জ্ঞানৰ মণিকূটঃ গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ন– এই গুৰুত্বপূৰ্ণ বিষয়টো প্ৰতিজন ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীয়ে অনুধাৱন কৰা উচিত। বৰ্তমান বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগ। মানুহৰ জীৱন শৈলীৰ অঘোষিত প্ৰতিযোগিতাত বিলাসী গাড়ী, বিলাসী জীৱন যাপনৰ প্ৰতিহে গুৰুত্ব  অধিক। ধন ব্যয় কৰি গ্ৰন্থ ক্ৰয় কৰাৰ প্ৰতি বেছিভাগ ক্ষেত্ৰতে অনীহা। ভাৱে- গ্ৰন্থই কি কৰিব· গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহহীনতাৰ ফলত সমাজৰ মানসিকতাত কেৰোণ সোমাইছে। গ্ৰন্থ হৈছে সমাজ, সভ্যতা, সংস্কৃতিৰ বাৰ্তাবাহক আৰু পৰিচয়দাতা। গ্ৰন্থই বিভিন্ন জাতিৰ লোকৰ মানসিকতা আৰু কলা-সংস্কৃতি বহন কৰে। সেয়েহে গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব অপৰিসীম। ই জগতখনক চিৰ নতুন কৰে, সভ্যতাৰ সংস্কৃতিৰ পৰিবৰ্তন ঘটাই সংস্কাৰ কৰে; জ্ঞানহীনজনকো আলোকেৰে উদ্ভাষিত কৰে। চীন দেশৰ যুক্তিবাদী লেখক লিং উটাঙৰ মতে– “পঢ়া-শুনা নকৰা এজন মানুহ অতি তুচ্চ। তেওঁৰ সীমিত জ্ঞান, সীমিত জীৱন যাপন।” জ্ঞানৰ ভঁৰাল প্ৰতিষ্ঠা কৰে গ্ৰন্থ অধ্যয়নে। জীৱন ধন্য হয়, জীৱনে গভীৰৰ পৰা গভীৰতালৈ চিৰ সেউজ হৈ গতি কৰে।

          চাৰ জন হাৰ্শ্বেলে কৈছিল– “পৰিৱৰ্তনশীল জীৱনত অন্তহীনভাৱে ঘটি থকা ঘাট-প্ৰতিঘাটৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে ওৰেটো জীৱন সুখ আৰু আনন্দৰ উৎস হ’ব পৰাকৈ আৰু জগতৰ ভ্ৰূকুটি, অৱজ্ঞালৈ আওকাণ কৰি নিজক বজাই ৰাখিবলৈ মই যদি কিবা এক ৰুচি ল’ব লগা হয়, সেয়া গ্ৰন্থ অধ্যয়ন।” গ্ৰন্থৰ সৈতে বন্ধুত্ব সুদৃঢ় কৰিব পাৰিলে ই তুচ্চৰ পৰা উচ্চলৈ, বেয়াৰ পৰা ভাললৈ, দুচিন্তাৰ পৰা সুচিন্তালৈ, নিম্নাকাংখ্যাৰ পৰা উচ্চাকাংখ্যালৈ ধাৱিত কৰাত সহায় কৰে।

          সৰুৰে পৰাই পঢ়াৰ অভ্যাস থাকিব লাগে। তেতিয়াহে ডাঙৰ হ’লে শক্তিশালী পঢ়ুৱৈ হ’ব পাৰি। পঢ়ুৱৈ হ’বলৈ লাগে মাথো একাগ্ৰতা আৰু শক্তিশালী মনোভাৱ। গ্ৰন্থই জীৱনলৈ পৰম তৃপ্তি আৰু সুখ আনে। বিশিষ্ট সাহিতি্যক হোমেন বৰগোহাঞিয়ে কৈছিল– “ মানুহৰ জীৱনটো পোকে খোৱা আমটোৰ দৰে। জীৱনটোৰ অধিক অংশ আৰু অভিজ্ঞতাই যন্ত্ৰণাময়। পকা আমটোৰ সামান্য ভাল অংশটো সমস্ত মনোযোগ দি গুটিটো পৰ্যন্ত চেলেকি পৰম তৃপ্তি পোৱাৰ দৰে মানুহৰ ভাল দিনবোৰ সদায় সদব্যৱহাৰ কৰিব লাগে।”

          ছাত্ৰ-ছাত্ৰীসকলে কিতাপ পঢ়াটো অতি গুৰুত্বপূৰ্ণ। কিতাপ পঢ়ি জীৱন যুদ্ধত জয়ী হোৱা। তেতিয়াহে জীৱনটো সাৰ্থক হ’ব। জীৱনৰ সুখ-দুখ, বিস্ময়কৰ সফলতা কঢ়িয়াই আনে একমাত্ৰ গ্ৰন্থ অধ্যয়নে।

— দীপ্তি ভূঞা

Leave a Reply

Your email address will not be published. Required fields are marked *