সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

পাৰিজাত হৰণৰ নাৰী চৰিত্ৰ

প্ৰথম অংশ ৰুক্মিণী হৰণ নাটত নাৰী চৰিত্ৰৰ বাবে ইয়াত ক্লিক কৰক

শংকৰদেৱৰ ছখন নাটৰ ভিতৰত ‘কেলিগোপাল’ কাব্যধৰ্মীতাত শ্ৰেষ্ঠ আৰু নাট্যধৰ্মত ‘পাৰিজাত হৰণ‘ক শ্ৰেষ্ঠ বুলিব পাৰি।

বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আৰু হৰিবংশৰ পৰা আখ্যানৰ অংশ গ্ৰহণ কৰি শংকৰদেৱে এই নাটখন ৰচনা কৰিছে।

নাটখনৰ বিষয়বস্তু এনেধৰণৰ–

এদিন শ্ৰীকৃষ্ণ তেওঁৰ প্ৰিয় পত্নী ৰুক্মিণীৰ সৈতে বহি আছে।

এনেতে দেৱৰ্ষি নাৰদ আহি সৰগৰ পাৰিজাত ফুল এপাহ ৰুক্মিণীৰ শিৰত পিন্ধাই দিলে।

টুটকীয়া নাৰদে কথাষাৰ সত্যভামাৰ আগতো নোকোৱাকৈ থাকিব নোৱাৰিলে।

সত্যভামা খং আৰু হিংসাত জ্বলিপকি উঠিল।

ইপিনে সৰগত নৰকাসুৰৰ উৎপাতত দেৱতাসকল কম্পমান।

এই দুৰ্দান্ত অসুৰক দমন কৰিবৰ বাবে ইন্দ্ৰ আহি কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈছেহি– তেওঁ সৰগলৈ যাব লাগে আৰু নৰকাসুৰক দমন কৰিব লাগে।

কৃষ্ণ সসৈন্যে যাবলৈ ওলাল।

এই সংবাদ পাই অভিমানী সত্যভামাও লগত ওলাল।

যাতে ইন্দ্ৰৰ নন্দন কাননৰ পৰা পাৰিজাত  আনিব পৰা যায়।

শ্ৰীকৃষ্ণৰ শক্তি আৰু চক্ৰান্তত নৰকাসুৰ বধ হ’ল।

সত্যভামাই আহিবৰ সময়ত ইন্দ্ৰৰ ওচৰত নাৰদৰ হতুৱাই পাৰিজাত ফুল বিচাৰিলে; কিন্তু এই স্বৰ্গীয় ফুল পৃথিৱীলৈ আনিবলৈ ইন্দ্ৰই নিদিয়ে।

ইয়াতে ইন্দ্ৰ আৰু ইন্দ্ৰ পত্নী শচীৰ সৈতে কৃষ্ণ আৰু সত্যভামাৰ কাজিয়া হয়।

শেষত কৃষ্ণই পাৰিজাত ফুল শিপাৰ সৈতে উভালি আনি দ্বাৰকা পোৱালেহি।

সত্যভামাৰ বাসনাও পূৰ্ণ হ’ল।

দেৱতাৰ উদ্দেশ্য সিদ্ধি হ’ল।

ভক্তিৰসৰ অন্তৰালত বীৰৰস, শৃংগাৰৰস আৰু হাস্যৰসৰ সংমিশ্ৰণ থকা এই নাটখনৰ কাহিনীভাগ পৰিচালিত হৈছে প্ৰধানকৈ নাৰী চৰিত্ৰসমূহৰ দ্বাৰা।

এইখন নাটতো নাৰী চৰিত্ৰসমূহ অংকিত হৈছে পত্নী, মাতৃ, সখী আদি বিভিন্ন ৰূপত।

ব্যৱহাৰিক জগতৰ আৱেগ, অনুভূূতি, স্ত্ৰী-স্বাধীনতা, পতি পত্নীৰ সম্পৰ্ক, বাক বিতণ্ডা, দাবী অভিমান আদি সহজাত নাৰী প্ৰবৃত্তিৰে ভৰি আছে নাটখন।

নাটখনৰ এই নাৰী চৰিত্ৰসমূহৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিবলৈ কিছু বিশ্লেষণৰ প্ৰয়োজন।

ৰুক্মিণী

পাৰিজাত হৰণ নাটত ৰুক্মিণী এগৰাকী ৰাজৰাণীৰ গাম্ভীৰ্যৰে মণ্ডিতা, ধীৰ স্থিৰ পৰম বিনয়ী- স্বামী প্ৰাণগতা এগৰাকী নাৰী।

যেতিয়া সৰ্বগুণ সম্পন্ন পাৰিজাত ফুল পাহৰ সম্ভেদ পাইছে তেতিয়া এগৰাকী মৰ্যাদাসম্পন্ন নাৰীৰ দৰে ধীৰ-স্থিৰ ৰুক্মিণীয়ে অতি বিনয়েৰে পতিৰ ওচৰত পাৰিজাত ফুলপাহ প্ৰাৰ্থনা কৰিছে।

যি সময়ত সতিনী সত্যভামাই স্বৰ্গৰ পৰা কৃষ্ণই পাৰিজাত ফুল অনাৰ কথা গৰ্বৰে কৈ নিজকে পৰম সৌভাগ্যশালী বুলি কৈছে।

সেই সময়ত কিন্তু ৰুক্মিণীয়ে সতিনীৰ প্ৰতি নাৰীৰ সহজাত প্ৰবৃত্তি ঈৰ্ষাক অৱহেলা কৰি সহজ সৰলভাৱে জগতগুৰু শ্ৰীকৃষ্ণক  স্বামী হিচাপে লাভেই যথেষ্ট বুলি ভাবিছে।

সেয়ে তেওঁ কৈছে–

অয়ে ভগিনী সত্যভামাঃ কি কহৈছঃ জগতক পৰম গুৰু স্বামী কৃষ্ণঃ উনিকৰ চৰণ সেৱা কৰিতেঃ ব্ৰহ্মাণ্ড ভিতৰে কোন দুৰ্লভ থিকঃ ধৰ্ম-অৰ্থ-কাম-মোক্ষঃ চাৰি পদাৰথ হতে মিলাৱঃ তোহাৰ পাৰিজাত কোন কথাঃ

ৰুক্মিণীৰ এই উক্তি এগৰাকী তত্বজ্ঞ ভক্তৰ উক্তি।

জগতগুৰু কৃষ্ণৰ চৰণ সেৱাকে যি জীৱনৰ শ্ৰেষ্ঠতম প্ৰাপ্তি বুলি জ্ঞান কৰে, ধৰ্ম-অৰ্থ-কাম-মোক্ষ ভাৰতীয় দৰ্শনৰ এই চাৰি পুৰুষাৰ্থ সাধনৰ অন্যতম মাৰ্গ কৃষ্ণভক্তিৰ বোধ হোৱা এগৰাকী নাৰীৰ মানসিক স্থিতিক শংকৰদেৱে সু-উচ্চ ৰূপত অংকন কৰিছে।

সত্যভামা

সত্যভামা চৰিত্ৰটো অংকিত হৈছে নাৰীমনৰ আন এটা উল্লেখযোগ্য দিশক কেন্দ্ৰ কৰি।

নাটখনত সত্যভামাৰ চৰিত্ৰটিৰ মাজেৰে সপত্নীৰ প্ৰতি ঈৰ্ষাৰ ভাৱ প্ৰকট হৈছে।

সত্যভামাৰ চৰিত্ৰটিৰ প্ৰধান বৈশিষ্ট্য হৈছে সতিনীবিদ্বেষ আৰু তেওঁৰ ৰূপগৰ্বী স্বভাৱ।

সত্যভামা এগৰাকী অভিমানিনী নায়িকা।

শ্ৰীকৃষ্ণই পাৰিজাত ফুলপাহ ৰুক্মিণীক দিয়াত সত্যভামা খঙে-দুখে-অপমানে জৰ্জৰিতা।

অভিমানতে কৃষ্ণৰ ফালে পিঠি দি বহি আছে, চকুপানী টুকিছে। নিজৰ ভাগ্যক ধিয়াই কান্দিছে।

শেষত কৃষ্ণৰ লগত স্বৰ্গলৈ গৈ পাৰিজাত গছজোপাৰ বাবে দেৱৰাজ ইন্দ্ৰৰ পত্নী শচীৰ লগত কাজিয়া কৰিছেগৈ।

নিজৰ স্বামীৰ পদমৰ্যাদা, শৌৰ্য বীৰ্য, পৰাক্ৰম আদি কথা দোহাৰি প্ৰতিপক্ষৰ গৰাকীৰ স্বামীৰ কুকীৰ্তিবোৰ সোঁৱৰাই অবাচ্য ভাষাৰে গালি-শপনি পাৰিছে।

এনে দৃশ্যৰ সংযোজনে সত্যভামাক এগৰাকী ৰাজ মহিষীৰ মৰ্যাদাৰ পৰা সামান্য এগৰাকী নাৰীৰ শাৰীলৈ লৈ গৈছে।

এনে দৃশ্যই সাধাৰণতে নাৰীৰ সহজাত প্ৰবৃত্তি তথা আচাৰ-আচৰণ আদিক নাট্যকাৰজনে সুক্ষ্মভাৱে নিৰীক্ষণ কৰি গুৰুত্ব সহকাৰে উপস্থাপন কৰাৰ তথ্য সাব্যস্ত কৰে।

আনহাতে সেই একেগৰাকী নাৰীয়েই আকৌ স্বৰ্গৰ পৰা গোটেই পাৰিজাত গছজোপাকে উভালি আনি নিজৰ বাৰীত ৰুই ল’বৰ বাবে স্বামী কৃষ্ণক কাকুতি কৰিছে আৰু তাকে কৰাত সফল হৈ সতিনী ৰুক্মিণীৰ আগত অহংকাৰ কৰি কৈছেগৈ–

‘হে বিদৰ্ভৰাজ কুমাৰিঃ তুহুঁ স্বামীক ঠামে গোটা এক পাৰিজাত পুষ্প পাৱলঃ হামাৰ সৌভাগ্যক মহিমা পেখো পেখো।’

সতিনীৰ এনে ঈৰ্ষা নাৰীৰ সহজাত প্ৰবৃত্তি। গতিকে ৰাজমহিষী যদিও সত্যভামা তাৰ পৰা বিৰত নহয়।

এনেদৰেই এগৰাকী ঈৰ্ষাপৰায়ণা, অভিমানিনী কলহপ্ৰিয় নাৰী হিচাপে সত্যভামা চৰিত্ৰটি চিত্ৰিত হৈছে।

শচী

দেৱৰাজ ইন্দ্ৰৰ পত্নী শচী।

দেৱতা পত্নী হোৱাৰ গৌৰৱেৰে গৌৰাম্বিত।

সেয়ে দেৱগণক সহায় কৰা শ্ৰীকৃষ্ণ-সত্যভামাক ইন্দ্ৰৰ নন্দন-কাননৰ এপাহ পাৰিজাত দিয়াৰ ইচ্ছাত অপাৰগ শচী।

দেৱপত্নীৰ গৌৰৱৰ অলংকাৰ পিন্ধা শচীৰ উক্তি–

অঃ অভাগ্য কপালঃ ইন্দ্ৰানী শচীক পাৰিজাত কথাক মানুষী সত্যভামাঃ পিন্ধিতে সাধ গেল। ঋষিৰাজঃ বোল গিয়া। যবে অনেক পুণ্য কয় কহুঁঃ হামাৰ পাৰিজাত ইন্দ্ৰে দিতে পাৰয়ে নাহি।’

অহংকাৰ-গৌৰৱত সমকক্ষ কৃষ্ণ-পত্নী সত্যভামাৰ সৈতে কেৱল পাৰিজাত ফুলৰ বাবেই কাজিয়া কৰিছে।

সত্যভামাৰ কৰ্কথনাৰ উচিত প্ৰত্যুত্তৰ দিছে।

অৱশেষত দুই নাৰীৰ মাজত অবাচ্য ভাষাৰে গালি-শপনি আৰম্ভ হৈছে।

শচী-সত্যভামাৰ এনে ব্যৱহাৰত সাধাৰণ অশিক্ষিত, অবিনীত গ্ৰাম্য নাৰীৰ চৰিত্ৰ ফুটি উঠিছে।

এনে ধৰণৰ চৰিত্ৰই গ্ৰাম্য সমাজৰ সহজাত এখন চিত্ৰৰে প্ৰকাশ কৰে।

বসুমতী

নাটখনৰ গৌণ ভূমিকাত আছে নাৰায়ণ পত্নী বসুমতী।

বসুমতী অৱতাৰী শ্ৰীকৃষ্ণৰ নাৰায়ণী ৰূপৰ এগৰাকী পত্নী। নৰকাসুৰৰ মাতৃ।

অসুৰ পুত্ৰৰ মৃত্যুত বিহবলা হৈও সেই মাতৃ কিন্তু পুত্ৰপ্ৰেমত অন্ধ হৈ অসত্যৰ পথ গ্ৰহণ কৰা নাই।

পুত্ৰ বিয়োগৰ কৰুণ মুহূৰ্ততো কৃষ্ণভক্তা তথা পতিপ্ৰাণা বসুমতীয়ে সত্যৰ সন্ধান কৰিছে।

সেয়ে নাতি ভগদত্তক শ্ৰীকৃষ্ণত অৰ্পণ কৰাই ন্যায় বিচাৰ কৰিছে।

তাৰ ফলত লাভ কৰিছে কৃষ্ণৰ পৰা কামৰূপ ৰাজ্যত ভগদত্তৰ ৰজা হোৱাৰ সংবাদ।

এয়ে হৈছে এগৰাকী নাৰীৰ মানৱদৰদী, ন্যায়সন্ধানী ৰূপ।

অদিতি

নাৰায়ণৰ বামণ অৱতাৰত মাতৃ আছিল অদিতি।

সেই অদিতিক শংকৰদেৱে পুনৰ ঠাই দিলে পাৰিজাত হৰণ নাটত কৃষ্ণৰ মাতৃৰূপে।

নৰকাসুৰ বধ কৰি শ্ৰীকৃষ্ণ-সত্যভামা মাতৃ অদিতিৰ ওচৰলৈ যায় দৰ্শনৰ কাৰণে।

পুত্ৰ প্ৰেমত আকুল ধীৰ-স্থিৰ দেৱ মাতৃ অদিতি।

সেয়ে পুত্ৰ বধু দৰ্শনত সন্তুষ্ট হৈ পুত্ৰক আৰ্শীবাদ কৰি অজেয় হোৱাৰ বৰ প্ৰদান কৰে।

এই চিত্ৰও এগৰাকী পুত্ৰপ্ৰেমী মাতৃৰ চিত্ৰই।

ইন্দুমতী

সাধাৰণতে ৰাজনন্দিনীসকলৰ একো একোগৰাকী সখী থাকে।

সখীৰূপে নাৰীৰ নিষ্ঠা, সততা আৰু নিৰ্ভৰযোগ্যতা প্ৰকাশ পায় সেই চিৰত্ৰটোৰ মাজত।

ইন্দুমতী হ’ল তেনে এটি চৰিত্ৰ।

সত্যভামাৰ সখী ইন্দুমতী সত্যভামাৰ বিপদৰ লগৰী।

যেতিয়া কৃষ্ণই পাৰিজাত ফুল ৰুক্মিণীক দিয়ে আৰু সেই অভিমানত সত্যভামাই কান্দি-কাটি বাউলী হয়, তেতিয়া বুজনি দিয়ে ইন্দুমতীয়ে।

সত্যভামাক শ্ৰীকৃষ্ণৰ অৱমাণনাৰ কথা কৈ জ্বলা জুইত ঘিউ ঢলা ইন্দুমতীয়েই আকৌ শ্ৰীকৃষ্ণৰ মহিমা উপলব্ধি কৰি পুনৰ বুজনি দিয়ে সত্যভামাক স্বামী পৰম ঈশ্বৰ বুলি।

এয়া হৈছে সখীৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ টান। এয়া নাৰীৰ নাৰীসুলভ দক্ষতা।

  

নাটকখনত প্ৰতিফলিত প্ৰতিটো নাৰী চৰিত্ৰই এটা আনটোৰ পৰিপূৰক।

শংকৰদেৱে নাটখনক অধিক ৰমণীয় কৰিবৰ বাবেই এফালে ৰুক্মিণীক উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন হিচাপে চিত্ৰিত কৰিছে।

আনফালে সত্যভামাক এগৰাকী সাধাৰণ নাৰীৰ ৰূপত তেওঁৰ বিপৰীতে থিয় কৰাইছে।

ঠিক একেদৰে নাটখন সকলো লোকৰে পঠন উপভোগ্য হ’বৰ বাবেই  গ্ৰাম্য সমাজৰ দণ্ড-কাজিয়াকো সুন্দৰ ৰূপত উপস্থাপন কৰা হৈছে।

উক্ত আলোচনাৰ অন্তত ক’ব পাৰি যে শংকৰদেৱে নাটত মাতৃ, পত্নী, ভগ্নী, সতিনী আদি সকলো ৰূপতে নাৰীসকলক এক স্বকীয় মৰ্যাদা প্ৰদান কৰিছে।

নাট দুখনত নাৰীমনৰ সহজাত প্ৰবৃত্তি যেনে- স্নেহ, মমতা, বিশ্বাস- আশ্বাস, ঈৰ্ষা, বিদ্বেষ, অহংকাৰ, অভিমান, সৰলতা, গাম্ভীৰ্যতা আদি সকলোবোৰ দিশেই অতি সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে।

সামগ্ৰীকভাৱে সাহিতি্যকজনে নাৰীৰ মহীয়সী ৰূপটোত দৃষ্টিপাত কৰি নাৰী সম্বন্ধে এক সুকীয়া ধাৰণা আগবঢ়াই থৈ গৈছে।

– জ্যোতিস্মৃতা দত্ত

সংগ্ৰহ – যোগেন তামুলী


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!