আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা

আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা অপৰিসীম। ১৮৪৬ চনত মিছনেৰীসকলে শিৱসাগৰৰ পৰা প্ৰকাশ কৰা ‘অৰুনোদই’ আলোচনীয়েই অসমীয়া সাহিত্যৰ প্ৰথম আলোচনী। অসমীয়া ভাষা-সাহিত্যৰ বিকাশত অৰুনোদইৰ ভূমিকা চিৰস্মৰণীয়।

          মিছনেৰীসকল অসমলৈ অহাৰ বছৰতে [১৮৩৬] বৃটিছে অসমৰ স্কুল-আদালতৰ পৰা অসমীয়া ভাষা উঠাই বঙলা ভাষাৰ প্ৰচলন কৰিছিল। অসমীয়া মানুহৰ মাতৃভাষা যে বঙলা নহয়– এই কথা মিছনেৰীসকলে জানিব পাৰি অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰে। পাঠ্যপুথি, ব্যাকৰণ, অভিধান আদি ৰচনা কৰাৰ উপৰি অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ কাৰণে বৃটিছৰ ওচৰত যুক্তি সহকাৰে দাবী জনাই ১৮৭২ চনত স্মাৰক পত্ৰ [এটলা] প্ৰদান কৰিছিল- যাৰ ফলত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা হ’ল। খৃষ্টান ধৰ্ম প্ৰচাৰৰ বাবে ‘অৰুনোদই’ প্ৰকাশ কৰিছিল যদিও তাত দেশ-বিদেশৰ বা-বাতৰি, কানি বৰবিহৰ অপকাৰিতাৰ বিষয়ে, অসমীয়া ভাষা, বিজ্ঞান বিষয়, উপন্যাসোপম কাহিনী, হিত উপদেশ, নানা দেশৰ বিৱৰণ, জাতি-জনজাতিৰ নৃতাত্ত্বিক আলোচনা আৰু আহোম বুৰঞ্জীৰ প্ৰকাশে অসমৰ অসমীয়া মানুহৰ মানসিক দিগন্ত প্ৰসাৰিত কৰি তুলিছিল। অৰুনোদইয়ে অসমীয়াক বিশ্বৰ লগত চিনাকি কৰোৱাই দিছিল। মুঠতে ভাষা-সাহিত্যৰ জৰিয়তে ‘অৰুনোদই’ সংবাদ পত্ৰই আধুনিক অসমীয়া সাহিত্যৰ বাট মুকলি কৰে।

          অৰুনোদইয়ে এচাম অসমীয়া লেখক আৰু পাঠকৰ সৃষ্টি কৰিছিল। সৃষ্টি কৰিছিল অসমীয়া মানুহৰ মনত আলোচনী প্ৰকাশৰ হেঁপাহ। যাৰ ফলস্বৰূপে ১৮৭১ চনত আউনীআটি সত্ৰাধিকাৰে ‘আসাম বিলাসিনী’ প্ৰকাশ কৰে। ১৮৭২ চনত চিদানন্দ দাসৰ সম্পাদনাত ‘আসাম মিহিৰ’, লক্ষ্মীকান্ত বৰকাকতিৰ সম্পাদনাত ‘আসাম দৰ্পণ'[১৮৭৪], ‘আসাম দীপক'[১৮৭৬], হেমচন্দ্ৰ বৰুৱাৰ সম্পাদনাত ‘আসাম নিউজ'[১৮৮২], গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘আসাম বন্ধু'[১৮৮৫], হৰিনাৰায়ণ বৰাৰ সম্পাদনাত ‘মৌ'[১৮৮৬], শ্ৰীধৰ বৰুৱাৰ সম্পাদনাত ‘আসাম তৰা'[১৮৮৮] আৰু কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘ল’ৰা বন্ধু'[১৮৮৮] প্ৰকাশ পাইছিল। ‘ল’ৰা বন্ধু’ প্ৰথম অসমীয়া শিশু আলোচনী। এই আলোচনীখিনি দীৰ্ঘস্থায়ী নহ’ল যদিও অসমীয়া ভাষা-সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰি এটা নতুন গতি দিলে।

          ১৮৮৯ চনত কলিকতাৰ পৰা ‘জোনাকী’ আলোচনী চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ হৈ ওলায়। ‘জোনাকী’য়ে পূৰ্ণিমাৰ জোনৰ দৰেই অসমীয়া সাহিত্যক সোণ-সেৰীয়া পোহৰেৰে পোহৰাই তুলিলে। বেজবৰুৱা ‘জোনাকী’ৰ গুৰিয়াল হ’ল। অসমীয়া সাহিত্যত নথকা ৰোমাণ্টিক ভাৱাপন্ন কবিতা, নাটক, চুটিগল্প, আত্মজীৱনী, সাধু আদি ন-ন সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্যক দেশ-বিদেশৰ সাহিত্যৰ লগত ফেৰ মাৰিব পৰা কৰিলে। কলিকতাত পঢ়ি থকা কেইগৰাকীমান ছাত্ৰই জোনাকী থূলৰ পৰা ওলাই ১৮৯০ চনত কৃষ্ণ প্ৰসাদ দুৱৰাৰ সম্পাদনাত ‘বিজুলী’ প্ৰকাশ কৰে। ‘বিজুলী’ৰ প্ৰথম সংখ্যাতে প½নাথ গোহাঁই বৰুৱাই ‘ভানুমতী’ উপন্যাস আৰম্ভ কৰি অসমীয়া উপন্যাস সাহিত্যৰ দুৱাৰ মুকলি কৰে। মাথো কেইবছৰমান ‘জোনাকী’ আৰু ‘বিজুলী’ প্ৰকাশ হৈ বন্ধ হ’লেও ইয়াৰদ্বাৰা আত্মপ্ৰকাশ কৰা লেখক-সাহিতি্যকসকলে আমৃত্যু ৰোমাণ্টিক চেতনাৰে সাহিত্য সৃষ্টি কৰি গ’ল আৰু সাহিত্যত আত্মনিয়োগ কৰিব পৰা এদল অনুৰাগী লোকৰ সৃষ্টি কৰিলে। ইংৰাজী ৰোমাণ্টিক সাহিত্যৰ শ্ৰেষ্ঠখিনি অসমীয়ালৈ আহৰণ কৰি অসমীয়া সাহিত্যৰ সিংহ দুৱাৰ প্ৰতিষ্ঠা কৰি সুউচ্চ শিখৰলৈ লৈ গ’ল।

          বিংশ শতিকাটোত অসমৰ সৰু-বৰ সকলো ঠাইৰ পৰা ভিন ভিন ৰূপ-ৰসৰ আলোচনী প্ৰকাশ হৈ অসমীয়া সাহিত্যৰ সোণালী সৌধ নিৰ্মাণ কৰিলে। আমাৰ এই আলোচনাত সকলোবোৰ আলোচনীৰ বিষয়ে আলোচনা কৰা সম্ভৱ নহয়। আমি দীঘলীয়া সময় প্ৰকাশ হৈ অসমীয়া সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা আলোচনীসমূহৰ চমু আভাস দিবলৈ যত্ন কৰিম।

          ১৯০৭ চনত তেজপুৰৰ পৰা প½নাথ গোহাঁই বৰুৱাৰ সম্পাদনাত ‘উষা’, ১৯০৯ চনত কলিকতাৰ পৰা বেজবৰুৱাৰ সম্পাদনাত ‘বাঁহী’ প্ৰকাশ হৈ ওলায়। ‘উষা’খন পাঁচ বছৰমান চলি বন্ধ হ’লেও ‘বাঁহী’ চল্লিশৰ দশকলৈকে প্ৰকাশ হৈ থাকে। এই দুখন আলোচনীয়েও অসমীয়া সাহিত্যক শক্তিশালী কৰে। ১৯০০ চনত প্ৰকাশ হোৱা ‘আসাম বন্তি’য়ে কিছু বছৰৰ পিছত কেৱল ‘বন্তি’ নামেৰে প্ৰায় চল্লিশ বছৰ কাল জীয়াই থাকি অসমীয়া সাহিত্যক উজলাই তুলিছিল।

          জমিদাৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰচেষ্টাত কলিকতাৰ পৰা ১৯২৯ চনত ‘আৱাহন’ প্ৰকাশ পায়। ‘আৱাহন’ৰ সম্পাদকৰ দায়িত্ব লয় দীননাথ শৰ্মাই। মাজতে ‘আৱাহন’ গুৱাহাটীৰ পৰা দুবছৰমান প্ৰকাশ হৈ পুনৰ কলিকতাৰ পৰা প্ৰকাশ হয়। ১৯৭৬ চনলৈকে প্ৰকাশ হৈ থকা আৱাহনে অসমীয়া সাহিত্যৰ ইতিহাসত এটা যুগৰ সৃষ্টি কৰে। সকলো দিশৰ সাহিত্য ‘আৱাহন’ত প্ৰকাশ হ’লেও অধিক মাত্ৰাত অসমীয়া চুটি গল্পৰ সৰহ সংখ্যক গল্পকাৰে আৱাহনৰ জৰিয়তে গল্পকাৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। এই সময়চোৱাৰ উল্লেখযোগ্য আলোচনী হ’ল অসম সাহিত্য সভাৰ মুখপত্ৰ ‘অসম সাহিত্য সভা পত্ৰিকা’ [১৯২৬]। এই আলোচনীখন তিনি-মহীয়াকৈ প্ৰকাশ হৈ বৰ্তমানলৈকে চলি আছে। অসমীয়া ভাষা-সাহিত্যৰ বিভিন্ন দিশৰ উপৰি বিশ্ব সাহিত্যৰ বিভিন্ন ৰচনাই অসমীয়া সাহিত্যক অধিক শক্তিশালী কৰি তুলিছে।

          পঞ্চাশ দশকৰ আগত প্ৰকাশ পোৱা দুখন উল্লেখযোগ্য আলোচনী হ’ল ‘জয়ন্তী’ আৰু ‘পচোৱা’। ৰঘুনাথ চৌধাৰীৰ সম্পাদনাত ‘জয়ন্তী’ আৰু হেম বৰুৱাৰ সম্পাদনাত ‘পচোৱা’ প্ৰকাশ হৈছিল। দুজন শক্তিশালী কবিৰদ্বাৰা সম্পাদিত এই আলোচনী দুখনত আধুনিক কবিতাৰ অধিক প্ৰকাশে নতুন কবিতাৰ ধাৰাটোক শক্তিশালী কৰি অসমীয়া কাব্য জগতক নতুন গতি প্ৰদান কৰিছিল।

          ১৯৫০ চনত ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ‘ৰামধেনু’ প্ৰকাশ পায়। ১৯৮০ চনলৈকে ‘ৰামধেনু’ নিয়মীয়াকৈ প্ৰকাশ হৈ অসমীয়া সাহিত্যত এটি যুগ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত মহেশ্বৰ নেওগ, কীৰ্তিনাথ হাজৰিকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাধিকা মোহন ভাগৱতী আদি অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিতি্যকসকলৰ সম্পাদনাত ৰামধেনুৱে অসমীয়া সাহিত্যক ন-ন সৃষ্টিশীল সাহিত্যৰে অধিক প্ৰাচুৰ্য দান কৰিছিল।

          পঞ্চাশৰ পৰা আশী দশকৰ নঙলা মুখলৈ প্ৰকাশ পোৱা কেইখনমান বিশিষ্ট আলোচনী হ’ল আমাৰ প্ৰতিনিধি, মণিদীপ, অসমীয়া, জোনবিৰি, প্ৰকাশ, কলাখাৰ, দীপক, বিজ্ঞান-জেউতি, নতুন পৃথিৱী, বিস্ময়, পদাতিক অসমীয়া কবিতা। আমাৰ প্ৰতিনিধি ড০ ভূপেন হাজৰিকা, মণিদীপ ড০ মহেন্দ্ৰ বৰা; নতুন পৃথিৱী, কলাখাৰ আৰু পদাতিক ড০ হীৰেন গোহাঁয়ে সম্পাদনা কৰিছিল। অসম বিজ্ঞান সমিতিৰ মুখপত্ৰ ‘বিজ্ঞান-জেউতি’ ১৯৬ৰ চনৰ পৰা বৰ্তমানলৈকে তিনি-মহীয়াকৈ প্ৰকাশ হৈ আছে। দেশৰ লগতে বিশ্বৰ বিজ্ঞান সাহিত্যৰ গুণ-গৰিমা প্ৰকাশ কৰি অসমীয়া বিজ্ঞান সাহিত্যৰ সুঁতিটো অধিক শক্তিশালী কৰি তুলিছে। বিজ্ঞান সাহিত্য মানুহৰ জনপ্ৰিয় সাহিত্যলৈ আৰু মানুহৰ মনৰ পৰা কু-সংস্কাৰ, কু-প্ৰথা, অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতা গঢ় দিবলৈ অহৰহ চেষ্টা কৰি আহিছে।

          অসম প্ৰকাশন পৰিষদৰ মুখপত্ৰ ‘প্ৰকাশ'[১৯৭৫] প্ৰথম চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশ পাইছিল। মাজে মাজে ইয়াৰ প্ৰকাশ বন্ধ হ’লেও বৰ্তমানলৈকে চলি আছে। অসমীয়া ভাষা-সাহিত্যৰ উপৰি বিশ্ব সাহিত্যৰ প্ৰকাশে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তুলিছে।

          ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ পটভূমিত অসমত জাতীয় চেতনাৰ জাগ্ৰত ৰূপত অলেখ আলোচনীয়ে আত্মপ্ৰকাশ কৰি অসমীয়াৰ স্বাভিমান আৰু খিলঞ্জীয়াৰ অধিকাৰক লৈ সাহিত্য সৃষ্টি কৰি জনগণক জাগ্ৰত কৰি তুলিছিল। এই সময়চোৱাত প্ৰকাশ পোৱা মাথো কেইখনমান আলোচনীয়ে নিজৰ ঐতিহ্য আৰু সুনাম ৰক্ষা কৰি অসমীয়া সাহিত্যৰ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত ‘প্ৰান্তিক'[১৯৮১], চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত ‘গৰীয়সী'[১৯৯৩], হোমেন বৰগোহাঞিৰ সম্পাদনাত ‘সাতসৰী'[২০০৫] প্ৰকাশ হ’বলৈ আৰম্ভ কৰি বৰ্তমানলৈকে নিয়মীয়াকৈ প্ৰকাশ হৈ আছে।

          শিশু, মহিলা, স্বাস্থ্য, অৰ্থনীতি আদি বিষয়ৰ আলোচনীও ভিন ভিন সময়ত প্ৰকাশ হৈছিল আৰু কেইবছৰমান চলি প্ৰকাশ বন্ধ হৈছিল। উল্লেখযোগ্য মহিলা আলোচনী কেইখন হ’ল– ‘ঘৰ-জেউতি'[১৯২৭], ‘সাৰথি'[১৯৬০], ‘ওৰণি’, ‘মহিলা'[১৯৬০], লেখিকা[১৯৭৫], শ্ৰীময়ী[১৯৮৭], পূবালী[১৯৯০], নন্দিনী[২০০ঙ্ম] প্ৰকাশ হৈ মহিলা সবলীকৰণ, স্বাস্থ্য, ৰন্ধন-প্ৰকৰণ, প্ৰসাধন, স্বাস্থ্য-সচেতনতাৰ সম্পৰ্কে মূল্যবান প্ৰৱন্ধ, ৰচনা প্ৰকাশে অসমীয়া সাহিত্যৰ জেউতি বঢ়াইছে। কেইবাখনো স্বাস্থ্য সম্পৰ্কীয় আলোচনীয়ে স্বাস্থ্য আৰু বিভিন্ন ৰোগ সম্পৰ্কে সমাজক সচেতন কৰি তোলাৰ ক্ষেত্ৰত আলোচনীসমূহৰ উল্লেখনীয় অৱদান স্বীকাৰ কৰিব লাগিব।

— যোগেন শইকীয়া, বিভাগীয় প্ৰধান, অসমীয়া বিভাগ

Leave a Reply

Your email address will not be published. Required fields are marked *