পূৰ্ণানন্দ স্মৰণঃ কেইটামান স্কেছ

পূৰ্ণানন্দ দত্ত মাধৱদেৱ মহাবিদ্যালয়ৰ জন্ম-লগ্নৰ প্ৰাণ শক্তি আছিল। তেতিয়া মহাবিদ্যালয়খনৰ নাম আছিল ‘নাৰায়ণপুৰ কলেজ’। দত্তদেৱ নাৰায়ণপুৰ কলেজৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক। তেখেতৰ লগত অংগাংগীভাৱে জড়িত হৈ আছিল খগেন গোস্বামী, প½ বৰা আদি কেবাজনো ব্যক্তি।

          এই লেখক সেই সময়ত লক্ষীমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ আছিলো। সেই সময়ৰ লক্ষীমপুৰৰ বিধায়ক মহানন্দ বৰাদেৱৰ লগত আমাৰ এক পাৰিবাৰিক সম্পৰ্ক আছিল আৰু সেই সূত্ৰে মই তেখেতৰ ঘৰত থাকি অধ্যয়ন কৰিছিলো। সেয়েহে সেই সময়ৰ লক্ষীমপুৰ জিলাৰ অনেক গণ্য-মান্য ব্যক্তিক লগ পোৱাৰ আমাৰ সৌভাগ্য ঘটিছিল। স্মৃতিৰ মণি-কোঠৰপৰা পূৰ্ণানন্দ দত্তদেৱৰ লগত সম্পৰ্কিত কেইটিমান কথা উনুকিয়ালো।

          নিয়মবিহীন নিয়মঃ

          আমি সকলোৱেই তেতিয়া মজিয়াত পীৰা পাৰি ভাত খাওঁ। বিধায়ক হ’লেও মহানন্দ বৰাদেৱৰ ঘৰতো একেই নিয়ম। সেইদিনা পূৰ্ণানন্দ দত্তদেৱ বৰাদেৱৰ ঘৰত আলহী। আচলতে ‘আলহী’ শব্দটো দত্তদেৱ আৰু বৰাদেৱৰ সম্পৰ্কৰ ক্ষেত্ৰত মুঠেও গ্ৰহণযোগ্য নহয়। তথাপি আমি ডেকাচামৰ বাবে তেখেত ‘আলহী’। যিকোনো সময়তে দত্তদেৱ বৰাদেৱৰ ঘৰত উপস্থিত হয়। যি কি নহওক– ভাত খাবৰ সময় হোৱাত দত্তদেৱক ভাত খাবলৈ মাতিলো।

          দত্তদেৱে মোক জীৱন বুলিয়েই মাতিছিল। ভাত খাবলৈ মাতোতে তেখেতে ক’লে– “অ’ জীৱন, চেঃ কথা এটা হ’ল নহয়। মই কালিও গা-ধুবলৈ নহ’ল আৰু আজিও নহ’ল। তাতে আজি অলপ বিধূতি হ’লো। হাত-ভৰিবোৰ ধুলো বাৰু। হ’ব দে- ব’ল” বুলি কৈ দত্তদেৱ ভাতৰ পাতত বহিল। মোৰ মনত খু-দুৱনিৰ এজোলোকা ডাৱৰ ভাঁহিল।

          ভাত খাই দত্তদেৱ বিচনাত পৰিল। আমি আহৰি হোৱালৈ বোধহয় তেখেতৰ টোপনি আহিছিল। তথাপি মনৰ উকমুকনি নিৰসন নোহোৱাত তেখেতক মাতিলোগৈ– “মোমাইদেউ, টোপনি গ’ল নেকি·” তেখেতে সাৰ পাই ক’লে– “কি হ’ল জীৱন·” মই বোলো “আপুনি অথনি- কালিও গা-ধোৱা নহ’ল আৰু আজিও গা নোধোৱাৰ কথা ক’লে-। তাতে আকৌ বিধূতিৰ কথা ক’লে- একো বুজিব নোৱাৰিহে সুধিলো।”

          দত্তদেৱে ক’লে যে ৰাতিপুৱাই তেখেত ধলপুৰৰ ঘৰৰপৰা ওলাই পথাৰেদি পোনাই নাৰায়ণপুৰৰ ফালে খোজ কাঢ়ি আহি আছিল। বাটতে তেখেতে এগৰাকী দূৰ সম্পৰ্কীয় তিৰোতাৰ মৃত্যু হোৱা বুলি শুনি মানুহঘৰত সোমাই একেবাৰে মৰিশালি পালেগৈ। তাৰপৰা চৰাই দলনি হৈ ওলাই ৰাষ্ট্ৰীয় পথেৰে নাৰায়ণপুৰৰ ফালে খোজ কাঢ়ি আহি থাকোঁতে বাটতে গাড়ী পাই লক্ষীমপুৰ পালেহি। সামাজিক দায়িত্ব পালন দত্তদেৱৰ জীৱনৰ ব্ৰত। কিন্তু সামাজিক নীতি-নিয়ম, ধূতি-বিধূতিয়ে তেখেতৰ দায়িত্ব পালনত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। মৰিশালীৰপৰা অহা বিধূতি গাৰেই তেখেতে নিজৰ দেহলৈ অকণো গুৰুত্ব নিদিয়াকৈ সামাজিক কাম কৰি ফুৰে।

          ২৪xজ্জ

          দত্তদেৱ তেতিয়া মাধৱদেৱ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কামত দিনে ৰাতিয়ে ব্যস্ত। এদিন তেখেতে কেইজনমান ব্যক্তিৰ লগত কিবা কথা আলোচনা কৰি আছিল। লগত খগেন গোস্বামীও আছিল। হঠাতে কিবা এটা বিশেষ কামত তাৎক্ষণিকভাৱে তেতিয়াৰ ৰাজধানী শ্বিলঙলৈ যাব লগা হ’ল। খগেন গোস্বামীদেৱকো লগত ওলাবলৈ ক’লে। গোস্বামীদেৱে ‘ঘৰৰপৰা এপাক আহোঁ’ বুলি ক’লে। দত্তদেৱে ক’লে যে ঘৰলৈ গ’লে যোৱাটো দেৰি হ’ব। তেতিয়া গোস্বামীদেৱে পোন্ধৰ মিনিটৰ ভিতৰতে ঘৰৰপৰা পাবহি বুলি জনালে। দত্তদেৱে ক’লে যে পোন্ধৰ মিনিটৰ ভিতৰতে ঘূৰি আহিব লগাকৈ ঘৰত কি কাম আছে যে নগ’লে নহয়। তেতিয়া গোস্বামীদেৱে ক’লে যে কাপোৰ সাজ সলাইয়ে আহিব।

          দত্তদেৱে গোস্বামীদেৱক যাবলৈ দিলে যদিও কিছু ব্যঙ্গ্যৰ সুৰত ক’লে যে শ্বিলঙৰ কোনোবা ৰজাৰ ৰাজকীয় অনুষ্ঠানলৈ যাব নেকি যাৰ কাৰণে ঘৰৰপৰা ৰাজ-পোছাক পিন্ধি আহিব লাগে। লগতে দত্তদেৱে এইটোও ক’লে যে তেখেতৰ হাতত ঘড়ী যিহেতু নাই, সেই কাৰণে পোন্ধৰ মিনিট কেতিয়া হ’ব তেওঁ সঠিককৈ নাজানিব। সময় হোৱা যেন অনুমান হ’লে তেওঁ কিন্তু যাবগৈ।

          কোনোবা এজনে দত্তদেৱকো এপাক ঘৰত সোমাব নেকি সোধাত ক’লে– “মই ঘৰত সোমাব লগা একো নাই। ঘৰৰপৰা কাপোৰ-কানি ল’বলৈকো মোৰ তেনে কোনো কাপোৰ নাই। পিন্ধি থকা সাজযোৰ ‘দেৱ’ [‘দেৱ’ মানে দেৱকান্ত বৰুৱা, সেই সময়ৰ অসমৰ শিক্ষামন্ত্ৰী]ৰ ঘৰত পেলাই তাৰ ভাগৰ কাপোৰ এসাজ পিন্ধি উভটি আহিম।” আমি শুনি কেৱল অবাক হোৱাৰ পাল।

          খনিৰ সন্ধানতঃ

          মই তেতিয়া মহানন্দ বৰাদেৱৰ ঘৰতে আছো। এদিন দত্তদেৱ তালৈ গৈ বৰাদেৱৰ লগত বহুত সময় কথা পাতিলে। অন্তৰ্দেশীয় পত্ৰ এখনত কিবা চিঠি এখন লিখিলে। হঠাতে মোক মাতিলে। মই দত্তদেৱৰ ওচৰত উপস্থিত হোৱাত মোক ক’লে– “এইখনত মই কোৱামতে ঠিকনাটো লিখচোন। আৰু শুন, ঠিকনা লিখা ঠাইখিনিৰ ওপৰত হুত্মণ্ডড্ৰত্ত্বথ্ব বুলি লিখি ৰঙা চিয়াহীৰে তলত আঁক মাৰি দে।” ঠিকনা তেখেতে কৈ গ’ল– “মাননীয়, শ্ৰীযুত দেৱকান্ত বৰুৱা, শিক্ষামন্ত্ৰী, অসম চৰকাৰ . . . , শ্বিলং।” মোক ক’লে– “ইয়াত আঠা বিচাৰি থাকিব নালাগে, ডাকঘৰতে পাবি। সোনকালে এইখন পঠাই থৈ আহ। নাৰায়ণপুৰ কলেজ চলাবলৈ ঢেৰ পইচা লাগে অ’।”

          মই ডাকঘৰলৈ বুলি খোজ ল’লো। মনতে ভাবিলো শিক্ষামন্ত্ৰীলৈ এনেকৈ চিঠি এখন দিলেই বাৰু পূৰ্ণানন্দ দত্তক শিক্ষামন্ত্ৰীয়ে টকা দিবনে· ব্যৱস্থাটো দেখি কিনো লিখিছে বুলি চিঠিখন চালো। চিঠিখনৰ পাঠ এতিয়াও মোৰ মনত আছে।–

          মৰমৰ দেৱ,

          আশাকৰো ভালে আছ।

          নাৰায়ণপুৰ কলেজ পাতিবলৈ পইচা লাগে। টকা অলপ পঠিয়াবি।

          ইতি

          তোৰ পূৰ্ণ।

চিঠিখন পঢ়ি মনে মনে হাঁহিলো।

          কেইদিনমানৰ পিছৰ কথা। সেইদিনা ঘৰত মহানন্দ বৰাদেৱ নাছিল। পিয়নে চিঠি দি গ’লহি। চালো এখন চিঠি শ্বিলঙৰপৰা আহিছে। প্ৰেৰক দেৱকান্ত বৰুৱা। মহানন্দ বৰাদেৱৰ মাৰফৎ পূৰ্ণানন্দ দত্তদেৱলৈ লিখিছে। চিঠিখন দেখি মনটো থৌকি-বাথৌ লাগিল। কি লিখিছে চিঠিখনত· টকা বিচাৰি পূৰ্ণানন্দ দত্তদেৱে দেৱকান্ত বৰুৱাদেৱলৈ লিখা চিঠিৰ উত্তৰ নে অন্য কিবা· ইফালে মহানন্দ বৰাদেৱো ঘৰত নাই। দুদিনৰ পিছতহে পাবহি। মনতে বুদ্ধি এটা খেলালে।

          চিঠিখন নি মোৰ বিচনাৰ তলৰ সেমেকা মাটিত চিঠিৰ আঠাদিয়া অংশখিনি মাটিত লগাই ওপৰত শিলগুটি এটাৰে হেঁচনি দি কলেজত ক্লাছ কৰিবলৈ গ’লো। আহি চিঠিখন চাই দেখিলো আঠাখিনি কুমলিছে যদিও চিঠিখন সম্পূৰ্ণকৈ খুলিব পৰা হোৱা নাই। চিঠিখন পুনৰ তেনেকৈয়ে বিচনা তলৰ মাটিত হেঁচা দি থ’লো।

          ৰাতি ভাত-পানী খাই চিঠিখন চাওঁতে দেখিলো চিঠিখন খুলিব পৰা হ’ল। খুলি সন্তৰ্পণে পঢ়িবলৈ ল’লো।–

          মৰমৰ পূৰ্ণ,

          আশাকৰো ভালে আছ।

          টকা পঠাব পৰাকৈ ফাণ্ডত টকা নাই। তথাপি . .[অমুক] ফাণ্ডৰপৰা টকা কেইটামান পঠালো। ট্ব. ড্ড.ত্থৰ তাত খবৰ কৰিবি।

          ইতি

          তোৰ দেৱ।

          মই শিলপৰা কপৌৰ দৰে হ’লো।

          চিঠিখন শুকুৱাৰ পিছত পুনৰ আঠা দি মহানন্দ বৰাদেৱৰ চিঠি-পত্ৰ অহা ঠাইত থৈ দিলো।

          কি যে এক সাংঘাটিক মানুহ আছিল পূৰ্ণানন্দ দত্ত মানুহজন।

— জীৱন ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষক, ফুলনিখাত হাইস্কুল

Leave a Reply

Your email address will not be published. Required fields are marked *