সতীৰ্থ - অসমীয়া সাহিত্য অসমীয়া ভাষাৰ এক ই-প্ৰয়াস

অংকীয়া নাটৰ বৈশিষ্ট্য বা অংকীয়া নাটৰ লক্ষণ সমূহ

অংকীয়া নাটৰ বিষয়ে ‘অংকীয়া নাট কাক বোলে‘ নামৰ প্ৰৱন্ধত কিছু আলোচনা কৰা হৈছে।

সেয়ে ইয়াত সেই বিষয়ে আলোচনা নকৰি পোনে পোনে অংকীয়া নাট সমূহৰ বৈশিষ্ট্য বা লক্ষণ সমূহৰ বিষয়ে আলোচনা কৰা হ‘ল।

মহাপুৰুষে অংকীয়া নাট ৰচনা কৰিবৰ সময়ত বিভিন্ন উৎসৰ পৰা নাটৰ উপাদানসমূহ সংগ্ৰহ কৰা দেখা যায়।

তাৰে ভিতৰত সংস্কৃত নাট, থলুৱা লোক-অনুষ্ঠান যেনে ওজাপালি, পুতলা নাচ, বা অন্যান্য অভিজ্ঞতা সম্ভূত উপাদান।

এই সমূহ উপাদানৰ ওপৰত নিৰ্ভৰ কৰিলেও সম্পূৰ্ণ স্বকীয় বৈশিষ্ট্যৰে অংকীয়া নাট সমূহ মহিমামণ্ডিত।

নাট ৰচনাৰ সকলো ধৰণৰ উপাদানলৈ উপাদানলৈ লক্ষ্য কৰিলে কেইটামান বিশেষ বৈশিষ্ট্য অংকীয়া নাটৰ ক্ষেত্ৰত চকুত পৰা দেখা যায়।

অংকীয়া নাটৰ বৈশিষ্ট্য বা লক্ষণ

১) সূত্ৰধাৰৰ প্ৰাধান্য

২) গীত, শ্লোক, ভটিমা, পয়াৰ আদিৰ প্ৰয়োগ

৩) নৃত্যৰ প্ৰয়োগ

৪) ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাৰ সংলাপত প্ৰয়োগ

৫) লয় যুক্ত গদ্যৰ ব্যৱহাৰ

৬) ভক্তি ৰসৰ প্ৰাধান্যতা

১) সূত্ৰধাৰৰ প্ৰাধান্য

সংস্কৃত নাটকৰ সূত্ৰধাৰৰ আৰ্হিতেই অংকীয়া নাটত সূত্ৰধাৰৰ প্ৰয়োগ কৰা হৈছে।

কিন্তু অংকীয়া নাটৰ সূত্ৰধাৰক মহাপুৰুষে সম্পূৰ্ণ নিজা শৈলীৰে উপস্থাপন কৰা দেখা গৈছে।

দেখা যায় যে, সূত্ৰধাৰেই হ‘ল অংকীয়া নাট এখনৰ মূল।

নাট এখনৰ আৰম্ভণিৰ পৰা শেষলৈকে থাকি সূত্ৰধাৰে নাটৰ সকলো দিশ পৰিচালনা কৰে।

ড০ সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে, ‘অংকীয়া নাটৰ সূত্ৰধাৰ একেধাৰে গায়ক, নৰ্তক, পৰিস্থিতি ব্যাখ্যাকাৰী, আৰু অভিনয় পৰিচালক‘

সূত্ৰধাৰে অংকীয়া নাট এখনত বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে।

তাৰে ভিতৰত কেইটামান হ‘ল এনেধৰণৰ –

১) নান্দী শ্লোক পাঠ।

২) প্ৰাৰম্ভিক ভটিমা গোৱা।

৩) ভক্তিমূলক নৃত্য পৰিবেশন।

৪) নাটৰ নাম আৰু অভিনয়ৰ ফল কথন।

৫) গীত বা কথাৰ মাধ্যমেৰে মঞ্চত ভাৱৰীয়া সকলৰ প্ৰবেশ ঘটোৱা।

৬) সকলো ভাৱৰীয়াৰ পৰিচয় দিয়া।

৭) নাটখনৰ হ‘বলগীয়া ঘটনা তথা পৰিস্থিতিসমূহ গীত বা কথাৰ মাধ্যমেৰে প্ৰকাশ কৰা।

৮) নাটৰ চৰিত্ৰ সমূহৰ প্ৰবেশ ঘটোৱাই কি কৰিব লাগিব বা কি ক‘ব লাগিব তাক নিৰ্দেশ দিয়া।

৯) অভিনয় সম্ভৱ নোহোৱা ঘটনাৰ বিৱৰণ দিয়া।

১০) মুক্তি মঙ্গল ভটিমাৰ যোগেদি নাটৰ সমাপ্তি ঘটোৱা।

২) গীত, শ্লোক, ভটিমা, পয়াৰ আদিৰ প্ৰয়োগ

গীতৰ প্ৰচুৰ প্ৰয়োগ হ‘ল অংকীয়া নাটৰ এটি বিশেষ লক্ষণ।

অংকীয়া নাট এখনৰ আৰম্ভণিৰ পৰা শেষলৈকে বিভিন্ন ঘটনা পৰিঘটনাক গীতৰ মাজেদিয়েই প্ৰকাশ কৰা হয়।

নাটৰ প্ৰতিটো ঘটনা বা পৰিস্থিতিকে প্ৰথমে শ্লোকৰ সহায়ত আৰু তাৰ পিছত গীতৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়।

শ্লোক সমূহ সূত্ৰধাৰে সংস্কৃতত আবৃত্তি কৰে।

অংকীয়া নাটত কেইবা প্ৰকাৰৰ গীতৰ প্ৰয়োগ হোৱা দেখা যায়।

সেইবোৰ হৈছে –

ক) চৰিত্ৰ সমূহৰ প্ৰবেশৰ গীত।

খ) চৰিত্ৰৰ অনুভূতি সমূহ প্ৰকাশ আৰু কাহিনী বুজাবলৈ গোৱা গীত।

গ) সামৰণি গীত।

গীতৰ লগতে ভটিমাৰ প্ৰয়োগ হোৱা দেখা পোৱা যায়।

অংকীয়া নাটত সাধাৰণতে দুই প্ৰকাৰৰ ভটিমাৰ প্ৰয়োগ হোৱা দেখা যায়।

প্ৰথম, নাটৰ আৰম্ভণিৰ ভটিমা আৰু দ্বিতীয়, মুক্তিমঙ্গল ভটিমা।

আকৌ তিনি প্ৰকাৰৰ ভটিমাই অংকীয়া নাটত প্ৰাধ্যনতা পায়।

ক) দেৱ ভটিমা,

খ) ৰাজ ভটিমা আৰু

গ) নাট ভটিমা

৩) নৃত্যৰ প্ৰয়োগ

নৃত্যৰ প্ৰয়োগ অংকীয়া নাটৰ এটি বিশেষ বৈশিষ্ট্য।

নাটখনৰ সকলো চৰিত্ৰয়েই নৃত্যৰ যোগেদি প্ৰবেশ বা প্ৰস্থান কৰে।

ইয়াৰোপৰি বিভিন্ন যুদ্ধ-বিগ্ৰহ আদিও নৃত্যৰ যোগেদিয়েই প্ৰকাশ কৰা হয়।

সূত্ৰধাৰেও নান্দী ভটিমা আদি গোৱাৰ পিছত নৃত্য কৰে।

উল্লেখ কৰিব পাৰি যে, এই নৃত্য সমূহ কেনে ধৰণৰ হ‘ব সেয়া নাট সমূহত উল্লেখ নাথাকে।

চৰিত্ৰ অনুসৰি নৃত্যৰ ভংগিমা সমূহ বেলেগ বেলেগ হয়।

কৃষ্ণৰ প্ৰবেশৰ নৃত্য আৰু শিশুপালৰ নৃত্যৰ ভংগিমা বেলেগ হয়।

একেদৰে নৃত্যত প্ৰয়োজনীয় তালৰ মাত্ৰাও চৰিত্ৰভেদে বেলেগ বেলেগ হয়।

নৃত্য বাদ দি অংকীয়া নাট প্ৰদৰ্শনৰ কথা চিন্তা কৰিবই নোৱাৰি।


পৰৱৰ্তী অংশৰ বাবে অপেক্ষা কৰক


ইয়াৰ লগতে পঢ়কঃ

Leave a Comment

error: Content is protected !!