পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনা আৰু অসমীয়া সাহিত্য

পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনানো কি· পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনা [ড্ৰন্তুপ্স ন্তুব্জiব্ধiন্তুiব্দপ্প] হৈছে  সাহিত্যত পৰিৱেশ সম্পৰ্কে অধ্যয়ন। বৰ্তমান সময়ত বিশ্বৰ সকলো ঠাইতে পৰিৱেশ সম্পৰ্কে গঢ়ি উঠা সচেতনতাৰ অংশ হিচাপে সাহিত্যত প্ৰকৃতি সম্পৰ্কে কৰা বিচাৰ বা অধ্যয়নেই হৈছে পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনা। একাংশ পাৰিপাৰ্শ্বিক সাহিত্য তাত্ত্বিকে বৰ্তমানৰ পৰিৱেশ বিনষ্টকাৰী পৰিস্থিতিৰ সমাধানৰ বাবে কৰা চেষ্টা বুলিও এই সমালোচনাক গণ্য কৰে। পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাক আন নামেৰেও জনা যায়। যেনে– ‘সেউজ [সাংস্কৃতিক] অধ্যয়ন’ [ণ্ডব্জঙ্গঙ্গn শ্চন্তুuচ্ঞব্ধuব্জaচ্ঞগ্ৰ ত্ৰব্ধuস্তুiঙ্গব্দ], ‘পাৰিপাৰ্শ্বিক কাব্য’ [ড্ৰন্তুপ্স হ্মপ্সঙ্গব্ধiন্তুব্দ] আৰু পৰিৱেশ সাহিত্য সমালোচনা [ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধaচ্ঞ Liব্ধঙ্গব্জaব্জম্ভ ন্তুব্জiব্ধiন্তুiব্দপ্প]।

          পাৰিপা¿ৰ্শ্বক সাহিত্য সমালোচনাৰ অধ্যয়নীয় বিষয়ঃ

          পাৰিপাৰ্শ্বিক সাহিত্য তাত্ত্বিকসকলে মূলতঃ প্ৰকৃতি সম্পৰ্কীয় দিশত পৰিৱেশ সংক্ৰান্তীয় মূল্যবোধে কিদৰে ভূমিকা লাভ কৰিছে তাকে পৰীক্ষা কৰে। এনে কৰিবলৈ যাওঁতে জাতি, শ্ৰেণী আৰু লিংগ আদি দিশক স্পষ্টৰূপত পাৰিপাৰ্শ্বিক দিশসমূহে কিদৰে চুই গৈছে তাকো পৰীক্ষা কৰা দেখা যায়। পাৰিপাৰ্শ্বিক সাহিত্য তাত্ত্বিকসকলে জনপ্ৰিয় সংস্কৃতি তথা সাম্প্ৰতিক সময়ৰ সাহিত্যত বিনষ্ট হৈ অহা পৰিৱেশ সম্পৰ্কে মানুহৰ চিন্তা চেতনাত কেনেদৰে আঘাত হানিছে এই সম্পৰ্কে অধ্যয়ন কৰাৰ লগতে কেনে পৰিবৰ্তনৰ মাজেৰে আহি এই দুৰৱস্থা পাইছেহি তাৰো ইতিহাস অধ্যয়ন কৰে। এই সমালোচকসকলে ভাবে যে পূৰ্বতে মানৱ সম্পদৰ বাবে থকা পৃথিৱীখন আৰু ক্ৰমান্বয়ে আধুনিক সমাজখনে পোৱা পৃথিৱীখনৰ মাজত মূল্যবোধৰ সলনি হৈছে। এই পৰিবৰ্তিত মূল্যবোধৰ কাৰণসমূহ বিচাৰি উলিওৱাটোৱেই এইসকল সমালোচকৰ কাম। সেয়ে এনেবোৰ দিশৰপৰা পাৰিপাৰ্শ্বিক সাহিত্য তাত্ত্বিকসকলে এই সাহিত্য তত্ত্বটোৰ প্ৰাসংগিক বিষয় হিচাপে ইতিহাস, অৰ্থনীতি, দৰ্শন, মনোবিজ্ঞান আদি বিষয়ক সামৰি ল’বলৈ বিচাৰে।

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ উদ্ভৱ আৰু বিকাশঃ

          ১৯৭৮ চনত দ্দ্বiচ্ঞচ্ঞiaপ্প ত্মuঙ্গন্তুন্সঙ্গব্জব্ধ নামৰ সমালোচকজনে Liব্ধঙ্গব্জaব্ধuব্জঙ্গ anস্তু ড্ৰন্তুপ্সচ্ঞপ্সন্ধম্ভ জ্ঞ ট্টn ড্ৰxহ্মঙ্গব্জiপ্পঙ্গnব্ধ in ড্ৰন্তুপ্স-ন্তুব্জiব্ধiন্তুiব্দপ্প নামৰ প্ৰৱন্ধত পোন প্ৰথম ড্ৰন্তুপ্স-ন্তুব্জiব্ধiন্তুiব্দপ্প শব্দটো ব্যৱহাৰ কৰে যদিও পাৰিপাৰ্শ্বিক সাহিত্যতত্ত্বৰ বাটকটীয়া হ’ল পৰিৱেশবিদ ত্মaন্তুhঙ্গচ্ঞ Caব্জব্দপ্সn। ১৯৬২ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ‘ত্ৰiচ্ঞঙ্গnব্ধ ত্ৰহ্মব্জinন্ধ’ত পাৰিপাৰ্শ্বিক দিশসমূহ প্ৰকাশ পাইছিল। পৰৱৰ্তী কালত দ্দ্বiচ্ঞচ্ঞiaপ্প ত্মuঙ্গন্তুন্সঙ্গব্জব্ধ-এ ত্মaন্তুhঙ্গচ্ঞ Caব্জব্দপ্সnৰ ‘ত্ৰiচ্ঞঙ্গnব্ধ ত্ৰহ্মব্জinন্ধ’ গ্ৰন্থখনক আধাৰ হিচাপে লৈ পাৰিপাৰ্শ্বিক বিষয়সমূহ সাহিত্যত কেনেদৰে অধ্যয়ন কৰিব পাৰি সেই বিষয়ে ‘Liব্ধঙ্গব্জaব্ধuব্জঙ্গ anস্তু ড্ৰন্তুপ্সচ্ঞপ্সন্ধম্ভ জ্ঞ ট্টn ড্ৰxহ্মঙ্গব্জiপ্পঙ্গnব্ধ in ড্ৰন্তুপ্স-ন্তুব্জiব্ধiন্তুiব্দপ্প’ নামৰ প্ৰৱন্ধটোত আলোচনা কৰিছে। দ্দ্বiচ্ঞচ্ঞiaপ্প ত্মuঙ্গন্তুন্সঙ্গব্জব্ধ নামৰ সমালোচকজনৰ আগলৈকে অৰ্থাৎ ১৯৬০ চনৰ শেষ ভাগৰপৰা ১৯৭০ চনলৈকে বিভিন্ন ব্যক্তিয়ে ব্যক্তিগতভাৱে পৰিৱেশতত্ত্ব আৰু সাহিত্য সমালোচনা সম্পৰ্কে নানা প্ৰৱন্ধ-পাতি ৰচনা লিখিছিল যদিও তেতিয়াও সাহিত্যত পাৰিপাৰ্শ্বিক দিশসমূহ কিদৰে অধ্যয়ন কৰিব পাৰি সেই সম্পৰ্কে সমালোচকসকল একত্ৰিত হোৱা নাছিল।

          জোছেফ মীৰাৰছ নামৰ এজন সমালোচকে থ্বhঙ্গ Cপ্সপ্পঙ্গস্তুম্ভ প্সন্দ্ৰ ত্ৰuব্জvivaচ্ঞ [১৯৭০] নামৰ লেখাটিত মানুহে প্ৰকৃতিৰপৰা সংস্কৃতিক পৃথক কৰি তোলাটোৱেই পশ্চিমীয়া দেশসমূহত পাৰিপাৰ্শ্বিক সংকটৰ প্ৰাথমিক কাৰণ বুলি উল্লেখ কৰিছে।

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ প্ৰকৃত ধাৰণাটো আৰম্ভ হৈছে ১৯৯০ চনৰ পৰাহে। ১৯৯০ চনত ৰেনোৰ ত্ত্বavaস্তুa হুnivঙ্গব্জব্দiব্ধম্ভত ‘ত্নব্জপ্সন্দ্ৰঙ্গব্দব্দপ্সব্জ প্সন্দ্ৰ Liব্ধঙ্গব্জaব্ধuব্জঙ্গ anস্তু ব্ধhঙ্গ ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধ’ বিভাগৰ অধ্যাপক পদ এটা প্ৰতিষ্ঠা কৰা হয়। অধ্যাপক Chঙ্গব্জম্ভচ্ঞচ্ঞম্ভ ণ্ডপ্সচ্ঞব্ধন্দ্ৰঙ্গচ্ঞব্ধম্ভ পোন প্ৰথম এই পদত নিযুক্ত হয়। পৰৱৰ্তী কালত অধ্যাপক Chঙ্গব্জম্ভচ্ঞচ্ঞম্ভ ণ্ডপ্সচ্ঞব্ধন্দ্ৰঙ্গচ্ঞচ্ঞম্ভ-এ পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ লেখাসমূহক এক গোট কৰি ‘থ্বhঙ্গ ড্ৰন্তুপ্সন্তুব্জiব্ধiন্তুiব্দপ্প ত্মঙ্গaস্তুঙ্গব্জ জ্ঞ ন্ত্ৰnস্তুপ্পaব্জন্সব্দ in Liব্ধঙ্গব্জaব্জম্ভ ড্ৰন্তুপ্সচ্ঞপ্সন্ধম্ভ’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰাৰ লগে লগে পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাই এটি সুকীয়া সাহিত্য সমালোচনাৰ ধাৰা হিচাপে প্ৰতিষ্ঠাপিত হয়। এই ক্ষেত্ৰত ১৯৯৫ চনত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰেছৰপৰা প্ৰকাশিত ন্ত্ৰভ্ৰব্জঙ্গnন্তুঙ্গ ট্বuঙ্গচ্ঞচ্ঞ-ৰ ‘থ্বhঙ্গ ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধaচ্ঞ Iপ্পaন্ধinaব্ধiপ্সn’ গ্ৰন্থখনৰ নামো ল’ব পাৰি।

          ১৯৯২ চনত ট্টত্ৰLড্ৰ অৰ্থাৎ ‘ট্টব্দব্দপ্সন্তুiaব্ধiপ্সn ন্দ্ৰপ্সব্জ ব্ধhঙ্গ ত্ৰব্ধuস্তুম্ভ প্সন্দ্ৰ Liব্ধঙ্গব্জaব্ধuব্জঙ্গ anস্তু ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধ’ নামৰ সংগঠনটোৰ জন্ম হয়। এই সংগঠনটোৱে বছৰত দুবাৰকৈ ট্টত্ৰLড্ৰ ত্ত্বড্ৰদ্দ্বত্ৰ আৰু Inব্ধঙ্গব্জস্তুiব্দন্তুiহ্মচ্ঞinaব্জম্ভ ত্ৰব্ধuস্তুiঙ্গব্দ in Liব্ধঙ্গব্জaব্ধuব্জঙ্গ anস্তু ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধ শ্চIত্ৰLড্ৰগ্ৰ নামৰ গৱেষণা জাৰ্ণেল এখন প্ৰকাশ কৰি আহিছে। ট্টত্ৰLড্ৰৰ বাৰ্ষিক গৱেষণা পত্ৰিকাখনত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ নতুন নতুন দিশ উন্মোচিত হৈছে আৰু ইয়াৰ পৰিধি যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান ট্টত্ৰLড্ৰ সংগঠনটোৰ শাখা-প্ৰশাখা জাপান, জাৰ্মান, যুক্তৰাষ্ট্ৰ আৰু কোৰিয়ালৈ বিস্তাৰিত হৈছে।

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ পৰিসৰঃ

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ পৰিসৰ যথেষ্ট বিশাল আৰু বিস্তৃত। প্ৰথমে সাহিত্যৰ পৰিধিৰ ভিতৰতে পাৰিপাৰ্শ্বিক সাহিত্যতত্ত্বৰ আলোচনা সীমাৱদ্ধ হৈ আছিল। বিশেষকৈ ৰোমাণ্টিক কবিতা, ত্ত্বaব্ধuব্জঙ্গ দ্দ্বব্জiব্ধinন্ধ আৰু দ্দ্বiচ্ঞস্তুঙ্গব্জnঙ্গব্দব্দ ত্ত্বaব্জব্জaব্ধivঙ্গ আদিক লৈয়ে ইয়াৰ আলোচনা হৈছিল। কিন্তু বৰ্তমান সময়ত ট্টত্ৰLড্ৰৰ তত্ত্বাৱধানত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ অন্তৰ্গত বিষয়সমূহ এনে ধৰণৰ–

          [ক] জনপ্ৰিয় বিজ্ঞান প্ৰৱন্ধ [খ] চল¿চত্ৰ  [গ] দূৰদৰ্শন [ঘ] শিল্প           [ঙ] স্থাপত্য [চ] উদ্যান, চিৰিয়াখানা, শ্বপিংমল ইত্যাদি। পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ চাৰিটা সাহিতি্যক দিশ লক্ষ্য কৰা যায়।

          [ক] নান্দনিক দিশ

          [খ] সামাজিক দিশ

          [গ] বৈজ্ঞানিক দিশ আৰু

          [ঘ] সাংস্কৃতিক দিশ

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাত প্ৰকৃতিৰ সৌন্দৰ্য, আদিমতা তথা জটিলতা প্ৰকাশেই নান্দনিক দিশ। নান্দনিক দিশৰ যোগেদি মানুহৰ সৈতে প্ৰকৃতিৰ অৱস্থান কেনে, মানুহে কি ভাৱে প্ৰকৃতিক বিচাৰ কৰে, কেনেদৰে মুগ্দ্ধ হয় আদি বিষয় অধ্যয়ন কৰে।

          মানুহে প্ৰকৃতিক কেনেদৰে মূল্যায়ন কৰে, অৰ্থাৎ মানুহে প্ৰকৃতিক কেনেদৰে গঢ় দিয়ে, কেনেদৰে ধ্বংস কৰে আদি বিষয় সামাজিক দিশে অধ্যয়ন কৰে।

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাত বিজ্ঞান এটি গুৰুত্বপূৰ্ণ দিশ। প্ৰকৃতি আৰু মানুহৰ সম্পৰ্ক বিচাৰ কৰিবলৈ যাওঁতে বিজ্ঞানৰ অৱধাৰণা ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে।

          সাংস্কৃতিক দিশৰ পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাত প্ৰকৃতিক যথাৰ্থ মৰ্যাদা প্ৰদান কৰা হয়।

          পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ নিৰ্দিষ্ট বিশ্লেষণ পদ্ধতিসমূহ এনে ধৰণৰ–

          ৰয নিৰ্দিষ্ট সময়ত মানুহৰ কল্পনাত প্ৰকৃতিৰ ভূমিকা কেনে, তাৰ অধ্যয়ন।

          2য প্ৰকৃতিৰ ধাৰণা সংজ্ঞা হিচাপে কেনেদৰে প্ৰদান কৰা হৈছে।

          3য প্ৰকৃতি সংক্ৰান্তীয় ধাৰণাৰ মাজত কোন কোন মূল্যবোধক আৰোপ কৰা হৈছে আৰু কোন কোন মূল্যবোধক অস্বীকাৰ কৰা হৈছে।

          চ্ছ্ৰয মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্কক কেনেদৰে দেখুৱা হৈছে।

          প্তয সাহিত্যই প্ৰকৃতিক কেনেদৰে ব্যৱহাৰ কৰিছে।

          পাৰিপাৰ্শ্বিক সমালোচনা সাহিত্যত অধিক গুৰুত্ব দিব লগা এটা বিষয় হৈছে ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধ বা পৰিৱেশ। পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ পৰিসৰ যিহেতু অনেক বিস্তৃত, সেয়েহে ইয়াত কেৱল মাত্ৰ ত্ত্বaব্ধuব্জঙ্গ দ্দ্বব্জiব্ধinন্ধ বা প্ৰকৃতি বৰ্ণনাৰ মাজতেই আলোচনা সীমাৱদ্ধ নাৰাখি এটি সামাজিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ ভিতৰলৈ অনাৰ ক্ষেত্ৰত ড্ৰnviব্জপ্সnপ্পঙ্গnব্ধ বা পৰিৱেশ শব্দটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰে।

          ণ্ডপ্সচ্ঞব্ধন্দ্ৰঙ্গচ্ঞব্ধম্ভ-এ ‘থ্বhঙ্গ ড্ৰন্তুপ্সন্তুব্জiব্ধiন্তুiব্দপ্প ত্মঙ্গaস্তুঙ্গব্জ’ শীৰ্ষক গ্ৰন্থত এইকেইটা বিষয়ত গুৰুত্ব প্ৰদান কৰিছে– শ্চiগ্ৰ ট্টপ্পঙ্গব্জiন্তুan ত্ৰব্ধuস্তুiঙ্গব্দ, শ্চiiগ্ৰ ত্মঙ্গন্ধiপ্সnaচ্ঞiব্দপ্প শ্চiiiগ্ৰ ত্নaব্দব্ধaব্জaচ্ঞiব্দপ্প শ্চivগ্ৰ ণ্ঠব্জপ্সnব্ধiঙ্গব্জ শ্চvগ্ৰ Huপ্পan ড্ৰন্তুপ্সচ্ঞপ্সন্ধম্ভ শ্চviগ্ৰ ত্ৰন্তুiঙ্গnন্তুঙ্গ anস্তু Liব্ধঙ্গব্জaব্ধuব্জঙ্গ শ্চviiগ্ৰ ত্ত্বaব্ধuব্জঙ্গ in Liব্ধঙ্গব্জaব্ধuব্জঙ্গ শ্চviiiগ্ৰ ন্ত্ৰnস্তুব্দন্তুপ্সহ্মব্দ in Liব্ধঙ্গব্জaব্ধuব্জঙ্গ।

          দিন যোৱাৰ লগে লগে পাৰিপা¿ৰ্শ্বক সাহিত্য সমালোচনাৰ দায়িত্ব আৰু অধিক বাঢ়ি গৈছে। পৃথিৱীৰ বাঢ়ি অহা তাপমান, ধ্বংস হৈ যাবলৈ ধৰা প্ৰকৃতি আদিক ৰক্ষা কৰাৰ স্বাৰ্থত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ গুৰুত্ব অধিক হোৱা পৰিলক্ষিত হৈছে। এনেবোৰ কাৰণত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাত পৃথিৱীৰ প্ৰকৃতি বা পৰিৱেশ ৰক্ষা কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিবপৰা ‘নৈতিক দৃষ্টিভংগী’ বা অৱস্থান সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে।

          ণ্ণপ্সhn ত্নaব্দব্দপ্পপ্সব্জঙ্গ নামৰ এজন সমালোচকে ‘ত্তan’ব্দ ত্মঙ্গব্দহ্মপ্সnব্দibiচ্ঞiব্ধম্ভ ন্দ্ৰপ্সব্জ ত্ত্বaব্ধuব্জঙ্গ’ নামৰ গ্ৰন্থত দুটি সমস্যাৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল– [ক] ত্নব্জপ্সbচ্ঞঙ্গপ্পব্দ in ড্ৰন্তুপ্সচ্ঞপ্সন্ধম্ভ আৰু [খ] ড্ৰন্তুপ্সচ্ঞপ্সন্ধম্ভ ত্নব্জপ্সbচ্ঞঙ্গপ্পব্দ। প্ৰথমটোক তেওঁ সম্পূৰ্ণ বৈজ্ঞানিক বিষয় আৰু দ্বিতীয়টোক সামাজিক বিষয় হিচাপে স্বীকৃতি দিছিল।

          অসমীয়া সাহিত্যত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাঃ

          অসমীয়া সাহিত্যত পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাই কেনেদৰে প্ৰভাৱ পেলাইছে সেই বিষয়ে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। ভাৰতীয় সাহিত্যত বৈদিক যুগৰপৰাই পৰিৱেশ সম্পৰ্কে কবিসকল সচেতন হোৱা পৰিলক্ষিত হয়। বৈদিক যুগৰ সাহিত্যৰাজিলৈ মন কৰিলে দেখা যা যে বিশ্ব প্ৰকৃতিৰ সমস্ত উপাদানেই কিবা নহয় কিবা প্ৰকাৰে মানুহৰ প্ৰাণ ধাৰণৰ চালিকা শক্তিৰূপে পৰিগণিত হৈছিল। ঋক বেদত আছে–

                   পুন ৰ্নো অসুং পৃথিৱী দধাতু

                   পুন ৰ্দো দেৱী পুনৰন্তৰিক্ষং

                   পুন ৰ্নঃ সোমস্তকং দদাতু

                   পুনঃ পুষা পথ্যাং য়া স্বস্তি।

অৰ্থাৎ পৃথিৱীয়ে আমাক পুনৰ জীৱন দান দিয়ক। অন্তৰীক্ষই আমাক পুনৰ জীৱন দান কৰক। সোমে আমাক পুনৰ দেহ দান কৰক আৰু পুষাই আমাক পুনৰ ৰাজ্যদান কৰক। বৈদিক যুগৰ পৰৱৰ্তী কালৰ ভাৰতীয় মহাকাৱ্যৰ সময়চোৱাত প্ৰকৃতিকেই ভগৱানৰ বিভিন্ন ৰূপ বুলি কোৱা হৈছে।

          অসমীয়া সাহিত্যৰ প্ৰাচীন লিখিত নিদৰ্শন চৰ্যাপদসমূহতো প্ৰকৃতিৰ মনোৰম চিত্ৰ পোৱা যায়।

                   ণাণা তৰুবৰ মৌলিল ৰে

                   গঅণত লাগেলী ডালী।

          আকৌ আন এটা চৰ্যাত মানৱ দেহক গছৰ সৈতে একাকাৰ কৰা হৈছে।

                   কাআ তৰুবৰ পঞ্চ বি ডাল।

          মধ্যযুগৰ অসমীয়া সাহিত্যত মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱকে ধৰি বহু সংখ্যক অসমীয়া কবিয়ে প্ৰকৃতিক তেওঁলোকৰ কাব্য সাধনাত অংকিত কৰিছে।

          জোনাকী যুগৰ অসমীয়া সাহিত্যত প্ৰকৃতিক মুখ্য বিষয় হিচাপে লৈ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে কবিতাত আৰু বেজবৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী, নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আদিয়ে গল্পত প্ৰকৃতিক প্ৰতিফলিত কৰিছে। ৰোমাণ্টিক যুগৰ সাহিত্যত প্ৰকৃতিয়ে গুৰুত্ব লাভ কৰিছিল যদিও পাৰিপাৰ্শ্বিক সাহিত্য সমালোচনাৰ মূল বিষয়ৰ আধাৰত উল্লিখিত সাহিত্যৰাজিক আলোচনা কৰিব নোৱাৰি।

          অসমীয়া সাহিত্যলৈ পৰিবৰ্তন অহাৰ লগে লগে বিংশ শতিকাৰ মধ্যভাগৰপৰা কবিতা, উপন্যাস, গল্প সাহিত্যত পাৰিপাৰ্শ্বিক বিষয়বোৰ স্পষ্ট ৰূপত প্ৰকাশ পাবলৈ ধৰিলে। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত নৱকান্ত বৰুৱাই কবিতাত পাৰিপাৰ্শ্বিক দিশসমূহক উপস্থাপন কৰিছে। নৱকান্ত বৰুৱাই ‘ক্ৰমশঃ এটা সাধু কথা’ শীৰ্ষক কবিতাত ক্ৰমশঃ শুকাই অহা নদী আৰু শুকান হৈ অহা পৰিৱেশৰ বৰ্ণনা এনেদৰে দিছে–

                   এয়ে নৈৰ পাৰ

                   শামুকৰ খোলা ৰ’দত জিলিকি চকুত পিয়াহ লগায়

                   পানী ক’ত পানী·

                   ক’ত সেউজীয়া পথাৰৰ ধাননি

                   কাগজৰ পানীয়ে খাই গ’ল নেকি কবিতাৰ সেই ৰং

ÿ                  লুইত শুকান- লুইতৰ পানী নাই

                    পাটকুঁৱাবোৰ পাতালৰ বিহ অনা নাই।

          বানপানী অসমৰ আজন্ম লগৰী। বানপানী হোৱাৰ পিছত সাধাৰণ চহা কৃষকৰ জীৱন কেনেদৰে বিপৰ্যস্ত হৈ উঠে সেয়া নৱকান্ত বৰুৱাই এনেদৰে উল্লেখ কৰিছে–

                   দেখিছো নদীৰ ঢলে বলাৎকাৰ কৰা পথাৰক

                   পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান। 

                   কিন্তু মৰুভূমি আহে

                   লাহে লাহে, মাজে মাজে, বছৰে বছৰে।  [ইয়াত নদী আছিল]

          ৰাম গগৈৰ ‘পথাৰ’ শীৰ্ষক কবিতাতো বানপানীৰ পিছৰ দুঃখময় পৰিৱেশৰ উল্লেখ পোৱা যায়।

                   বাধা নাই অবাধে আহিল আৰু গ’ল। তেতিয়া

                   মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে।

          আধুনিক অসমীয়া কবিতাৰ এজন উল্লেখযোগ্য কবি হৰেকৃষ্ণ ডেকা। তেওঁৰ সৰহ সংখ্যক কবিতাতে পৰিৱেশ সম্পৰ্কীয় মনস্তাত্ত্বিক বিশ্লেষণ লক্ষ্য কৰা যায়। ডেকাৰ ‘ভয়’ নামৰ কবিতাটোত এনেদৰে উল্লেখ আছে–

                   দুপৰ বাগৰি যায় ঘাঁহৰ ওপৰেদি, নিথৰ জলৰাশিৰ

                   ওপৰেদি।

                   তাৰ কৰ্কশ শব্দত যেন লাহে লাহে পাণ্ডুৰ হৈ আহে

                   ঘাঁহৰ কৃষ্ণ সেউজ। অস্থিৰ হৈ পৰে জলৰাশি।

                   প্ৰতিডাল ঘাঁহত যেন কঁপি যায় অশ্ৰুৰ নিনাদ। 

          আন এটা কবিতাত হৰেকৃষ্ণ ডেকাই প্ৰকৃতি ৰক্ষাৰ বাবে জনসাধাৰণক এনেদৰে আহ্বান জনাইছে–

                   বীজবোৰ ৰোপণ কৰা। শিলৰ বুকুৱেদি ফুলি উঠিব

                   সিহঁতৰ মুখ।       [আত্মজ]

          ডেকাৰ আন এটা পৰিৱেশ সমালোচনাত্মক কবিতা হ’ল ‘গুৱাহাটী- ৰ’। বৰ্তমান অপৰিষ্কাৰ গুৱাহাটীখন যে অতীতত চিৰ সেউজ আছিল সেই কথা এনেদৰে কৈছে–

                   তোৰ গেন্ধেলা দেহাটোৰ

                   হেজাৰ বছৰ মলিৰ তৰপবোৰ

                   গুচালে হয়তো দেখিম

                   দীপলিপ

                   সেউজীয়া

                   পাট কাপোৰৰ ওৰণিৰে

                   মোৰ নিমাতীক।

          আন এগৰাকী পৰিৱেশ সচেতন কবি হীৰেণ ভট্টাচাৰ্য। পাৰিপাৰ্শ্বিক দিশসমূহৰ উপযুক্ত প্ৰকাশৰ যোগেদি কবিজনে তেওঁৰ কবিতাসমূহক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। কবি ভট্টাচাৰ্যই ক্ৰমশঃমান এই পৃথিৱীক সেউ×জীয়া কৰাৰ বাবে নিজকে উৎসৰ্গিত কৰিব বিচাৰিছে। ভট্টাচাৰ্যৰ ‘শইচৰ সুদৃশ্য বৰ্ণমালা’ শীৰ্ষক কবিতাত এই সুৰ ধ্বনিত হৈছে।

                   মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া,

                   চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ মাটি,

                   হাড় হিমজুৰ সাৰত

                   লহ পহকৈ বাঢ়ি উঠিৰ ধান- মাহ সৰিয়হ

                   শইচৰ সুদৃশ্য বৰ্ণমালা।

          হীৰেণ ভট্টাচাৰ্যই ‘পানীৰে মৰা মন-মাটি’ শীৰ্ষক অৰ্থঘন কবিতাৰ মাজেৰে বানপানীৰ পিছৰ ছবি অংকন কৰিছে।

                   বানে উটুৱাই নিলে গাঁওভূই, মানুহ দুনুহ

                   বালিয়ে বোকাই পুতি পেলালে পথাৰ সমাৰ,

                   অথাই পানীৰে উজাই অহা

                   বাৰে মিহলি মাছ পুথিৰ লয়লাস চাওঁতা কেনিও কোনো নাই

                   গাঁওবোৰ তেনেই নিমাও মাও.

                   নাই যি নাই উৰাল ঢেঁকীৰ চাব এটাকে নুশুনি,

                    কেউফালে পানী

                   ক’ৰবাত অকণমান শুকনিমুৱা, ক’ৰবাত ডোঙাবান্ধি

                   আছে একঁকাল।

          আলোচিত কবিসকলৰ উপৰি অসমীয়া কাব্য সাহিত্যত অনেক কবিতাত সাম্প্ৰতিক পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ প্ৰকাশ ঘটা দেখা যায়। নিলীম কুমাৰ, জীৱন নৰহ, কুশল দত্ত, বিজয় শংকৰ বৰ্মন, কমল কুমাৰ তাঁতী আদিৰ কবিতাত এনে বিষয় পৰিলক্ষিত হয়।

          আধুনিক অসমীয়া চুটিগল্পক পাৰিপাৰ্শ্বিক সমালোচনাৰ আওতালৈ আনিব পাৰি। ৰামধেনু যুগৰ প্ৰায় সংখ্যক গল্পকাৰৰ গল্পতে পাৰিপাৰ্শ্বিক সচেতনতা লক্ষ্য কৰা যায়। এই ক্ষেত্ৰত মহিম বৰাৰ ‘এখন নদীৰ মৃত্যু’ গল্পটো উল্লেখযোগ্য। গল্পটোত পাৰিপাৰ্শ্বিক সমালোচনাৰ সকলো কথা মুক্তৰূপত স্পন্দিত হৈছে। গল্পটোৰ কাহিনীভাগ নিৰ্মাণ হৈছে নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নদীখনৰ Îবাঁৱতী ধাৰাটোক বন্ধ কৰি দিয়াত নৈপৰীয়া লোকসকলৰ জীৱনলৈ নামি অহা অমানিশাক কেন্দ্ৰ কৰি। সেই মানুহখিনিৰ মাজত খোৱা-বোৱাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা আদি এশ-এবুৰি সমস্যাই দেখা দিছে। গল্পটোত আছে– “চাওঁতে চাওঁতে এই গাঁওখন শুকাই গ’ল, এই মানুহবোৰ শুকাই গ’ল, তেওঁলোকৰ দুৱাৰ মুখৰ এই কলংখন শুকাই যোৱাৰ দৰে।” ভবেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি, অৰূপা পটংগীয়া কলিতা আদি বিশিষ্ট গল্পকাৰৰ ৰচনাত পাৰিপাৰ্শ্বিক সমালোচনা বিষয়টোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অতি সাম্প্ৰতিক কালচোৱাত বিপুল খাটনিয়াৰ, ৰশ্মিৰেখা বৰা, ইমৰান হুচেইন আদি গল্পকাৰসকল এই ক্ষেত্ৰত উল্লেখযোগ্য।

          ইমৰান হুচেইনৰ ‘গ্ৰাস’ নামৰ গল্পটোত হুইল চেয়াৰত বহি থকা বৃষ্টি নামৰ সৰু ছোৱালী এজনীৰ মনৰ ভাবৰ লগে লগে নামবৰ অৰণ্যখন কেনেদৰে দিনক দিনে ধ্বংস হৈ আহিছে তাৰ বৰ্ণনা আছে। “ককাকে কৈছে- যোৱা শতিকাত সেই সকলোবোৰ জীৱ-জন্তুৱেই নামবৰ হাবিত আছিল। আৰু শাল, চেগুন, শিশু আদি নাম জনা-নজনা বহুমূলীয়া গছেৰে ভৰি আছিল গোটেই হাবি।……. এতিয়া নামবৰ হাবিৰ নামটোহে আছে, হাবি নাই। তাৰ ঠাইত গঢ়ি উঠিছে ‘কলম্বিয়া প্লাষ্টিক লিমিটেড।” নামবৰ হাবিৰ এই ধ্বংসাৱশেষে শিশু এটাৰ মনত কিদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে তাৰ সুন্দৰ উদাহৰণ ‘গ্ৰাস’।

          অসমীয়া সাহিত্যত কবিতা, গল্পৰ উপৰি উপন্যাস সাহিত্যতো পাৰিপাৰ্শ্বিক সমালোচনাৰ প্ৰভাৱ বিদ্যমান। সাম্প্ৰতিক সময়ৰ অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জিত বৰা, দিলীপ চন্দন আদি ঔপন্যাসিকে পাৰিপাৰ্শ্বিক সমালোচনা আগবঢ়োৱা দেখা যায়।

          উপসংহাৰত ক’ব পাৰি যে পাৰিপাৰ্শ্বিক সমালোচনা হ’ল সাহিত্যত পৰিৱেশ সম্পৰ্কে কৰা সমালোচনা। ই বিংশ শতিকাৰ সাহিত্যাকাশৰ নৱ্য ভাৱধাৰা। পৰিৱেশ বিনষ্টকৰণৰ ফলস্বৰূপেই সজাগ লেখকৰ ৰচনাত পৰিৱেশ সমালোচনাই গা-কৰি উঠিছে। ই সাহিত্যৰ যোগেদি হোৱা পৰিৱেশ সম্পৰ্কীয় এটি আন্দোলন। অসমীয়া সাহিত্যত পাৰিপাৰ্শ্বিক সমালোচনাৰ এখন বৃহৎ ক্ষেত্ৰ আছে। এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন।

[প্ৰৱন্ধটি প্ৰস্তুত কৰোঁতে এই সম্পৰ্কীয় বিভিন্নজনৰ প্ৰৱন্ধ আৰু প্ৰসংগ পুথিৰ সহায় লোৱা হৈছে]

জয়ন্ত শইকীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *