সপোন

সপোন। এক নুবুজা শিহৰণ… সপোনৰ সংজ্ঞা বিচাৰি বাট বুলিছিলো তোমাৰ পদূলিলৈ। তুমি আহিছিলা; মোৰ জীক্টনৰ পদূলিত থিয় হৈ আগবঢ়াই দিছিলা সপোনৰ সংজ্ঞা। অবুজন নে বুজিও নুবুজা মই। উচুপিছিলা তুমি, অভিমানী হৈ পৰিছিলা। লাহে লাহে সপোনৰ সংজ্ঞা লৈ তুমি সোমাই আহিছিলা মোৰ পদূলিয়েদি মোৰ হৃদয়ৰ একোঠলীয়া ঘৰটোলৈ। আঁকি দিছিলা অনেক সপোন। সপোনৰ পাছে পাছে হাতত হাত ধৰি আমি দৌৰিছিলো মিঠা সপোনক বাস্তক্ট কৰিবলৈ। সপোনৰ ঠিকনা আকাশৰ সীমনা। গৈ গৈ ভাগৰ লগা অন্তহীন যাত্ৰা; ৰৈ গৈছিলা তুমি… হয়তো ভাগৰত ঢলি পৰিছিলা। নভক্টাকে, নজনাকে হঠাতে ভাগি পৰিছিল মিঠা সপোনৰ কাঁচঘৰ। অবুজ শিশুৰ দৰে উচুপিছিলো জীক্টনৰ গতি স্তব্ধ হোক্টাৰ বেদনাত। সপোন…। সপোনক কেক্টল সপোন হৈয়েই ৰক্সবলৈ দিব নোক্টাৰো। জীক্টনৰ বাটত হাৰিব নোখোজা মোৰ মন। দুচকুত অলেখ স্বপ্ন… দুবাহুত শক্তি, ৰণুক্টা ঘেঁাৰাৰ দৰেই দৌৰিব খোজো মই। সপোনে পূৰ্ণতা পাব, নীলিম আকাশত ৰামধেনু ওলাব… সপোনৰ মধুময় ক্ষণবোৰ বাস্তক্ট ৰূপ লক্সব; তাৰ বাবে মই ›তিশ্ৰুতিবদ্ধ।

— ৰাজীৱ ফুকন

Leave a Reply

Your email address will not be published. Required fields are marked *