সংস্কৃতিৰ উপাদান সমূহ
সংস্কৃতি বুলিলে কি বুজা আৰু সংস্কৃতিৰ সংজ্ঞা নামৰ প্ৰবন্ধ দুটাত ব্যাপক ভাৱে সংস্কৃতিৰ বিষয়ে আলোচনা কৰা হৈছে।
এই আলোচনাত কেৱল সংস্কৃতিৰ উপাদান সমূহৰ বিষয়েহে আলোচনা কৰা হ‘ব।
সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক।
বিভিন্ন পণ্ডিত, দাৰ্শনিক, সমাজতত্ব বিদে সংস্কৃতিৰ উপাদান সমূহৰ বিষয়ে বিভিন্ন ভাৱে আলোচনা কৰা দেখা যায়।
সেই সকলোবোৰ উপাদানৰে কিছু সংখ্যক ইয়াত সংক্ষেপে আলোচনা কৰা হ‘ল।
ভাষা
মানূুহে নিজৰ মনৰ ভাৱ ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰে।
ভাষাক সংস্কৃতিৰ এটা প্ৰধান উপাদান বুলি গন্য কৰিব পাৰি।
ভাষাৰ মাধ্যমতেই মানৱ সমাজৰ মাজত এক নিদিৰ্ষ্ট সমষ্টিৰ সৃষ্টি হোৱাৰ লগতে সেই সমষ্টিটোৰ এটা সুকীয়া পৰিচয় লাভ কৰা দেখা পোৱা যায়।
এই ভাষাৰ জৰিয়তেই সৃষ্টি হয় সাহিত্যৰ।
এখন সমাজত সাধাৰণতে বিভিন্ন ধৰণৰ গীত-মাত, ফকৰা, প্ৰবচন, সাধুকথা আদি মুখে মুখে প্ৰচলন হৈ থকা দেখিবলৈ পোৱা যায়।
এই সমূহত উক্ত সমাজখনৰ বিভিন্ন ঘটনা পৰিঘটনা, আশা, আকাঙ্খা, সুখ-দুখ আদি জৰিত হৈ থাকে।
মানুহৰ মুখে মুখে প্ৰচলন হৈ থকাৰ বাবেই এই সমূহক মৌখিক সাহিত্য বুলি কোৱা হয়।
ইয়াৰ বাদেও আৰু এবিধ সাহিত্য মানৱ সমাজত দেখা যায়।
ইয়াৰ আকাৰ লিখিত ৰূপত পোৱা যায়।
ওপৰোক্ত ঘটনা পৰিঘটনা, সুখ দুখ আদিৰ লগতে এখন সমাজৰ চিন্তা ভাৱনা উপলব্ধি আদি এই সাহিত্যৰ মাজত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়।
ওপৰোক্ত দুয়োবিধ সাহিত্যই ভাষাৰ সহায়ত মানৱ জাতিৰ সাংস্কৃতিক বিকাশৰ ভাৱধাৰা যুগে যুগে কঢ়িয়াই আনে।
ৰীতি বা নীতি নিয়ম
এখন সমাজত বসবাস কৰা ব্যক্তি সকলে কিছুমান নীতি নিয়ম পালন কৰা দেখা যায়।
এই নীতি নিয়ম বা ৰীতি সমূহ ব্যক্তিগত বা সামাজিক এই দুয়োটা স্তৰতে পালন কৰা দেখা যায়।
সমাজৰ ব্যক্তি সকলে এজনে আন জনৰ লগত কৰা বিভিন্ন আদান প্ৰদান বা আন্তঃসম্বন্ধৰ ফলশ্ৰুতিতে এই ৰীতি নীতি সমূহ গঢ় লৈ উঠা দেখা যায়।
এই ৰীতি নীতি সমূহ কোনো ধৰণৰ যুক্তিযুক্ততাৰ বিচাৰ অবিহনেই সমাজে পালন কৰা দেখা পোৱা যায়।
এই ৰীতি নীতি সমূহ একেদিনাই গঢ় লৈ নুঠে।
বছৰ বছৰ ধৰি এখন সমাজে লাভ কৰা অভিজ্ঞতাৰ ওপৰতহে এই সমূহৰ সৃষ্টি হয়।
পুৰুষাণুক্ৰমে এই ৰীতি নীতি সমূহ পালন কৰি থকা হয়, আৰু লাহে লাহে ই ৰূপ সলোৱাও দেখা পোৱা যায়।
এই সমূহ পালন কৰাত কোনো বাধ্যবাধকতা নাই।
কিন্তু ইয়াক পালন কৰিলে সমাজৰ অন্য ব্যক্তিয়ে ভাল দৃষ্টিৰে চোৱা দেখা যায়।
কিছু ক্ষেত্ৰত এই ৰীতি নীতি সমূহ পালন নকৰিলে সমাজত নিন্দা বা গৰিহণাৰ পাত্ৰ হব লগাও হয়।
উদাহৰণ স্বৰূপে ৰাতিপুৱা শুই উঠি সোনকালে গা-পা ধোৱাটো এটা ৰীতি, ই বাধ্যতামূলক নহয়।
ই পৰ্যায় ক্ৰমে প্ৰচলিত এটা স্বাস্থ্যসন্মত ৰীতি।
এনেধৰণৰ ৰীতি সমূহ সমাজত নাথাকিলে সমাজ বিশৃংখলাময় হোৱাৰ সম্ভাৱনা থাকে।
লোকাচাৰ
ওপৰত উল্লেখিত সমাজৰ ৰীতি নীতি বিলাক পালনৰ ক্ষেত্ৰত কিছু শিথিলতা দেখা পোৱা যায়।
কিন্তু লোকাচাৰে ইয়াৰ এখন বিপৰীত ছবি প্ৰদৰ্শন কৰে।
সমাজৰ ৰীতি নীতি বিলাক বাধ্যতামূলক ভাৱে পালন কৰা খিনিয়েই হ‘ল লোকাচাৰ।
লোকাচাৰ সমূহ পালনৰ ক্ষেত্ৰত সমাজে অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়।
কিয়নো এই লোকাচাৰ সমূহ নামানিলে সমাজত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
উদাহৰণ স্বৰূপে- আমাৰ সমাজত যৌনাচাৰৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে।
বিবাহ অবিহনে সমাজৰ কোনো ব্যক্তি যৌন আচৰণত লিপ্ত হ‘লে ইয়াক অবৈধ বুলি ধৰা হয়, বা তেনে ব্যক্তিক শাস্তি প্ৰদান কৰা হয়, বা ই সমাজত বিশৃংখল পৰিবেশৰ সৃষ্টি কৰে বা সেই সমাজখনক অসাংস্কৃতিৱান বুলি গন্য কৰা হয় ইত্যাদি।
মুঠতে এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ‘বলৈ সমাজে নিধাৰণ কৰি দিয়া, পালন কৰিব লগা আৰু বৰ্জন কৰিব লগা, ৰীতি নীতি সমুহেই হৈছে লোকাচাৰ।
এই বোৰৰ জৰিয়তে এখন সমাজৰ সাংস্কৃতিক স্বৰূপ প্ৰকাশ পায়।
লোকাচাৰবিলাকৰ জৰিয়তে এখন সমাজৰ স্বকীয়তা বৰ্তি থাকে, ই সমাজখন শৃংখলিত কৰি ৰাখে, সমাজখন পৰিবৰ্তন নোহোৱাকৈ ধৰি ৰাখে।
প্ৰতিমান
সমাজত ব্যক্তিৰ আচৰণ হ‘ল সংস্কৃতিৰ এটা বিশেষ উপাদান।
ই এখন সমাজৰ শান্তি শৃংখলা বজাই ৰখাত সহায় কৰে।
এজন ব্যক্তিৰ পৰা ব্যৱহাৰ আচৰণ যি ধৰণে এখন সমাজে আশা কৰে সেয়াই হৈছে প্ৰতিমান বা সামাজিক প্ৰতিমান বা ইয়াক সামাজিক মূল্যবোধ বুলিও ক‘ব পাৰি।
মূল্যবোধৰ অবিহনে এখন সমাজত কেৰোণ লাগে।
এই কেৰোণে সমাজখনৰ সাংস্কৃতিক কাৰ্যকলাপত বিৰোপ প্ৰভাৱ পেলায়।
প্ৰতিমান বা মূল্যবোধৰ জৰিয়তে এজন ব্যক্তিয়ে সমাজত নিজকে নিয়ন্ত্ৰণত ৰাখে আৰু আন ব্যক্তিসকলকো নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰেৰণা যোগায়।
এখন সমাজৰ সামাজিক মূল্য, সমাজ খনৰ পৰম্পৰা, সমাজখনৰ বিষয়ে ল‘ব পৰা সাধাৰণ ধাৰণা প্ৰতিমান বা মূল্যবোধৰ জৰিয়তে নিৰূপন কৰাত সহায়ক হ‘ব পাৰে।
সমাজত প্ৰতিমানৰ উপস্থিতিৰ এটা সাধাৰণ উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিব পাৰি- সৰুৰে পৰা পিতৃ মাতৃক সন্মান জনোৱা বা পিতৃ মাতৃৰ বৃদ্ধ বয়সত সন্তানৰ কৰ্তব্য বা দায়িত্ব পালন কৰা।
প্ৰতিমানৰ যোগেদি এখন সমাজৰ শান্তি-শৃংখলা পুৰুষাণুক্ৰমে বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰা হয়।
প্ৰতীক বা চিহ্ন
এখন সমাজৰ সংস্কৃতি বহন কৰিব পৰা বিভিন্ন উপাদান সমূহৰ ভিতৰত প্ৰতীক বা চিহ্নইও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ই সমাজখনৰ বিশ্বাস, ধ্যান ধাৰণা আদিৰ প্ৰতিফলন ঘটাব পাৰে।
উদাহৰণ স্বৰূপে অসমীয়া সমাজত নামঘৰ বা গেঁাসাইঘৰত সজাই ৰখা থাপনাখন ঈশ্বৰৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়।
এই থাপনাখন থকা ঠাইত সাধাৰণতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য কৰা নহয়।
ই ধৰ্মৰো প্ৰতীক।
ধৰ্ম ৰক্ষাত এই প্ৰতীকৰ মূল্য যথেষ্ট।
ইয়াৰ বাদেও ঢোল বাদ্যই অসমীয়া সমাজৰ বাপতি সাহোন বিহুটিৰ কথা সোঁৱৰাই দিয়ে।
বিহুৰ দৰেই অসমীয়া সমাজত ঢোলৰ সাংস্কৃতিক মূল্য অনেক।
হিন্দু নাৰীৰ কপালত ৰঙা সেন্দুৰৰ ফেঁাটটোৱে তেওঁযে বিবাহিত সেই কথাৰ প্ৰতিফলন ঘটায়।
ই সমাজত মূল্যবোধ, বিশ্বাস আদি দিশসমূহৰ বৃহৎ অৰ্থ প্ৰকাশ কৰে।
সমাজখন কিমান সাংস্কৃতিৱান এই প্ৰতীক সমূহে যুগে যুগে তাৰ স্বাক্ষৰ বহন কৰি আনে।
প্ৰতীক বা চিহ্ন সমূহে সমাজ এখনক কিছুভাৱে বান্ধোনত ৰাখি সমাজখন শৃংখলিত কৰি ৰখাত সহায় কৰে
বিশ্বাস
বিশ্বাস হৈছে এখন সমাজৰ এক গুৰুত্বপূৰ্ণ সংস্কৃতিৰ উপাদান।
এখন সমাজত পূৰ্বৰে পৰা চলি অহা বিভিন্ন ঘটনাৰাজিৰ ওপৰত ভিত্তি কৰিয়েই কিছুমান বিশ্বাস গঢ় লৈ উঠা দেখা পোৱা যায়।
এই ঘটনা সমূহৰ স্বৰূপ বিভিন্ন ধৰণৰ হ‘ব পাৰে।
প্ৰকৃতিৰ বিচিত্ৰতা, দৈনন্দিন জীৱনত কৰা বিভিন্ন কাৰ্য কলাপ, আদি কাৰক সমূহৰ প্ৰভাৱত মানুহৰ জীৱনত কিছুমান ধাৰণাৰ জন্ম হয়।
এই ধাৰণাবোৰেই কালক্ৰমত একো একোটা বিশ্বাসলৈ পৰিণত হয়।
এই বিশ্বাস সমূহৰ দ্বাৰাই নানান সাধুকথা, গীত-মাত, ধৰ্মীয় চিন্তাধাৰা, সামাজিক বান্ধোন আদিৰ সৃষ্টি হয়।
এই বিশ্বাস সমূহ একেদিনাই গঢ় লৈ নুঠে।
যুগ যুগ ধৰি এখন সমাজে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰ্যবেক্ষণ কৰি পোৱা কৰ্মৰ ফলাফলৰ ওপৰত ভিত্তি কৰিহে এই সমূহ বিশ্বাসৰ জন্ম হয়।
এই বিশ্বাস সমূহৰ গ্ৰহণযোগ্যতাৰ ওপৰতো প্ৰশ্ন উঠা দেখা যায়।
সমাজত প্ৰচলিত বিশ্বাস সমূহে যিদৰে সমাজখনক এখন সুৰুচিপূৰ্ণ সাংস্কৃতিৱান সমাজ বুলি স্বীকৃতি দিব পাৰে সেইদৰে কিছুমান বিশ্বাসৰ অতি বেয়া দিশো থকা দেখা পোৱা যায়।
যেনে – ডাইনী হত্যা, কু-মন্ত্ৰ, যাদু বিদ্যা ইত্যাদি।
এই ধৰণৰ বিশ্বাস সমূহক অন্ধ বিশ্বাস বা কু-সংস্কাৰৰ নাম দিয়া হয়।
ই এখন সমাজৰ চিন্তাধাৰা, বৌদ্ধিক দৃষ্টিভংগী আদিৰ ওপৰত প্ৰশ্ন তোলে।
মুঠতে এই সকলো বোৰেই হ‘ল সংস্কৃতিৰ অন্তৰ্গত বিষয়।
বিশ্বাস সমূহৰ ওপৰত ভিত্তি কৰিয়েই নানান চিন্তাধাৰা বা সমাজে উপভোগ কৰিব পৰা নানান বিষয়ৰ সৃষ্টি হৈয়ে আছে।
সেয়ে এই ধৰণৰ সমাজত প্ৰতিফলন ঘটা বিশ্বাস সমূহক সংস্কৃতিৰ এক উপাদান বুলি কোৱা হয়।
ধৰ্ম
ধৰ্ম হৈছে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান। ধৰ্মই এখন সমাজৰ মানসিক জগতত স্থান পোৱা দেখা যায়।
সেই সমাজখনৰ প্ৰত্যেকজন ব্যক্তিৰ মনত, মানুহে ঢুকি পাব নোৱাৰা, নেদেখা এক অজান শক্তিৰ প্ৰতি আনুগত্যৰ প্ৰভাৱ দেখা পোৱা যায়।
সমাজ ভেদে সেই অদৃশ্য শক্তিৰ আকাৰ বা প্ৰকৃতি বেলেগ হ‘ব পাৰে কিন্তু মূল ভাৱ একেই থাকে।
সমাজখন সুচাৰুৰূপে চলি থাকিবৰ বাবে সেই শক্তিক কেন্দ্ৰ কৰি সমাজৰ ব্যক্তি সকলে কিছুমান নীতি নিয়মো সৃষ্টি কৰি লোৱা দেখা যায়।
এই সমূহ কেৱল বিশ্বাস আৰু ব্যক্তি নিষ্ঠাৰ ওপৰত ভিত্তি কৰি চলি থাকে।
ইয়াক ভংগ কৰা সকলৰ ক্ষেত্ৰত সমাজে কেতিয়াবা শাস্তিমূলক ব্যৱস্থাও লোৱা দেখা যায়।
ধৰ্মৰ প্ৰতি থকা অনুগত্য বা বিশ্বাসৰ বাবেই মানুহে আদিম বাসনা সমূহ সংযত কৰি সভ্য হ‘বলৈ যত্ন কৰা দেখা যায়।
ই সমাজ এখনৰ মানসিক উৎকৰ্ষ সাধন তথা সমাজ খনৰ পৰিবৰ্তন আৰু বিকাশত অভূতপূৰ্ব বৰঙণি যোগায় আৰু সমাজৰ আধ্যাত্মিক দিশটো নিয়ন্ত্ৰণ কৰি ৰাখে।
সময়ৰ লগে লগে এই বিশ্বাসৰ তীব্ৰতা বৃদ্ধি বা হ্ৰাস পোৱাও দেখা যায়। কিন্তু সেই বিশ্বাসৰ অন্ত নপৰে।
FAQs on সংস্কৃতিৰ উপাদান
সংস্কৃতিৰ উপাদান সমূহ কি কি
বিভিন্ন পণ্ডিত, দাৰ্শনিক, সমাজতত্ববিদে সংস্কৃতিৰ উপাদান সমূহক ভাষা, ধৰ্ম, ৰীতি নীতি, লোকাচাৰ, প্ৰতিমান, বিশ্বাস আদি বিভিন্ন ভাগত ভাগ কৰা দেখা যায়।
ভাষা কি?
মানূুহে নিজৰ মনৰ ভাৱ ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰে।
লোকাচাৰ কি?
সমাজৰ ৰীতি নীতি বিলাক বাধ্যতামূলক ভাৱে পালন কৰা খিনিয়েই হ‘ল লোকাচাৰ।
ধৰ্ম কি?
ধৰ্ম হৈছে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান। ধৰ্মই এখন সমাজৰ মানসিক জগতত স্থান পোৱা দেখা যায়।