৃষ্ণই ব্ৰজবধুসকলৰ তেওঁৰ প্ৰতি থকা স্থুল কামভাৱৰ উমান পাই, তেওঁলোকৰ অন্তৰত আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ কেনেদৰে বিভিন্ন কৌশল গ্ৰহণ কৰিছিল, তাক চৰিত্ৰটোৰ মাজেদি বিধৃত কৰা হৈছে।
মন কৰিবলগীয়া কথা যে, জগতৰ স্বামী কৃষ্ণ সকলো কামনা-বাসনাৰপৰা উৰ্দ্ধত।
কিন্তু সেই হ’লেও ব্ৰজগোপীসকলৰ স্থ²ল কামভাৱক নিষ্কাম ভক্তিলৈ ৰূপান্তৰিত কৰিবৰ বাবে তেওঁ গোপীসকলৰ বশ হৈ ৰাসক্ৰীড়াত অংশগ্ৰহণ কৰিছে।
আনহাতে, গোপীসকলে কৃষ্ণৰ মহিমাক বুজিব নোৱাৰি কৃষ্ণৰ সংগ পাই অহংভাৱ প্ৰদৰ্শন কৰি স্বয়ং কৃষ্ণকে অৱহেলা কৰিছে।
স্মতৰ্ব্য যে, কৃষ্ণৰ ভক্তিত এই অহংভাৱ প্ৰতিবন্ধকস্বৰূপ।
অন্তৰত সামান্যতম অহংবোধ থাকিলেও কৃষ্ণ প্ৰাপ্তিত হেঙাৰ জন্মে।
জগতৰ স্বামী কৃষ্ণই ব্ৰজবধুসকলৰ এই অহংকাৰক নাশ কৰিবলৈকে ৰাসক্ৰীয়া কৰি থকাৰ মাজতে ‘ৰাধা’ নামৰ এগৰাকী গোপীকলৈ অন্তৰ্দ্ধান হৈছে।
আকৌ ৰাধাইয়ো কৃষ্ণ তেওঁৰহে অধীন বুলি ভাবি কৃষ্ণক নিজৰ বশ্যতালৈ আনিবলৈ চেষ্টা কৰিছে।
সেইসময়ত কৃষ্ণই ৰাধাৰ বোধশক্তি জন্মাবলৈকে সাময়িকভাৱে অন্তৰ্দ্ধান হৈছে।
কৃষ্ণৰ এই অন্তৰ্দ্ধান তেওঁৰ চাতুৰীৰে এক নিদৰ্শন।
কাৰণ কৃষ্ণৰ অন্তৰ্দ্ধানৰ মাজেদিহে গোপীসকলৰ অন্তৰত নিষ্কাম ভক্তিৰ সূচনা কৰিবলৈ সক্ষম হৈছে।
বাহি্যক আড়ম্বৰৰ বিপৰীতে আভ্যন্তৰীণ স্বচ্ছতাৰ মাজেদি এক ঈশ্বৰৰ সন্ধান- নৱৱৈষ্ণৱ ধৰ্মৰ অন্যতম বৈশিষ্ট্য।
সেইবাবে, ভক্ত প্ৰহ্লাদে কেৱল অন্তৰৰ শুদ্ধতা আৰু ভক্তিৰ গাঢ়তাৰ বাবেই পৰমেশ্বৰৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছিল।
যুগে যুগে কৃষ্ণই এই আদৰ্শকে সমাজত প্ৰচাৰ কৰি আহিছে।
সেইবাবে ‘কেলিগোপাল‘ নাটত যেতিয়া গোপীসকলে কৃষ্ণ নামৰ মাহাত্ম্যক উপলব্ধি কৰিব নোৱাৰি কেৱল দৈহিক সুখানুভূতিৰ বাবে কৃষ্ণক নিজৰ অধীন হিচাপত গ্ৰহণ কৰিছে, তেতিয়াই কৃষ্ণই ভক্তৰ অন্তৰত বোধশক্তি জন্মাবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিবলগীয়া হৈছে।
ইয়াৰ লগতে মানুহৰ সকাম ভক্তিৰ প্ৰতিবন্ধকস্বৰূপ কামভাৱৰ প্ৰতীক ৰূপত শংখচূড়ক দেখুওৱা হৈছে।
যাক নিধন কৰি কৃষ্ণই স্থ²ল কামভাৱক আধ্যাত্মিক স্তৰলৈ উন্নীত কৰিবলৈ সক্ষম হৈছে।
শংখচূড়
নাটখনিত পৰিদৃষ্ট হোৱা আনটো পুৰুষ চৰিত্ৰ হ’ল ‘শংখচূড়’।
ই একপ্ৰকাৰৰ প্ৰতীকধৰ্মী চৰিত্ৰ। কুবেৰৰ অনুচৰ যক্ষ ‘শংখচূড়’ক শংকৰদেৱে মানুহৰ সকাম ভক্তিৰ প্ৰতিবন্ধক চৰিত্ৰ হিচাপে দাঙি ধৰিছে।
কৃষ্ণই গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰি থকাৰ সময়ত শংখচূড়ে প্ৰৱেশ কৰি গোপীসকলৰ লগত বলপূৰ্বকভাৱে সকাম সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।
কৃষ্ণই প্ৰথাৱস্থাত তাক খেদি পঠোৱাৰ পাছতো তাৰ বোধশক্তি জন্মা নাই, পৰৱৰ্তী সময়ত পুনৰবাৰ প্ৰৱেশ কৰিছে।
সেইবাৰ কৃষ্ণই তাত বধ কৰি সকাম ভক্তিৰ জয় দেখুৱাইছে।
চৰিত্ৰটোৰ গুৰুত্ব এইখিনিতে।
নাটৰ বিষয়বস্তুৱে এই প্ৰাসংগিক চৰিত্ৰটোৰ দাবী কৰে আৰু সেই সূত্ৰে চৰিত্ৰটোক বৈচিত্ৰ্যহীন বুলি আখ্যা দিব নোৱাৰি।
ৰাধা
‘ৰাধা’–নাটখনিৰ আন এটা চৰিত্ৰ।
অৱশ্যে চৰিত্ৰটোক বৈশিষ্ট্যপূৰ্ণ বুলি আখ্যা দিলে ভুল কৰা হ’ব।
অন্যান্য গোপনাৰীৰ দৰেই চৰিত্ৰটোৰ চিন্তা আৰু আচৰণ ফুটি উঠিছে।
আত্মঅহংকাৰী লৌকিক নাৰী হিচাপেহে চৰিত্ৰটোৱে স্থান পাইছে।
অসমৰ বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাত ৰাধা নামটোৰ উল্লেখ নাথাকিলেও উত্তৰৰ ভাৰতত ৰাধা-কৃষ্ণৰ যুগলমুৰ্ত্তিৰ উপাসনা কৰাৰ প্ৰথা প্ৰচলিত।
সেইসূত্ৰে ‘ৰাধা’ নামটোৰ এক সুকীয়া বৈচিত্ৰ্য আছে।
কিন্তু নাটত ৰাধা অন্যান্য নাৰীৰ দৰেই এগৰাকী লৌকিক নাৰী।
শংকৰদেৱে ব্ৰজনাৰীসকলৰ চিত্ৰ অংকন কৰাৰ বাবে নাটখনৰ বাস্তৱধৰ্মীতাৰ প্ৰতি চকু দিয়েই হয়তো ‘ৰাধা’ নামটোৰ উল্লেখ কৰিছে বুলি ভাবিব পাৰি।
গোপীসকল
গোপীসকল– নাটখনৰ সামূহিক চৰিত্ৰ হিচাপে স্থান পাইছে।
নাটখনৰ আদিৰপৰা অন্তলৈকে গোপীসকলৰ অৱদান আছে।
নাটত গোপীসকলক আত্মঅহংকাৰী, লৌকিক নাৰী ৰূপত উপস্থাপন কৰা হৈছে।
কৃষ্ণতত্ত্ব উপলব্ধি কৰিব নোৱাৰি কৃষ্ণক নিজৰ অধীন বুলি গণ্য কৰিছে।
কৃষ্ণৰ শৰীৰী ৰূপত ব্যাকুল হৈ ঘৰ-ঘৰোৱাহ সকলোকে এৰি থৈ মাজনিশা কৃষ্ণৰ প্ৰেমত মতগৰ্ব হৈ পৰিছে।
কিন্তু পৰৱৰ্তী সময়ত কৃষ্ণৰ ঐশ্বিকত্ব তথা কৃষ্ণ নামৰ মাহাত্ম্য উপলব্ধি কৰি তেওঁলোকৰ চিত্ত গভীৰ ভগৱত চেতনাৰে গদগদ হৈ পৰিছে, স্থ²ল কামনাই ঐশ্বকিত্ব লাভ কৰিছে।
সেইবাবে কৃষ্ণ আৰু গোপীসকলৰ এই মিলনক শংকৰদেৱে ‘কামজয়’ বুলি আখ্যা দিছে।
গোপীসকলৰ কামনাক তেওঁ ‘কাম-ভকতি’ বুলি অভিহিত কৰিছে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল গোপীনীসকল আছিল বিবাহিতা।
কিন্তু সেই হ’লেও তেওঁলোকে সমাজৰ গৰিহণা, লোকনিন্দা অথবা স্বামী ভয় আদিলৈ অকণো কৰ্ণপাত নকৰি কৃষ্ণৰ কাষলৈ ঢপলিয়াই আহিছে।
তেওঁলোকৰ বাবে কৃষ্ণই একমাত্ৰ সত্য, বাকীবোৰ অসাৰ।
তেওঁলোকে অনুভৱ কৰিছে যেন তেওঁলোকৰ ভক্তি-প্ৰেমে কৃষ্ণক বশ কৰিব পাৰিছে।
কৃষ্ণৰ প্ৰতি গভীৰ আসক্তি তথা কষ্ণসৰ্বস্বতা– তেওঁলোকৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য।
ইয়াৰ লগতে পঢ়কঃ