বনতীৰ্থত ড০ প্ৰবীণ শইকীয়াদেৱৰ সৈতে এখন্তেক
অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি আৰু লোক-সাহিত্যৰ গৱেষক, বিশিষ্ট প্ৰকৃতিপ্ৰেমী ড০ প্ৰবীণ শইকীয়াদেৱৰ সাক্ষাৎ গ্ৰহণৰ উদ্দেশ্য আমি কেইজনমান তেখেতৰ উদ্ভিদ উদ্যান ‘বনতীৰ্থ’ তথা ‘বনতীৰ্থ শিশু প্ৰকল্প’লৈ গৈছিলো।
ইয়াত তেখেতৰ এটি সাক্ষাৎকাৰ প্ৰকাশ কৰা হ’ল। আমাক এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে ড০ গৌতম কাকতী চাৰে –
সাক্ষাৎ গ্ৰহণ কৰোঁতা–
সৱিতা কাকতি
মজমিন বেগম
স্মৃতিৰেখা বৰা
চিম্পি ফুকন
১. ভাষা-সাহিত্য চৰ্চাৰ লগতে শিক্ষকতা বৃত্তিত জড়িত হৈ থকা ব্যক্তি হিচাপে ‘বনতীৰ্থ’ৰ ধাৰণা আপোনাৰ মনলৈ কেনেকৈ আহিল– সেই বিষয়ে অলপ কওকচোন।
কেৱল ভাষা-সাহিত্যই নহয় কলা-সংস্কৃতিৰ ঢৌৱেও মোৰ চিন্তা চেতনা ঢৌৱাই ৰাখে। সেই ঢৌবোৰে উটুৱাই নিব নোৱাৰাকৈ মোৰ হৃদয় কক্ষত অক্ষত হৈ থাকে জন্মসূত্ৰে পোৱা গভীৰ প্ৰকৃতি প্ৰীতি।
উদ্ভিদ প্ৰকৃতিৰেই ঐশ্বৰ্য। শিক্ষকতাৰ পৰা এতিয়া মই অৱসৰ লৈছেঁা যদিও মোৰ আজন্ম শিক্ষাদাতা প্ৰকৃতিয়ে কিন্তু কেতিয়াও অৱসৰ নলয়।
‘বনতীৰ্থ’ৰ এই অৱধাৰণাটো মোৰ চিন্তালৈ আনি দিলে মোৰ হৃদপিণ্ডত প্ৰোথিত হৈ থকা প্ৰৱল প্ৰকৃতি প্ৰীতিয়ে।
২. ‘বনতীৰ্থ’ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপুনি নিশ্চয় বিশেষ লক্ষ্য আৰু উদ্দেশ্য নিৰ্দ্ধাৰণ কৰি লৈছে ।
হয়। ‘বনতীৰ্থ’ মূলতঃ উদ্ভিদ প্ৰকল্প। ইয়াত দ্বিতীয় এটা প্ৰকল্পও সংযোগ কৰা হৈছে– ‘বনতীৰ্থ শিশু প্ৰকল্প’। আপুৰুগীয়া আৰু বিপদগ্ৰস্ত লুপ্তপ্ৰায় উদ্ভিদসমূহৰ বিজ্ঞানসন্মতভাৱে ৰক্ষণাবেক্ষন আৰু প্ৰতিপালন কৰাটো এই উদ্ভিদ প্ৰকল্পৰ প্ৰধান লক্ষ্য।
প্ৰকৃতিৰ পৰা বহুযোজন আঁতৰি অহা নতুন প্ৰজন্মক প্ৰকৃতিৰ মাজলৈ ঘূৰাই আনি প্ৰকৃতি প্ৰেম জাগ্ৰত কৰাৰ মূল লক্ষ্য লৈ প্ৰতিষ্ঠা কৰা হৈছে ‘শিশু প্ৰকল্প’।
আন উদ্দেশ্য হৈছে উদ্ভিদ বিষয়ক গৱেষণা আৰু বিদ্যায়তনিক জ্ঞান আহৰণৰ সুবিধা প্ৰদান কৰা, প্ৰায়োগিক আৰু নান্দনিক গুৰুত্ব উপলব্ধিৰ জৰিয়তে প্ৰকৃতি সংৰক্ষণত অনুপ্ৰেৰণা যোগোৱা, পৰম্পৰাগত ঐতিহ্য বহনকাৰী উদ্ভিদ [যেনে– মেজেঙা, মেজাংকৰী, থেৰেজু, বৰ্হমঠুৰী আদি] সংৰক্ষণ কৰা, জনসাধাৰণৰ মাজত জীৱন-দায়িনী বনৌষধি উদ্ভিদৰ গুৰুত্ব সম্পৰ্কে চেতনা জাগ্ৰত কৰা ইত্যাদি।
শিশু আৰু কিশোৰসকলক কলা-সংস্কৃতিৰ শিক্ষা প্ৰদান কৰাৰ লগতে প্ৰকৃতিৰ আদিপাঠ শিকোৱাটোও ইয়াৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য।
৩. ইয়াত সংৰক্ষিত উদ্ভিদৰ সংখ্যা কিমান হ’ব পাৰে বাৰু?
সঠিক সংখ্যাটো ক’ব নোৱাৰিলেও মই নিজ হাতেৰে প্ৰায় দুইহাজাৰ প্ৰজাতিৰ উদ্ভিদ ৰোপণ কৰিছেঁা। প্ৰাকৃতিকভাৱেও ইয়াত বহু সংখ্যক উদ্ভিদে আত্মপ্ৰকাশ কৰিছে।
৪. ঐতিহাসিক বা সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ কি কি উদ্ভিদ ইয়াত সংৰক্ষণ কৰা হৈছে?
বৈদিক যুগ খ্যাত ‘সমিধ’ বা ‘অগ্নিবৃক্ষ’ৰ উপৰি ৰুদ্ৰাক্ষ, গিৰিমল্লিকা, মহুৱা, সিন্ধুৱাৰ, পঞ্চপল্লৱ [আম, আঁহত, বট, পলাশ আৰু যজ্ঞ ডিমৰু], ত্ৰিফলা উৎপাদক বৃক্ষ [আমলখি, শিলিখা, ভোমোৰা], অজুন, বৰুণ, হিজল, কপূৰ্ৰ, চিয়া নাহৰ, জাতি নাহৰ, লক্ষ্মীতৰু [চিমাৰুবা], অমৃতফল, ক’ক’ফল আদি।
খামতি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ইমখিম, য়া-কেপ, মা-কাট আদি। মিচিংসকলৰ তাকুক, অম্বে’ আদি, দেউৰীসকলৰ জুগেৰু, মিকাজি, টংলতি আদিও ইয়াত সংৰক্ষণ কৰা হৈছে।
‘ৰাস্না কুসুম’ বা অৰ্কিডৰ সংখ্যা মোৰ সংৰক্ষণত দুশ প্ৰজাতিৰো অধিক হৈছে। উল্লেখযোগ্য যে শদিয়াত বিলুপ্তি ঘটা ‘সটফুল’ ‘বনতীৰ্থ’ত সংৰক্ষিত হৈ আছে।
৫. অৰ্কিড বা পৰাশ্ৰয়ী উদ্ভিদ প্ৰতিপালনত যথেষ্ট সময় আৰু যত্নৰ প্ৰয়োজন। আপোনাৰ অৰ্কিড হাউচত ইমানখিনি অৰ্কিড প্ৰতিপালন কৰোঁতে অসুবিধা নহয়নে?
এতিয়ালৈকে জটিল অসুবিধাত পৰা নাই। দুটা পদ্ধতিৰে মই ইয়াৰ প্ৰতিপালন কৰিছোঁ। বৃক্ষ জাতীয় উদ্ভিদৰ গা-গছত থিতাপি দি স্বভাৱিকভাৱে আৰু ৰাস্না-বীথিকা টাবত আৰু অন্য প্ৰকাৰে ৰোপণ কৰি।
কিছু পৰ্যবেক্ষণ আৰু অভিজ্ঞতালব্ধ জ্ঞানেৰে নিজা কৌশল প্ৰয়োগ কৰি এইবিধ বায়ৱমূলীয় উদ্ভিদৰ উৎকৰ্ষ সাধনত সফল হৈছেঁা বুলি ক’ব পৰা হৈছেঁা।
৬. বনতীৰ্থৰ লগত জড়িত শিশু প্ৰকল্পটিৰ বিষয়ে জনাওকচোন?
আগতেই উল্লেখ কৰিছো যে নতুন প্ৰজন্মক প্ৰকৃতিৰ পাঠ শিকোৱাটো ‘বনতীৰ্থ’ৰ বিশেষ উদ্দেশ্য। ইয়াৰ লগতে শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক, সাংস্কৃতিক আৰু সামাজিক শিক্ষাৰে শিক্ষিত কৰি তুলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত থাকিব।
নৃত্য-গীত, নাট্য, বাদ্য, চিত্ৰ, ভাস্কৰ্য, ভাষা-সাহিত্য আদি বিষয়ত পদ্ধতিগতভাৱে শিক্ষা প্ৰদান প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ইয়াত এটি ক্ষুদ্ৰ সংগ্ৰহালয় আৰু গ্ৰন্থাগাৰ নিৰ্মাণৰ কামো সমাপ্তিৰ পথত।
তাত ৭৫খন সাঁচিপতীয়া পুথিও সংৰক্ষণ কৰা হৈছে।
৭. আপোনাৰ চেষ্টা, লক্ষ্য আৰু উদ্দেশ্য সফল হওক। ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো। আপোনাৰ ‘বনতীৰ্থ’ আৰু ‘শিশু প্ৰকল্পৰ’ ভৱিষ্যত আঁচনিৰ বিষয়ে জানি বহুত ভাল লাগিল।
সংযোজনঃ শালিকী ভেঁট, শতফুল, শ্বেতচম্পা, জয়ন্তী, বকফুল, দামকল, কাঞ্চন, জাতি নাহৰ, বগীতৰা, বাঘমুখী, সেউতি, সখিয়তী, বেলি পহীয়া আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে ভৰি থকা বনতীৰ্থ এক উদ্ভিদ বিজ্ঞানৰ গৱেষণা কেন্দ্ৰলৈ পৰিণত হৈ পৰিছে।
সম্পুৰ্ণ নিজা প্ৰচেষ্টাৰে ডঃ প্ৰবীণ শইকীয়াই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ভ্ৰমণ কৰি থলুৱা উদ্ভিদসমূহ সংগ্ৰহ কৰি উদ্ভিদৰ এই তীৰ্থখন গঢ় দিছে।
ইয়াৰ লগতে পঢ়কঃ