বেদান্ত আৰু ভাগৱত ধৰ্ম

প্ৰাক কথনঃ

      ভাৰতীয় প্ৰাচীন সনাতন ধৰ্মৰ মূল বেদ। বেদ ঋষি-মুনিসকলৰ অনন্ত তপস্যাৰ ফল। বেদ চাৰি প্ৰকাৰৰ [ৰ] সংহিতা, [2] ব্ৰাহ্মণ, [3] আৰণ্যক আৰু [চ্ছ্ৰ] উপনিষদ বা বেদান্ত।

[ৰ] সংহিতাঃ ঋক, সাম, যজু, অথৰ্ব বেদ।

[2] ব্ৰাহ্মণঃ যাগ-যজ্ঞাদিৰ ব্যাপক অনুষ্ঠানৰ বিশদ বিৱৰণ থকা গ্ৰন্থৰাজিক ব্ৰাহ্মণ বোলে। প্ৰত্যেকখন বেদৰে বেলেগ বেলেগ ব্ৰাহ্মণ আছে।

[3] আৰণ্যকঃ গুৰুৱে শিষ্যসকলক উপাসনাৰ বাবে যিবোৰ তত্ব আগবঢ়াইছিল, সেইবোৰেই আৰণ্যক নামৰ গ্ৰন্থত বৰ্ণিত হৈছে।

[চ্ছ্ৰ] উপনিষদঃ উপনিষদত জ্ঞানৰ আলোক সন্ধান কৰা হৈছে।

      অৰ্থাৎ উপনিষদ হল জ্ঞানকাণ্ড। বৈদিক যুগৰ শেষ সাহিত্যৰাজিয়েই উপনিষদসমূহ। বেদৰ বিচাৰসমূহ বিৱৰ্তনৰ মাজেদি আহি উপনিষদত চূড়ান্ত ৰূপ লয়। সেয়ে উপনিষদক বেদান্তও বোলা হয়। উপনিষদ বিভিন্ন দাৰ্শনিক তত্ব, আধ্যাত্মিক আলোচনাৰে সমৃদ্ধ। পদ্য আৰু গদ্য দুয়োবিধতে উপনিষদ ৰচিত। পদ্যত ৰচিতসমূহ হৈছে ঈশ, কেন, কঠ, মূণ্ডক, শ্বেতাশ্বতৰ ইত্যাদি। গদ্যত ৰচিতসমূহ হৈছে ছান্দোগ্য, বৃহদাৰণ্যক, ঐতেৰীয়, মাণ্ডুক্য প্ৰভৃতি। উপনিষদৰ মূল প্ৰতিপাদ্য বিষয় হ নিগুণ ব্ৰহ্ম, ঈশ্বৰত্ব, জীৱতত্ব, সৃষ্টিতত্ব আৰু মোক্ষ তত্ব। উপনিষদতে বৈদিক যুগৰ দাৰ্শনিক আলোচনা, আধ্যাত্মিক চিন্তাধাৰাৰ সৰ্বোচ্চ স্ফূৰণ পৰিলক্ষিত হয়। জীৱৰ মোক্ষ লাভৰ উপায় হল ব্ৰহ্মজ্ঞান বা পৰাবিদ্যা। উপনিষদৰ মতে ঈশ্বৰক জনাই হল বিদ্যা আৰু নজনাটোৱেই অবিদ্যা বা অজ্ঞানতা।

বেদান্তৰ স্বৰূপঃ

      বেদান্ত বা উপনিষদ শব্দটিৰ বু্যৎপত্তি হৈছে উপঋনি – সদঋক্কিপ; অৰ্থাৎ এনে পথ বা উপায় যি পথৰ দ্বাৰা মানুহে ভগৱানৰ উপঅৰ্থাৎ সমীপ্য বা ওচৰলৈ যাব পাৰে। শংকৰাচাৰ্যই উপনিষদ শব্দটোৰ ব্যাখ্যা এনেধৰণে কৰিছে সদ ধাতুৰ অৰ্থ জীৰ্ণ কৰা, বিনাশ কৰা আৰু গমন। নিমানে নিশ্চিত ৰূপ, নিঃশেষ। যি বিদ্যাই মানুহক জন্ম মৃতু্যৰ কাৰণ অজ্ঞান বা অবিদ্যাক নিঃশেষে জীৰ্ণ কৰে বা বিনষ্ট কৰে সেই বিদ্যাৰ নাম উপনিষদ। উপনিষদত ধৰ্ম সম্পৰ্কে দ-দ-দ এই তিনিটা দৰ উল্লেখ আছে। দম্যত, দত্ত, দয়ধ্বম। ইয়াৰ অৰ্থ হৈছে, দম্যত বা দম অৰ্থাৎ আত্মসংযম। দত্ত বা দান আৰু দয়ধ্বম বা দয়া এই তিনি গুণৰ অধিকাৰী নহলে ধৰ্মৰ ক্ষেত্ৰত কোনোৱেই আগবাঢ়িব নোৱাৰে।

      বেদান্ত বা উপনিষদত আত্মা আৰু পৰমাত্মাৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে। মই কোনবুলি প্ৰশ্ন কৰাৰ লগে লগে কোনো নামধাৰী এগৰাকী ব্যক্তি বুলি কোৱা হয়। প্ৰকৃততে মইআৰু মোৰদুটা পৃথক সত্বা। মই মানে আত্মা আৰু মোৰ মানে আত্মাৰ নিবাসস্থান। শৰীৰ হল আত্মাৰ ঘৰ। আত্মা ঘৰৰ নিবাসী। উদাহৰণস্বৰূপে চালকে গাড়ী চলাইছে। চালক আৰু গাড়ী দুয়োটা পৃথক বস্তু। সেইদৰে আত্মা হল চালক বা ৰথী আৰু শৰীৰ হল গাড়ী বা ৰথ। সহজ অৰ্থত কবলৈ গলে ভিতৰত থকা মইটোৱেই আত্মা। অৰ্থাৎ আত্মা শব্দৰ দ্বাৰা প্ৰাণীৰ আভ্যন্তৰীণ সত্বাটো বুজিব পাৰি। কঠোপনিষদত কৈছেআত্মানং ৰথিনং ৱিদ্ধি শৰীৰং ৰথমেৱতু। অৰ্থাৎ আত্মাক ৰথাৰোহী আৰু শৰীৰটোক ৰথ বুলি জানিবা।

      আত্মন শব্দৰ বহু ধৰণৰ দাৰ্শনিক আৰু তাত্বিক ব্যাখ্যা দিয়া হৈছে। প্ৰতিখন উপনিষদতে আত্মাৰ লক্ষণ, স্বৰূপ, আকাৰ, আকৃতি, ধৰ্ম, গুণাগুণ আদিৰ পৰিচয় দিবলৈ বহুতো আখ্যানৰ সহায় লোৱা হৈছে। ছান্দোগ্য উপনিষদত ইন্দ্ৰবিৰোচন সংবাদ, শেতকেতুৰ উপাখ্যান; বৃহদাৰণ্যক উপনিষদত যাজ্ঞবল্ক মৈত্ৰেয়ীৰ কাহিনী আদি। এই আখ্যানবোৰৰ দ্বাৰা নিজক  জনা বা বুজা সহজ হয়।

      প্ৰাচীন ভাৰতীয় সাহিত্যত ধৰ্মক দায়িত্ব আৰু কৰ্তব্য হিচাপে ব্যৱহাৰ কৰিছিল। সেয়ে কোৱা হৈছে পিতৃধৰ্ম, পত্নীধৰ্ম, ৰাজধৰ্ম ইত্যাদি। উপনিষদসমূহত গুৰুৱে শিষ্যক উপদেশ দিছিলসত্যংৱদ, অৰ্থাৎ সত্য কবা; ধমং চৰ, অৰ্থাৎ ধৰ্ম আচৰণ কৰিবা। ইয়াত বিচাৰৰ লগত আচাৰৰ সমন্বয় সাধনােই ধৰ্ম। বিবেচনাৰ দ্বাৰা পৰিচালিত হৈ সজগুণ আয়ত্ব কৰাই প্ৰকৃত ধৰ্ম।

      বেদান্তৰ মতে পৰমেশ্বৰ বা পৰম ব্ৰহ্ম এক এখণ্ড অব্যয়, অদ্বিতীয়, অচিন্তনীয় সত্বা। বিশ্ব ব্ৰহ্মাণ্ডৰ জড় আৰু চেতন সকলো পদাৰ্থ পৰমেশ্বৰৰ দ্বাৰাই সৃষ্টি হৈছে আৰু পৰমেশ্বৰতেই বিলীন হব। বিশ্ব ব্ৰহ্মাণ্ড তেওঁৰ বিৰাট চিৎ সত্বাৰ এটি ক্ষুদ্ৰ অংশ মাত্ৰ। ছান্দোগ্য উপনিষদত কোৱা হৈছেঐতদ্য তম্যমিদং সৰ্ব্বং তৎ সত্যং, স আত্মী তত্ব মসি।

      আত্মা আৰু পৰমাত্মা অভেদ্য এই কথা উপনিষদত সুন্দৰভাৱে পৰিব্যাপ্ত হৈছে। ইয়াকে উপনিষদৰ মহান বাক্য বুলিও কোৱা হয়। সেয়া হৈছে

ৰ] তত্বমসি, অৰ্থাৎ তুমিয়েই সেই ব্ৰহ্ম।

2] অহং ব্ৰহ্মাস্মি, অৰ্থাৎ ময়েই ব্ৰহ্ম।

3] সোচহং, অৰ্থাৎ তেৱেই মই।

চ্ছ্ৰ] অয়ং আত্মা ব্ৰহ্ম, অৰ্থাৎ এই আত্মাই সেই ব্ৰহ্ম।

      উপনিষদত এক পৰমাত্মাক নিগুণ আৰু সগুণৰূপে কল্পনা কৰি লোৱা হৈছে। এই বিশ্বপ্ৰপঞ্চ জগতখনৰ স্ৰষ্টা, পালক আৰু সংহাৰক হৈছে ঈশ্বৰ। বেদান্তত মায়াবাদৰ স্থান অতি গুৰুত্বপূৰ্ণ। মায়া ব্ৰহ্মৰ শক্তি। ব্ৰহ্মক আশ্ৰয় কৰি বা ভগৱন্তৰ শক্তিৰ দ্বাৰা মায়াক ৰোধ কৰিব পাৰি। ব্ৰহ্মজ্ঞান উদয় নোহোৱালৈকে মায়াৰ অস্তিত্ব আৰু প্ৰভাৱ থাকে। সূৰ্যৰ পোহৰে যেনেকৈ অন্ধকাৰ নাশ কৰে সেইদৰে আত্মজ্ঞান উদয় হলে মায়া বা অবিদ্যাও নাশ হয়। বেদান্তৰ মতে জ্ঞানৰ সহকাৰী সাধন হ ভক্তি, বৈৰাগ্য আৰু নিষ্কাম কৰ্ম। ভক্তি সহকাৰে নিষ্কাম কৰ্ম কৰোতাজনৰ চিত্ত শুদ্ধ হয়। চিত্ত শুদ্ধ হলে তত্ব জ্ঞানৰ উদয় হয়। ব্ৰহ্মতত্ব জ্ঞানৰ দ্বাৰা মোক্ষ লাভৰ পথ সুগম হয়। শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত একশৰণ নামধৰ্মৰ মতে ভগৱানক লাভ কৰিবৰ বাবে ভক্তিৰ প্ৰয়োজন। অকল মহাপুৰুষজনাই নহয়, ভাৰতৰ সকলো বৈষ্ণৱ আচাৰ্যই ভক্তিৰ মহিমা আৰু প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰিছে। ইয়াত ভগৱানৰ প্ৰতি কৰা অচলা ভক্তি আৰু প্ৰেমে একেই তাৎপৰ্য বহন কৰিছে।

      মুঠতে বেদান্তৰ মতে ব্ৰহ্মই সনাতন আৰু সত্য। গীতা শাস্ত্ৰয়ো ইয়াকেই প্ৰতিপন্ন কৰিছে। মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষাত আৰম্ভণিতে ব্ৰহ্মৰূপী সনাতন নাৰায়ণক প্ৰণাম জনাইছে। সেই নাৰায়ণেই গীতাৰ পুৰুষোত্তম আৰু ভাগৱতৰ পৰম ব্ৰহ্ম কৃষ্ণ

ভাগৱতৰ স্বৰূপঃ

      ভাগৱত শাস্ত্ৰ মুখ্যত মোক্ষ শাস্ত্ৰ হলেও ইয়াত সকাম, নিষ্কাম কৰ্মৰ বৰ্ণনা কৰি নিষ্কাম কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেইদৰে ইয়াত জ্ঞান আৰু অজ্ঞানৰো বিৱৰণ আছে। ভাগৱতৰ তৃতীয় স্কন্ধৰ পঞ্চম অধ্যায়ত তত্বজ্ঞানৰ বৰ্ণনা আছে। বিদুৰ আৰু মৈত্ৰেয়ীৰ কথোপকথনৰ পৰা এই বিষয়ে জানিব পাৰি। ভাগৱতত কৰ্ম, জ্ঞান, যোগ আদি বিভিন্ন মাৰ্গৰ সন্ধান দিলেও ভক্তি মাৰ্গৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্ৰীকৃষ্ণ আৰু উদ্ধৱৰ সংবাদত ভক্তিৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা দেখা যায়। মহাপুৰুষ মাধৱদেৱে ঘোষাত উল্লেখ কৰিছে

সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ

ইহাৰ অমৃত ৰস পাই।

পৰম সন্তোষে পান কৰিলে যি জনে

অন্যএ ৰসত ৰতি নাই।।

      ইয়াত ভক্তি ৰসৰ কথাহে উল্লেখ কৰা হৈছে। ই এক তৃপ্তিদায়ক অমৃতময় সুস্বাদু ফল। ভাগৱত শাস্ত্ৰত নৱধা ভক্তিৰ মাধ্যমেৰে কৃষ্ণৰ চৰণ বন্দনা কৰিবলৈ উপদেশ দিয়া হৈছে। মানুহৰ চতুবৰ্গ সাধনৰ উপায় মহাপুৰুষ শংকৰদেৱে জন সমাজত দি গৈছে। সেয়া হৈছে কৃষ্ণভক্তি। মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ ভাগৱতী ধৰ্মৰ মূল স্তম্ভ হৈছে গুৰু, দেৱ, নাম, ভকত। ইয়াত নামৰ মহিমা বিচাৰ কৰা হৈছে এই নাম হৈছে গুণবাচক তত্ব। ভগৱানৰ গাত সন্নিৱিষ্ট গুণসমূহৰ ওপৰত প্ৰতিষ্ঠিত। অৰ্থাৎ ভগৱানৰ গুণাৱলীয়েই নাম। নাম যে গুণহে এইষাৰ কথা ছান্দোগ্য উপনিষদত কোৱা হৈছে

নাম বা ঋগ্বেদা  যজুৰ্বেদঃ সামবেদ অৰ্থৰণস্বতৰ্থ

সৰ্পদেৱ জন বিদ্যা নামৈবেতন্দ্ৰ মোপা সস্বেতি।।

            ছান্দোগ্য উপ, জ্ঝ-2-চ্ছ্ৰ

      অৰ্থাৎ বেদ, বেদান্ত সকলোতে ভগৱানৰ নাম আৰু গুণৰ মহিমা প্ৰচাৰ হৈছে। উপনিষদসমূহত নামকেই উপাসনা কৰিবলৈ কোৱা হৈছে। আচলতে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোবোৰেই নাম। ব্ৰহ্ম যেতিয়া সকলোতে বিৰাজমান তেতিয়া নামো বিৰাজমান। সেইহেতুকে নাম আৰু ব্ৰহ্ম একেই, গতিকে মহাপুৰুষীয়া ধৰ্মতো গুৰু, দেৱ, নাম এই তিনিও এক।

      ভাগৱতত আত্মতত্বৰ বিষয়ে আলোচনা কৰা হৈছে। বাস্তৱিক অৰ্থত কৰ্মৰ দ্বাৰা মানুহৰ আত্মবিকাশ সম্ভৱ নহয়। প্ৰতিটো কৰ্মৰ লগতে ভাৱনা জড়িত হৈ থাকে। ভাৱনাৰ উৎপত্তি মানুহৰ অন্তঃস্থলত। চিন্তন আৰু মননৰ দ্বাৰাহে আভ্যন্তৰীণ সংযত আহে। শাৰীৰিক ব্যায়ামে শৰীৰৰ উন্নতি সধাৰ দৰে নিয়মিত সাধনাৰ দ্বাৰা সদ প্ৰবৃত্তিৰ উদ্ৰেক কৰি পঞ্চ ইন্দ্ৰিয়ক নিজৰ আয়ত্বলৈ আনিব পাৰি। সাধনাৰ উদ্দেশ্য হৈছে ৰিপুনাশ। কাম, ক্ৰোধ, লোভ, মোহ আদি কু-প্ৰবৃত্তিৰ ওপৰত বিজয়প্ৰাপ্ত কৰি, প্ৰীতি, ভক্তি, ত্যাগ, বুদ্ধি আদি গুণৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে নিজ আত্মাৰ উন্নতি সাধন হয়। ঈসাবাস্য উপনিষদৰ ৯ আৰু ১১ ত স্পষ্টভাৱে উল্লেখ আছেঅবিদ্যাৰ দ্বাৰা যিজনে ভৌতিকবাদৰ উপাসনা কৰে তেওঁ অন্ধকাৰলৈ যায় আৰু যিজনে কেৱল আধ্যাত্মবাদত ৰত হৈ থাকে তেওঁ আৰু বেছি অন্ধকাৰলৈ যায়। উদাহৰণস্বৰূপে পঞ্চভূতেৰে গঠিত শৰীৰটোক ভৌতিক বিজ্ঞানে উদ্ধাৰ কৰে। যেনেকৈ শৰীৰত ৰোগ হলে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ, ঠিক সেইদৰে শৰীৰৰ ভিতৰত থকা আত্মা বা চেতনাৰ স্বাদ লবলৈ গলে আধ্যাত্মিক জ্ঞানৰ সহায় লব লাগিব। ভাৰতীয় মনীষীসকলে যুগে যুগে ইয়াকেই প্ৰতিপন্ন কৰি আহিছে। উপনিষদত কোৱা হৈছেপূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণ সেৱা বশিষ্যতে। পূৰ্ণৰ পৰা পূৰ্ণ উলিয়াই ললে যি বাকী থাকে, সেয়াও পূৰ্ণই হয়।

      মহাপুৰুষ শংকৰদেৱে জীৱ আৰু আত্মাৰ তাৎপৰ্য ব্যক্ত কৰিছে এনেদৰে

তৈল মালৈ শলী ব¿হ্ন সংযোগ যাৱত।

দীপ হেন বুদ্ধিভাৱ প্ৰকাশে লোকত।।

দেহ-মন-কৰ্ম আত্মী যাৱত সংযোগ।

তাৱে জীৱ নাম থাকৈ দুখ কৰৈ ভোগ।।

অৰ্থাৎ তেল, তৈলাধাৰ মলা, শলিতা আৰু অগ্নি এই চাৰিৰো সংযোগ থকা পৰ্যন্ত দীপৰ জ্বলন কাৰ্য থাকে। তদনুৰূপ দেহ, মন, কৰ্ম আৰু আত্মাৰ সংযোগৰ দ্বাৰা জীৱই ধাৰণ কৰি আছে। দীপ নুমাই গলেও অগ্নিৰ যিদৰে নাশ নহ, জীৱৰ সংসাৰ নাশ হলেও আত্মাৰ নাশ নহয়। [বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ ৰচনাৱলী]

      দেহত থাকে যদিও আত্মাক দেখা নাযায়। ভক্তি কৰ্ষণৰ মাজেদি আত্মাক লগ পাব পাৰি। হৃদয়স্থ আত্মাক জানিবৰ বাবেই ভগৱন্তত শৰণ লোৱা একান্ত আৱশ্যক। এই শৰণ হৈছে ভগৱন্ত বা কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ, কাৰণ জীৱই বিচৰা অমৃতেই হৈছে আনন্দ। আনন্দৰ আধাৰ কৃষ্ণ, তেৱেই পৰম ব্ৰহ্মৰ অংশ আত্মানন্দ। জীৱই নিগুণ ব্ৰহ্ম আত্মাৰূপে আৰু সগুণ ব্ৰহ্ম দেহৰূপে ধাৰণ কৰিলেও আত্মাহে শ্বাশ্বত বা স্ব-প্ৰকাশিত। সেয়েহে আত্মাৰ উৎকৰ্ষ সাধনতহে ধৰ্মৰ প্ৰয়োজন। মহাপুৰুষ শংকৰদেৱেও কীৰ্তন ঘোষাত আত্মাৰ মহিমা প্ৰকট কৰিছে

সমস্ত ভূততে তুমি আছা হৃদয়ত

তত্ব নাপায় তোমাক বিচাৰে বাহিৰত

তুমিসে কেৱল সত্য মিছা সবে আন

জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।

            হৰমোহন খণ্ড

বেদৰ গুপ্তবিত্তগোকুলত কৃষ্ণলীলা, বৈদিক মহান ঋষিসকলৰ ব্ৰহ্মসূত্ৰ‘, উপনিষদত ব্ৰহ্মাহিচাপে প্ৰতিষ্ঠা কৰিছিল। ভাগৱত পুৰাণত নিগুন-সগুন ব্ৰহ্মৰ ভক্তি ভকতৰ প্ৰতি ভগৱন্তৰ প্ৰেম ভাস্বত ৰূপত প্ৰতিফলিত হৈছে। সেয়ে উপনিষদ, গীতা, ভাগৱতৰ ঈশ্বৰ, জীৱ জগত, স্বৰ্গ-পৰজীৱন, ভক্তি, মুক্তি আদিক মহাপুৰুষ শংকৰদেৱে ভক্তিৰসেৰে মথি এক সু-স্বাদু ফল ভাগৱতৰ দ্বাৰা পৰিৱেশন কৰালে। যি ফল ভক্ষণৰ দ্বাৰা জীৱই তৰণৰ উপায় পাব পাৰে। ঘোষাৰ মাজেদি জীৱ তৰণৰ দৰ্শনো দেখুওৱা হৈছে

শংকৰে সংশয় ছেদি  শাস্ত্ৰৰ তত্বক ভেদি

                 প্ৰচাৰিলা কৃষ্ণ ভকতি।    নামঘোষা

      মনস্তত্ববিদসকলৰ মতে জাগতিক ভাৱনাতকৈ ঈশ্বৰ ভৱনা সৰ্বোৎকৃষ্ট। ভাৱনাসমূহ উৎপন্ন হয় কাণেৰে অহৰহ শুনি থকা কথাবোৰৰ পৰা। সেয়ে মহাপুৰুষজনাই হৰিনাম শ্ৰৱণ কীৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। একান্ত মনে ভগৱানৰ গুণানুকীৰ্তন কৰিলে ব্যক্তিৰ স্বভাৱত দেৱত্ব প্ৰদান হয়। ই মনৰ এক ভৌতিক ধৰ্ম। সেয়েহে গুৰুজনাই ভকতৰ সঙ্গত হৰিকথা শ্ৰৱণ কীৰ্তনক জীৱৰ মুক্তিৰ সুখতকৈও শ্ৰেষ্ঠ বুলি কৈছে

যত স্বৰ্গসুখ তাতো মোক্ষ সুখ মূল।

ভকতৰ সংগৰ অল্পকো নুহি তুল।।    ভাগৱত

সামৰণিঃ

      সকলো আলোচনাৰ অন্তত আমি প্ৰতীয়মান হব পাৰো যে উপনিষদৰ নামতত্বকে পৰৱত¹ কালৰ ভক্তিবাদী ভাগৱত পুৰাণ, বিষ্ণু পুৰাণ, ½ পুৰাণ আদি পুৰাণসমূহে জনসাধাৰণৰ বোধগম্যৰ বাবেই ঈশ্বৰৰ নামকে ব্ৰহ্ম বুলি ব্যাখ্যা আগবঢ়াই নামৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে। ভক্তিবাদী পুৰাণসমূহৰ এই আদৰ্শকে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্মত আৰোপ কৰে। এনে কাৰণতে শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম নামধৰ্মৰূপে প্ৰৱৰ্তিত হল। শিক্ষাৰ প্ৰচাৰ নথকা সময়তে তেখেতে সকলোৰে বোধগম্য হব পৰাকৈ সংস্কৃত ভাষা আয়ত্ব কৰি সমূহ জনসাধাৰণৰ মংগলাৰ্থে সহজ সৰল ভাষাত ধৰ্মৰ গূঢ়াৰ্থসমূহ প্ৰচাৰ কৰি অসাধ্য সাধন কৰি গল। যাৰ অবিনাশী ফল আজি পাঁচশ বছৰ অতিক্ৰম কৰিও জাতি-বৰ্ণ নিৰ্বিশেষে সকলোৱে ভোগ কৰিবলৈ সক্ষম হৈছে।

জয় গুৰু শংকৰ  সৰ্ব গুণাকৰ

যাকেৰি নাহিকে উপাম।

তোহাৰি চৰণকো  ৰেণু শত কোটি

বাৰেক কৰোহো প্ৰণাম।।

শুশুশু

সহায়ক গ্ৰন্থঃ

ৰ। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ৰচনাৱলী শ্ৰীমন্ত শংকৰদেৱ সংঘ।

2উপনিষদ, বৰগীত আৰু নামঘোষাৰ তত্ব ৰহস্য বিপিন চুতীয়া

3ভাগৱত দৰ্পণ ডঙ্ম শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী

চ্ছ্ৰ। বেদান্ত আৰু বৈষ্ণৱ ধৰ্ম যোগীৰাজ বসু

প্ত। ঈশ্বৰ তত্বঃ বিজ্ঞান আৰু বিশ্বাস উমেশ বড়া

ছ। ধৰ্ম আৰু দৰ্শন ডঙ্ম প্ৰহ্লাদ কুমাৰ বৰুৱা

জ্জ। মহিয়সী মুকুৰ সম্পাদনা, ডঙ্ম ইন্দিৰা শইকীয়া বৰা

জ্জ্ব। সুন্দৰ জীৱনৰ সাধনা দেৱজিৎ শৰ্মা

জ্ঝ। ভকতি কিৰণ – স্মৃতিগ্ৰন্থ, শ্ৰীমন্ত শংকৰদেৱ সংঘ, দ্বি-আশীতিতম বাৰ্ষিক অধিৱেশন, বামুনী গাঁও, ২০১৩

নিকুঞ্জ বৰা দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *