অসমৰ লোকবিশ্বাস

লোকবিশ্বাস মানে কি?

অসমৰ লোক বিশ্বাস সমূহ পৰম্পৰাগতভাৱে চলি আহিছে। লোক বিশ্বাস সমূহ লোক-সংস্কৃতিৰ উপাদান। এটা জাতিৰ লোক-সংস্কৃতিৰ স্বৰূপ লোক-সাহিত্য বা লোক বিশ্বাস সমূহ প্ৰকাশ পায়। লোক বিশ্বাস সমূহ  হ’ল পৰম্পৰাগতভাৱে চলি অহা লোক-বিজ্ঞানহে। এটা জাতিৰ মনোজগত আৰু আদৰ্শগত জীৱন-যাপনৰ প্ৰকাশ লোক-সংস্কৃতিৰ মাজতে ওলায়। অসমীয়া লোক-সংস্কৃতি আৰু লোক-বিশ্বাস সমূহৰ প্ৰধান উপাদান সমূহৰ ভিতৰত আছে- ধৰ্ম সম্বন্ধীয় বিশ্বাস আৰু পূজা-পাতলৰ অনুষ্ঠান সমূহ।

          ভূত-প্ৰেত, যখ-যখিনী, পিশাচ, বুঢ়া ডাঙৰীয়া, প্ৰেতাত্মা আদিৰ বিশ্বাস ওপৰোক্ত উপাদান সমূহৰ ভিতৰত মূল বুলি ধৰা হয়। পূজা পাতলৰ দ্বাৰা ভূতে-প্ৰেত, পিশাচ, প্ৰেতাত্মাআদিৰ পৰা হাত সাৰিব পাৰি বুলি বিশ্বাস কৰে। ধৰ্মৰ লগত পশু-পূজাও জড়িত হৈ থকা দেখা যায় আৰু এইবোৰক কেন্দ্ৰ কৰিয়েই বহুতো বিশ্বাস আৰু সামাজিক প্ৰথাৰ উত্‌পত্তি হৈছে। পশু-পূজাও ক্ষেত্ৰত গো-সেৱা হ’ল প্ৰথম। যেতিয়াই সমাজত পশু-পালনৰ প্ৰাধান্য আছিল, সেই যুগতেই গো-সেৱাৰ উদ্ভৱ  হৈছে বুলি ভাবিব পাৰি। অসমীয়া সমাজত বিশেষকৈ বহাগ বিহুত গৰুৰ শুশ্ৰূষা কৰা হয় আৰু তাৰ লগত নানা ধৰণৰ সামাজিক আচাৰ-আচৰণো পালন কৰা হয়। মেথোন বলি দিয়াটো অসমৰ জনজাতীয় লোকসকলৰ ধৰ্মমূলক আৰু সামাজিক উভয় অনুষ্ঠানতে অতি প্ৰয়োজনীয় প্ৰথা।  

          বহু সম্প্ৰদায়ে বান্দৰ পূজা কৰে। বান্দৰ বধ কৰিলে পাপ হয় বুলি বিশ্বাস কৰে। ঘৰত মেকুৰীয়ে মেও-মেওকৈ ঘূৰি ফুৰিলে অমংগল হয়। ক’লা মেকুৰীক ভূত-প্ৰেতৰ লগত সম্বন্ধ থকা বুলি ধৰা হয়। নগাসকলৰ বিশ্বাস যে মেকুৰী বন্দবস্ত কৰাৰ সময়ত দামত নিদিলে বেচোতাৰ ৰোৱা ধান নষ্ট হয় আৰু তেওঁৰ মাত মেকুৰীৰ দৰে হুটা হয়। কুকুৰে বেলিলৈ চাই ভুকিলে দেশত মহামাৰীয়ে দেখা দিয়ে। কাউৰীৰ মাতৰ অৰ্থ পোৱা যায়। ই অমংগলৰ আগজাননী তথা আলহী অহাৰ বাতৰি দিয়ে।

          লক্ষীৰ বাহন ফেঁচাক মাংগলিক চৰাই বুলি গণ্য কৰা হয়। যদিও সাধাৰণতে ই কুলক্ষণীয়া চৰাইহে। ফেচাই নিউ নিউ কৰিলে মানুহৰ মৃত্য়ু হয় বুলি বিশ্বাস কৰে। পখিলা গাত পৰিলে বিবাহৰ আগন্তুক বুলি বিশ্বাস কৰা হয়। হাতীক সদায়ে মংগলজনক বুলি ভবা হয়। হাতীৰ ওপৰত পৃথিৱীখন ৰৈ থকা বিশ্বাস আজিও মানুহৰ মাজত আছে। হাতী সম্বন্ধে বিভিন্ন সাধুকথাও আছে। ‘বগাহাতী’ প্ৰবাদ বচনত পৰিণত হৈছে। কোনো কোনো মাহত আৰু দিনত ভঁৰালৰ পৰা ধান উলিয়াব নাপায় বুলি বিশ্বাস আছে। ভেকুলীয়ে টোৰ-টোৰালে বৰষুণ দিয়ে বুলি জনবিশ্বাস আছে। 

          উদ্ভিদৰ পূজা গোটেই পৃথিৱীতে যে কৰা হয়। হিন্দুসকলে বটগছ, আঁহত গছ, কদম গছ, বেল গছ আৰু তুলসী গছৰ পূজা কৰা দেখা যায়। অসমত নিমগছৰ পাত ভূত খেদোৱাৰ দৰৱ  হিচাপে গণ্য কৰা হয়। জুই, বৰষুণ আৰু ধুমুহাৰপৰা ৰক্ষা পাবৰ বাবে ঘৰৰ মুধত সিজু গছ ৰুই থয়। অসমীয়া বিশ্বাসমতে প্ৰসূতিৰ ঘৰৰ দুৱাৰমুখত সিজু ৰুব লাগে। বিহলঙনি জৰা -ফুকাত ব্যৱ্হাৰ হয়। জুইত সঁৰিয়হ জাৰি দি মুখ লগা ভঙা আৰু ভূত-প্ৰেত খেদোৱা হয়। ছোৱালী ফুচুলাই আনিবলৈ সঁৰিয়হ ব্যৱহাৰ কৰিবৰ কাৰণে পুৰণি অসমীয়া মন্ত্ৰত দিহা দিয়া আছে। অসমীয়া ধৰ্মমূলক আৰু সামাজিক জীৱনত তামোল-পানে বৰ্তমান সময়্লৈকে গুৰুত্বপূৰ্ণ স্থান দখ্ল কৰি আছে। 

ইয়াৰ লগতে পঢ়কঃ ১. আধুনিক অসমীয়া সাহিত্যৰ বিকাশত আলোচনীৰ ভূমিকা
২. ঢেঁকী অসমীয়া লোক-সম্পদ
৩. অসমৰ লোকবিশ্বাস
৪. বৰ্তমান সমাজত নাৰীৰ দায়িত্ব কৰ্তব্য

অসমৰ লোকবিশ্বাস

          অসমীয়া সমাজত  কাতি বিহুত পথাৰত বন্তি জ্বলোৱা হয়। অসমীয়াৰ বিয়া অনুষ্ঠানত দৰা যেতিয়া কন্যা-ঘৰলৈ আহে তেতিয়া দৰাক মুহিবলৈ অথবা তেওঁৰ পৰা অপদেৱতা দূৰ কৰিবলৈ চাউল ছটিওৱাৰ নিয়ম আছে। খেতিৰ ওপৰত নিৰ্ভৰ কৰা অসমীয়া সমাজে পানীৰ কাৰণে প্ৰাকৃতিক শক্তিসমূহক প্ৰাৰ্থনা জনায়। 

অসমীয়া কৃষিকৰ্মত লোক বিশ্বাস

          বৰষুণ নমাবলৈ আৰু বন্ধ কৰিবলৈ অসমীয়াৰ সমাজত বহুতো আচাৰ অনুষ্ঠান আৰু যাদু-মন্ত্ৰৰ প্ৰচলন মন কৰিবলগীয়া। মাঘ বিহু হ’ল খেতি চপোৱা উৎসৱ। এই উৎসৱত তিল, চাউল, সঁৰিয়হ আদি উচৰ্গা কৰি অগ্নি দেৱতাক তুষ্ট কৰা হয়। মাঘ বিহুত আনকি গৰুকো পিঠা খুওৱা হয়। ধৰ্ম আৰু সামাজিক অনুষ্ঠানত,  কৃষিকৰ্মত, উৎসৱ আৰু খেল-ধেমালিত, অগ্নিৰ বিশেষ ব্যৱহাৰ আছে। মাঘ বিহুত প্ৰধানত অগ্নি-পূজা কৰা হয়। 

          অসমীয়াৰ সমাজত জীৱনৰ ভৱিষ্যত চিন্তাৰ লগত ভৱিষ্যত গণনা ওতপ্ৰোতভাৱে জড়িত। ভৱিষ্যতে ঘটিবলগীয়া বা কোনো পূৰ্বতে ঘটা ঘটনা আমাৰ অজ্ঞাত। সেই বিষয়ে জনা বা কি হ’ব আগতে কৈ দিয়া কামটো আজিও অসমৰ পৰ্বতে ভৈয়ামে থকা জনসাধাৰণৰ মাজত প্ৰচলন হৈ আছে।

          আমাৰ মানুহে কইনা চাওঁতে মাকৰ ফালেহে বেছি মনোযোগ দিয়ে। কাৰণ মাকৰ বংশৰ গৌৰৱ, স্বভাৱ, চৰিত্ৰ ভাল হলে জীয়েকৰো ভাল হব বুলি বিশ্বাস আছে। জনসাধাৰণৰ মতে ঘৰ এখন ধনে-ধানে উভৈনদী হয় তিৰোতাৰ কপালেহে। সপোনক লৈও আমাৰ মানুহৰ কিছুমান বিশ্বাস আছে। সপোন দেখিলে মংগল-অমংগলৰ আগজাননী দিয়ে। সপোনত নিজৰ মূৰ খুৰোৱা দেখিলে ধন নাশ হয় বা মৃত্য়ু সংবাদ পায়। সপোনত কলা বৰণৰ মাছ ধৰা দেখিলে খহু হয় বুলি বিশ্বাস কৰা হয়। ৰাতি সাপৰ নাম উচ্চাৰণ কৰিবলগীয়া হ’লে মানুহে সাপ বুলি নকৈ দীঘল-ঠেঙীয়া বুলি কয়।

— ৰিমা বেগম

2 thoughts on “অসমৰ লোকবিশ্বাস”

Leave a Comment