সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা

শিক্ষা, সমাজ আৰু জাতি– এই শব্দ কেইটাৰ লগত আমাৰ পৰিচয় অনেক দিনৰ পৰা। শিক্ষা এনে এটা বিধান যাৰ দ্বাৰাই আমাৰ সৎ চৰিত্ৰ গঠন হয়। বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ দ্বাৰাই আমি আমাৰ দেশৰ সম্পদৰাজিক সুন্দৰভাৱে কামত খটুৱাবলৈ সমৰ্থ হ’ব পাৰোঁ। শিক্ষা গ্ৰহণ মানুহৰ জীৱন-জোৰা প্ৰস্তুতি। শিক্ষা জ্ঞান আহৰণৰ শ্ৰেষ্ঠ মাধ্যম।

          ব্যক্তিৰ সমষ্টিয়েই সমাজ। সামাজিক প্ৰগতিৰ অংশীদাৰ হিচাপে, সমাজৰ লগত মিলি যাবলৈ শিক্ষা আমাৰ শ্ৰেষ্ঠ সহায়ক। শিক্ষা অবিহনে এখন সুন্দৰ, সুস্থ-সৱল সমাজ পাব নোৱাৰোঁ। পৰিবৰ্তনশীলতা সামাজিক জীৱনৰ উল্লেখযোগ্য বৈশিষ্ট্য।

          জাতি গঠন আৰু পতনৰ শিক্ষা ইতিহাসৰ পৰাই দিব পাৰি। ধম¹য় শিক্ষাই জাতি গঠনত বিশেষভাৱে সহায় কৰে। অসমত শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ আৰু পীৰসকলে এই কাম কৰি গৈছে। আজিৰপৰা পাঁচশ বছৰৰো পূৰ্বে যিগৰাকী মহান অৱতাৰী পুৰুষে সুদূৰ কাম্যকুব্জৰ পৰা আহি অসমত থিতাপি লৈ নানা গোষ্ঠী, জাতি-উপজাতি তথা বিভিন্ন ধৰ্মাৱলম্বী লোকক একশৰণ নামধৰ্মৰ ডোলেৰে একত্ৰিত কৰি অসমীয়া জাতি গঢ় দি গ’ল, সেইগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ একান্ত শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ সহযোগত বিভিন্ন নাট, গীত, পদ, ভাওনা আৰু ভক্তিমূলক কীৰ্ত্তন, নামঘোষা, দশম, ৰত্নাৱলী আৰু মদ্ভাগৱত গীতাৰে এক বৃহৎ অসমীয়া জাতি গঢ়িলে। ভাগৱত আৰু গীতাৰ শিক্ষাই ভাৰতক জাতিবাদ, বৰ্ণবাদ, অস্পৃশ্যতা, আভিজাত্য, বৈষম্য আদি প্ৰতিকূল শক্তিবোৰক নিৰুৎসাহ কৰিলে। সমন্বয়বাদী ভাগৱত ৰচনা নোহোৱা হ’লে ভাৰতত ধম¹য় কন্দল চিৰদিনেই থাকিলেহেঁতেন, ভাগৱতৰ পৰমব্ৰহ্মই আল্লা আৰু গডৰ মৰ্যাদা পালে। ফলত ই বিশ্বধৰ্ম হৈ পৰিল।

          জাতিৰ উত্থান-পতনৰ কাৰণবোৰ বিশ্লেষণ কৰিলে আমি এই শিক্ষাই পাম যে ক্ষমতাৰ অপব্যৱহাৰ আৰু ব্যক্তিগত সুখ-সুবিধাই একোটা জাতিৰ পতনৰ কাৰণ হয়। ৰাজনীতিৰ পাকচক্ৰই এইবোৰৰ মূল কাৰণ। আনৰ বিৰুদ্ধে নিজক প্ৰতিষ্ঠা কৰাই ৰাজনীতিৰ উন্নতি আৰু আনৰ লগত মধুৰ সম্বন্ধ স্থাপন কৰাই জাতীয় উন্নতি। শিক্ষালয়বোৰত এনে শিক্ষাৰ প্ৰয়োজন।

          জ্ঞান আৰু বুদ্ধি একে নহয়। শিক্ষাত দুয়োৰে সমন্বয়ৰ প্ৰয়োজন। বুদ্ধিয়ে বৰ্ণনা দিয়ে আৰু জাতীয় বৈশিষ্ট্যবোৰৰ বুজ লয়। জ্ঞানে সেইবোৰৰ পৰা ঐক্য সাধনাৰ উপায় বিচাৰে। প্ৰত্যেক জ্ঞানেৰে এক বৌদ্ধিক সত্ত্বা আছে যাক এৰিষ্টটল আৰু ডাণ্টেই প্ৰজ্ঞা বুলিছিল। বিভেদকামীয়ে অনৈক্যৰ কথা ক’লে শিক্ষাই পৰম ঔচিত্য বা সামঞ্জস্যৰ কথা ক’ব। টুলুঙা যুক্তিৰে গোষ্ঠী সম্প্ৰদায়ৰ মাজত ভেদ অনাসকলৰ অধ্যয়নৰ পূৰ্ণতা নাই আৰু কৰিবৰ সাধ্যও নাই।

          শিক্ষা, সমাজ, জাতি এই শব্দকেইটাৰ লগত আমাৰ পৰিচয় অনেক দিনৰ। এইকথা পূৰ্বতে উল্লেখ কৰি অহা হৈছে। কাৰণ আমাৰ অতীত শিক্ষা ব্যৱস্থাত দেশ, সমাজ আৰু জাতি গঢ়াৰ আকাংক্ষাই অধিক আছিল। আনকি বিশ্বৰ জাতিপুঞ্জৰ মাজতো এক মধুৰ সম্পৰ্ক স্থাপন কৰিছিল শিক্ষাই। তক্ষশীলা, নালন্দা, বিক্ৰমশিলা, ধৰণিকোট, কাশী, নৱদ্বীপ আদি শিক্ষা কেন্দ্ৰবোৰত দেশ-বিদেশৰ ছাত্ৰ একত্ৰিত হৈ যুক্তজীৱন যাপন কৰিছিল। সেইকালৰ শিক্ষাইহে আজিও আমাৰ ধৰ্ম, দৰ্শন, মস্তিষ্ক বিকশাই আছে। সেই শিক্ষাই বিচাৰ আৰু লক্ষ্যত এক হ’বলৈ শিকাইছিল। আজিৰ পৰিৱৰ্তিত পৰিস্থিতিতো শিক্ষা আৰু শিক্ষিতে এনে ভাৱৰ নেতৃত্ব দিয়া প্ৰয়োজন। ৰাধাকৃষ্ণনে কৈছে– ঘোৰ ধাৰ্মিক আৰু সাম্প্ৰদায়িক সমস্যাৰে পীড়িত আজিৰ শিক্ষালয়বোৰে গভীৰভাৱে আলোচনা কৰি, উদাৰ ভাৱৰ প্ৰচাৰ কৰিব লাগে।

          শিক্ষাই জীৱনক সমাজৰ লগত সম্পৰ্ক ৰাখিবলৈ শিকায়। টলষ্টয়ে কৈছিল– শিক্ষাই সামাজিক জ্ঞানপ্ৰাপ্তিত সহায় কৰে আৰু এই জ্ঞানে সমাজৰ হিত সাধন কৰে। বাস্তৱ জ্ঞান কেৱল প্ৰত্যক্ষ ৰূপেহে হয়। স্কুল, অধ্যাপক, কিতাপতকৈ মাতা, পিতা, ঘৰ, কাম, বন, গাঁও, আকাশ, সমাজ, জাতিয়ে অধিক শিক্ষা দিয়ে। সেয়ে আমাৰ শিক্ষা ব্যৱস্থাত সমাজৰ কথা থাকিব লাগে। ৰবীন্দ্ৰনাথে তেখেতৰ ‘শিক্ষা’ নামৰ গ্ৰন্থত এই কথাকে কৈছে– আজি শিক্ষা আৰু সমাজৰ সংযোগী চিৰি নাই। দেশ আৰু জাতিক অস্বীকাৰ কৰা শিক্ষাৰ মূল্য ক’ত·

          মহাত্মা গান্ধীয়ে শিক্ষাক জীৱন আৰু জাতিৰ লগত সম্পৰ্ক থকা বস্তু বুলি কৈছে। তেখেতে সমাজৰ কল্যাণকাৰী আৰু বিশ্বমানৱৰ সেৱাৰ উপযোগী শিক্ষা প্ৰদানৰ পৰামৰ্শ দিছিল। শিক্ষাই শিক্ষিত সমাজৰ প্ৰয়োজনীয় সামগ্ৰীৰূপে তৈয়াৰ কৰিব লাগিব। শিক্ষালয়ত সমাজৰ অনুৰূপ সমাজ গঠনৰ বিষয় থাকিব লাগে। কাৰণ ই সমাজৰ অংগীভূত অনুষ্ঠান। শিক্ষাথ¹ জীৱনত বৃহৎ জাতি গঠনৰ মানসিকতা গঢ়ি উঠা দৰকাৰ। বিশেষ সম্প্ৰদায়ৰ কাৰণে সুকীয়া ছাত্ৰাবাসৰ ব্যৱস্থা কৰাটো অনুচিত। বিদ্যালয়সমূহত বিদ্যাথ¹য়ে একেলগে খোৱা, ফুৰা-চকা, মনৰ ভাৱ আদান-প্ৰদানৰ সুবিধা থকা ভাল। তেহে এজনে আনজনৰ অন্তৰ স্পৰ্শ কৰিব পাৰিব।

          নক’লেও হ’ব যে আজিৰ শিক্ষা কেৱল আজ্ঞা পালনৰ শিক্ষা। শিক্ষাথ¹সকলক স্বতন্ত্ৰভাৱে কাম কৰাৰ সুযোগ দিয়া নাই। গীতাত গুৰুৱে শিষ্যক যথা ই2ছতি তথা কুৰু; অৰ্থাৎ– নিজ অভিলাষমতে কাম কৰিবলৈ কৈছে। সমাজ বা জাতিৰ হকে কাম কৰিব খোজাসকলক এই শিক্ষাই নিৰুৎসাহ কৰে।

          ভাষাৰে এটা জাতিক গঢ় দিয়া হয়। ভাষাৰ কাম হৃদয়ৰ লগত হৃদয়ক সংযোগ কৰা। ভাৰতৰ ভাষাবোৰে একো একোটা জাতি গঠনত সহায় কৰি আহিছে। সেয়ে ভাষা-সংস্কৃতিৰ শিক্ষা জাতীয় চৰিত্ৰ আৰু জাতি গঠনৰ লগত যুক্ত হোৱা উচিত।

          অতীতপ্ৰীতিয়ে আমাক আজি বাৰুকৈয়ে পীড়িছে। কিন্তু অতীত কেতিয়াও ভৱিষ্যত হ’ব নোৱাৰে। আমাৰ অতীত বৈচিত্ৰ্য আৰু ঐতিহ্যত আনন্দ আছে হয়, কিন্তু এই আনন্দই অতীতৰ খণ্ডিত সমাজলৈ নিব নালাগে। যি সময়ত পৃথিৱী আমাৰ ঘৰ হ’ল সেই সময়ত আমি খণ্ডিত সমাজৰ কথা ভাব্বিই নোৱাৰোঁ। বৃহৎ পৃথিৱীত ক্ষুদ্ৰ জাতিসত্ত্বাৰ অস্তিত্ব নাইকিয়া হৈ আহিছে। সংযুক্ত হ’লে আমাৰ কি লাভ হয় তাক ইতিহাসৰ পৰা জানিব পাৰোঁ। আমি কোন· ক’ত আছিলোঁ· কোন ভূমিপুত্ৰ, কোন আলহী আদি আঁহফলা কথাৰে জাতিধ্বংস হয়। পৃথিৱীৰ সকলো লোকেই অতীতত অঘৰী আছিল। আৰু মানুহৰ প্ৰজাতিও এটাই। এতিয়া সংজ্ঞাৰ যুগ নাই, মিলনৰ যুগ, দিয়া আৰু লোৱাৰ যুগ। ইতিহাসৰ দ্বiদ্ব, সংঘৰ্ষ, যুদ্ধ, জয়-পৰাজয়ৰ কাহিনীৰ ঠাইত বুদ্ধ, অশোক, জনক, যীশু, নানক, মহম্মদ, ছক্ৰেটিচ, মাহাত্মা গান্ধীৰ আদৰ্শ ৰখাৰ নিতান্তই প্ৰয়োজন। কাৰণ এইসকল মহান শিক্ষক। এইসকলৰ শিক্ষাত প্ৰতিষ্ঠিত সমাজ, জাতি, দেশ আজিও দৃঢ় হৈ আছে। শিক্ষাৰূপী অস্ত্ৰক সাৱধানে ব্যৱহাৰ কৰিব নোৱাৰিলে সকলোৰে অমংগল হ’ব।

          শিক্ষাত নীতিবোধ, জাতিবোধ নাথাকিলে কোনো আইন ব্যৱস্থা টিকি থাকিব নোৱাৰে। জাতি গঠন কথাৰে নহয়, কামেৰে আদৰ্শৰে হয়। গান্ধীজীয়ে যি কৈছিল সেয়া কৰিছিল। সেইবাবে সেই ছল্লিচ কোটি জনতাই বিনা প্ৰতিবাদে তেখেতক অনুকৰণ কৰিছিল। সমগ্ৰ দেশ এটা জাতি হৈছিল। গতিকে সত্যৰ পিনে আগুৱাই যোৱাই শিক্ষাৰ লক্ষ্য। আৰু সত্য ৰক্ষাৰ কাৰণে ত্যাগ, আনকি প্ৰাণ দিয়াজনেই দেশ বা জাতি গঢ়িব পাৰে। ছক্ৰেটিচ, যীশু, মহাত্মাই যিদৰে প্ৰাণ দিছিল।

          আজি আমি জাতীয় জীৱনৰ সংকটৰ সময়ত আছোঁ। এই সংকটৰ পৰা ৰক্ষা কৰাটো শিক্ষা আৰু শিক্ষিতৰ দায়িত্ব। আজি শিক্ষাই সাৱধানে খোজ ল’ব লাগিব আৰু শিক্ষিতে সচেতনতাৰে ক’ব আৰু লিখিব লাগিব। সংকট উপস্থিত হ’লে মাৰ বান্ধি ঠিয় দিয়াটো আমাৰ পৰম্পৰা আৰু ইতিহাসৰ শিক্ষা। সেয়েহে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা অপৰিহাৰ্য।

— মাধৱ দত্ত

Leave a Reply

Your email address will not be published. Required fields are marked *