সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

কেলিগোপাল নাট

শংকৰদেৱৰ কেলিগোপাল নাট এক আলোচনা

মহাপুৰুষ শ্ৰীমন্ত  শংকৰদেৱৰ আধ্যাত্মিক চিন্তা-দৰ্শন, সুগভীৰ ব্যক্তিত্ব তথা সৃজনীশীল প্ৰতিভাৰ অনন্য স্বাক্ষৰ পোৱা যায়  অংকীয়া নাট্যসম্ভাৰত।

অসমৰ পৰম্পৰাগত লোকনাট্যানুষ্ঠান [পুতলা নাচ, ওজাপালি, ঢুলীয়া নাচ], সংস্কৃত নাটকৰ বিভিন্ন উপাদান [নান্দী শ্লোক, সূত্ৰধাৰ, প্ৰস্তাৱনা, ভটিমা আদি] আৰু সমকালীন ভাৰতীয় বিভিন্ন লোকনাট্যানুষ্ঠানসমূহ [ কৰ্ণাটকৰ যক্ষগান, কেৰেলাৰ কথাকলি, উত্তৰ ভাৰতৰ ৰামলীলা আদি]ৰ পৰা কলাকৌশল গ্ৰহণ কৰি সেইসমূহত থলুৱা নাটকীয় উপাদান সংযোগ তথা নাট্যশাস্ত্ৰৰ কেতবোৰ নীতি-নিয়ম সংযোজন ঘটাই সৃষ্টি কৰা এক অংকবিশিষ্ট নাট্যকলাকে অংকীয়া নাট বুলি অভিহিত কৰা হয়।

কৃষ্ণতত্ত্বৰ ব্যাখ্যা, ভাগৱতৰ দাৰ্শনিকতা, সূত্ৰধাৰৰ প্ৰাধান্য, গীতিধৰ্মীতা, ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ–  অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্য।

শংকৰদেৱৰদ্বাৰা সৃষ্ট অংকীয়া নাট ছখন–

পত্নীপ্ৰসাদ,

কালীয় দমন,

কেলিগোপাল,

ৰুক্মিণী হৰণ,

পাৰিজাত হৰণ

আৰু

ৰামবিজয়।

শংকৰদেৱৰ অংকীয়া নাট সৃষ্টিৰ প্ৰধান উদ্দেশ্য আছিল শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য, লীলা কাৰ্য জনসাধাৰণৰ আগত প্ৰচাৰ কৰি এফালেদি বৈষ্ণৱ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল এখন নিকা সমাজ গঢ়ি তোলা আনফালেদি সৃষ্টিশীল সাহিত্যত এক নতুন সাহিত্য শৈলী সৃষ্টি কৰা।

শংকৰদেৱৰ আটাইকেইখন নাটকেই বিষয়বস্তুৰ ক্ষেত্ৰত অভিনৱত্ব আৰু সুকীয়াত্ব বহন কৰিছে।

তাৰ ভিতৰত অন্যতম হ’ল ‘কেলিগোপাল নাট’ বা ‘ৰাসকেলি বিলাস নাট’।

শংকৰদেৱৰ সাহিত্যৰাজীত প্ৰতিফলিত হোৱা এটা প্ৰধান দিশ হ’ল ৰাসক্ৰীয়া।

‘ৰাস’ শব্দৰ অৰ্থ হৈছে-‘মণ্ডলীকৃত নৰ্তনম’ৰ– অৰ্থাৎ মণ্ডলাকাৰ হৈ ঘূৰি ঘূৰি কৰা নৃত্য।

সাধাৰণতে ৰাসক্ৰীয়াত নৃত্য-গীতৰ মাধ্যমেৰে একোটা কাহিনী নিৰ্মাণ কৰা হয়।

শংকৰদেৱৰ ‘কেলিগোপাল’ নাটতো নৃত্য-গীতৰ মাধ্যমেৰে চৰিত্ৰৰ মনোজগতৰ বিভিন্ন স্তৰৰ বৰ্ণনা দি কাহিনীৰ গতিক আগবঢ়াই নিয়া হৈছে।

নাটখনৰ মাজত পৰিদৃষ্ট হোৱা বিভিন্ন দিশসমূহৰ বিষয়ে তলত এক আলোচনা আগবঢ়োৱা হ’ল-

কেলিগোপাল নাটৰ বিষয়বস্তু

শংকৰদেৱৰ ‘কেলিগোপাল’ নাটৰ মূল বিষয়বস্তু শ্ৰীমদ্ভাগৱতপুৰাণৰপৰা সংগ্ৰহ কৰা হৈছে।

আনহাতে, নাটখনত বৰ্ণিত বিভিন্ন দিশ হৰিবংশ, বিষ্ণুপুৰাণ আৰু ব্ৰক্ষ্মবৈৱৰ্ত্ত পুৰাণতো পোৱা যায়।

অৱশ্যে নাটকীয় বিষয়বস্তু বিশ্লেষণ কৰি চালে শ্ৰীমদ্ভাগৱতপুৰাণৰহে অধিক ওচৰ-চপা যেন বোধ হয়।

‘কেলিগোপাল’ নাটৰ বিষয়সাৰ বা থিম হৈছে ৰাসক্ৰীয়া।

শ্ৰীকৃষ্ণই গোপীসকলৰ লগত কৰা ৰাসলীলাই নাটখনৰ সাৰবস্তু।

মূলতঃ নৃত্য-গীতপ্ৰধান নাটখনত সম্পূৰ্ণ কাব্যধৰ্মীতাৰে কাহিনীভাগক আগবঢ়াই নিয়া হৈছে।

‘কেলি গোপাল’ নাটখন মানুহৰ সহজাত প্ৰবৃত্তি ‘কামভাৱ’ক কেন্দ্ৰ কৰি ৰচিত হৈছে।

নাটত ইন্দ্ৰিয়াতীত শ্ৰীকৃষ্ণই ইন্দ্ৰিয় আসক্ত গোপীসকলৰ  ইন্দ্ৰিয়ক কেনেকৈ আধ্যাত্মিক সুখানুভূতিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল তাক বৰ্ণনা কৰা হৈছে।

নাটকৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ–

শৰতকালৰ পূৰ্ণিমাৰ ৰাতি, প্ৰফুল্লিত মল্লিকাৰ মৃদু মলয়ত যমুনাৰ ধীৰ প্ৰৱাহৰ মাজে মাজে  গোপীসকলৰ  লগত ৰাসক্ৰীড়া কৰাৰ উদ্দেশ্যৰে কৃষ্ণই অপূৰ্ব সুৰেৰে বংশী বজাইছে। শ্ৰীকৃষ্ণৰ কুকিলকন্ঠী বেণুৰ সুৰ শুনি গোপীসকল মোহান্বিত  হৈ  নিজ স্বামী, পুত্ৰ, গৃহ সকলোকে এৰি থৈ কৃষ্ণৰ কাষলৈ দৌৰি আহিছে।

স্বাভাৱিকতে গোপীসকলৰ এই আকৰ্ষণত শ্ৰীকৃষ্ণৰ প্ৰতি গভীৰ কামভাৱ অনুৰণিত হৈ আছিল।

মন কৰিবলগীয়া যে, যিসকল গোপীক নিজ স্বামী বা পৰিয়ালৰ লোকে ঘৰৰপৰা ওলাই যোৱাত বাধা আৰোপ কৰিলে তেওঁলোকৰো মন আৰু আত্মা কৃষ্ণৰ প্ৰতি গভীৰ অনুৰাগেৰে আন্দোলাড়িত হৈ থাকিল।

কৃষ্ণৰ প্ৰতি ব্ৰজবধুসকলৰ এই আসক্তি প্ৰত্যক্ষ কৰি কৃষ্ণই তেওঁলোকৰ ভক্তিৰ  গভীৰতাৰ উমান ল’বলৈ গোপীসকলক কৰ্তব্য সুঁৱৰাই দি নিজ গৃহলৈ উলটি যাবলৈ নিদেৰ্শ দিলে।

কিন্তু গোপীসকলৰ মুখৰে কৃষ্ণৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেম-ভালপোৱাৰ কথা জনাৰ পাছত কৃষ্ণই তেওঁলোকৰ প্ৰেম-ভক্তিত বিমোহিত হৈ ৰাসক্ৰীড়া কৰিবলৈ উদ্যত হ’ল।

সেইসময়তে শংকৰদেৱে অতি কৌশলেৰে ‘শংখচূড়’ নামৰ কুবেৰৰ অনুচৰ যক্ষ এটাৰ প্ৰৱেশ কৰাই নাটকীয় উত্তেজনা বৃদ্ধি কৰিছে।

মনকৰিবলগীয়া যে , ‘শংখচূড় বধ’ ১ কাহিনীভাগ নাট্যকাৰে নাটকীয় গতিবেগ বৃদ্ধিৰ কাৰণতহে সংগত কৰিছে। 

ভাগৱতত ‘শংখচূড় বধ’ কাহিনীটো সম্পূৰ্ণ এটা সুকীয়া অধ্যায়।

নাটত এই শংখচূডে  কৃষ্ণৰ লগত ৰাসক্ৰীড়া কৰি থকা গোপীসকলক উৎপীড়ন কৰিছে।

কৃষ্ণই শংখচূড়ৰ কাণ্ড বুজিব পাৰি পৰম বিক্ৰমেৰে খেদি পঠাইছে  আৰু গোপীসকলক প্ৰবোধ দি পুনৰবাৰ ৰাসক্ৰীড়া কৰিবলৈ উদ্যত হৈছে।

ইয়াৰ পাছতেই কাহিনীভাগে অন্য এক সুঁতিৰ ফালে গতি কৰিছে। 

ইতিমধ্যে স্থুল কামনাৰ গৰাকী গোপীসকলে ভাবিবলৈ ল’লে যে, কৃষ্ণই তেওঁলোকৰ কামনাত দগ্ধ হৈ তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰিছে।

সেইবাবে গভীৰ অহংভাবেৰে কৃষ্ণক আওকাণ কৰি তেওঁলোকে নিজ ইচ্ছাৰে পৰিচালিত হ’বলৈ ধৰিলে।

অন্তৰ্য্যামী কৃষ্ণই তেওঁলোকৰ মনোবৃত্তি বুজিব পাৰি গভীৰ চাতুৰিৰে নিজে সেও হোৱা যেন দেখুৱাই গোপীসকলৰ নিদেৰ্শমৰ্মে চলিব ধৰিলে।

স্থুল কামনাৰ বশৱতী  হোৱা গোপীসকলে কৃষ্ণ নামৰ মাহাত্ম্যক উপলব্ধি কৰিব নোৱাৰি কৃষ্ণক তিৰোতা সেৰুৱা স্বামীৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে।

গোপীসকলৰ আচৰণ দেখি তেওঁলোকৰ অহংকাৰ নাশ কৰি  আধ্যাত্মিকত্বৰ জ্ঞান প্ৰদানৰ বাবে কৃষ্ণই এক কৌশল অৱলম্বন কৰিলে।

সেই উদ্দেশ্যেই কৃষ্ণই গোপীসকলৰ মাজৰপৰা ‘ৰাধা’ নামৰ এগৰাকী গোপীকলৈ ততালিকে সেই ঠাইৰপৰা অন্তদ্ধান হৈছে।

আনহাতে আকস্মিকভাৱে কৃষ্ণ নোহোৱা হোৱাত গোপীসকলৰ মনলৈ চেতনা আহিছে আৰু কৃষ্ণৰ বিৰহত বিহ্বল হৈ পৰিছে।

গোপীসকলে কৃষ্ণান্বেষণত বাউলি হৈ ‘স্বভাৱে চঞ্চল স্ত্ৰীক দোষ নাহি ধৰব’ বুলি প্ৰাৰ্থনা কৰি ‘হা কৃষ্ণ, হা কৃষ্ণ ‘–বুলি হাবাথুৰি খাই বিচাৰিবলৈ ধৰিলে।

কৃষ্ণক কাতৰ হৈ বিচাৰি ফুৰোতেই তেওঁলোকৰ স্থ²ল কামনাই লাহে লাহে আত্মিক প্ৰেমক জয় কৰিলে।

কৃষ্ণৰ আৱৰ্তমানত বিেচ্ছদৰ কৰুণ ৰস মৰিষণৰ বাবে নিজৰ মাজতে কৃষ্ণৰ  নাম বন্দনা কৰি কৃষ্ণৰ চৰ্চা কৰিবলৈ ধৰিলে।

তেওঁলোকে বুজি উঠিল যে, স্থ²ল কামনা মুহূৰ্তৰ বাবেহে, আত্মিক কামনাইহে মানুহক পৰম প্ৰশান্তি দিয়ে।

দেহিক বাসনাক আধ্যাত্মিক স্তৰলৈ উন্নীত কৰিব পাৰিলেই মানুহে পৰম পুৰুষাৰ্থ লাভ কৰে।

লগতে তেওঁলোকে বুজি পালে যে, অন্তৰত শুদ্ধভাৱ নাথাকিলে কৃষ্ণক লাভ কৰিব নোৱাৰি।       

লক্ষণীয় যে, কৃষ্ণই ‘ৰাধা’ নামৰ যিগৰাকী গোপীক লৈ অন্তৰ্দ্ধান হৈছিল, তেওঁৰ মনতো স্থ²ল কামভাৱ জাগ্ৰত হ’ল।

তেওঁ ভাবিলে যে, কৃষ্ণ প্ৰকৃততে তেওঁৰ প্ৰতিহে আসক্ত সেইবাবে বাকীসকলক এৰি তেওঁক অকলশৰীয়াকৈ সংগ দিছে।

কৃষ্ণৰ প্ৰতি গভীৰ কামভাৱেৰে দগ্দ্ধ হৈ ৰাধাই কৃষ্ণক তেওঁৰ অধীন বুলি প্ৰতিপন্ন কৰিবলৈকে খোজকাঢ়িব নোৱাৰাৰ  অভিনয় কৰিলে।

কৃষ্ণই তেওঁৰ অভিপ্ৰায় বুজিব পাৰিও নুবুজাৰ ভাও ধৰি তেওঁৰ কামভাৱক অধিক জাগ্ৰত কৰিবৰ বাবেই ক’লে যে, তেওঁ যদি খোজকঢ়াত অসুবিধা পাইছে তেন্তে কৃষ্ণই তেওঁক কান্ধত উঠাই ল’ব পাৰে।

নিজৰ অভিপ্ৰায় বাস্তৱায়িত হোৱাৰ আনন্দত ৰাধাই কৃষ্ণৰ কান্ধত উঠিবলৈ লওঁতেই কৃষ্ণ নিমিষতে সেই স্থানৰপৰা নোহোৱা হৈছে।

তেতিয়াই ৰাধাৰ বোধশক্তি জন্মিছে আৰু কৃষ্ণৰ ওচৰত কাতৰভাৱে  নিজৰ ভুল স্বীকাৰ কৰি প্ৰাৰ্থনা কৰিছে।

ৰাধাৰ বিলাপ শুনি কৃষ্ণান্বেষণ ভ্ৰমি ফুৰা গোপীসকল তেওঁৰ কাষ পাইছেহি আৰু ৰাধাই তেওঁলোকৰ আগত সকলোখিনি কথা প্ৰকাশ কৰিছে।

তেতিয়া গোপীসকলে বুজিব পাৰিলে যে, তেওঁলোকৰ মনৰ স্বচ্ছতা বুজিবৰ বাবেই কৃষ্ণই তেওঁলোকক পৰীক্ষা লৈছিল, যি পৰীক্ষাত তেওঁলোক ইতিমধ্যেই বিফল হৈছে।

তেতিয়াই  কৃষ্ণৰ প্ৰতি গভীৰ ক্ষমা-প্ৰাৰ্থনাৰে গোপীসকলে বন্দনা কৰিবলৈ ধৰিলে।

ভক্তবৎসল কৃষ্ণই গোপীসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ পুনৰবাৰ নিজৰ দৰ্শন দিছে আৰু গোপীসকলৰ মাজত মণ্ডলাকৃতিৰে ৰাসক্ৰীড়াত মত্ত  হৈছে।

গুৰুত্বপূৰ্ণ কথাটো হৈছে কৃষ্ণই মণ্ডলাকৃতিৰে ৰাসক্ৰীড়া কৰোতেঁ প্ৰত্যেকগৰাকী গোপীৰ লগতে এজন এজন ৰূপত আৱিৰ্ভাৱ হৈছিল

এইখিনি সময়তে নাটকীয়া ক্ৰীড়া বৃদ্ধি কৰিবৰ বাবে শংকৰদেৱে পুনৰবাৰ শংখচূড় যক্ষক প্ৰৱেশ কৰাইছে।

যক্ষই এগৰাকী গোপীক লৈ পলাবলৈ উদ্যত হওঁতেই কৃষ্ণই পৰম বিক্ৰমেৰে শংখচূড়ক বধ কৰিছে আৰু তাৰ মণি আনি গোপীসকলৰ হাতত অপৰ্ণ কৰিছে।

ইয়াৰ পাছতেই কৃষ্ণ আৰু গোপীসকলৰ মহাৰাসৰ বৰ্ণনাৰে নাটখনৰ যৱনিকা পৰিছে।

বিনীতা চেতিয়া

সংগ্ৰহ – যোগেন তামুলী

শংকৰদেৱৰ কেলিগোপাল নাট নাট্যকাৰৰ মৌলিকতা পঢ়িবলৈ ইয়াত ক্লিক কৰক


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!